Showing posts with label হীৰেণ ভটৰ্চায্য. Show all posts
Showing posts with label হীৰেণ ভটৰ্চায্য. Show all posts
Sunday, October 7, 2012
Monday, October 1, 2012
পশ্চাৎ
যোৱাকালিৰ কথা,
শৰৎ আহিছিল শৈশৱ এবুকু লৈ
কণমাণি উদং দুভৰিত বিলীন হৈছিল
নিয়ৰৰ কণাবোৰ উন্মুক্ত হৈ পুৱাৰ তন্দ্রাত...
তলসৰা শেৱালী বুটলি বুটলি
শৰৎ আজি হ'ল...
দেবীৰ সমুখত
পিতাই দুহাত ধৰি সোধা
সৰল প্রশ্নবোৰ ??
"পিতাই অসূৰটোক কিয় মাৰিছে?"
"পিতাই কাৰ্তিক কোন?"
...ধূপ ধুণাৰে সুৱাসিত শৰতৰ
কোনো সপ্তমী অথবা অষ্টমীৰ পুৱা
পিতায়ে কৈ যোৱা কাহিনীবোৰ
বুকুৰ এচুকৰ এক চিৰ-নতুন অনুভৱ
...শৰৎ, শৰৎ গোন্ধাইছে,
মনটোত হঠাতে কি ফুলি
উঠিল পুৱতি নিশা ??
-ৰক্তিম-
বাংগালুৰু
০১ অক্টোবৰ/১২
Labels:
Assam,
Bishnu Rabha,
Bishnu Sangeet,
Music,
Painting,
Poem,
Ractim,
আত্মকথা,
কবিতা,
ৰক্তিম,
হীৰেণ ভটৰ্চায্য
Friday, September 28, 2012
উঁইয়ে খোৱা কিতাপ আৰু অলপ ফ্লেচবেক
ৰাতি হয়তো ১২.৩০ মান বাজিছিল। পিছদিনা পুৱাই কৰ্মস্থান বাংগালুৰু আহিব লাগিব। ছুটি শেষ। পত্নী, কণ্যাক তেজপুৰৰ ঘৰৰ পৰা বাংগালুৰু আনিবলৈ মাত্র ৫ টা মান দিনৰ ছুটি মঞ্জুৰি পাইছিলো। যাওতেই ভাবিছিলো এইবাৰ মোৰ পুৰণা কিতাপ অলপ আনিবই লাগিব যেনে তেনে। কিন্তু চাঁওতেই দিন কেইটা পাৰ হ'ল।জন্মৰ পিছত দ্বীতিয়বাৰ দেখা কণ্যা, বহু মাহৰ পিছত দেখা পত্নী, মা-পিতাই, পৰিয়ালৰ লগত দিন কেইটা কেনেকৈ হাতৰ মুঠিৰ পৰা পানী সৰকি যোৱাদি নাইকীয়া হ'ল গমেই নাপালো। শুবলৈ ধৰাৰ সময়ত হঠাৎ মনত পৰিল কিবা এটা ডাঙৰ বস্তু যেন যেন পাহৰিছো...
কিতাপ, কিতাপ...!!!!
একেজাপে বিচনাৰ জপিয়াই কিতাপবোৰ গোটাই থোৱা বাকচ, চেল্ফ আৰু কোঠালীবোৰৰ ওপৰৰ স্লেপবোৰ এফালৰ পৰা চলাথ কৰিব ধৰিলো। শুবলৈ ধৰা মা-পিতাই-ভাইটি সকলো এজন এজন কৈ উঠি আহি সহযোগ কৰিলে কিছু সময়ৰ পিছত। গালিও খালো শেষ ক্ষণলৈ কাম থৈ দিয়া বাবে। ঘৰত আগতে কোৱা হ'লে নিশ্চয় কিতাপবোৰ আগতিয়াকৈ উলিয়াই মেলি চাফা কৰি ৰাখিলে হয়।
ৰৈ ৰৈ ধূলি ধোৱাৰে আৱৰি শিল হৈ যাব ওলাইছিল। মোক যেন অভিমানেৰে চাই সিহতে কব -
"এনে কি বস্তু পালা যি আমাতকৈও সুন্দৰ আৰু বিশ্বাসী। এনে কি বস্তু পালা যাৰ বাবে তুমি তোমাৰ এসময়ৰ আটাইতকৈ প্রিয়বন্ধু বছৰ বছৰ ধৰি পাহৰি থাকিলা।"
পুৰ্ণেন্দু পত্রীৰ মনোমোহা ছবিৰে বুঢ়াগোঁহাই ছাৰৰ কথোপকথনখন হাতত লওতে মনতো সেমেকি উঠিছিল কিবা এটা বস্তু হেৰুৱাৰ বেদনাত।
প্রায়বোৰ কিতাপৰ কিছু অংশ উঁইয়ে খাই পেলাইছিল। মোৰ আতাইতকৈ প্রিয় কিতাপ ৰিচাৰ্ড ল্যুয়েলীনৰ "হাও গ্রীণ ৱাজ মাই ভ্যেলী" খনত উঁই দেখি বিৰাট খং উঠিছিল। এই উঁইবোৰৰ আচলতে একো দোষ নাই। উঁইবোৰ প্রকৃততে জ্ঞানী। আমাক লাজ দিবলৈয়ে ইহতৰ জন্ম। আমি পাহৰা কিতাপবোৰ ইহতে আকোৱালী লয়। খং উঠিছিল যদিও কথাখিনি ভাবি হাঁহি উঠিল আৰু লাঁজো পালো। উঁইখোৱা প্রতিখন কিতাপৰ পৃষ্ঠা বোৰ দেখি মনত পৰিছিল কিতাপখন কিনাৰ কাহিনী। কলেজৰ ৫-১০ টকা পকেট মানি বচাই বচাই প্রায়বোৰ কিতাপ কিস্তি হিচাপত তেজপুৰৰ এখন বিখ্যাত কিতাপৰ দোকানৰ পৰা কিনিছিলো, কিছু কিনিছিলো প্রতিবছৰে আগ্রহেৰে ৰৈ থকা গ্রন্থমেলাৰ পৰা। কিস্তিৰ সুবিধাতো পাইছিলো কাৰণ দোকানৰ দাদা জনে মোক যথেষ্ট মৰম কৰিছিল আৰু তেখেত এজন ভাল কবিৰ লগতে কিতাপ অনুৰাগী আছিল। বহু কিতাপ গোট খাইছিলে ৫ম শ্রেণীৰ পৰা কলেজলৈকে, বিদ্যালয় আৰু কলেজ সপ্তাহত বিভিন্ন বিভাগত অংশ গ্রহণ কৰি পোৱা পুৰস্কাৰৰ জড়িয়তে। কিতাপবোৰৰ মাজত এন.বি.টিৰ নামটো জাকত জিলিকি আছিল।
...কথাবোৰৰ মায়াত আৱু এক অচিন আবেগৰ ধুমুহাত গম নোপোৱাকৈয়ে সুগন্ধী পখিলাৰ লগতে সমীৰ তাঁতি, সৌৰভ শইকীয়া, নীলমণি ফুকন ছাৰৰ কবিতাবোৰ থিয়ইথিয়ই এফালৰ পৰা পঢ়ি গ'লো। ইতিমধ্যেই কিতাপবোৰ চাফা কৰি জাপি পেলওৱা হ'ল। মায়ে ভিতৰৰ পৰা মাত ল'গালে...
"ৰক্তিম ২ টা বাজিবৰ হ'ল। ৰাতিপুৱা ৫.৩০ টাতে ওলাব লাগিব, অলপ শুই ল।"
বাংগালুৰু
২৮ চেপ্তেম্বৰ/১২
https://www.facebook.com/groups/axomiyakothabotora/permalink/442456285806873/
Labels:
আত্মকথা,
কবিতা,
গল্প,
গান,
ছবি,
ৰক্তিম,
সংগীতচিনাকী,
হীৰেণ ভটৰ্চায্য
Sunday, August 26, 2012
এখন দেশত এটা ‘মানুহ’ আছিল…..
সনাতনে যেন পেটত এটা ভেকুলী সদায় পুহি ৰাখে। যিমানেই নাখাৱক কিয় পিছ মূৰ্হুততে তাৰ পেটে টুৰটুৰাব আৰাম্ভ কৰি দিয়ে। কলেজৰ দিনৰ পৰা তাক জানো মই কিন্তু আজি অতদিনে তাৰ এই অদ্ভুত ‘ভেকুলী-বায়লজীৰ’ ৰহস্য উদ্ঘাটনকৰিব নোৱাৰিলো।
নামত তেখেত ভকত মানে ‘সনাতন গোস্বামী’ কিন্তু কোনো গুৰু গোঁসাই নামানে। এবাৰ দেউতাকে তাক জোৰকৈ গাওঁৰে নামঘৰৰ সভা এখনত ভাগ ল’বলৈ পঠাইছিলে। সভাৰ আলোচনাৰ মাজতে এজন ভকতে ক’লে -
“….গতিকে আমাক প্রায় ২৫ কেজি বুট আৰু ২৫ কেজি
মান মগু লাগিব…”
কথাষাৰ শুনি খঙে মুৰৰ চুলি আগ পোৱা সনাতনে একে উশাহতে একো নভবাকৈ কৈ পেলালে -
-“২৫ কেজিকৈ বুট মগু খাবলৈ আপোনালোক ঘোৰা নেকি?? এইকেইজন
মানুহৰ বাবে ইমান বুট মগু কেলৈ?”
হূলস্থুল লাগিছিল তাৰ পাছত। পিছৰখিনি নকলেও বুজা যায় যে সেইদিনাই তাৰ নামঘৰত অন্তিম দিন আছিল। দেউতাকে ক্ষমা প্রাৰ্থনা বিচৰাতহে শাম কাটিছিল ঘটনাটোৱে।
“ঐ সনাতন, এপেট ভৰাই বজাৰ আহি পাইচহে তোৰ এহাত জিভা
মেলি মিঠাই গাল চাবলৈ হ’লেইনে? কটা খক্ প্রথমে পোৱালীটোলৈ
কিনিব লগা বস্তুটো কিনি লচোন।”
…….বেছেৰাটোৰ কিছু টেনচন গৈছে। ‘দিলবালে দুলহনীয়া লে জায়েংগে’ৰ মেটেনী চ’ চাই আহি, তেল টেঙা ঘঁহি আবেলি তিনিআলিত কাষৰ বড়ো গাৱৰ ৰিহালী বসুমতাৰীক কৈ পেলালে দৰ ষ্টাইলত “ ৰি ৰি ৰি ৰি ৰিহালী মই তোক ভাল পাঁও। কলেজৰ প্রথম বাৰ্ষিকীৰ ৰিহালীৰ পাখি দাং খায়ে আছিল। মাৰি দিলে উৰা। অংক হ’লগৈ জটিল ‘গোস্বামী + বসুমতাৰী’। তাৰ ঘৰৰ সামাজিক সন্মানৰ বাবে এটা ঘাটক সমীকৰণ। তাৰ ১৪ গোষ্ঠিত আগতে কেতিয়াও নঘটা এটা কাণ্ড। সপোন কুৱৰীক ঘৰলৈ আনিলে কি হ’ব জানিছিল। কিন্তু নানি ক’লৈ যাব? কোনো নথকাৰ সুযোগত এটা সন্ধিয়া তাইক আনি চিধা তাৰ ৰুমৰ বিচনা তলত ভৰাই দিলে।
প্রথম তিনিদিন এটা কায়দাৰে পাৰ কৰিলে। দিনটো তাৰ সপোনৰ ‘ৰি ৰি ৰি ৰি ৰিহালী’ক বিচনাৰ তলতে ৰাখে আৰু সন্ধিয়া মাক তাৰ ৰুমত চাহ দিবলৈ আহে বাবে “শ্রীদেবীক” তাৰ ৰুমৰ পিছফালে থকা গোহালীটোৰ এন্ধাৰ চুক এটাত নিশালৈকে লুকুৱাই ৰাখে। তিনিদিনৰ দিনা সন্ধিয়া গোঁহালীৰ পৰা মাকে প্রত্যাশিত চিঞৰ এটা মাৰি তাৰ আগন্তুক খঁহটা দিনবোৰৰ শুভ উদ্ধোধন কৰিছিল। স্বাভাবিকতেই এঘৰীয়া হ’ল। দেউতাকেও “তেজ্যপুত্র’ৰ মুকুট পিন্ধালে তাৰ মুৰত। তাৰ পিছৰে পৰা গাৱৰ পৰা অলপ আঁতৰত বেলেগে ঘৰ কৰি থাকে সনাতন।
বহু বছৰৰ পাছত প্রথম সন্তান লাভ কৰিছিল সনাতন আৰু ৰিহালীয়ে। ‘সম্প্রীতি’ এতিয়া তৃতীয় মানৰ ছাত্রী। মৰমৰ নাম ‘কুঁহি’।
সনাতনে সম্প্রীতিক কোনো উপাধি দিয়া নাছিল। মই সোধাত কৈছিল-
-“ বুজিছ,
এই উপাধিবোৰেই
চব জঞ্জাল মাটি আনে। উপাধিবোৰ নথকা হ’লে মই আৰু ৰিহালীয়ে
ইমান কষ্ট খাবলগীয়া হ’লহেতেন নে? ‘প্রেম- ভালপোৱা’ সকলো উপাধিৰ
উৰ্দ্ধত। নালাগে উপাধি মোৰ ছোৱালীক, তাই মানুহ হৈয়ে জীয়াই থাকক।”
এই বুলি কৈ হাতত লৈ থকা চিৰা খিনি গাল মাৰি লৈ কোৰ মৰাত লাগিছিল।
মই কিছুপৰ তাতে স্তব্ধ হৈ ৰৈ আছিলো।
“সনাতন এইযোৰ হবনে তাইলৈ?”
“হ’ব হ’ব তাইলৈ এইযোৰ জোখতে হ’ব। ৰছীৰ টুকুৰাটোৰ লগত একেবাৰে
সমান এইযোৰ জোতা। এইযোৰ পালেহে কুঁহি ৰাতি টোঁপনি যাব বুজিছ। খাই
মাৰিছে। কাললৈ কিবা স্বাধীনতা দিবস চাবলৈ যাব স্কুলৰ ফালৰ পৰা। বগা
জোতাহে লাগে বোলে। স্বাধীনতানো চোৱা বস্তুনে। মই এইবোৰ একোৱে বুজি
নাঁপাও দেই। ব’ল মোৰ কাম হ’ল।”
সনাতনৰ পেঁটৰ পোঁহনীয়া ভেকুলীটোৱে জোৰকৈ টৰটৰাই দিয়াত মোক লৈ একেচাতে কাচিমৰ হোটেলত পালেগৈ। কাচিম আমাৰে পুৰণা বন্ধু।
-“এই কাচিম ফটাফট দুটা চাঁহ এটা পৰঠা লগা ভাই, জান ওলাই গৈছে
মোৰ ভোকত। মই একো নামাতিলো, লাভ নাই। কাচিমৰ লগত হলি-গলি
আৰু তাৰ হোটেলত চাহ খোৱাৰ বাবে বহুবাৰ গালি খাইছিলে সনাতনে তাৰ
দেউতাকৰ পৰা ।
তাৰ কথা এটাই –
-“জীয়াই থকাদিন কেইটা মই বাচ-বিচাৰ কৰি কৰি নষ্ট কৰিব নোৱাৰো,
মানুহেই হওঁক বা খোৱাবস্তুবেই হওঁক । তাতে কাচিমৰ লগত সম্বন্ধ এৰি,
তাৰ ঘৰৰ ঈদৰ খানা বাদ দিবলৈ মোক কি পাগল কুকুৰে কামুৰিচে?”
দুয়োটা ঘৰলৈ বুলি বাট ল’লো। সনাতনৰ সহজ, একপটিয়া আৰু গম্ভীৰ কথাবোৰে মোক সদায় তাৰ লগত বান্ধি ৰাখিছিল। ‘কুঁহি’ৰ জন্মৰ পাছত লগৰ এটাই সনাতনক কৈছিলে –
-“ অ’ খবৰটো পালো। ল’ৰা হোৱা হ’লে ভাল আছিল।”
আচলটোকে জোকাই লৈছিলে।
-সনাতনৰ চিধা উত্তৰ
“তোৰ মাৰ ল’ৰা হোৱা হ’লে তই জানো এই দুনীয়াত থাকিলিহেতেন?
মোৰ ছোৱালীক নালাগে নিজৰ মাৰক অন্ততঃ অলপ সন্মান কৰ।"
সনাতনৰ দেশ-দুনীয়াৰ খবৰৰ লগত কোনো খেল নাই। তাৰ মৰমৰ শ্রীমতি ৰহিলা, বুকুৰ আমঠু কুঁহি আৰু কষ্টৰে ঘটা কেইটামান ধনেৰ সৈতে মৰমৰে ভৰা দুটা ৰুমৰ এখন মানুহৰ সংসাৰ। কুঁহিক লৈ তাৰ সপোন এটাই তাই ‘মানুহ’ হওঁক। ডাক্টৰ, ইঞ্জীনিয়াৰ, প্রফেচাৰ, অফিচাৰ ন’হলেও চলি যাব।
…. ১৫ আগষ্ট, ২০০৪।
নতুন জোতা পিন্ধি স্বাধীনতা দিবসত ভাগ লবলৈ পোৱাৰ আনন্দত কুঁহি মতলীয়া। দেউতাকৰ লগত জপিয়াই জপিয়াই ওলাই গৈছিল কিন্তু স্বাধীনতা দিবসৰ পৰা উভতি নাহিল তাই। এটা ভয়ানক বিস্ফোৰণে মূহ্হুৰ্ততে মঁচি পেলালে সনাতনৰ সপোনেৰে ভৰা পঁজাটো। সকলো শেষ হৈ গৈছিল। সনাতন আৰু ৰহিলাক মই তাৰ পাছত কাঁহানিও নেদেখিলো। মোৰ চকুৰ আগতে মৰমেৰে গঢ় লৈ উঠা এখন ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল পলকতে।
…..সনাতন স্বাধীন আছিল। এটা স্বাধীন মন আৰু এটা স্বাধীন জীৱনৰ গৰাকী। সকলো সামাজিক ভেদাভেদৰ উৰ্দ্ধত আছিল সনাতনৰ মানবীয় চিন্তা,মূল্যবোধ আৰু দৃষ্টিভংগী। এখন স্বাধীন দেশৰ স্বাধীনতাৰ সংজ্ঞাৰ জটিলতা সনাতনৰ বাবে হয়তো এক দুৰ্বোধ্য বিষয় আছিল। কুঁহিৰ স্মৃতি বুকুত বান্ধি সেয়ে হয়তো সি সকলো এৰি গুচি গৈছিল মানুহৰ এখন নতুন পৃথিবী বিচাৰি।
মানুহে মানুহ মাৰি মানুহৰ স্বাধীনতা অনা এখন দেশ। গৌৰবেৰে বুকু ফিন্দাই কেনেকৈ ক’ম -
“এই দেশ, মোৰ দেশ’
-ৰক্তিম-
২৬ আগষ্ট/১২
বাংগালুৰু
Labels:
abstract,
Assam,
Assamese,
Assamese Music,
Baul,
bhupen hazarika,
Dhemaji,
Painting,
Riot,
Singer,
Songs,
গল্প,
গান,
ছবি,
ৰক্তিম,
হীৰেণ ভটৰ্চায্য
Wednesday, July 4, 2012
তোমাৰ যাত্রা সুখৰ হঁওক
__________________
"মৃত্যুওটো এক শিল্প
জীৱনৰ কঠিন শীলত কটা
এক নিৰ্লোভ ভাৰ্স্কয্য"
- শব্দৰ যাদুকৰজন শুই আছে একান্তমনে।
আমণি নিদিবা, কবিতাৰ ভাগৰ লাগিছে।
হীৰুদাৰ অবয়ব, সত্ত্বা,অনুভব ঝংকাৰিত হৈ থাকিব
'সুগন্ধি পখিলা' হৈ আমাৰ মনত চিৰকাল।
তেজত আমৰণ ৰণুৱা ঘোঁৰা হৈ দৌৰি থাকিব হীৰুদাৰ শব্দৰ অনুভব।
হীৰুদা মনত নহয়, তেজত থকা এক সত্ত্বা,
মন জুৰ পেলোৱা শব্দৰ এচাটি বতাহ।
শব্দ থকালৈকে হীৰুদাও থাকিব
হীৰুদা মনত নহয়, তেজত থকা এক সত্ত্বা,
মন জুৰ পেলোৱা শব্দৰ এচাটি বতাহ।
শব্দ থকালৈকে হীৰুদাও থাকিব
হীৰু দা তোমাক হাঁহিৰে বিদায় দিছো,
তোমাৰ যাত্রা সুখৰ হওক।
-ৰক্তিম-
Subscribe to:
Posts (Atom)