Thursday, December 20, 2012

ভূৱা বিত্তীয় প্রতিষ্ঠান আৰু সংবাদ মাধ্যমৰ কৰণীয় সম্পৰ্কে অলপ কথা




উত্তৰ-পূৱ বিশেষকৈ অসমৰ ৰইজৰ কষ্টৰে অৰ্জা ধন আত্মসাৎ কৰি অদৃশ্য হোৱা ভূৱা বিত্তীয় প্রতিষ্ঠান সমূহৰ বাতৰি পঢ়িবলৈ পোৱা হয়তো আজি কেইবাবছৰো হ’ল। এই বিত্তীয় প্রতিষ্ঠান সমূহৰ বাবে ধন আত্মসাৎৰ ক্ষেত্রত উত্তৰ-পূৱৰ ভৌগলিক পৰিসীমা ম’হৰ সুতি লেখীয়া হৈছে। অনায়সে ৰাইজক ঠগি লুটি আহিছে কৌটি কৌটি টকা। সংবাদ মাধ্যমত প্রায় নিয়মীয়াকৈ ডাঙৰ ডাঙৰ আখৰেৰে প্রকাশ হৈ আহিছে এনেবোৰ ঠগ-প্রবঞ্চনাৰ ঘটনাৰ সবিশেষ।  এইটো বৰ্ত্তমানত ক্রমাৎ  এটা বৃত্তৰলেখীয়া পৰিস্থিতিলৈ পৰিবৰ্ত্তন হৈছে। গোটেই প্রক্রিয়াটো ভালকৈ জুকীয়াই চালে এইক্ষেত্রত সংবাদ মাধ্যমসমূহৰ এক বিশেষ কৰণীয় আছে বুলি অনুভৱ হয় কিয়নো এই ভূৱা বিত্তীয় প্রতিষ্ঠানসমূহে প্রথমে আমাৰ সংবাদ মাধ্যমসমূহৰ আশ্রয়লৈয়েই ৰাইজৰ লগত নিজৰ সংযোগ স্থাপন কৰে আৰু অতি কম সময়তে ডাঙৰ ডাঙৰ আৰু লোভণীয় বিজ্ঞাপনেৰে ৰাইজক চলনা কৰি লুটি লৈ যায় অলেখ ধন।

এক ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠানৰ বিজ্ঞাপন প্রকাশ কৰাৰ আগতে বাতৰি কাকত বা অন্যান্য সংবাদ সমূহে এই প্রতিষ্ঠানসমূহৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ সম্পৰ্কত কিবা ব্যবস্থা ল’ব পাৰে নেকি? অথবা এই ক্ষেত্রত সকলো সংবাদ মাধ্যম একগোটহৈ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্রতিষ্ঠান সমূহৰ বিজ্ঞাপন প্রকাশৰ ক্ষেত্রত এক নিদিষ্ট আৰু কঠিন নীয়মাৱলী প্রস্তুত কৰি  ভূৱা বিত্তীয় প্রতিষ্ঠানসমূহক বিজ্ঞাপন প্রকাশৰ পৰা বিৰত ৰখাৰ কোনো প্রচেষ্টা সমূহীয়াভাবে ল’ব পাৰে নেকি? বিজ্ঞাপনসমূহ বাতৰি কাকত অথবা ইলেকট্রনিক মাধ্যমৰ যিকোনো সংবাদ মা্ধ্যমৰ বাবে আজিৰ তাৰিখত অপৰিহাৰ্য্য কিন্তু আজিৰ শেষৰ পৃষ্ঠাৰ এক ৰঙীন বিজ্ঞাপন কালিলৈ প্রথম পৃষ্ঠাৰ এক দূখৰ বাতৰিলৈ পৰিবৰ্ত্তন হোৱাৰ চিনাকী প্রক্রিয়াটোয়ে সংবাদ মাধ্যমৰ স্ব-বিৰোধীতাকে যেন উজাগৰ কৰিছে। ইয়াৰ জড়িয়তে মই সকলো সচেতন আৰু ৰাইজৰ মংগলকামী সংবাদমাধ্যম আৰু সংবাদকৰ্মীক ঐক্যবদ্ধ হৈ এই ক্ষেত্রত এক ফলপ্রসূ চিন্তাৰে এক সিদ্ধান্তত উপনিত হৈ “ভূৱা বিত্তীয় প্রতিষ্ঠান” নামৰ বিজাণুটোৰ পৰা সাধাৰণ ৰাইজক উদ্ধাৰ কৰিবলৈ যথোচিত কাৰ্য্যকৰী প্রচেষ্টা হাতত ল’বলৈ অনুৰোধ জনালো। ন’হলে বাংগালুৰু কাণ্ডৰ পিছত ৰাষ্ট্রিয় মাধ্যমত এটা পলৰীয়া জাতিৰ কু-পৰিচয় পোৱা আমাৰ গৌৰৱময় জাতিটোৱে সহজতে বাহিৰা লোকে ঠগিব পৰা এটা ‘মূৰ্খ জাতি’ৰ নাম পাবলৈ বেছি সময় নালাগিবগৈ।

(লেখাটো সংবাদমাধ্যম কেন্দ্রিক সেয়েহে গ্রাহকে ল’বলগীয়া সজাঁগতা অথবা গ্রাহকৰ ভুলবোৰ লেখাটোত সামৰা হোৱা নাই।)


No comments:

Post a Comment