“Holocaust Studies” (নৰমেধ/ধ্বংসমূলক/ধ্বংসলীলা অধ্যয়ন” )ৰ বিষয়ে এনেই কিছু পঢ়া শুনা কৰি থাকো মাজে সময়ে। বিষয়টোৰ ওপৰত মোৰ কিবা এটা আসক্তি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কিছু অমানবীয় ঘটনাই এই বিষয়টোৰ এক বিশেষ অংশ সামৰি আছে। লগতে সামৰি আছে ইতিহাসে প্রায় পাহৰি পেলোৱা কিছুমান বৰ্বৰ চৰিত্রৰ নাম।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰ বাহিনীত ঠকা এনে এটা অখ্যাত নাৰী চৰিত্রৰ নাম হ'ল- 'ইৰ্মা গ্রিচ'। নিবলৈহতোশুনিবলৈ হয়তো এটা সাধাৰণ এটাশুনিবলৈ শুনিবলৈ হয়তো এটা সাধাৰণজাৰ্মান নাম কিন্তু এই নামৰ গৰাকী আছিল দ্বীতিয় বিশ্বযুদ্ধৰ নাজী যুদ্ধঅপৰাধী সকলৰ ভিতৰৰ এগৰাকী দুৰ্দান্ত অপৰাধী যাক শত্রু সৈন্যই ফাঁচী দি হত্যা কৰিছিল। 'ইৰ্মা গ্রিচ' অতি কম সংখ্যক মহিলাৰ ভিতৰত আছিল যি দ্বীতিয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ 'কনচেনট্রেন কেম্প'ট নিযুক্তি পাইছিল। বৃটিচ শাসনৰ অধীনত বিংশ শতিকাত ফাঁচী দিয়া নাজীসকলৰ ভিতৰত এই গৰাকী মহিলাই কনিষ্ঠতম আছিল। ফাঁচী কাঁঠত ওলমা কনচেনট্রেন কেম্পৰ গাৰ্ড সকলৰ মাজতো আছিল ইৰ্মা সবাতোকৈ সৰু।
১৯২৩ চনৰ, ০৭ অক্টোবৰত এটি কৃষক পৰিয়ালত ইৰ্মাৰ জন্ম হৈছিল। ইৰ্মাৰ শৈশব আছিল সাধাৰণ আৰু স্বভাবত আছিল অতি শান্ত। ১৫ বছৰ বয়সত ইৰ্মাই বিদ্যালয় এৰিছিল আৰু কৰ্ম জীৱন আৰম্ভ কৰিছিল।
ইৰ্মাক হিটলাৰৰ নাজী প্রশাসনে নাজী যুব গোটত অৰ্ন্তভূক্ত হবলৈ বাধ্য ৰিছিল। পিছলৈ ইৰ্মাক ৰবেনচব্রুক(Ravensbruck)লৈ মহিলা এচ এচ গাৰ্ডৰ প্রশিক্ষণৰ বাবে প্রেৰণ কৰে। ইয়াতে ইৰ্মাই কেম্প গাৰ্ড ৰূপে প্রথম নিযুক্তি পায়। ১৯৪৩ চনত ইৰ্মাক অ'ছউইজ(Auschwitz)লৈ পঠিওৱা হয়। পিছলৈ অ'ছউইজত ইৰ্মা মহিলা কেম্প গাৰ্ডৰ সকলৰ দ্বীতিয় শ্রষ্ঠ পদবী 'senior SS-supervisor'লৈ উন্নীত হৈছিল। অচয়ুইচত ইৰ্মাই প্রায় ৩০,০০০ মহিলা বন্দীক শাসন কৰিছিল।
বন্দীকলৰ লগত কৰা ইৰ্মাৰ বৰ্বতা অবৰ্ণনীয়। ইৰ্মাৰ সহকৰ্মীসকলে এই বিষয়ে যথেষ্ট তথ্য দাঙি ধৰিছিল। মন গলেই হত্যা, যৌন উৎপীড়ন,বন্দীসকলৰ ওপৰত ভোকাতুৰ কুকুৰ এৰি দিয়াবোৰ নৈমত্তিক ঘটনা আছিল। বন্দীসকলক শাৰীৰিক আৰু মানসিক যন্ত্রনা দিয়াত ইৰ্মা পাকৈত আছিল আৰু শীতল মস্তিকৰে বন্দী হত্যা কৰি পৈশাচিক আনন্দ লভিছিল। বন্দীসকলক অত্যাচাৰ কৰাত যাতে কোনো ক্রুটি নহয় তাৰ বাবে সদায় কৰ্মৰত সময়ছোৱাত পিন্ধিছিল এযোৰ গধুৰ বুট জোতা, হাতত ৰাখিছিল চাবুক আৰু পিষ্টল। বহু বন্দীক কেৱল চাবুকেৰে কোবাই হত্যা কৰিছিল ইৰ্মাই।
ইৰ্মাই দিনে গড়ে ৩০ জনকৈ বন্দীক হত্যা কৰা বুলি ধাৰণা কৰা হৈছিল। ১৯৪৫ চনত ইৰ্মাক বাৰজেন-বেলচেন-(Bergen-Belsen) কেম্পলৈ স্থানান্তৰ কৰা হয়। বাৰজেন-বেলচেন যেতিয়া স্বাধীন হৈছিল তেতিয়া ইৰ্মাৰ ঘৰত পোৱা গৈছিল মানুহৰ ছালেৰে বনোৱা কেইবাপদো সামগ্রী। ইৰ্মাই বন্দীসকলক মানুহ বুলি গণ্য নকৰিছিল। এই মনোবৃত্তিয়ে পাশবিকতাক উদগণি যোগাইছিল। কোৱা হয় নাজী চৰকাৰে ইৰ্মাক সকলো শাৰীৰিক আৰু মানসিক সুখৰ পৰা আঁতৰত ৰাখি ১৯ বছৰৰ কম বয়সতে অত্যাধিক ক্ষমতা ন্যস্ত কৰাৰ বাবেই 'ইৰ্মা গ্রিচ' এক ভয়ানক নৰখাদকৈ পৰ্য্যবেশিত হৈছিল।
ইৰ্মাই অতি সাহসেৰে মৃত্যুৰ সন্মুখীন হৈছিল। নিজকে 'শ্বহীদ' বুলি গণ্য কৰিছিল। জাৰ্মানীৰ পৰাজয়ৰ পিছত মৃত্যুৰ সত্যই ইৰ্মাক বিহ্বল কৰিব পৰা নাছিল। মোকৰ্দমাৰ সময়ত নিজৰ সপক্ষে মাত্র এষাৰ কথাই কৈছিল ইৰ্মাই-
"হিমলাৰ এই সলোবোৰৰ বাবে দায়ী। তথাপি মই ভাবো মোৰ ওপৰৰ বিষয়া সকলতকৈ মোৰ দোষ কোনো গুণে কম নহয়"।
ডিচেম্বৰ ১৩, ১৯৪৫ ত এই গৰাকী দ্বিতীয় বিশ্বযুদ্ধৰ অখ্যাত চৰিত্রক বৃটিচ চৰকাৰে মৃত্যু দণ্ডৰে দণ্ডিত কৰে।
-ৰক্তিম-
২১ আগষ্ট/১২
বেংগালুৰু
No comments:
Post a Comment