Sunday, August 26, 2012

এখন দেশত এটা ‘মানুহ’ আছিল…..


সনাতনে যেন পেটত এটা ভেকুলী সদায় পুহি ৰাখে। যিমানেই নাখাৱক কিয় পিছ মূৰ্হুততে তাৰ পেটে টুৰটুৰাব আৰাম্ভ কৰি দিয়ে। কলেজৰ দিনৰ পৰা তাক জানো মই কিন্তু আজি অতদিনে তাৰ এই অদ্ভুত ‘ভেকুলী-বায়লজীৰ’ ৰহস্য উদ্ঘাটনকৰিব নোৱাৰিলো। 

নামত তেখেত ভকত মানে ‘সনাতন গোস্বামী’ কিন্তু কোনো গুৰু গোঁসাই নামানে। এবাৰ দেউতাকে তাক জোৰকৈ গাওঁৰে নামঘৰৰ সভা এখনত ভাগ ল’বলৈ পঠাইছিলে। সভাৰ আলোচনাৰ মাজতে এজন ভকতে ক’লে -

“….গতিকে আমাক প্রায় ২৫ কেজি বুট আৰু ২৫ কেজি
মান মগু লাগিব…” 

কথাষাৰ শুনি খঙে মুৰৰ চুলি আগ পোৱা সনাতনে একে উশাহতে একো নভবাকৈ কৈ পেলালে -

-“২৫ কেজিকৈ বুট মগু খাবলৈ আপোনালোক ঘোৰা নেকি?? এইকেইজন 
মানুহৰ বাবে ইমান বুট মগু কেলৈ?”

হূলস্থুল লাগিছিল তাৰ পাছত। পিছৰখিনি নকলেও বুজা যায় যে সেইদিনাই তাৰ নামঘৰত অন্তিম দিন আছিল। দেউতাকে ক্ষমা প্রাৰ্থনা বিচৰাতহে শাম কাটিছিল ঘটনাটোৱে।

“ঐ সনাতন, এপেট ভৰাই বজাৰ আহি পাইচহে তোৰ এহাত জিভা
মেলি মিঠাই গাল চাবলৈ হ’লেইনে? কটা খক্ প্রথমে পোৱালীটোলৈ
কিনিব লগা বস্তুটো কিনি লচোন।”

…….বেছেৰাটোৰ কিছু টেনচন গৈছে। ‘দিলবালে দুলহনীয়া লে জায়েংগে’ৰ মেটেনী চ’ চাই আহি, তেল টেঙা ঘঁহি আবেলি তিনিআলিত কাষৰ বড়ো গাৱৰ ৰিহালী বসুমতাৰীক কৈ পেলালে দৰ ষ্টাইলত “ ৰি ৰি ৰি ৰি ৰিহালী মই তোক ভাল পাঁও। কলেজৰ প্রথম বাৰ্ষিকীৰ ৰিহালীৰ পাখি দাং খায়ে আছিল। মাৰি দিলে উৰা। অংক হ’লগৈ জটিল ‘গোস্বামী + বসুমতাৰী’। তাৰ ঘৰৰ সামাজিক সন্মানৰ বাবে এটা ঘাটক সমীকৰণ। তাৰ ১৪ গোষ্ঠিত আগতে কেতিয়াও নঘটা এটা কাণ্ড। সপোন কুৱৰীক ঘৰলৈ আনিলে কি হ’ব জানিছিল। কিন্তু নানি ক’লৈ যাব? কোনো নথকাৰ সুযোগত এটা সন্ধিয়া তাইক আনি চিধা তাৰ ৰুমৰ বিচনা তলত ভৰাই দিলে। 

প্রথম তিনিদিন এটা কায়দাৰে পাৰ কৰিলে। দিনটো তাৰ সপোনৰ ‘ৰি ৰি ৰি ৰি ৰিহালী’ক বিচনাৰ তলতে ৰাখে আৰু সন্ধিয়া মাক তাৰ ৰুমত চাহ দিবলৈ আহে বাবে “শ্রীদেবীক” তাৰ ৰুমৰ পিছফালে থকা গোহালীটোৰ এন্ধাৰ চুক এটাত নিশালৈকে লুকুৱাই ৰাখে। তিনিদিনৰ দিনা সন্ধিয়া গোঁহালীৰ পৰা মাকে প্রত্যাশিত চিঞৰ এটা মাৰি তাৰ আগন্তুক খঁহটা দিনবোৰৰ শুভ উদ্ধোধন কৰিছিল। স্বাভাবিকতেই এঘৰীয়া হ’ল। দেউতাকেও “তেজ্যপুত্র’ৰ মুকুট পিন্ধালে তাৰ মুৰত। তাৰ পিছৰে পৰা গাৱৰ পৰা অলপ আঁতৰত বেলেগে ঘৰ কৰি থাকে সনাতন। 

বহু বছৰৰ পাছত প্রথম সন্তান লাভ কৰিছিল সনাতন আৰু ৰিহালীয়ে। ‘সম্প্রীতি’ এতিয়া তৃতীয় মানৰ ছাত্রী। মৰমৰ নাম ‘কুঁহি’।
সনাতনে সম্প্রীতিক কোনো উপাধি দিয়া নাছিল। মই সোধাত কৈছিল-

-“ বুজিছ,
এই উপাধিবোৰেই
চব জঞ্জাল মাটি আনে। উপাধিবোৰ নথকা হ’লে মই আৰু ৰিহালীয়ে
ইমান কষ্ট খাবলগীয়া হ’লহেতেন নে? ‘প্রেম- ভালপোৱা’ সকলো উপাধিৰ
উৰ্দ্ধত। নালাগে উপাধি মোৰ ছোৱালীক, তাই মানুহ হৈয়ে জীয়াই থাকক।” 
এই বুলি কৈ হাতত লৈ থকা চিৰা খিনি গাল মাৰি লৈ কোৰ মৰাত লাগিছিল। 
মই কিছুপৰ তাতে স্তব্ধ হৈ ৰৈ আছিলো।

“সনাতন এইযোৰ হবনে তাইলৈ?”

“হ’ব হ’ব তাইলৈ এইযোৰ জোখতে হ’ব। ৰছীৰ টুকুৰাটোৰ লগত একেবাৰে
সমান এইযোৰ জোতা। এইযোৰ পালেহে কুঁহি ৰাতি টোঁপনি যাব বুজিছ। খাই
মাৰিছে। কাললৈ কিবা স্বাধীনতা দিবস চাবলৈ যাব স্কুলৰ ফালৰ পৰা। বগা
জোতাহে লাগে বোলে। স্বাধীনতানো চোৱা বস্তুনে। মই এইবোৰ একোৱে বুজি
নাঁপাও দেই। ব’ল মোৰ কাম হ’ল।”

সনাতনৰ পেঁটৰ পোঁহনীয়া ভেকুলীটোৱে জোৰকৈ টৰটৰাই দিয়াত মোক লৈ একেচাতে কাচিমৰ হোটেলত পালেগৈ। কাচিম আমাৰে পুৰণা বন্ধু। 

-“এই কাচিম ফটাফট দুটা চাঁহ এটা পৰঠা লগা ভাই, জান ওলাই গৈছে
মোৰ ভোকত। মই একো নামাতিলো, লাভ নাই। কাচিমৰ লগত হলি-গলি
আৰু তাৰ হোটেলত চাহ খোৱাৰ বাবে বহুবাৰ গালি খাইছিলে সনাতনে তাৰ
দেউতাকৰ পৰা । 

তাৰ কথা এটাই –

-“জীয়াই থকাদিন কেইটা মই বাচ-বিচাৰ কৰি কৰি নষ্ট কৰিব নোৱাৰো,
মানুহেই হওঁক বা খোৱাবস্তুবেই হওঁক । তাতে কাচিমৰ লগত সম্বন্ধ এৰি,
তাৰ ঘৰৰ ঈদৰ খানা বাদ দিবলৈ মোক কি পাগল কুকুৰে কামুৰিচে?”

দুয়োটা ঘৰলৈ বুলি বাট ল’লো। সনাতনৰ সহজ, একপটিয়া আৰু গম্ভীৰ কথাবোৰে মোক সদায় তাৰ লগত বান্ধি ৰাখিছিল। ‘কুঁহি’ৰ জন্মৰ পাছত লগৰ এটাই সনাতনক কৈছিলে –

-“ অ’ খবৰটো পালো। ল’ৰা হোৱা হ’লে ভাল আছিল।” 

আচলটোকে জোকাই লৈছিলে। 

-সনাতনৰ চিধা উত্তৰ 

“তোৰ মাৰ ল’ৰা হোৱা হ’লে তই জানো এই দুনীয়াত থাকিলিহেতেন?
মোৰ ছোৱালীক নালাগে নিজৰ মাৰক অন্ততঃ অলপ সন্মান কৰ।"

সনাতনৰ দেশ-দুনীয়াৰ খবৰৰ লগত কোনো খেল নাই। তাৰ মৰমৰ শ্রীমতি ৰহিলা, বুকুৰ আমঠু কুঁহি আৰু কষ্টৰে ঘটা কেইটামান ধনেৰ সৈতে মৰমৰে ভৰা দুটা ৰুমৰ এখন মানুহৰ সংসাৰ। কুঁহিক লৈ তাৰ সপোন এটাই তাই ‘মানুহ’ হওঁক। ডাক্টৰ, ইঞ্জীনিয়াৰ, প্রফেচাৰ, অফিচাৰ ন’হলেও চলি যাব। 

…. ১৫ আগষ্ট, ২০০৪।

নতুন জোতা পিন্ধি স্বাধীনতা দিবসত ভাগ লবলৈ পোৱাৰ আনন্দত কুঁহি মতলীয়া। দেউতাকৰ লগত জপিয়াই জপিয়াই ওলাই গৈছিল কিন্তু স্বাধীনতা দিবসৰ পৰা উভতি নাহিল তাই। এটা ভয়ানক বিস্ফোৰণে মূহ্হুৰ্ততে মঁচি পেলালে সনাতনৰ সপোনেৰে ভৰা পঁজাটো। সকলো শেষ হৈ গৈছিল। সনাতন আৰু ৰহিলাক মই তাৰ পাছত কাঁহানিও নেদেখিলো। মোৰ চকুৰ আগতে মৰমেৰে গঢ় লৈ উঠা এখন ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল পলকতে। 

…..সনাতন স্বাধীন আছিল। এটা স্বাধীন মন আৰু এটা স্বাধীন জীৱনৰ গৰাকী। সকলো সামাজিক ভেদাভেদৰ উৰ্দ্ধত আছিল সনাতনৰ মানবীয় চিন্তা,মূল্যবোধ আৰু দৃষ্টিভংগী। এখন স্বাধীন দেশৰ স্বাধীনতাৰ সংজ্ঞাৰ জটিলতা সনাতনৰ বাবে হয়তো এক দুৰ্বোধ্য বিষয় আছিল। কুঁহিৰ স্মৃতি বুকুত বান্ধি সেয়ে হয়তো সি সকলো এৰি গুচি গৈছিল মানুহৰ এখন নতুন পৃথিবী বিচাৰি। 

মানুহে মানুহ মাৰি মানুহৰ স্বাধীনতা অনা এখন দেশ। গৌৰবেৰে বুকু ফিন্দাই কেনেকৈ ক’ম -

“এই দেশ, মোৰ দেশ’






-ৰক্তিম-
২৬ আগষ্ট/১২
বাংগালুৰু


No comments:

Post a Comment