Showing posts with label Poetry. Show all posts
Showing posts with label Poetry. Show all posts

Saturday, November 17, 2012

সাহিত্য.অৰ্গ - সম্পাদকীয় (ৰক্তিম গোস্বামী)



“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain
মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।
Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক  অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা  দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।
১)  সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।
২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।
৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।
৪)  মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।
- এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।
প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।
প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— সাংস্কৃতিকভাৱে বিশ্ব মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য।কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীন গৌৰ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।
কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত।  নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??
বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।
-ৰক্তিম গোস্বামী-


http://www.xahitya.org/2012/11/15/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/

Friday, October 19, 2012

সাহিত্য.অৰ্গৰ ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ বিষয় বস্তু সম্পৰ্কে


দায়িত্বটোৰ কথা কাণ চোৱাওতে অলপ ভয় ভয় ভাৱ হৈছিল। অকব এজাক খুব প্রতিভাশালী, চিন্তাশীল আৰু সৃষ্টিশীল লোকৰ বিচৰণ থলি। এজনতকৈ আনজন ওপৰত। আজি কোনোবা অকব সদস্যই কিবা এটা ডাঙৰ কাম কৰাৰ আনন্দৰ মাৰ নৌযাওতেই আন এজনৰ তাতোকৈ ভাল খবৰ এটা দি আনন্দক আশ্চৰ্য্য লৈ পৰিবৰ্তন কৰাৰ ঘটনা অকবত লাহে লাহে এটা সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়েহে এনে এটি গোটৰ সম্পাদনাৰ কথা আহিলে মনটো সহজতে অতি সচেতন হয়। তাতে মোৰ চুলিৰ আজন্ম শত্রু দিগন্তই সাহিত্য.অৰ্গৰ মান আৰু এখোপ ওপৰলৈ উঠাই মোক আৰু অলপ চিন্তাৰ থল দি শত্রুতা গাঢ় কৰিলে। :-) এইখিনিতে উজ্বল দায়ে গোটতোৰ লগত চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো। 

অকবত প্রথম লেখা দিয়া মূহুৰ্ততো মনত ভালকৈ আছে। বহুবাৰ চিন্তা কৰাৰ পিছত ভয়ে ভয়ে যি হয় হ'ব বুলি পষ্ট কৰিছিলো। ভাল হৈছিল বেয়া হৈছিল নাজানো কিন্তু অকব ৰাইজৰ আন্তৰিকতা আৰু উৎসাহে কলম থবলৈ নিদিলে। যোৱা ১০ দিনত ৩ তাকৈ লেখা ওলাল বাতৰি কাকতত। প্রকাশ হোৱা প্রথম লেখাটো চাই অকব-ক অগণন বাৰ ধন্যবাদ জনাইছিলো। অকব ৰাইজৰ প্রতি মনে মনে কৃতজ্ঞতা প্রকাশ কৰিছিলো। আৰম্ভণিৰ পৰা এতিয়ালৈ বিশেষভাবে গঠনমূলক পৰামৰ্শ আৰু উৎসাহ দি অহা প্রতীম দা আৰু বৰ্ণালী হাজৰিকাৰ শলাগ ন'ললে মনটো গধূৰ হৈ থাকিব। এই কথাবোৰ লিখাৰ এটা উদ্দেশ্য আছে এই উদ্দেশ্য আন একো নহয় "অকব- সমন্বয়ৰ এখন সৃষ্টিশীল সেউজ পথাৰ।" এই খন পথাৰৰ পৰা মোৰ দৰে বহুতে বিচাৰি পাইছে বহুদিন বিচাৰি ফুৰা মনৰ শইচ। এই পৃথিৱী আৱৰা সমন্বয় ক্ষেত্রখনৰ লগত মোৰ দৰে আন বহুতৰ গাঢ় আবেগ জড়িত হৈ আছে। জড়িত হৈ আছে, ভাষাটোক ই-পৃথিবীত আকোৱালী ল'বলৈ সুযোগকণ পোৱাৰ আনন্দ। এই মঞ্চখনৰ মৰ্য্যাদা অটুত ৰাখিবলৈ আমি সকলো ন-পুৰণি সদস্য সদায় যেন ঐক্যবদ্ধ হৈ থাকো। 

বিষয় বস্তু সম্পৰ্কে
_____________

নবেম্বৰ মাহটোৱে অসমীয়াৰ সাহিত্য-সংস্কৃতিক বহুত খিনি দিলে আৰু বহুখিনি কাঢ়িও নিলে। নবেম্বৰ মাহটোত অসমীয়া সাহিত্যৰ বহু কেইজন কাণ্ডাৰীৰ জন্ম হৈছিল আৰু এইটো মাহতেই কাঢ়ি নিছিল আমাৰ মাজৰ পৰা ডo ভূপেন হাজৰিকাৰ লগতে আন বহু কেইজনক। নবেম্বৰ মাহত জন্ম হোৱা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত উল্লেখনীয় ব্যক্তিসকল হল:

-বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ

যদিও থিম নহয় তথাপিও আমাৰ মৰমৰ ভূপেন হাজৰিকা দেৱৰ লগতে উপৰোক্ত সাহিত্য কাণ্ডাৰী সকলৰ প্রতি সন্মান আৰু শ্রদ্ধা জনোৱাৰ এই সুযোগকণত মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে - অকব সদস্য সকলে এই মহান ব্যক্তিসকলক বিষয়বস্তু হিচাপে লৈ নিজ নিজ সৃষ্টিশীল লেখাৰে আগন্তক সংখ্যাটি যেন সজাই তোলে। 

আপোনালোকৰ সহযোগ অবিহনে 'সম্পাদক' এটা আলংকাৰিক শব্দ মাথো।

সাহিত্য.অৰ্গৰ আগন্তক সংখ্যাক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সহযোগিতা কামনা কৰিলো ন-পুৰণি সকলোৰে পৰা।

শ্রদ্ধা সহকাৰে...

-ৰক্তিম-

https://www.facebook.com/groups/axomiyakothabotora/permalink/449946535057848/?notif_t=like

Friday, October 5, 2012

...শৰত কালি, আজি আৰু কালিলৈ



সীমাহীন উৎকন্ঠাৰে প্রতিটো শৰতক আদৰাতো এটা স্বতঃস্ফূৰ্ট ৰসাল আবেগ সকলোৰে বাবে। এই ৰসাল আবেগৰ ঢৌৱে কোবাই যোৱা ল'ৰালিৰ অনুভৱে প্রতিটো শৰততে মনটোক চঞ্চল কৰি তোলে। প্রতিটো শৰততে নিজকে উভতি চাও। প্রতিতো শৰততে অনুভৱ কৰো কিবা এটা হাতৰ মুঠিৰ পৰা  পিছলি গৈ আছে, লাহে লাহে। 


হাতত ৰঙা-নীলা বেলুন, চকুত ৰঙীন চশমা, হাতত বন্ধুক আৰু সৰু দেহাটোত লিপিট খাই থকা এযোৰ মৰমলগা নতুন পোচাকেৰে আৰাম্ভ হয় শৰত উৎসৱ 'দূৰ্গা পূজাৰ' প্রথম পুৱা। আইটাৰ ঘৰলৈ বুলি ওলাও পুৱা আঠ বজাতে ঠিক হিন্দী চিনেমাৰ কাইদাত ককালত বন্দুক খূঁচি। আইটাৰ ঘৰ আমাৰ ঘৰৰ পৰা এক মাইলমান আতৰত আছিল কিন্তু সেই সময়ত  এক মাইল পাৰ কৰি আইটাৰ ঘৰ পোৱা মানে এখন অন্য ৰাজ্যত সুমোৱা যেন লাগিছিল। আইটাৰ ঘৰ গৈ প্রথমেই কাক কাক চেলেঞ্জ কৰিম তাৰ তালিকা আমাৰ যৌথ পৰিয়ালটোৰ খূৰা-বৰদেউতাৰ ল'ৰাৰ লগত আগতেই প্রস্তুত কৰি ৰাখিছিলো। বহু ক্ষেত্রত যোৱা পূজাত ঘটা ফিল্মী ষ্টাইলত লগা কাইজীয়াৰ প্রতিশোধ ল'বলগীয়া আইতাৰ ঘৰৰ কাষৰ সমবয়সীয়া ল'ৰাবোৰৰে তালিকাখন ভৰি থাকে। কাক কেনেকৈ 'এটেক' কৰিম তাৰ ফুলপ্রুফ প্লেন এখনো বনাও যদিও যুদ্ধক্ষেত্রত সেইখন চুপাৰফ্লপ হয় প্রতিবাৰে।  ডাঙৰ হৈ বুজি উঠালৈকে আমি এনেদৰেই একেখিনি ল'ৰাই 
গম নোপোৱাকৈ শৰতৰ আমেজ লৈ লৈ কল্পনাৰে ভৰা এখন পৃথিবীত নিজকে 'হি-মেন', 'স্পাইডাৰ মেন' অথবা ৰামায়ণৰ 'ৰামচন্দ্র' বুলি ভাবি সকলোৱে ইটোৱে সিটোৰ লগত খুব যুঁজ দিলো । ঘৃণাহীন, নিষ্পাপ যুঁজ। চাৰিদিনৰ উন্মাদনাৰে ভৰা এই যুঁজৰ অন্ত হৈছিল বিজয়া দশমীৰ, ৰাৱন বধৰ দিনা । এতিয়া ঘৰলৈ গ'লে সিহতক পালে চুম্বকৰ দৰে অজানিতে ইটোৱে সিটোক সাৱতি ধৰি লিপিট খাঁও আৰু তেতিয়া অবতৰতো গোন্ধাই শৰত শৰত। সম্বন্ধবোৰৰ মাজত শৰত হয়তো এনেকৈয়ে লুকাই থাকে চিৰকাল। 

শৈশৱৰ পৰাই মোৰ জীৱনত শৰতে এক সুৰীয়া বৈশিষ্ট বহন কৰি আহিছে। এই পৃথিৱীত শৰত আগমনিৰ প্রথম বতৰা শৰতে কাণে কাণে যেন মোকহে কয়। খুব আত্মবিশ্বাসেৰে মোৰ পত্নী (তেতিয়াৰ বন্ধু)ক প্রায় ১০/১২ বছৰৰ পৰাই কৈ আহিছো 'লিপি, আজি শৰত সুমাল...' যেন শৰতৰ সৰ্বস্বত্ত্ব মোৰ নামতহে সংৰক্ষিত হৈ আছে। সজীৱ ৰ'দে-ফুলে-বতাহে নতুন কৰি তোলা মোৰ মনটোক আছলতে আন দহজনৰ দৰে আগমণিৰ ক্ষণতে আপোন কৰি পেলাই শৰতে। অহৰহ যেন কিবা এটা গুণগুাই থাকিম। শৰতৰ প্রতিটো পলতে মুঠি মাৰি ৰাখিম গীটাৰখন নিজ হাতত। শৰতৰ পুৱা যেন এটি মিঠা গীত অবিহনে উদাস। শৰতত সংগীত মোৰ প্রিয়ৰ পৰা প্রিয়তমা প্রেয়সী হয় যাৰ অবিহনে শৰতত এটি মূৰ্হুত্ব কটোৱাতো এক যাতনা।


মানুহবোৰ সঁচাকৈ নষ্টালজিক হয় এই বতৰত। নাকত শৰতৰ চিৰনতুন গোন্ধই কথাবোৰ এনেদৰেই মনত পেলাই। যোৱাকালিৰ কথাবোৰে আজি আহি মনৰ কোঠালীত খলকণি তোলে। শৰতে আবৰা শৈশবৰ দিনবোৰলৈ  উভতি চালে অলপ উদং উদং লাগে মনটো। "কিবা যেন নাই আজি নাই..."। শৰত আহিয়েই পৰিয়ালৰ এজন অদৃশ্য সদস্য হৈ পৰে। নিজৰ ঘৰত, আপোনজনাৰ লগত শৰতক উপভোগ কৰাৰ সমান আনন্দ আৰু কি হ'ব পাৰে ? পৃথিবীখন গোলকীয়া ধুমুহাই কোবাই গ'ল আৰু বহুতৰ পৰা আতৰাই লৈ গ'ল এনে এক শ্বাশ্বতঃ অনুভৱ উপলব্ধিৰ থল। কিমান যুক্তিসংগত তাৰ বাচ-বিচাৰ কৰিব নাযাও কিন্তু এই  মূৰ্হুত্ব মই অনুভৱ কৰো মই যেন এজন ক্লান্ত যোদ্ধা, যি যুদ্ধ জয় কৰিও অগনন মৃতদেহৰ মাজত নিৰ্বাক, স্থবিৰ, অশান্ত। শৰতৰ আবেগে টানি নিব বিচৰা মোৰ দুহাতত যেন প্রত্যাশিত বস্তুবাদৰ 
জিঞ্জিৰি। 


নাজানো মানুহৰ ভবিষ্যত কি? নাজানো কেতিয়া মানুহে নিজেই ৰবট হোৱাৰ দৌৰত ভাগ ল'ব? নাজানো মানুহে পৃথিবীৰ আটাইতকৈ উচ্চ অট্টালিকা বনোৱাৰ আৰু কিমান প্রতিযোগিতা কৰিব? কিন্তু দেহ-মন তিতাই যোৱা শৰত সিক্ত সেউজ অনুভৱে মানুহক প্রতিবাৰেই কে যাব.... 

" মই শৰত, মই মানুহৰ কোমল মনত পোহৰ বিলাই জীয়াই থাকো।
 মনবোৰ শিল নকৰিবা, মোৰ বাবে এটি কোঠালী সদায় ৰাখিবা। "



শৰত কালি, আজি আৰু কালিলৈ- শৰতৰ আজন্ম প্রেমিক মই........



-ৰক্তিম-
বাংগালুৰু
০৫ অক্টোবৰ/১২


Wednesday, October 3, 2012

পঁপীয়া তৰাৰ সাধু



ৰাতিৰ আকাশত
হঠাৎ উজলি উঠিছিল তৰাটো,

পৃথিবী উজলোৱা সপোনলৈ
দুৰ্বাৰ গতিৰে নামি আহি
ক'ত বা নোহোৱা হ'ল সি?



-ৰক্তিম-
০৩ অক্টোবৰ/১২

Tuesday, October 2, 2012

চিঠি

'আমি অসমীয়া'ৰ পত্রলেখা শিতানত প্রকাশিত মোৰ এখন চিঠি। ভনী মৈত্রেয়িৰ তাগিদাৰ ফল। ভনীলৈ মৰম আৰু কৃতজ্ঞতাৰে...





১৭ মে’-২০১১ 
লিপি,                                    

মোৰ মৰমবোৰ সদায় তোৰ। চিঠিৰ জৰিয়তে বেলেগে দিয়াৰ প্রয়োজন নাই বুলি তই ভালকৈ জান। তই ঘৰ যোৱা আজি প্রায় ৬ মাহেই হ’ল। তোৰ অবিহনে যে মই এটা দিনো ভালকৈ কটাব পাৰিম মই কল্পনাই কৰিব পৰা নাছিলোঁ কিন্তু চাই থাকোতেই ৬টা মাহ এচাটি চেঁচা বতাহৰ দৰে গালে-মুখে কোবাই পাৰ হৈ গ’ল। এটা কথা বুজিলোঁ যে ‘সময়’ এক যাদুকৰি শক্তি। 

চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে?  ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।

মাজে মাজে মনত পৰে আমি দেওঁবাৰে সন্ধিয়া গীটাৰৰ তালে তালে গোৱা গীতবোৰৰ কথা।  এটাৰ পিছত এটাকৈ গাই যোৱা ‘চিল্ক ৰোট’, শুভা মুডগল, বিষ্ণু-জ্যোতিৰ গীতবোৰ। তোৰ খুব ফেভৰেট শুভা মুডগলৰ গানটো ??? ‘দেৰে দেৰে’- চকু মুডি গানটোৰ লগত এক হৈ তই এই গানটো গাৱ। তোক সেই সময়ত চাই মোৰ নিজকে স্বৰ্গত থকা যেন লাগে। আজিকালি সন্ধিয়া গান গাবলৈ বহিলে মনতো কিয় নাজানো বৰ বেজাৰ বেজাৰ লাগে। মই জানো তই সোনকালে আহিবিগৈ কিন্তু মনটোয়ে একো নুবুজে, চকুটো তিতিলেহে মনটোৰ শান্তি। তই নাথাকিলে অকলশৰীয়া এই ঘৰখনত মোৰ যেন গান গোৱা অথবা গীটাৰ বজোৱা কোনো অধিকাৰেই নাই। 

কেতিয়াবা খুব খং উঠে জান, লিপি? এই ডাঙৰ কোম্পানীবোৰ, ডাঙৰ ডাঙৰ গাড়ীবোৰ, ব্যয় বহুল অট্টালিকাবোৰ দেখিলে এফালৰ পৰা ভাঙি চিঙি গুড়ি কৰি যাব মন যায়। মানুহৰ মৰমবোৰ এইবোৰ বস্তুৱে পুতি পুতি গৈ আছে। মানুহে মানুহৰ খবৰ লোৱাতকৈ গাড়ীখনৰ খবৰ দিবলৈ বেচি ভালপোৱা হৈছে। কাৰোবাক মাক-দেউতাকৰ কথা সুধিলে তাৰ চমুকৈ উত্তৰ এটা দি আমেৰিকাত বা বিদেশত গৈ কি কি কৰিলে তাৰ বিষয়ে ভাঁটৌটোৰ দৰে ৰচনা এখন মতাত ব্যস্ত হৈ পৰে। তই জান এই কৃত্রিমতা মই অতিকৈ ঘিণ কৰা বস্তুবোৰৰ মাজত এটা। এই মানুহবোৰে এটা সাধাৰণ কথা কিয় বুজি নাপায় যে আমিবোৰ, আমাৰ চাকৰিবোৰ এখন বজাৰৰহে অংশ মাথোন। জীৱনটো বজাৰ নহয়। মানুহ বজাৰৰ পণ্য সামগ্রী নহয়। মই বুজি নাপাও দুটা টকা, বহুজাতীক বজাৰৰ অলপ চকমমকীয়া পোঁহৰত কোনোবা কেনেকৈ এক বজাৰ সামগ্রী হৈ হাঁহি হাঁহি জীৱন কটাই দিব পাৰে, নিজৰ মূল পাহৰি। জীৱন জীয়াই থকাৰ নাম - মানুহ হৈ, স্বাধীন হৈ জীয়াই থকা। নিবিচৰাকৈ তোৰ পৰা আতৰত থকা যাতনা ভূগিছোঁ। মাত্র দুপইছাৰ বাবে মা-পিতাই, আপোনজন, আপোন মাটিৰ সুৱাস এৰি এই অচিন ঠাইত জীয়াই থকাৰ সংগ্রামত নামিছোঁ। জীয়াই থকাৰ কঠিন যুঁজত, সময়ৰ তীব্র ঢৌঁৱে কেতিয়া আনি মোক এইখিনি পোৱালেহি একো ধৰিবই নোৱাৰিলোঁ কিন্তু এতিয়া বুজিছোঁ কৰবাত কিবা এটা ডাঙৰ ভুল ৰৈ গ’ল। কথাবোৰ জুকিয়াই চাবৰ হ’ল। কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল। আমাৰ মাটিত বোলে বীজ চটিয়ালেই দুদিন পিছত আপোনা-আপুনি ফলে ফুলে বাঢ়ি আহে গছ।

……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ…. 

….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।

মই ৰৈ আছোঁ- কেতিয়া মোৰ ঘৰৰ আবেলিৰ দুৱাৰ তই আকৌ খুলিবি, কেতিয়া ‘কিমে’ নেজ লৰাই লৰাই মোৰ চাৰিওফালে জপিয়াই মোৰ পৰা মৰম দাবী কৰিব, কেতিয়া মোৰ ঘৰখন ঝনঝনাই থাকিব কনমানিৰ কলকলনিত, কেতিয়া আমি আকৌ গান গাম দেওবাৰৰ আবেলি….

মা-দেউতালৈ সেৱা জনালোঁ।

                                    -ৰক্তিম-
                                    বাংগাল’ৰ

    (মোৰ পত্নী লিপি সন্তান সম্ভবা হৈ ঘৰত থকা সময়ত মই বাংগাল’ৰৰ পৰা লিখা। তাৰ ঠিক ৩ মাহ পিছত অৰ্থাৎ ১৭ আগষ্টত আমাৰ প্রথম সন্তান ‘য়ান্নি’ৰ জন্ম হয়।)




http://www.amiasomiya.org/literature/oct12-diary-1/dec12-letter/35-diary/467-oct12-letter?highlight=YTozOntpOjA7czoxODoi4Kew4KaV4KeN4Kak4Ka/4KauIjtpOjE7czoyNDoi4KaX4KeL4Ka44KeN4Kas4Ka%204Kau4KeAIjtpOjI7czo0Mzoi4Kew4KaV4KeN4Kak4Ka/4KauIOCml%20Cni%20CmuOCnjeCmrOCmvuCmruCngCI7fQ==

Thursday, September 27, 2012

নানা দেশ নানা গীত (৭)-(বিশেষ) -বব মাৰ্লীৰ জীৱনত এভূমুকি



বিশ্ব সংগীত অনুৰাগী সকলৰ বাবে বব মাৰ্লী এটা অতি পৰিচিত আৰু আবেদনময়ী নাম। ৰেগে আৰু জামাইকান সংগীতক বৈপ্লবীকভাবে জনপ্রিয় কৰি তুলা এই শিল্পীজনৰ সম্পূৰ্ণ নামটো আছিল নেষ্টা ৰবাৰ্ট বব মাৰ্লী-(Nesta Robert "Bob" Marley)। বব একেৰাহে আছিল এজন সুদক্ষ গীটাৰবাদক, গায়ক আৰু গীতিকাৰ। তেঁওৰ কলা নিদৰ্শনৰ প্রতিভাই বিশ্ব পটভূমিত এৰি থৈ যোৱা সাঁচ অনবদ্য। 

ফেব্রুৱাৰী ৬, ১৯৪৫ চনত ববৰ জন্ম হৈছিলে জামাইকাৰ 'নাইন মাইলচ' বুলি চেণ্ট এনৰ এটা দাতিকাষৰীয়া অঞ্চলত। ববক জন্ম দিয়াৰ সময়ত ববৰ মাক চেডেলা বুকাৰৰ বয়স আছিল মাথো ১৮ বছৰ। ববৰ দেউতাক আছিল এজন ৫০ বছৰীয়া বৃটিছ কেপ্তেইন ন'ৰভাল চিনক্লেয়াৰ মাৰ্লী, যি কৰ্মসূত্রে বহু সময়ৰ পৰা জামাইকাত আছিল। বব সৰু কালচোৱা মাকৰ লগত চেণ্ট এনত কটাইছিল আৰু পিছলৈ জামাইকাৰ ৰাজধানী কিংগচট'নলৈ গৈ তাতে নিগাজীকৈ বাস কৰিবলৈ লয়। শৈশৱ কটোৱা কিংগচট'নৰ ছেন্টি টাউনত ববৰ জীৱনৰ হিংসা আৰু দাৰিদ্রৰে ভৰা এক শোকাকুল অধ্যায় আছিল। কিংগচট'ন ষ্টেফনি বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰি অতি কষ্টৰে এটি ৱেল্ডাৰৰ চাকৰি যোগাৰ কৰি সেই কামতে কিছুসময়লৈ ব্যস্ত থাকে।

গীৰ্জাত গোৱা ধৰ্মীয় গীত (church choir )সমূহেই ববৰ সাংগীতিক জীৱনৰ আৰম্ভনি বুলি ক'লে ভুল ন'হব। এই গীতসমূহৰ লগতে বন্ধুসকলৰ নিৰন্তৰ উৎসাহে ববক সংগীতৰ প্রতি বাৰুকৈ অনুপ্রাণিত কৰিলে। যৌবন কালছোৱাত এই church choir বোৰৰ জড়িয়তে ববে সংগীতৰ লগত নিজৰ পৰিচয় গাঢ় কৰিলে। ববে পিছলৈ খ্রীষ্টান ধৰ্ম এৰি ৰাষ্টাফাৰিয়ানিজম*(Rastafarianism)*ৰ আদৰ্শৰে নিজৰ জীৱন পৰিচালনা কৰাৰ সংকল্পৰে ধৰ্মান্তৰ হয়। ববে নিজৰ সাংগিতিক জীৱনত এই সিন্ধান্তৰ বাবে বহুবাৰ অবাঞ্চিত পৰিস্থিতিৰো সন্মুখীন হ'ব লগা হয়।

ফেব্রুৱাৰী ১০, ১৯৬৬ চনত ববে এলফাৰিটা এন্ডাৰচনৰ লগত যুগ্ম জীৱনৰ পাতনি মেলে। এলফাৰিটা এন্ডাৰচন ওৰফে ৰিতা ববৰ এবছৰ আগেয়ে পৰিচয় ঘটিছিল। ৰিতা এগৰাকী নাৰ্চৰ লগতে এগৰাকী গায়িকাও আছিল। ৰিতাৰ 'আই-থ্রি' বুলি নিজা এটা বেণ্ড আছিল যিটো পিছলৈ ববৰ বিখ্যাত বেণ্ড 'ৱেইলাৰচ'ৰ বেকআপ বেণ্ড হয়। ববৰ ৰিতাৰ মুঠ চেৰণ, জিগি, চিডিলা, ষ্টিভ
আৰু ডেমিয়েন নামেৰে পাচোটিকৈ সন্তানৰ গৰাকী হয় । এই পাঁচ সহোদৰে ডাঙৰ হৈ 'মেলডী মেকাৰ্চ' বুলি আন এক বেণ্ডৰ জন্ম দিয়ে।

আমেৰিকাত থকা কালছোৱাত ববে তেঁওৰ কেইজনমান বন্ধুৰ লগত একগোট হৈ The Wailers বুলি এটা বেণ্ডৰ জন্ম দিয়ে। বহু সংঘাটময় সময়ৰ পিছত ১৯৭২ চনত Island Recordsয়ে দিয়া এক সুযোগৰ সহযোগত The Wailers য়ে আন্তৰাষ্ট্রিয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। 

১৯৭৭ চনত মুকলি কৰা বব মাৰ্লীৰ "Exodus" নামৰ কেচেটক টাইমচ মেগাজিনে শতিকাৰ শ্রেষ্ঠ গীতৰ** কেচেট বুলি অভিহিত কৰিছিল আৰু বব মাৰ্লীৰ 'One Love' নামৰ গীতটিক BBC য়ে অভিহিত কৰিছিল 'Song of the Millennium.' ১৯৮৪ চনত বব মাৰ্লীৰ সংগীতৰ সংকলন "Legend" মুক্তি পোৱৰ পিছত ইয়াৰ বাৰ্ষিক বিক্রি প্রায় ২,৫০,০০০ লাখ। ববমাৰ্লীৰ সংগীত কেতিয়াও গ্রেমী বঁটাৰে বিভূষিত হোৱা নাই কিন্তু ২০০১ত মোৰণোত্তৰ ভাবে বব মাৰ্লী বিভূষিত হৈছিল গ্রেমীৰ 'The Grammy Lifetime Achievement Award'ৰে। 

বিংশ শতিকাৰ এই মহান শিল্পীজনৰ ১১ মে, ১৯৮১ চনত কেৱল মাত্র ৩৬ বছৰ বয়সত মৃত্যু হয়। ফুটবল খেল এখনত পোৱা ভৰিৰ আঘাট দেখুৱাবলৈ গৈ ধৰা পৰিছিল ববক ইতিমধ্যেই গ্রাস কৰি পেলোৱা মগজু, লিভাৰ আৰু লাং কেঞ্চাৰ। বব মাৰ্লীৰ মৃত্যু হ'লেও তেখেতৰ গীতবোৰ আৰু গীতৰ মাজেৰে ক'ব বিচৰা কথাবোৰ পৃথিবী আৰু মানুহৰ বাবে সদায় প্রাসংগিক হৈ ৰব।




'তেখেতৰ আত্মাই চিৰশান্তি লভক' 



-ৰক্তিম-
২৭ চেপ্তেম্বৰ/১২
বাংগালুৰু

*ৰাষ্টাফাৰিয়ানিজম-১৯৩০ৰ দশকত জামাইকাত গঢ় লোৱা এটা ধৰ্ম। উৎসুকসকলে সবিশেষ এই লিংকত পাব 
http://www.lastchanceministries.com/Rastafarianism.htm

**বব মাৰ্লীৰ কেইটামান শ্রেষ্ঠ গীতৰ তালিকা:

• One Love/People Get Ready
• No Woman, No Cry
• Three Little Birds
• Buffalo Soldier
• Redemption Song
• I Shot The Sheriff
• Stir It Up
• Get Up, Stand Up
• Is This Love
• Jammin'



site reference: 
wiki 

·          BobMarley.com,
·          members.tripod.com
·          www.essortment.com
·          www.lastchanceministries.com/

Saturday, September 1, 2012

ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা

এটি তথাকথিত সাংস্কৃতিক পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোঁসাই মানুহ আৰু স্বাভাবিকতে এটা অতি ধাৰ্মিক বেকগ্রাউণ্ড। মা আছিলে পণ্ডিত, মন্ত্রী, সমাজসেৱক, মুক্তিযোদ্ধা আদিৰে ভৰপূৰ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত পৰিয়ালৰ জীয়ৰি। দুয়োটা পৰিয়ালতে সংগীত চৰ্চা হৈছিল যদিও দেউতাৰহত ফালে মানুহবোৰ বহু আগবঢ়া আছিল এই দিশত। কোনো যদি  অঁনাতাৰ শিল্পী,
কোনো দূৰদৰ্শনৰ। কোনোবা যদি কোনো গীতত বিদ্যালয় সপ্তাহত প্রথম হৈছে কোনো হৈছে সদৌ অসম ভিত্তিত। বিহু, হূচৰি অন্যান্য বহু কথা।

মোৰ তেজলৈও  স্বাভাবিকতে আহিল বংশসূত্রে সংগীত প্রীতি। একো ডাঙৰ কথা নহয়। কিন্তু জুই সেইদিনাৰ লাগিছিল যিদিনা যৌথ গোঁসাই পৰিয়ালৰ ডাঙৰ ঘৰটোৰ এটা ৰুমৰ পৰা 'We Didn't Start the fire' নামৰ Grammy Nominated ইংৰাজী গীত এটি বাজি উঠিছিল। নিশ্চয় মোৰ ১৪ গোষ্ঠিত বজা
প্রথম ইংৰাজী গীত আছিল চাগৈ। মই সঠিককৈ জনা নাছিলো আৰু বুজিবও পৰা নাছিলো ভুলটো ক'ত হ'ল। এটা যেন অপৰাধ কৰিলো। বহুদিন বহুতৰ  বহু কথা  শুনিও মই এৰা নাছিলো ইংৰাজী সংগীত শুনিবলৈ। বন্ধুমহলৰ পৰা গ'ম পালো ইংৰাজী গীত শুনা সকলোৰে ঘৰত একেই পৰিস্থিতি।  (১৯৯২-৯৩ চনৰ কথা)


এখন বেলেগ দেশৰ গীত শুনাত বাধা কিয় আৰোপ কৰা হৈছিল সেইটো আজিও মোৰ প্রশ্ন আৰু সেইটো লৈ মই আজিও বহুতৰ লগত যুক্তিযুদ্ধত অনিশ্চা স্বতেও লিপ্ত হ'ব লগা হয়। গীত আৰু সংগীতৰ মাজত বিশাল প্রভেদ আছে। সংগীতৰ বিশাল পৰিধিৰ মাজত গীত  হৈছে এটা গুৰুত্বপূৰ্ণ অংগ মাথো। ঠিক প্রকৃতিৰ সংগীতৰ মাজত 'কুলি'ৰ মাতটোৰ দৰে। সেইদৰেই প্রভেদ আছে গীত  ভালপোৱা আৰু সংগীত
ভালপোৱা মানুহৰ মাজত। ভাষিক সংকীৰ্ণতাৰ সংগীতত কোনো স্থান নাই। ইংৰাজী গীত বা আন বিদেশী গীত বুলিলে অলপ হেয় জ্ঞান কৰাতো কি ধৰণৰ মানসিকতা আৰু ই বিশেষকৈ আমাৰ নিচিনা মধ্যবিত্ত মাজত কিয় ইমান গাঢ় হৈ গঢ় লৈ উঠিছিল তাৰ গ্রহনযোগ্য সঠিক উত্তৰ এটা মই এতিয়ালৈকে পোৱা নাই। লোকৰ গীত মাত  শুনিলে বা লোকৰ গীত মাতৰ লগত চিনাকী হ'লে আমাৰ গীত মাত বোৰ কেনেকৈ  নষ্ট হ'ব? সংগীত সম্প্রীতিৰ  এডাল চিৰযুগমীয়া এনাজৰী। হাজৰখন মিটিং, হাজাৰটা বাতৰিয়ে, হাজাৰ চৰকাৰি পৰিকল্পনাই লৰাব নোৱাৰা মানুহৰ মনবোৰত কেৱল মাত্র গীতৰ এটা কলিয়ে আবেগৰ ঢৌ তুলিব পাৰে। সম্প্রীতিৰ এই  এনাজৰীডালক ভাষাৰ পোছাক পিন্ধাই 'আমাৰবোৰৰ সংস্কৃতি, সিহতবোৰৰ  অপ-সংস্কৃতি' জাতীয় ধাৰণা সৰুতে মগজুত গুজি দিয়াৰ চেষ্টা কৰাতো মোৰ মনত
এতিয়া 'সংস্কৃতিক তালিবানী মনোবৃত্তি' যেন লাগে।

এই সংস্কৃতিক গোড়ামীৰ কাৰণ কি মধ্যবিত্তৰ সকলো ক্ষেত্রতে ঠকা 'Sense of Insecurity'?  আৰু যদি হয় তেনেহ'লে এই ভয় ভাৱ মূল্যহীন কাৰণ এটা জাতিৰ গীত-মাত সংস্কৃতি এখন সময়ৰ লগত গতি, মোৰ সলনি কৰি গৈ থকা নৈৰ দৰে। এইখিনিতে মই এটা কথা কৈ থও যে সংস্কৃতি ৰক্ষা কৰাতো প্রয়োজন কিন্তু তাৰ খাতিৰত ইয়াক চেপা মাৰি বুকুত সাবতি ৰাখিলে ই মৰহি যাব। 

এটা সাধাৰণ অনুভব। যোৱা বছৰ বিহুৰ বতৰত এগৰাকী আমেৰিকান মহিলাই আহি গুৱাহাটিত বিহু মৰা বাতৰিতো চায় বহুতৰে আনন্দত বুকু উথলি উঠিছিল।কৈ গৌৰব অনুভৱ কৰিছিল যে আমেৰিকাতো আমাৰ বিহুৰ নাম আছে। ভাল কথা। এনে গৌৰব আদৰণীয়। প্রশ্ন হৈছিল মই তেনেহ'লে ইংৰাজী গীত এটা গালে এনেবোৰ মানুহে 'গোঁসাইৰ পুতেক লণ্ডনৰ চাহাব ওলাব আহিছে" অথবা " লোকে গীটাৰহে বজায়" আদি ইতিকিং কৰা মন্তব্য কেনেকৈ দিব পাৰিছিলে? "আমাৰটো আদৰিলে ভাল, তেওলোকৰ আদৰিলে অপসংস্কৃতি"।

এই কথাখিনিৰে মই নিজ সংস্কৃতি পাহৰিপাশ্চাত্যৰ 'অন্ধ-অনুকৰণ' কৰা সকলৰ প্রতি কোনো আন্তৰিকতা দেখুওৱা নাই আৰু অন্ধ-অনুকৰণৰ কথাটো আগত ৰাখি এইখিনি কথা পঢ়িলে মোৰ ভাব বুজোটে উজুটি খাব।

মই মোৰ সময়ত মোৰ মনে বিচৰা আৰু আনে বা সমাজে যুক্তিহীন ভাবে নিবিচৰা সকলো কাম যুক্তিৰে প্রমাণ কৰি বুকু ফিণ্ডাই কৰি গৈছিলো। মোৰ চুলি দীঘল বুলি লৈ ঘটা ঘটনাবোৰ বাৰু নকলোৱেই এতিয়া। তথাপিও ক'ব বিচাৰো  মোৰ চুলি তেতিয়াও দীঘল আছিলে আৰু আজিও আছে। কেতিয়াবা খঙতে কোনোবাই কিবা ক'লে কও -

" দুনীয়াত ইমান কথা শিকিব-বুজিব-কৰিব আছে যে চুলিৰ কথা ভাবি
চুলি কাটিবলৈ সময়ে উলিয়াব পৰা নাই। আপোনাৰ হাতত মোৰ চুলিৰ
কথা ভাবি, তাৰ ওপৰত চিন্তা কৰি মোক পৰামৰ্শ দিব পৰাকৈ সময় থকা
দেখি হিংসাই লাগিছে।"

 মই বা মোৰ বন্ধু সকলে ভুগা এই দণ্ডবোৰৰ কিমান অপ্রয়োজনীয় আছিল ভাবিলে বেয়া লাগে। 'জেনেৰচন গেপ' কথাটো নিশ্চয় আহে কিন্তু তাৰ আঁৰত দূৰ্বল চিন্তা আৰু সংকীৰ্ণতাক প্রশ্রয় দিয়াতো হয়তো মুঠেই সমোচিত ন'হব।মনত আন এটা সংস্কৃতিৰ লগত চিনাকী হোৱাৰ হেঁপাহৰ লগতে তাৰ প্রতি 
'গ্রহণযোগ্যতা' নাথাকে তেনেহ'লে ই এটা নিশ্চিতই চিন্তনীয় বিষয়। ভাল আৰু বেয়া উপাদান বিচাৰিলে সকলোতে ওলাব। কিন্তু প্রয়োজন সাপেক্ষে  এটা নতুন সংস্কৃতিৰ লগত অপ্রয়োজনীয় দণ্ডৰ মুখামুখি নোহোৱাকৈ পৰিচয়  হ'ব পৰাকৈ আৰু তাৰ উচিত বাচ বিচাৰ কৰি ভালখিনি আকোৱালি ল'ব
পৰাকৈ এটা পৰিবেশ আজিৰ তাৰিখত অন্ততঃ নিত্যান্তই প্রয়োজনীয়। মই জানো বা মোৰ দৰে বহুতে এইটো ভালকৈ জানে যে ১৫-২০ বছৰ আগতে ইংৰাজী সংগীত শুনাৰ বাবে আমাক ভুল বুলি বুজাবলৈ কোৱা কথাবোৰহে  প্রকৃততে কিমান ভুল আছিল।

শংকৰ দেবৰ বৰগীতৰ 'সা' স্বৰ আৰু বিথোফেনৰ চিম্ফনিৰ 'চি' ন'টতোৰ মাজত কোনো প্রভেদ নাই তেনেক্ষেত্রত ভৌগলিক সীমাৰে সংগীতৰ মহান সত্ত্বাক টুকুৰা টুকুৰ কৰি জ্ঞাতে-অজ্ঞাতে বিদ্বেষ ভাবৰ জন্ম দিয়াতো সংগীতৰ প্রতি কৰা ঘোৰ অন্যায় আৰু ই সদায় অপ্রত্যাশিত।


-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

এমিলি


মোৰ এখন অতি প্রিয় ছবি 'এমিলি'-এখন ফ্ৰেন্স ছবি। ছবিখন চালে প্রত্যেকবাৰেই মোৰ মনটো এক অন্য স্তৰলৈ উৰা মাৰে... একপ্রকাৰৰ মনটো ভাল লগা এক নতুন অনুভূতিয়ে বাঁহ লয়. মনৰ অনুভৱ খিনি শব্দৰে গাঁঠি পেলালো..




এমিলি
_____

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
তুমি আছা কাৰণে আমিবোৰ আছো
তুমি আছা কাৰণে
আজিও আছে "ভালবোৰ" পৃথিবীত
উজ্জ্বল দুচকুৰে পোহৰ চটিয়াই।

অ, মই জানো তুমি কি ভালপোৱা।
মই জানো তুমি কেনেদৰে বিচাৰি লোৱা আনন্দ
জীৱনৰ সৰু সৰু বস্তুবোৰৰ,
সৰু সৰু ঘটনাবোৰৰ মাজত।

মই দেখিছিলো কি দৰে তোমাৰ 'মা' হেৰাই গৈছিল।
গুচি গৈছিল দেউতা, তোমাক এৰি।

তোমাৰ কল্পনাৰ ডেইকাৰে পাৰ কৰা
তোমাৰ শৈশৱৰ খিলখিলাই থকা হাঁহিবোৰে
জানো তোমাক বুজিব দিলে নিঃসংগতা কি ?

আৰু বাঢ়ি অহা তোমাৰ দুষ্টামিবোৰ ?
তুমি কৰা নিশাৰ এন্ধাৰত চহৰখনত হোৱা
আদিম প্রেমৰ হিচাপবোৰ...
মই বুজি পাও তাৰ মাজতো তুমি
বিচৰা লোৱা দুষ্টামিৰে ভৰা আনন্দৰ আমেজ।

অহৰহ একেখন ছবি আঁকি থকা
'গ্লাচমেনে' তোমাক
আমণি দিছিল নেকি?

'মন্টমাৰটেৰ' তোমাৰ বন্ধুৱে কিন্তু তোমাক
কাহানিও পাহৰিব নোৱাৰিব।
তুমি যে 'প্রেম' উপহাৰ দিছিলা তাইক এমিলি।
বাথৰুমৰ কঁপি উঠা দুৱাৰখন দেখি তুমি যে
তৃপ্তিৰ হাঁহি মাৰিছিলা, জানিছিলা তাৰসপ্তকত বাজি উঠা
মিলনৰ গান কিমান মধুৰ।

এমিলি, তুমি মোৰ আদৰ্শ
তুমি ছটিয়াই দিয়া সুখৰ
বৰষুণজাকত তিতি থকা মানুহবোৰ
দেখিলে মোৰ ক'ব মন যায়-
" এমিলি, মোৰ বুকুটো গুজি
দিয়া বৰষুণজাকৰ সৰু সৰু কণাবোৰ
এটা এটাকৈ।
মোকো শিকাই দিয়া তুমি
আনৰ বাবে গাই জীয়াই থকা গানৰ মিঠা সুৰ
এমিলি, মোকো বীলিন কৰি দিয়া তোমাৰ সত্ত্বাৰ বিশালতাত"

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
নিন' আহিছে ছোৱা তোমাক বিচাৰি...




-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

Tuesday, August 28, 2012

আকাশ আৰু বৰষুণত ডুবি থকা শৈশবৰ এটি সৰু কাহিনী..


বিশালতাক বুজাবলৈ আকাশতকৈ হয়তো বহল শব্দ নোলাব। মনৰে কল্পনা কৰিব নোৱাৰাকৈ বিশাল সীমাহীন এক নীলা অনুভব
হৈছে আকাশ। কোনে ভাল নাপায় এখন তৰা ভৰা আকাশক মন ভৰি চাবলৈ কোনোবা শুক্লপক্ষ নিশা। দেউতাই দেখুৱাই দিয়া ধ্রুব তৰা, হাতীপতি, সপ্তৰ্ষী মণ্ডলেৰে ভৰা আমাৰ শৈশব বোৰ কিমান মনোৰম আশ্চৰ্য্যৰে ভৰা! আকাশৰ তৰাবোৰৰ দৰে আমাৰ মনটো তিমতিমাই জ্বলি উঠিছিল প্রশ্নৰ হাজাৰটা উজ্বল তৰা। তাতে সৌ দূৰত ৰং সলনি হৈ ঠকা তৰা এটা বা পঁপীয়া তৰা দেখিলেটো কথাই বেলেগ আছিল। বিশালতাৰ লগত, নীলাৰ লগত এয়ে হয়তো আমাৰ প্রথম চিনাকী আছিল।

আকাশৰ পৰা নামি অহা এজাক বৰষুণত তিতি থকা শৈশবৰ স্মৃতি এতিয়াও জীপাল আমাৰ মনত। বৰষুণত তিতি তিতি খেলা বোকা পানীৰ খেলবোৰৰ মাদকতা মনত পৰিলে এতিয়াও মন যায় ল'ৰালিলৈ পলকতে উভতি গৈ নিজক দেহাত বোকা পানীবোৰ সিঁচি লবলৈ। 

এতিয়াও মনত আছে মোৰ লৰালীৰ এনে এটি সৰু কাহিনী-

' সেইদিনা সোমবাৰ আছিল। মই তেতিয়া সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ছাত্র। পঞ্চম পিৰিয়ডত সপ্তম মান শ্রেণীৰ (ক) শাখাত গৈ শকত-আবত ল'ৰা এটাক স্কুল ছুটিৰ পিছত মোৰ লগত মল্লযুদ্ধ (?) কৰিবলৈ চেলেঞ্জ দি আহিলো। স্কুল শেষ হল। মল্লযুদ্ধৰ বাবে ঠাই নিৰ্বাচন কৰিলে লগতে থকা দকেইজন মান বন্ধু দৰ্শকে। যুদ্ধ আৰাম্ভ হোৱাৰ অলপ পিছতে ডাঙৰ বৰষুণ এজাক আহিল। এই বৰষুণ জাকত আমাৰ কাইজিয়া কৰা জ'চ হাজাৰ গুণে বাঢ়ি আহিছিল। দুয়োটাই নিজকে চিনেমাৰ হিৰ' বুলি ভাবি
লৈছিলো গতিকে কেচ টো " জান জায়ে পৰ শান না জায়ে" ধৰণৰ হ'লগৈ তাতে লগৰবোৰৰ উচটনি আৰু সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ইজ্জতৰ কথা আহি পৰিল। পূৰ্ণদমে চলিল যুঁজ। 

এই ফিল্মি চেন্টিমেন্টৰ মাজত একেবাৰে পাহৰি গ'লো যে স্কুলৰ পোচাক যোৰৰ ৰং যে বগা আছিল। ইতিমধ্যো বহু দেৰি হৈ গ'ল কাপোৰযোৰত বগা ৰং বিচাৰি পোৱা ন'গল। যুদ্ধত পিছৰফাললৈ মোক বৰকৈ কোবালে মোৰ প্রতিদ্বন্দীয়ে। মল্লযুদ্ধ হাৰ মানি মাটিয়া ৰংৰ কাপোৰযোৰৰ সৈতে লেঙেৰাই লেঙেৰাই ঘৰত সোমোৱাৰ পিছত পুণৰ বাৰ নিঁখুট ঔ-কিল পৰিছিল এই পেন্দুকণা মল্লযুদ্ধাৰ পিঠিত, প্রথমে বীৰৰ দৰে দুটাচাট মান সহিছিলো তাৰ পাছত পলাইয়ো বচাব পৰা নাছিলো এই তিনি ফুটিয়া বীৰৰ ঠুনুকা গৌৰব । ঔ-কিল নপৰিবনো কেলৈ, 'মোৰ ল'ৰাটো স্কুললৈ ধুনিয়াকৈ যাঁওক' বুলি আগদিনা মূৰত ৰ'দ লৈ কুঁৱা পাৰত ঘঁহি ঘঁহি চাফা কৰা বগা কাপোৰযোৰ যদি পিছদিনা মল্লযুদ্ধাৰ পোছাকলৈ পৰিবৰ্ত্তন হয় তেনেহ'লে মাকৰ পৰা প্রাপ্য পুৰস্কাৰ ল'বই
লাগিব। তাতে আকৌ যযা ভাইটি-ভণ্টি হালৰ পেঁপা কেইটাই ২৪/৭ চাৰ্ভিচ দিছিলে সেই সময়ত'।

আকাশ আৰু বৰষুণেৰে ভৰি থকা শৈশবৰ এই সৰু সৰু ঘটনাবোৰ মনত পৰিলে সুখৰ এক সুন্দৰ নষ্টালজিক সংজ্ঞা বিচাৰি পাঁও প্রতিবাৰে।



-ৰক্তিম-
২৭ আগষ্ট/১২
বাংগালুৰু

Thursday, August 23, 2012

উঠলি উঠে আবেগ সুৰুজৰ হেঙুলীয়া ৰঙেৰে....


এখোজ দুখোজকৈ গৈ অজানিতে তাই ফুল পাহ চিঙিলে। এটুপাল 

তেজ বিৰিঙি উঠিল কাইট ডালত। তিৰবিৰাই থকা দুটুপাল চকু 

পানী দুগালত লৈ মোক ক'লে- "পিতাই মইটো জনা নাছিলো বতাহতো
যে মাটি ফাটে।" অবিশ্বাসী ফাগুণ নীলা শব্দ কৰি দুভৰিৰ তলেৰে 
কুলু-কুলু কৈ বৈ গ'ল। 


ছঁবি ছঁবি লগা দিনবোৰ, পোহৰ পোহৰ লগা ৰাতিবোৰৰ মাজত তুমি
কোন মায়াবিনী? এন্ধাৰৰ দৰে কিয় বাঢ়ি আহা মোৰ দুচকুত সুযোগ
পালেই? কিয় মোৰ আঙুলীবোৰত মোহাৰি মোহাৰি আঁকি দিয়া জীয়াই
থকাৰ গান? কিয় মোক উৰুৱাই নিব বিচাৰা যাযাবৰি এটি পাতৰ দৰে 
উদ্বাউল বতাহ জাকৰ মাজত?



তোমাৰ দুচকুৰ উজ্জ্বল ৰামধেনুৰ ৰংবোৰ গাত সানি ল'লো। এয়া যে
মোৰ ৰংৰ তৃষ্ণা। মোৰ শুকাণ চালবোৰৰ হতাশা মই ৰংৰে গুচাম। ৰঙা,
নীলা, সেউজীয়া, হালধীয়া....আস্....কি সজীব। ৰংবোৰ লাহে, লাহে
নৈ হয়। নৈ বৈ যায় পুণৰ বুকুৰ মাজলৈ।  পুনৰ ৰক্তিম হৈ উথলি উঠে আবেগ
সুৰুযৰ হেঙূলীয়া ৰঙেৰে... 





-ৰক্তিম-
২১আগষ্ট/১২
বেংগালুৰু

Sunday, August 5, 2012

ছবি- ২


'চিলনী'-পাঠ/ৰক্তিম




মোৰ 'চিলনী' বুলি লেখাটি পাঠ কৰিলো। লেখাটিৰ তাগিদাত ছবিখন আঁকিলো।


'চিলনী'
_____


কোনোবাফালৰ পৰা চিলনী জনী সদাই আহি মোৰ কাষতে পৰেহি।
ফাগুনৰ বতাহৰ লগত যুঁজি যুঁজি দুয়ো নিসংগতাৰ এপিয়লা পি যাও
সদায়। তাই ঈশান মুখী হৈ পুণৰ উৰা মাৰে বৃহৎ দুপাখি মেলি,
নিসংগতাৰ সংগত তৃপ্ত হৈ। মই বাট বুলো ঊশানলৈ স্থিৰ দৃষ্টিৰে।

ব্যস্ততাৰ অসহনীয় কোলাহলত কিষ্টি কিষ্টি কৈ হেৰুৱা দিনবোৰৰ
প্রতিবিম্ব ডুব যায় শুকাণ পাতবোৰৰ মাজত 'খচখচ' শব্দ কৰি।
চিনাকী গানবোৰ পুৰণা তেজখিনিত পুণৰ ডুবাই লওঁ নিশা দুপৰলৈ।
ৰঙা পিয়লাত জিলিকি উঠা কাৰোবাৰ এটি অচিন কলিজা।

ডাৱৰৰ ওপৰৰ পৰা দেখা পৃথিৱীখন সহজ, সৰু, ধুনীয়া। থিক যেন
এটা জিয়া পুতলা। কিয় জানো তাই সদায় পৰেহি মোৰ কাষত
নীলা-নীলা দুচকুলৈ? কিয় টোপনিক ফাঁকি দি আঁকি যায় ৰাতিৰ
আকাশত এটাৰ পাছত আন এটা ৰহস্যময় বৃত্ত। আবেলিটো ধৰি
ৰাখিব পৰা হয়, ধৰি ৰাখিলো হয় সময়ৰ মুঠিৰে।

মৰমৰ কাঁইটডাল মাটিত পুতিলো। দু-ভৰি তিয়ালো তপত বালিত।
মাটিৰ তলেদি যোৱা নীলা নৈ-ত ডুব মাৰিলো, 'কুলুকুলু' শব্দৰ
মায়াভেদি। নিস্তব্ধতাৰ উঠ দুটাক একো গম নিদিলো।

দিগন্ত চুব নোৱাৰি। দিগন্তৰ বিশালতা অনুভৱৰ এক মিঠা সংজ্ঞা।
আজুৰি আনি গাঁথি দিবা তোমাৰ মন এই সংজ্ঞাত। জিৰজিৰকৈ
সৰি পৰিব ডাৱৰৰ শুভ্র টুকুৰাবোৰ তোমাৰ মনৰ দুৱাৰদলিত।

দুদিন হ'ল উদং-উদং মন। বৰফ লগা পাখি এটি উৰি উৰি আহি
মোৰ কাষতে পৰিলহি। তাই অহা বাটত বৰফে বান্ধিলে মায়াবি গড়।
মই আগুৱালো..ঈশানলৈ....

Category:

Tags:

Licence:

Standard YouTube Licence

Friday, August 3, 2012

শৃংখল

কথাবোৰ বুজি থাকোতেই সময়বোৰ পাৰ হ'ল। সৌ সিদিনা যেন প্রথম স্কুললৈ গৈছিলো কান্দি কান্দি। 'এইটো কৰিবি, এইটো নকৰিবি' বুলি মা-পিতাইৰ নানান 
বুজনি শিকনিৰে ভৰি থকা এটি কণমানি মগজু। পলকতে প্রথম দিনৰ ভয় পৰিবৰ্তন
হয় দুষ্টামিলৈ। চকুৰ চকুপানী সলনি হয় কাণৰ কাষেদি বৈ অহা ঘামৰ টোপাললৈ।

বয়স বাঢ়ে। কিতাপবোৰো বাঢ়ে। কিতাপবোৰৰ নতুন নতুন পৃষ্ঠাবোৰৰ মাজত বুজা-নুবুজাৰ খেলিমেলিত উজুতি খাই বাঢ়ি আহে দিনবোৰ। অলপ বহল হয় পৃথিবীখন। বহুত কথা নিজেই শিকীব পৰা হঁও। মা-দেউতাহতে কোৱা ভাল-বেয়াবোৰৰ বহু পৰিমানে বিচাৰ কৰিব পৰা হঁও। সমানে বাঢ়ে মনে মনে খেলিবলৈ গৈ আৰু পঢ়া টেবুলত বহিয়েই টোপনি মাৰি ঔ-কিল খোৱাৰ দৃশ্য। প্রতিটো দিনতে গম নোপোৱাকৈ সাঁচি আহো অলেখ সৰু বৰ অভিজ্ঞতাৰ অনুভৱ। অমূল্য অনুভৱ।

শিকিয়ে আছো। 'Life is all about learning'। মৃত্যুৰ অনুভৱলৈকে আমাৰ শেষ শিকা। বয়সৰ সৈতে অনুভৱবোৰ হয়তো সেয়ে সলনি হয় অহৰহ। শৈশৱৰ চঞ্চলতা, আৱেগময় যৌৱন, বাৰ্দ্ধক্যৰ গাম্ভীৰ্য্যতা- এই সকলোবোৰ জীৱন পাঠৰ একোটা
একোটা সুসংগঠিত অধ্যায়।

"আপোনাৰ ল'ৰা ডাঙৰ হ'ল কলেজ পালেগৈ।"- লাগিল খেলিমেলি তাতেই। মাটি কোমল।কি আকাৰত বান্ধ খাব সি বা তাই। ঘৰৰ কাষৰ এটা ঘটনা-

নৱম শ্রেণীৰ পুত্র সন্তানে তামোল কটা কটাৰি খন দেউতাকৰ ডিঙিত লগাই সুধিছে-

"দেউতা জান দিবি নে বাইক দিবি?"

-ঘটনাটো জানি কি প্রতিক্রয়া কৰিম বুজি নাপালো। ঘটনাৰ কাৰণ বিচাৰোটে মগজুত অত্যাধিক ক্রিয়া-প্রতিক্রিয়া হোৱাত কথাটোৰ বিষয়ে চিন্তা সাময়িকভাবে বন্ধ ৰাখিলো। ল'ৰাটোৰ, মা-দেউতাক নে সময় অথবা গোলকীয় সমাজ কাৰ দোষ বিচাৰ কৰিবলৈ ইতিমধ্যে যেন দেৰি হ'ল।

সন্তান ডাঙৰ হৈ অহাৰ লগে লগে হোৱা আনন্দৰ লগতে বান্ধ খাই থকা এৰাব নোৱাৰা চিন্তাবোৰৰ সৈতে আমাৰ মা-দেউতাবোৰ। তাতে কলেজ গৈয়ে যদি নিজৰ সন্তান কাৰোবাৰ প্রেমত পৰিছে বুলি গ'ম পায় তেতিয়া চিন্তাবোৰ নানান দুঃচিন্তাৰ সমষ্টি হয়। যৌৱনৰ ধুমুহাই আৰু আত্মবিশ্বাসে আনহাতে সন্তানৰ মনত সদায় এই অনুভৱ আনি দিয়ে যে "আমি যি কৰিছো সেইোৱে শুদ্ধ"। 



এখন কোনোপক্ষই হাৰ মানিব নিবিচৰা এনে শীতল যুদ্ধ বহুতৰ ঘৰতে চলে। এনেযুঁজৰ সঠিক পৰিণতি সময়ৰ হাতত থাকে। সময়ত যেতিয়া 'ভাল লগা' আৰু 'ভাল পোৱাৰ' বিশাল প্রভেদ চকুৰ আগত নিজে আহি ধৰা দিয়েহি কথাবোৰ আকৌ সহজ হৈ যায় যেন একো হোৱাই নাছিল। এক অদ্ভুত কেমেষ্ট্রিয়ে সদায় ক্রিয়া কৰি আহিছে আমাৰ সম্বন্ধ আৰু মৰমবোৰৰ মাজত। জীৱনৰ এনে একোটা সোণালী সন্ধিক্ষণৰ তিঁতা-মিঠা অনুভৱ আৰু অভিজ্ঞতাবোৰে কৰি তুলে জীৱন উপভোগ্য।

সময় প্রতি পলকতে দূৰন্ত গতিত উৰা মাৰে । চাই থাকোতেই এখন ঘৰৰ ভিতৰতে বাঁহ লয় আন এখন ঘৰে। চকুৰ আগতে নিজৰ সন্তানৰ কোলাত আন এটি সন্তান। কিমান শৃংখলাবদ্ধ সময়ৰ নিয়ম শিকাৰ নিয়ম। কিমান শৃংখলাবদ্ধ সময়ৰ দায়িত্ব পৰ্য্যাবেশনৰ শৃংখল। মা-দেউতাৰ প্রম'শ্যন হয় ককা-আইটালৈ। নষ্টালিয়াৰ এখন সেউজ পাহাৰত বাস কৰিব আৰাম্ভ কৰে মা-দেউতাই, পাতিবলৈ আৰাম্ভ কৰে গোটেই জীৱনজোৰা এসাগৰ কথা।

কথাৰ প্রথমেই হয়তো মা- দেউতাই আত্ম তৃপ্তিৰে কৈ হাঁহে-

"চোৱ।চোন, সৌ সিদিনা কান্দি কান্দি স্কুললৈ যোৱা আমাৰ কণমানিটোৰ দুহাতত
আজি আমাৰ কণমানিটোৰ কণমানিটো ......।"

-ৰক্তিম-
০৩ আগষ্ট/১২
বেংগালুৰু

মাৰিআচি -(নানা দেশ নানা গীত-৪)


মেক্সিক'ত 'মাৰিআচি' সম্পৰ্কে এষাৰ কথাৰ প্রচলন আছে- " মেক্সিকান টাকিলাতকৈও অধিক মেক্সিকান অনুভৱ একমাত্র মাৰিআচিত আছে, টাকিলাৰ অবিহনে মাৰিআচিআৰু মাৰিআচিৰ অবিহনে টাকিলা সদায় লজ্জাজনকভাবে অসম্পূৰ্ণ।"

'মাৰিআচি' নামটো কম বেচি পৰিমানে সকলোৰে চিনাকী বা পৰিচিত। বিশেষকৈ যি সকল মেক্সিকান বা লেটিন আমেৰিকান (পটভূমিৰ) ছবিৰ লগত পৰিচিত তেখেতসকলৰ বাবে মৰিআচি শব্দটো অতি চিনাকী। Antonio Banderas-ৰ অতি জনপ্রিয় 'Desperado' ছবিখনত তেঁও কৰা "মাৰিআচি" নামৰ চৰিত্রটোৱে শব্দটোক আৰু অধিক জনাজাত আৰু প্রসাৰতা দিয়ে।

'মাৰিআচি' মেক্সিক'ৰ অতি জনপ্রিয় এক লোকসংগীতৰ প্রকাৰ। মেক্সিকান সকলে মাৰিআচিক সদায়সংগীতৰ উদ্ধৰ্ত বুলি গণ্য কৰি আহিছে। মাৰিআচি বুলি ক'লে মাৰিআচি গীত, মাৰিআচি গোৱা গায়কসকল আৰু মাৰিআচি সংগত কৰা বাদ্যযন্ত্রী সকলোকে বুজোৱা হয়। 'মাৰিআচি' শব্দটোৰ মূল ফৰাচী শব্দ “mariage "বুলি জনাজায়। যাৰ অৰ্থ হ'ল বিয়া। বহুলোক এই ক্ষেত্রত সহমতনহয় আৰু মাৰিআচি শব্দটোৰ মূল লৈ বিজ্ঞ সকলৰ মাজত আজিও মতবিৰোধ আছে।  কোনোকোনোয়ে কয় যে 'মাৰিয়া এইচ' নামৰ  এগৰাকী কুমাৰীৰ বাবে আয়োজিত এক সংগীতমূখৰউৎসৱৰ পৰাই 'মাৰিআচি' নামোৰ সৃষ্টি হ'ল।


'মাৰিআচি' গীতসমূহৰ বিষয়বস্তু মূলতঃ পুৰুষত্ব (machismo), প্রেম, প্রতৰণা, মৃত্যু, ৰাজনীতি,বিপ্লবী বীৰ আৰু কেতিয়াবা কোনো পশু-পক্ষীও হোৱা দেখা যায়। La Cucaracha মেক্সিক' বীপ্লৱৰসময়ৰ এটা অতি জনপ্রিয় মাৰিআচি গীত। Mariachi Vargas de Tecalitlán-ক আটাইতকৈ পুৰণি মাৰিআচি গোট বুলি চিহ্নিত কৰা হৈছে। গেছপাৰ ভাৰগাছে ১৮৯০ দশকৰ শেষৰ ফাললৈ ইয়াৰ গঠন কৰিছিল। 


আজিৰ দিনত এটা মাৰিআচি গোটত সাধাৰণতে ৮খন পৰ্য্যন্ত ভায়লীন,২টা ট্রামপেট আৰুএখন বা দুখন গীটাৰৰ থাকে। guitarrón বেচ গীটাৰ, মেক্সিকে'ন ফ'ক হাৰ্প আদি মাৰিআচিৰ লগত ইতিমধ্যো ব্যবহৃত আন কিছুমান বাদ্যযন্ত্র। মাৰিআচি গোটৰ সদ্যসকলে সাধাৰণতেবগা পেন্ট, বগা চোলা আৰু এটি বিশেষ টুপী পৰিধান কৰে।

মাৰিআচি গীতৰ গুঞ্জন আজি পৃথিৱীৰ বহু দেশত শুনা যায়। মেক্সিক'ৰ সংস্কৃতিৰ এটি মূল অংগ মাৰিআচিৰ উৎসৱ প্রতি বছৰৰ চেপ্তেম্বৰ মাহত মাৰিআচিৰ জন্মস্হান বুলি জনাজত জেলিচক'তউৎযান কৰা হয়।

Sunday, July 29, 2012

'দি গ্রেট মাইগ্রেচন' আৰু এটা সহজ নিয়ম

"নঙলা মুখত ৰৈ আছিলি তই। 
আহিম, নাহিম একো নকলি। 
ময়ো ৰ'লো কিছুপৰ তোৰ ভাৱ নুবুজি। 
মোৰ চকু জাপ গ'ল, পলকতে তই মোৰ শোৱণিকোঠা পালি। 
মোৰ শেতেলী গ'লি অদৃশ্য হ'ল। 
কৈ গ'ল 'মোৰ বুকু মলিন হ'ল'।"

মেলা, ঠিক এখন মেলা। আনন্দ মেলা নহয়। পোহৰ পোহৰ সকলো। মানুহ মানুহ চৌদিশ। আকাশ উজ্ৱল দুপৰ নিশালৈ ৰাতিৰ পাছত ৰাতি। দিনৰ পোহৰত টোপনিৰ হুংকাৰ। পেটৰ তলিত ইক' হয় ভোকাতুৰ নিগনি জাকৰ ক'ৰাচ। তথাপিও চিন্তা কৰিবলগীয়া একো নাই। সকলো সহজভাৱে ল'লেই হ'ল। মই 'হুটো', তই 'টুটচি'। , কেতিয়াবা তই মোৰ ৰজা, কেতিয়াবা মই তোৰ ৰজা। কোনে 
আমাৰ ৰাজপাট ভাঙে-পাতে তাক লৈ আমাৰ মতলব নাই। কেতিয়াবা মই তোৰ তেজ খাম, কেতিয়াবা তই মোৰ তেজ খাবি। আমিবোৰ মিলা প্রীতেৰে চলো। আমিবোৰ এনেকৈয়ে জীয়াই ঠাকিম। চিম্পল গিভ এণ্ড টেক পলিচি। এটা অতি সহজ আৰু সৎ নিয়ম মানি চলো আমি।

পুৰণি ঘৰবোৰ ভাল নালাগে। আমি নতুন ঠাইলৈ যাম। নতুন ঘৰ সাঁজিম। কিন্তু তাৰ আগতে তই মোৰ ঘৰ ছাই কৰিবি, মই তোৰ ঘৰ। মিলাই চলিব লাগে সদায় এনেদৰে। মৰম বাঢ়ে। চকুৰ চিনাকী তেজৰ চিনাকী হয়। আমিবোৰে আচলতে সময়ত দল পাতি থাকি ভাল পাঁও, দল পাতি যাও নতুন দুনীয়ালৈ। 'দি গ্রেট মাইগ্রেচন'- আজি আমাৰ, কালিলৈ সিঁহতৰ। বহুত হৈছে এনে 'গ্রেট মাইগ্রেচন' পৃথিৱীত। নাঁভি খণ্ডনৰ কাবাড্ডী। তেজবোৰৰ স্বৰূপ এনেও ৭ বছৰৰ অন্তৰে অন্তৰে সলনি হয়।

দেৱীক নৰবলী দিলে দেৱী সন্তষ্ট হয় বোলে। কিমান নৰবলী আৰু কিমান দিনৰ মুৰে মুৰে এই বলীৰ প্রয়োজন আমাৰ ধাৰণা নাই। কেতিয়াবা দেবীয়ে নিজেই আয়োজন কৰে এই বলীৰ। স্থান বিশেষে ৮ লাখ বা তাৰো অধিক মানুহ অদৃশ্য হৈছে একে ঠাইৰ পৰা। ইয়াৰ তুলনাত আমাৰ সংখ্যা এই ক্ষেত্রত এতিয়াও তেনেই নগণ্য। বিধিৰ বিধান, জন্মিলে মৰিবও লাগিব। কিন্তু কোনে এই মৃত্যুৰ
দিন বাৰ কি স্ৱাৰ্থত নিৰূপণ কৰিব সেই বিষয়ে আমি একো নাজানো। 

আমি উদাৰ। আমি কোনো জাতি, ধৰ্ম নামানো। আমি কেৱল গৈ থাকিম। কেতিয়াবা 'হুটো' আৰু কেতিয়াবা 'টুটচি' হৈ। কেতিয়াবা মৰি কেতিয়াবা মাৰি। আগতেই কৈছো নিয়মটো পোনপটিয়া আৰু সহজ। 

আমাক বিচাৰিলে ৰোৱাণ্ডা, উগাণ্ডা, জাৰ্মানী, পলেণ্ড, ইজৰাইল, বাংলাদেশ, গুজৰাট, অসম সকলোতে সহজতে পাব। প্রকৃতিৰ বুকুত ধ্ৱংসৰ কঠোৰ আইন মানি চলা আমিবোৰ চিৰসক্রিয় পৃথিৱীৰ অলিয়ে-গলিয়ে ।

-ৰক্তিম-
২৯ জুলাই/১২
বেংগালুৰু