Friday, August 3, 2012

শৃংখল

কথাবোৰ বুজি থাকোতেই সময়বোৰ পাৰ হ'ল। সৌ সিদিনা যেন প্রথম স্কুললৈ গৈছিলো কান্দি কান্দি। 'এইটো কৰিবি, এইটো নকৰিবি' বুলি মা-পিতাইৰ নানান 
বুজনি শিকনিৰে ভৰি থকা এটি কণমানি মগজু। পলকতে প্রথম দিনৰ ভয় পৰিবৰ্তন
হয় দুষ্টামিলৈ। চকুৰ চকুপানী সলনি হয় কাণৰ কাষেদি বৈ অহা ঘামৰ টোপাললৈ।

বয়স বাঢ়ে। কিতাপবোৰো বাঢ়ে। কিতাপবোৰৰ নতুন নতুন পৃষ্ঠাবোৰৰ মাজত বুজা-নুবুজাৰ খেলিমেলিত উজুতি খাই বাঢ়ি আহে দিনবোৰ। অলপ বহল হয় পৃথিবীখন। বহুত কথা নিজেই শিকীব পৰা হঁও। মা-দেউতাহতে কোৱা ভাল-বেয়াবোৰৰ বহু পৰিমানে বিচাৰ কৰিব পৰা হঁও। সমানে বাঢ়ে মনে মনে খেলিবলৈ গৈ আৰু পঢ়া টেবুলত বহিয়েই টোপনি মাৰি ঔ-কিল খোৱাৰ দৃশ্য। প্রতিটো দিনতে গম নোপোৱাকৈ সাঁচি আহো অলেখ সৰু বৰ অভিজ্ঞতাৰ অনুভৱ। অমূল্য অনুভৱ।

শিকিয়ে আছো। 'Life is all about learning'। মৃত্যুৰ অনুভৱলৈকে আমাৰ শেষ শিকা। বয়সৰ সৈতে অনুভৱবোৰ হয়তো সেয়ে সলনি হয় অহৰহ। শৈশৱৰ চঞ্চলতা, আৱেগময় যৌৱন, বাৰ্দ্ধক্যৰ গাম্ভীৰ্য্যতা- এই সকলোবোৰ জীৱন পাঠৰ একোটা
একোটা সুসংগঠিত অধ্যায়।

"আপোনাৰ ল'ৰা ডাঙৰ হ'ল কলেজ পালেগৈ।"- লাগিল খেলিমেলি তাতেই। মাটি কোমল।কি আকাৰত বান্ধ খাব সি বা তাই। ঘৰৰ কাষৰ এটা ঘটনা-

নৱম শ্রেণীৰ পুত্র সন্তানে তামোল কটা কটাৰি খন দেউতাকৰ ডিঙিত লগাই সুধিছে-

"দেউতা জান দিবি নে বাইক দিবি?"

-ঘটনাটো জানি কি প্রতিক্রয়া কৰিম বুজি নাপালো। ঘটনাৰ কাৰণ বিচাৰোটে মগজুত অত্যাধিক ক্রিয়া-প্রতিক্রিয়া হোৱাত কথাটোৰ বিষয়ে চিন্তা সাময়িকভাবে বন্ধ ৰাখিলো। ল'ৰাটোৰ, মা-দেউতাক নে সময় অথবা গোলকীয় সমাজ কাৰ দোষ বিচাৰ কৰিবলৈ ইতিমধ্যে যেন দেৰি হ'ল।

সন্তান ডাঙৰ হৈ অহাৰ লগে লগে হোৱা আনন্দৰ লগতে বান্ধ খাই থকা এৰাব নোৱাৰা চিন্তাবোৰৰ সৈতে আমাৰ মা-দেউতাবোৰ। তাতে কলেজ গৈয়ে যদি নিজৰ সন্তান কাৰোবাৰ প্রেমত পৰিছে বুলি গ'ম পায় তেতিয়া চিন্তাবোৰ নানান দুঃচিন্তাৰ সমষ্টি হয়। যৌৱনৰ ধুমুহাই আৰু আত্মবিশ্বাসে আনহাতে সন্তানৰ মনত সদায় এই অনুভৱ আনি দিয়ে যে "আমি যি কৰিছো সেইোৱে শুদ্ধ"। 



এখন কোনোপক্ষই হাৰ মানিব নিবিচৰা এনে শীতল যুদ্ধ বহুতৰ ঘৰতে চলে। এনেযুঁজৰ সঠিক পৰিণতি সময়ৰ হাতত থাকে। সময়ত যেতিয়া 'ভাল লগা' আৰু 'ভাল পোৱাৰ' বিশাল প্রভেদ চকুৰ আগত নিজে আহি ধৰা দিয়েহি কথাবোৰ আকৌ সহজ হৈ যায় যেন একো হোৱাই নাছিল। এক অদ্ভুত কেমেষ্ট্রিয়ে সদায় ক্রিয়া কৰি আহিছে আমাৰ সম্বন্ধ আৰু মৰমবোৰৰ মাজত। জীৱনৰ এনে একোটা সোণালী সন্ধিক্ষণৰ তিঁতা-মিঠা অনুভৱ আৰু অভিজ্ঞতাবোৰে কৰি তুলে জীৱন উপভোগ্য।

সময় প্রতি পলকতে দূৰন্ত গতিত উৰা মাৰে । চাই থাকোতেই এখন ঘৰৰ ভিতৰতে বাঁহ লয় আন এখন ঘৰে। চকুৰ আগতে নিজৰ সন্তানৰ কোলাত আন এটি সন্তান। কিমান শৃংখলাবদ্ধ সময়ৰ নিয়ম শিকাৰ নিয়ম। কিমান শৃংখলাবদ্ধ সময়ৰ দায়িত্ব পৰ্য্যাবেশনৰ শৃংখল। মা-দেউতাৰ প্রম'শ্যন হয় ককা-আইটালৈ। নষ্টালিয়াৰ এখন সেউজ পাহাৰত বাস কৰিব আৰাম্ভ কৰে মা-দেউতাই, পাতিবলৈ আৰাম্ভ কৰে গোটেই জীৱনজোৰা এসাগৰ কথা।

কথাৰ প্রথমেই হয়তো মা- দেউতাই আত্ম তৃপ্তিৰে কৈ হাঁহে-

"চোৱ।চোন, সৌ সিদিনা কান্দি কান্দি স্কুললৈ যোৱা আমাৰ কণমানিটোৰ দুহাতত
আজি আমাৰ কণমানিটোৰ কণমানিটো ......।"

-ৰক্তিম-
০৩ আগষ্ট/১২
বেংগালুৰু

No comments:

Post a Comment