Showing posts with label Singer. Show all posts
Showing posts with label Singer. Show all posts

Saturday, November 17, 2012

সাহিত্য.অৰ্গৰ সম্পাদনাৰ অন্তত মোৰ কবলগীয়াখিনি


ফ্রান্সত থকা ভগৎ দা, নৰৱেৰ পংকজ, পুণেৰ দিগন্ত, দিল্লীৰ প্রতিম দা, মিতালী, হিম, যোৰহাটৰ গীতাৰ্থ, গুৱাহাটিৰ দেব দা, মিজোৰামৰ অৰুণ, ইটানগৰৰ বৰ্ণালী অথবা ৰূপালী বৌ, বিভা বৌ আন কাকো মই চিনি নাপাঁও। হয়, অকবলৈ অহাৰ আগতে কোনোবাই যদি মোক এইসকল পৃথিবীৰ বেলেগ বেলেগ দ্রাঘিমাংশৰ তলত বাস কৰা  অসমীয়া লোকৰ কথা সোধা হ'লে মই ক'লো হয় এইলোকক মই চিনি নাপাঁও। 

অকবত মোৰ সংযোজনৰ পৰা সম্পাদনালৈকে এক সুন্দৰ যাত্রা। ভাষা, সৃষ্টি আৰু নতুন সম্বন্ধ- তিনিটা কোণত ক্রমাত বাঢ়ি অহা এক সচ্ছল, সুস্পষ্ট বৃত্তৰ কেন্দ্রত কেতিয়া, কেনেকৈ সোমাই পৰিলো ধৰিবই নোৱাৰিলো। মোৰ সম্পাদনাৰ এই সংখ্যাৰ সাহিত্য.অৰ্গ আলোচনীখনত হয়তো বহু আসোঁৱাহ থাকিল কিন্তু সম্পাদনাৰ সময়ছোৱাত দহটা ঠাইৰ দহজন লোকৰ লগত এটা সৎ ভাষিক আৰু সাংস্কৃতিক উদ্দেশ্য সাধনৰ অৰ্থে নিশা দুপৰলৈকে সকলোৱে একেলগে ব্যক্তিগত স্বাৰ্থহীন এক উদ্দেশ্য সাধনৰ অৰ্থে কাম কৰাৰ যিটো অনুভৱ সেইটো অনন্য। "সাহিত্য সকলোৰে বাবে, সকলো সাহিত্যৰ বাবে"- এই কথাষাৰৰ বাস্তবিক অনুভৱে মনটো জোকাৰি গৈছিল। অসন্তুষ্টি মাথো এটা সত্যৰ মূখামূখি হ'ব নোৱাৰাসকলৰ বাবে পলায়ণৰ সুলভ পথ। উদ্দেশ্য সৎ হ'লে, দৃষ্টি স্থিৰ হ'লে সকলো বাধা তুচ্ছ। ই-সাহিত্যৰ জগতত অকবৰ সফলতাৰ এইটোৱে যে মন্ত্র তাত মোৰ এতিয়া কোনো সন্দেহ নাই। 


এই সংখ্যাৰ আলোচনী খনৰ দাপোন স্বৰূপ ত্রিনয়নৰ অতি সবল আৰু সৃষ্টিশীল বেনাৰখনৰ শলাগ ন'ললে মোৰ অপৰাধ হ'ব। সম্পাদনামণ্ডলীৰ প্রতিজন ব্যক্তিৰ সৱল সহযোগত আলোচনীখনে সুস্থভাবে পোহৰৰ মূখ দেখিলে। লেখক আৰু সম্পাদনামণ্ডীৰ মাজৰ যোগসূত্রৰ দৰে মই মাথো লেখাবোৰ সাঁমৰি সম্পাদনামণ্ডীক গতাই দিছিলো বুলি ক'লেও ভূল ন'হব। আলোচনীখন যদি ভাল হৈছে তাৰ সম্পূৰ্ণ শ্রেয় মই দিব বিচাৰো অকব উঠি অহা অতি প্রতিভাবান লেখকসকলক আৰু সুদক্ষ সম্পাদনা মণ্ডলীক। বৰ্ণশুদ্ধিৰ ক্ষেত্রত মোৰ কাঢ়া দৃষ্টি অভাৱে নিশ্চিতই অলপ আসোঁৱাহ আনিলে। তাৰ বাবে মই সাহিত্যৰ ওচৰত ক্ষমাপ্রাৰ্থী। ৰাইজক লেখা সময়মতে লেখা দিবৰ বাবে কম সময়ে সময়ে যথেষ্ট তাগিদা দি আমণিও কৰিলো। তাৰ বাবে যে ৰাইজে মনত কোনো অসন্তুষ্টি নাৰাখে।



মোক মোৰ সম্পাদনাৰ কালছোৱাত আপোনজনহৈ সহযোগ কৰা সকলৰ নাম উল্লেখ নকৰিলে মনটো গধূৰ হৈ থাকিব। সেইকেইজন হ'ল বন্ধু দিগন্ত ভট্টচাৰ্য্য, গীতাৰ্থ, ভগৎ দা, বৰ্ণালী, পংকজ, হীম, অঞ্জল, প্রতিম দা, মিতালী, দেব দা, ত্রিনয়ন, অৰুণ,ৰঞ্জিত দা, উজ্বল দা, বিভা বৌ, ৰূপালী বৌ, অচিন্ত্য বৰঠাকুৰ। এই মূহুৰ্তত কাৰোবাৰ নাম পাহৰিছো যদি এইয়া মোৰ ভূল বুলি ক্ষমা কৰে যেন। পত্নী লিপিৰ সহযোগ আৰু আন্তৰিকতা অবিহনে এই সম্পাদকৰ কথাবোৰ হয়তো বেলেগ হ'ল হয়। :-))



অনাগত দিনত আপোনালোক সকলোৰে সহযোগিতা আৰু সৃষ্টিশীলতাৰে অকবৰ মজিয়া অসমীয়া ভাষা-সাহিত্যৰ ন ন ৰঙেৰে উদ্ভাষিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। 



-সকলোলৈকে ধন্যবাদ জনালো।



-ৰক্তিম-

সাহিত্য.অৰ্গ - সম্পাদকীয় (ৰক্তিম গোস্বামী)



“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain
মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।
Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক  অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা  দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।
১)  সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।
২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।
৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।
৪)  মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।
- এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।
প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।
প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— সাংস্কৃতিকভাৱে বিশ্ব মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য।কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীন গৌৰ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।
কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত।  নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??
বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।
-ৰক্তিম গোস্বামী-


http://www.xahitya.org/2012/11/15/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/

Saturday, September 1, 2012

ইংৰাজী সংগীত, চুলি আৰু মধ্যবিত্তীয় সংকীৰ্ণতা

এটি তথাকথিত সাংস্কৃতিক পৰিয়ালত মোৰ জন্ম হৈছিল। মোৰ দেউতা গোঁসাই মানুহ আৰু স্বাভাবিকতে এটা অতি ধাৰ্মিক বেকগ্রাউণ্ড। মা আছিলে পণ্ডিত, মন্ত্রী, সমাজসেৱক, মুক্তিযোদ্ধা আদিৰে ভৰপূৰ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত পৰিয়ালৰ জীয়ৰি। দুয়োটা পৰিয়ালতে সংগীত চৰ্চা হৈছিল যদিও দেউতাৰহত ফালে মানুহবোৰ বহু আগবঢ়া আছিল এই দিশত। কোনো যদি  অঁনাতাৰ শিল্পী,
কোনো দূৰদৰ্শনৰ। কোনোবা যদি কোনো গীতত বিদ্যালয় সপ্তাহত প্রথম হৈছে কোনো হৈছে সদৌ অসম ভিত্তিত। বিহু, হূচৰি অন্যান্য বহু কথা।

মোৰ তেজলৈও  স্বাভাবিকতে আহিল বংশসূত্রে সংগীত প্রীতি। একো ডাঙৰ কথা নহয়। কিন্তু জুই সেইদিনাৰ লাগিছিল যিদিনা যৌথ গোঁসাই পৰিয়ালৰ ডাঙৰ ঘৰটোৰ এটা ৰুমৰ পৰা 'We Didn't Start the fire' নামৰ Grammy Nominated ইংৰাজী গীত এটি বাজি উঠিছিল। নিশ্চয় মোৰ ১৪ গোষ্ঠিত বজা
প্রথম ইংৰাজী গীত আছিল চাগৈ। মই সঠিককৈ জনা নাছিলো আৰু বুজিবও পৰা নাছিলো ভুলটো ক'ত হ'ল। এটা যেন অপৰাধ কৰিলো। বহুদিন বহুতৰ  বহু কথা  শুনিও মই এৰা নাছিলো ইংৰাজী সংগীত শুনিবলৈ। বন্ধুমহলৰ পৰা গ'ম পালো ইংৰাজী গীত শুনা সকলোৰে ঘৰত একেই পৰিস্থিতি।  (১৯৯২-৯৩ চনৰ কথা)


এখন বেলেগ দেশৰ গীত শুনাত বাধা কিয় আৰোপ কৰা হৈছিল সেইটো আজিও মোৰ প্রশ্ন আৰু সেইটো লৈ মই আজিও বহুতৰ লগত যুক্তিযুদ্ধত অনিশ্চা স্বতেও লিপ্ত হ'ব লগা হয়। গীত আৰু সংগীতৰ মাজত বিশাল প্রভেদ আছে। সংগীতৰ বিশাল পৰিধিৰ মাজত গীত  হৈছে এটা গুৰুত্বপূৰ্ণ অংগ মাথো। ঠিক প্রকৃতিৰ সংগীতৰ মাজত 'কুলি'ৰ মাতটোৰ দৰে। সেইদৰেই প্রভেদ আছে গীত  ভালপোৱা আৰু সংগীত
ভালপোৱা মানুহৰ মাজত। ভাষিক সংকীৰ্ণতাৰ সংগীতত কোনো স্থান নাই। ইংৰাজী গীত বা আন বিদেশী গীত বুলিলে অলপ হেয় জ্ঞান কৰাতো কি ধৰণৰ মানসিকতা আৰু ই বিশেষকৈ আমাৰ নিচিনা মধ্যবিত্ত মাজত কিয় ইমান গাঢ় হৈ গঢ় লৈ উঠিছিল তাৰ গ্রহনযোগ্য সঠিক উত্তৰ এটা মই এতিয়ালৈকে পোৱা নাই। লোকৰ গীত মাত  শুনিলে বা লোকৰ গীত মাতৰ লগত চিনাকী হ'লে আমাৰ গীত মাত বোৰ কেনেকৈ  নষ্ট হ'ব? সংগীত সম্প্রীতিৰ  এডাল চিৰযুগমীয়া এনাজৰী। হাজৰখন মিটিং, হাজাৰটা বাতৰিয়ে, হাজাৰ চৰকাৰি পৰিকল্পনাই লৰাব নোৱাৰা মানুহৰ মনবোৰত কেৱল মাত্র গীতৰ এটা কলিয়ে আবেগৰ ঢৌ তুলিব পাৰে। সম্প্রীতিৰ এই  এনাজৰীডালক ভাষাৰ পোছাক পিন্ধাই 'আমাৰবোৰৰ সংস্কৃতি, সিহতবোৰৰ  অপ-সংস্কৃতি' জাতীয় ধাৰণা সৰুতে মগজুত গুজি দিয়াৰ চেষ্টা কৰাতো মোৰ মনত
এতিয়া 'সংস্কৃতিক তালিবানী মনোবৃত্তি' যেন লাগে।

এই সংস্কৃতিক গোড়ামীৰ কাৰণ কি মধ্যবিত্তৰ সকলো ক্ষেত্রতে ঠকা 'Sense of Insecurity'?  আৰু যদি হয় তেনেহ'লে এই ভয় ভাৱ মূল্যহীন কাৰণ এটা জাতিৰ গীত-মাত সংস্কৃতি এখন সময়ৰ লগত গতি, মোৰ সলনি কৰি গৈ থকা নৈৰ দৰে। এইখিনিতে মই এটা কথা কৈ থও যে সংস্কৃতি ৰক্ষা কৰাতো প্রয়োজন কিন্তু তাৰ খাতিৰত ইয়াক চেপা মাৰি বুকুত সাবতি ৰাখিলে ই মৰহি যাব। 

এটা সাধাৰণ অনুভব। যোৱা বছৰ বিহুৰ বতৰত এগৰাকী আমেৰিকান মহিলাই আহি গুৱাহাটিত বিহু মৰা বাতৰিতো চায় বহুতৰে আনন্দত বুকু উথলি উঠিছিল।কৈ গৌৰব অনুভৱ কৰিছিল যে আমেৰিকাতো আমাৰ বিহুৰ নাম আছে। ভাল কথা। এনে গৌৰব আদৰণীয়। প্রশ্ন হৈছিল মই তেনেহ'লে ইংৰাজী গীত এটা গালে এনেবোৰ মানুহে 'গোঁসাইৰ পুতেক লণ্ডনৰ চাহাব ওলাব আহিছে" অথবা " লোকে গীটাৰহে বজায়" আদি ইতিকিং কৰা মন্তব্য কেনেকৈ দিব পাৰিছিলে? "আমাৰটো আদৰিলে ভাল, তেওলোকৰ আদৰিলে অপসংস্কৃতি"।

এই কথাখিনিৰে মই নিজ সংস্কৃতি পাহৰিপাশ্চাত্যৰ 'অন্ধ-অনুকৰণ' কৰা সকলৰ প্রতি কোনো আন্তৰিকতা দেখুওৱা নাই আৰু অন্ধ-অনুকৰণৰ কথাটো আগত ৰাখি এইখিনি কথা পঢ়িলে মোৰ ভাব বুজোটে উজুটি খাব।

মই মোৰ সময়ত মোৰ মনে বিচৰা আৰু আনে বা সমাজে যুক্তিহীন ভাবে নিবিচৰা সকলো কাম যুক্তিৰে প্রমাণ কৰি বুকু ফিণ্ডাই কৰি গৈছিলো। মোৰ চুলি দীঘল বুলি লৈ ঘটা ঘটনাবোৰ বাৰু নকলোৱেই এতিয়া। তথাপিও ক'ব বিচাৰো  মোৰ চুলি তেতিয়াও দীঘল আছিলে আৰু আজিও আছে। কেতিয়াবা খঙতে কোনোবাই কিবা ক'লে কও -

" দুনীয়াত ইমান কথা শিকিব-বুজিব-কৰিব আছে যে চুলিৰ কথা ভাবি
চুলি কাটিবলৈ সময়ে উলিয়াব পৰা নাই। আপোনাৰ হাতত মোৰ চুলিৰ
কথা ভাবি, তাৰ ওপৰত চিন্তা কৰি মোক পৰামৰ্শ দিব পৰাকৈ সময় থকা
দেখি হিংসাই লাগিছে।"

 মই বা মোৰ বন্ধু সকলে ভুগা এই দণ্ডবোৰৰ কিমান অপ্রয়োজনীয় আছিল ভাবিলে বেয়া লাগে। 'জেনেৰচন গেপ' কথাটো নিশ্চয় আহে কিন্তু তাৰ আঁৰত দূৰ্বল চিন্তা আৰু সংকীৰ্ণতাক প্রশ্রয় দিয়াতো হয়তো মুঠেই সমোচিত ন'হব।মনত আন এটা সংস্কৃতিৰ লগত চিনাকী হোৱাৰ হেঁপাহৰ লগতে তাৰ প্রতি 
'গ্রহণযোগ্যতা' নাথাকে তেনেহ'লে ই এটা নিশ্চিতই চিন্তনীয় বিষয়। ভাল আৰু বেয়া উপাদান বিচাৰিলে সকলোতে ওলাব। কিন্তু প্রয়োজন সাপেক্ষে  এটা নতুন সংস্কৃতিৰ লগত অপ্রয়োজনীয় দণ্ডৰ মুখামুখি নোহোৱাকৈ পৰিচয়  হ'ব পৰাকৈ আৰু তাৰ উচিত বাচ বিচাৰ কৰি ভালখিনি আকোৱালি ল'ব
পৰাকৈ এটা পৰিবেশ আজিৰ তাৰিখত অন্ততঃ নিত্যান্তই প্রয়োজনীয়। মই জানো বা মোৰ দৰে বহুতে এইটো ভালকৈ জানে যে ১৫-২০ বছৰ আগতে ইংৰাজী সংগীত শুনাৰ বাবে আমাক ভুল বুলি বুজাবলৈ কোৱা কথাবোৰহে  প্রকৃততে কিমান ভুল আছিল।

শংকৰ দেবৰ বৰগীতৰ 'সা' স্বৰ আৰু বিথোফেনৰ চিম্ফনিৰ 'চি' ন'টতোৰ মাজত কোনো প্রভেদ নাই তেনেক্ষেত্রত ভৌগলিক সীমাৰে সংগীতৰ মহান সত্ত্বাক টুকুৰা টুকুৰ কৰি জ্ঞাতে-অজ্ঞাতে বিদ্বেষ ভাবৰ জন্ম দিয়াতো সংগীতৰ প্রতি কৰা ঘোৰ অন্যায় আৰু ই সদায় অপ্রত্যাশিত।


-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

Tuesday, August 28, 2012

আকাশ আৰু বৰষুণত ডুবি থকা শৈশবৰ এটি সৰু কাহিনী..


বিশালতাক বুজাবলৈ আকাশতকৈ হয়তো বহল শব্দ নোলাব। মনৰে কল্পনা কৰিব নোৱাৰাকৈ বিশাল সীমাহীন এক নীলা অনুভব
হৈছে আকাশ। কোনে ভাল নাপায় এখন তৰা ভৰা আকাশক মন ভৰি চাবলৈ কোনোবা শুক্লপক্ষ নিশা। দেউতাই দেখুৱাই দিয়া ধ্রুব তৰা, হাতীপতি, সপ্তৰ্ষী মণ্ডলেৰে ভৰা আমাৰ শৈশব বোৰ কিমান মনোৰম আশ্চৰ্য্যৰে ভৰা! আকাশৰ তৰাবোৰৰ দৰে আমাৰ মনটো তিমতিমাই জ্বলি উঠিছিল প্রশ্নৰ হাজাৰটা উজ্বল তৰা। তাতে সৌ দূৰত ৰং সলনি হৈ ঠকা তৰা এটা বা পঁপীয়া তৰা দেখিলেটো কথাই বেলেগ আছিল। বিশালতাৰ লগত, নীলাৰ লগত এয়ে হয়তো আমাৰ প্রথম চিনাকী আছিল।

আকাশৰ পৰা নামি অহা এজাক বৰষুণত তিতি থকা শৈশবৰ স্মৃতি এতিয়াও জীপাল আমাৰ মনত। বৰষুণত তিতি তিতি খেলা বোকা পানীৰ খেলবোৰৰ মাদকতা মনত পৰিলে এতিয়াও মন যায় ল'ৰালিলৈ পলকতে উভতি গৈ নিজক দেহাত বোকা পানীবোৰ সিঁচি লবলৈ। 

এতিয়াও মনত আছে মোৰ লৰালীৰ এনে এটি সৰু কাহিনী-

' সেইদিনা সোমবাৰ আছিল। মই তেতিয়া সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ছাত্র। পঞ্চম পিৰিয়ডত সপ্তম মান শ্রেণীৰ (ক) শাখাত গৈ শকত-আবত ল'ৰা এটাক স্কুল ছুটিৰ পিছত মোৰ লগত মল্লযুদ্ধ (?) কৰিবলৈ চেলেঞ্জ দি আহিলো। স্কুল শেষ হল। মল্লযুদ্ধৰ বাবে ঠাই নিৰ্বাচন কৰিলে লগতে থকা দকেইজন মান বন্ধু দৰ্শকে। যুদ্ধ আৰাম্ভ হোৱাৰ অলপ পিছতে ডাঙৰ বৰষুণ এজাক আহিল। এই বৰষুণ জাকত আমাৰ কাইজিয়া কৰা জ'চ হাজাৰ গুণে বাঢ়ি আহিছিল। দুয়োটাই নিজকে চিনেমাৰ হিৰ' বুলি ভাবি
লৈছিলো গতিকে কেচ টো " জান জায়ে পৰ শান না জায়ে" ধৰণৰ হ'লগৈ তাতে লগৰবোৰৰ উচটনি আৰু সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ইজ্জতৰ কথা আহি পৰিল। পূৰ্ণদমে চলিল যুঁজ। 

এই ফিল্মি চেন্টিমেন্টৰ মাজত একেবাৰে পাহৰি গ'লো যে স্কুলৰ পোচাক যোৰৰ ৰং যে বগা আছিল। ইতিমধ্যো বহু দেৰি হৈ গ'ল কাপোৰযোৰত বগা ৰং বিচাৰি পোৱা ন'গল। যুদ্ধত পিছৰফাললৈ মোক বৰকৈ কোবালে মোৰ প্রতিদ্বন্দীয়ে। মল্লযুদ্ধ হাৰ মানি মাটিয়া ৰংৰ কাপোৰযোৰৰ সৈতে লেঙেৰাই লেঙেৰাই ঘৰত সোমোৱাৰ পিছত পুণৰ বাৰ নিঁখুট ঔ-কিল পৰিছিল এই পেন্দুকণা মল্লযুদ্ধাৰ পিঠিত, প্রথমে বীৰৰ দৰে দুটাচাট মান সহিছিলো তাৰ পাছত পলাইয়ো বচাব পৰা নাছিলো এই তিনি ফুটিয়া বীৰৰ ঠুনুকা গৌৰব । ঔ-কিল নপৰিবনো কেলৈ, 'মোৰ ল'ৰাটো স্কুললৈ ধুনিয়াকৈ যাঁওক' বুলি আগদিনা মূৰত ৰ'দ লৈ কুঁৱা পাৰত ঘঁহি ঘঁহি চাফা কৰা বগা কাপোৰযোৰ যদি পিছদিনা মল্লযুদ্ধাৰ পোছাকলৈ পৰিবৰ্ত্তন হয় তেনেহ'লে মাকৰ পৰা প্রাপ্য পুৰস্কাৰ ল'বই
লাগিব। তাতে আকৌ যযা ভাইটি-ভণ্টি হালৰ পেঁপা কেইটাই ২৪/৭ চাৰ্ভিচ দিছিলে সেই সময়ত'।

আকাশ আৰু বৰষুণেৰে ভৰি থকা শৈশবৰ এই সৰু সৰু ঘটনাবোৰ মনত পৰিলে সুখৰ এক সুন্দৰ নষ্টালজিক সংজ্ঞা বিচাৰি পাঁও প্রতিবাৰে।



-ৰক্তিম-
২৭ আগষ্ট/১২
বাংগালুৰু

Sunday, August 26, 2012

এখন দেশত এটা ‘মানুহ’ আছিল…..


সনাতনে যেন পেটত এটা ভেকুলী সদায় পুহি ৰাখে। যিমানেই নাখাৱক কিয় পিছ মূৰ্হুততে তাৰ পেটে টুৰটুৰাব আৰাম্ভ কৰি দিয়ে। কলেজৰ দিনৰ পৰা তাক জানো মই কিন্তু আজি অতদিনে তাৰ এই অদ্ভুত ‘ভেকুলী-বায়লজীৰ’ ৰহস্য উদ্ঘাটনকৰিব নোৱাৰিলো। 

নামত তেখেত ভকত মানে ‘সনাতন গোস্বামী’ কিন্তু কোনো গুৰু গোঁসাই নামানে। এবাৰ দেউতাকে তাক জোৰকৈ গাওঁৰে নামঘৰৰ সভা এখনত ভাগ ল’বলৈ পঠাইছিলে। সভাৰ আলোচনাৰ মাজতে এজন ভকতে ক’লে -

“….গতিকে আমাক প্রায় ২৫ কেজি বুট আৰু ২৫ কেজি
মান মগু লাগিব…” 

কথাষাৰ শুনি খঙে মুৰৰ চুলি আগ পোৱা সনাতনে একে উশাহতে একো নভবাকৈ কৈ পেলালে -

-“২৫ কেজিকৈ বুট মগু খাবলৈ আপোনালোক ঘোৰা নেকি?? এইকেইজন 
মানুহৰ বাবে ইমান বুট মগু কেলৈ?”

হূলস্থুল লাগিছিল তাৰ পাছত। পিছৰখিনি নকলেও বুজা যায় যে সেইদিনাই তাৰ নামঘৰত অন্তিম দিন আছিল। দেউতাকে ক্ষমা প্রাৰ্থনা বিচৰাতহে শাম কাটিছিল ঘটনাটোৱে।

“ঐ সনাতন, এপেট ভৰাই বজাৰ আহি পাইচহে তোৰ এহাত জিভা
মেলি মিঠাই গাল চাবলৈ হ’লেইনে? কটা খক্ প্রথমে পোৱালীটোলৈ
কিনিব লগা বস্তুটো কিনি লচোন।”

…….বেছেৰাটোৰ কিছু টেনচন গৈছে। ‘দিলবালে দুলহনীয়া লে জায়েংগে’ৰ মেটেনী চ’ চাই আহি, তেল টেঙা ঘঁহি আবেলি তিনিআলিত কাষৰ বড়ো গাৱৰ ৰিহালী বসুমতাৰীক কৈ পেলালে দৰ ষ্টাইলত “ ৰি ৰি ৰি ৰি ৰিহালী মই তোক ভাল পাঁও। কলেজৰ প্রথম বাৰ্ষিকীৰ ৰিহালীৰ পাখি দাং খায়ে আছিল। মাৰি দিলে উৰা। অংক হ’লগৈ জটিল ‘গোস্বামী + বসুমতাৰী’। তাৰ ঘৰৰ সামাজিক সন্মানৰ বাবে এটা ঘাটক সমীকৰণ। তাৰ ১৪ গোষ্ঠিত আগতে কেতিয়াও নঘটা এটা কাণ্ড। সপোন কুৱৰীক ঘৰলৈ আনিলে কি হ’ব জানিছিল। কিন্তু নানি ক’লৈ যাব? কোনো নথকাৰ সুযোগত এটা সন্ধিয়া তাইক আনি চিধা তাৰ ৰুমৰ বিচনা তলত ভৰাই দিলে। 

প্রথম তিনিদিন এটা কায়দাৰে পাৰ কৰিলে। দিনটো তাৰ সপোনৰ ‘ৰি ৰি ৰি ৰি ৰিহালী’ক বিচনাৰ তলতে ৰাখে আৰু সন্ধিয়া মাক তাৰ ৰুমত চাহ দিবলৈ আহে বাবে “শ্রীদেবীক” তাৰ ৰুমৰ পিছফালে থকা গোহালীটোৰ এন্ধাৰ চুক এটাত নিশালৈকে লুকুৱাই ৰাখে। তিনিদিনৰ দিনা সন্ধিয়া গোঁহালীৰ পৰা মাকে প্রত্যাশিত চিঞৰ এটা মাৰি তাৰ আগন্তুক খঁহটা দিনবোৰৰ শুভ উদ্ধোধন কৰিছিল। স্বাভাবিকতেই এঘৰীয়া হ’ল। দেউতাকেও “তেজ্যপুত্র’ৰ মুকুট পিন্ধালে তাৰ মুৰত। তাৰ পিছৰে পৰা গাৱৰ পৰা অলপ আঁতৰত বেলেগে ঘৰ কৰি থাকে সনাতন। 

বহু বছৰৰ পাছত প্রথম সন্তান লাভ কৰিছিল সনাতন আৰু ৰিহালীয়ে। ‘সম্প্রীতি’ এতিয়া তৃতীয় মানৰ ছাত্রী। মৰমৰ নাম ‘কুঁহি’।
সনাতনে সম্প্রীতিক কোনো উপাধি দিয়া নাছিল। মই সোধাত কৈছিল-

-“ বুজিছ,
এই উপাধিবোৰেই
চব জঞ্জাল মাটি আনে। উপাধিবোৰ নথকা হ’লে মই আৰু ৰিহালীয়ে
ইমান কষ্ট খাবলগীয়া হ’লহেতেন নে? ‘প্রেম- ভালপোৱা’ সকলো উপাধিৰ
উৰ্দ্ধত। নালাগে উপাধি মোৰ ছোৱালীক, তাই মানুহ হৈয়ে জীয়াই থাকক।” 
এই বুলি কৈ হাতত লৈ থকা চিৰা খিনি গাল মাৰি লৈ কোৰ মৰাত লাগিছিল। 
মই কিছুপৰ তাতে স্তব্ধ হৈ ৰৈ আছিলো।

“সনাতন এইযোৰ হবনে তাইলৈ?”

“হ’ব হ’ব তাইলৈ এইযোৰ জোখতে হ’ব। ৰছীৰ টুকুৰাটোৰ লগত একেবাৰে
সমান এইযোৰ জোতা। এইযোৰ পালেহে কুঁহি ৰাতি টোঁপনি যাব বুজিছ। খাই
মাৰিছে। কাললৈ কিবা স্বাধীনতা দিবস চাবলৈ যাব স্কুলৰ ফালৰ পৰা। বগা
জোতাহে লাগে বোলে। স্বাধীনতানো চোৱা বস্তুনে। মই এইবোৰ একোৱে বুজি
নাঁপাও দেই। ব’ল মোৰ কাম হ’ল।”

সনাতনৰ পেঁটৰ পোঁহনীয়া ভেকুলীটোৱে জোৰকৈ টৰটৰাই দিয়াত মোক লৈ একেচাতে কাচিমৰ হোটেলত পালেগৈ। কাচিম আমাৰে পুৰণা বন্ধু। 

-“এই কাচিম ফটাফট দুটা চাঁহ এটা পৰঠা লগা ভাই, জান ওলাই গৈছে
মোৰ ভোকত। মই একো নামাতিলো, লাভ নাই। কাচিমৰ লগত হলি-গলি
আৰু তাৰ হোটেলত চাহ খোৱাৰ বাবে বহুবাৰ গালি খাইছিলে সনাতনে তাৰ
দেউতাকৰ পৰা । 

তাৰ কথা এটাই –

-“জীয়াই থকাদিন কেইটা মই বাচ-বিচাৰ কৰি কৰি নষ্ট কৰিব নোৱাৰো,
মানুহেই হওঁক বা খোৱাবস্তুবেই হওঁক । তাতে কাচিমৰ লগত সম্বন্ধ এৰি,
তাৰ ঘৰৰ ঈদৰ খানা বাদ দিবলৈ মোক কি পাগল কুকুৰে কামুৰিচে?”

দুয়োটা ঘৰলৈ বুলি বাট ল’লো। সনাতনৰ সহজ, একপটিয়া আৰু গম্ভীৰ কথাবোৰে মোক সদায় তাৰ লগত বান্ধি ৰাখিছিল। ‘কুঁহি’ৰ জন্মৰ পাছত লগৰ এটাই সনাতনক কৈছিলে –

-“ অ’ খবৰটো পালো। ল’ৰা হোৱা হ’লে ভাল আছিল।” 

আচলটোকে জোকাই লৈছিলে। 

-সনাতনৰ চিধা উত্তৰ 

“তোৰ মাৰ ল’ৰা হোৱা হ’লে তই জানো এই দুনীয়াত থাকিলিহেতেন?
মোৰ ছোৱালীক নালাগে নিজৰ মাৰক অন্ততঃ অলপ সন্মান কৰ।"

সনাতনৰ দেশ-দুনীয়াৰ খবৰৰ লগত কোনো খেল নাই। তাৰ মৰমৰ শ্রীমতি ৰহিলা, বুকুৰ আমঠু কুঁহি আৰু কষ্টৰে ঘটা কেইটামান ধনেৰ সৈতে মৰমৰে ভৰা দুটা ৰুমৰ এখন মানুহৰ সংসাৰ। কুঁহিক লৈ তাৰ সপোন এটাই তাই ‘মানুহ’ হওঁক। ডাক্টৰ, ইঞ্জীনিয়াৰ, প্রফেচাৰ, অফিচাৰ ন’হলেও চলি যাব। 

…. ১৫ আগষ্ট, ২০০৪।

নতুন জোতা পিন্ধি স্বাধীনতা দিবসত ভাগ লবলৈ পোৱাৰ আনন্দত কুঁহি মতলীয়া। দেউতাকৰ লগত জপিয়াই জপিয়াই ওলাই গৈছিল কিন্তু স্বাধীনতা দিবসৰ পৰা উভতি নাহিল তাই। এটা ভয়ানক বিস্ফোৰণে মূহ্হুৰ্ততে মঁচি পেলালে সনাতনৰ সপোনেৰে ভৰা পঁজাটো। সকলো শেষ হৈ গৈছিল। সনাতন আৰু ৰহিলাক মই তাৰ পাছত কাঁহানিও নেদেখিলো। মোৰ চকুৰ আগতে মৰমেৰে গঢ় লৈ উঠা এখন ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল পলকতে। 

…..সনাতন স্বাধীন আছিল। এটা স্বাধীন মন আৰু এটা স্বাধীন জীৱনৰ গৰাকী। সকলো সামাজিক ভেদাভেদৰ উৰ্দ্ধত আছিল সনাতনৰ মানবীয় চিন্তা,মূল্যবোধ আৰু দৃষ্টিভংগী। এখন স্বাধীন দেশৰ স্বাধীনতাৰ সংজ্ঞাৰ জটিলতা সনাতনৰ বাবে হয়তো এক দুৰ্বোধ্য বিষয় আছিল। কুঁহিৰ স্মৃতি বুকুত বান্ধি সেয়ে হয়তো সি সকলো এৰি গুচি গৈছিল মানুহৰ এখন নতুন পৃথিবী বিচাৰি। 

মানুহে মানুহ মাৰি মানুহৰ স্বাধীনতা অনা এখন দেশ। গৌৰবেৰে বুকু ফিন্দাই কেনেকৈ ক’ম -

“এই দেশ, মোৰ দেশ’






-ৰক্তিম-
২৬ আগষ্ট/১২
বাংগালুৰু


Friday, August 24, 2012

এটি অঘৰীৰ বুকুৰ কক্ষপথ...


কেকটাচ জোপা উদং পিঠিত খুচ মাৰি লৈ তপত ৰ'দ সনা আলিটোৱেদি অনাই বনাই পুণৰ বাট বুলিলে অঘৰীটোৱে। তাৰ ভৰিৰ চাপত নিজৰ মূখৰ প্রতিবিম্ব চা 
ই চাই সংগোপনে তাৰ পিছ ল'লো। প্রতি খোজতে গলি পৰা তাৰ অবয়বৰ টুকুৰা বোৰ এটা এটাকৈ বুটলি গলো। 

তৰপে তৰপে জঁহি খঁহি পৰা আমাৰ ঘৰটো বাৰে বাৰে সামৰি লঁও মৰমৰে। চাৰিওবেৰ আবৰি ৰাখে বিশ্বাসৰ এজাক ৰণুৱা ঘোঁৰায়ে। নিসংগতাৰ কোনো ষ্টপেজত জিৰণি নোলোৱা এজাক তেঁজাল সেউজীয়া ঘোঁৰা। তাৰ হৃদয়ত বাৰে বাৰে খুন্দিয়াই থকা কোনো অঘৰীৰ কোলাহল টোপনি গৈছে কিছুদিনৰ পৰা।...মনে মনে..নিশব্দতাৰ বতাহজাক ববলৈ দিয়া....
। তাৰ বহুদিনীয়া অভিমানী ভাগৰবোৰক 

টোপনিত বিলীন হবলৈ দিয়া...।

পশ্চিমৰ ডুব যোৱা এজাক চৰাই মাতৰ ৰাতিবোৰ সামৰি অঘৰীটোৱে তাৰ প্রেমৰ দিনবোৰৰ কথা ভাবে। তাৰো কোনোবা প্রেয়সী আছিল। সিও কাৰোবাক ভাল পাইছিল প্রাণভৰি, ঠিক তাক ভালপোৱাৰ দৰে কোনোবাই। সি আজিও প্রেমত মগন কোনো 'ভেলেণ্টাইন অঘৰী..'।

অগণন গ্রহ, নক্ষত্র ভৰা বুকুৰ সৌৰজগত খন কেতিয়াবা বুকু ফাটি ওলাই আহি যেন পুণৰ দোহাৰিব বিচাৰে জগত সৃষ্টিৰ আদি কথা। এটা নতুন কক্ষপথৰে কোনো আদিম অঘৰীৰ সেউজীয়া পাতৰ আঁৰৰ এটা নতুন সেউজীয়া জীৱন। 

বহু দিন পাৰ হ'ল....

এটা মাছ হৈ পানীৰ কণিকাবোৰৰ লগত খেলি খেলি নীলাত বীলিন হ'ল অঘৰীটো....

লুঙলুঙীয়া পুৰণি বাটটোৰে তাৰ আদিম গুহালৈ মই বাট পোনালো...








-ৰক্তিম-
২৩ আগষ্ট/১২
বেংগেলুৰু

Thursday, August 23, 2012

উঠলি উঠে আবেগ সুৰুজৰ হেঙুলীয়া ৰঙেৰে....


এখোজ দুখোজকৈ গৈ অজানিতে তাই ফুল পাহ চিঙিলে। এটুপাল 

তেজ বিৰিঙি উঠিল কাইট ডালত। তিৰবিৰাই থকা দুটুপাল চকু 

পানী দুগালত লৈ মোক ক'লে- "পিতাই মইটো জনা নাছিলো বতাহতো
যে মাটি ফাটে।" অবিশ্বাসী ফাগুণ নীলা শব্দ কৰি দুভৰিৰ তলেৰে 
কুলু-কুলু কৈ বৈ গ'ল। 


ছঁবি ছঁবি লগা দিনবোৰ, পোহৰ পোহৰ লগা ৰাতিবোৰৰ মাজত তুমি
কোন মায়াবিনী? এন্ধাৰৰ দৰে কিয় বাঢ়ি আহা মোৰ দুচকুত সুযোগ
পালেই? কিয় মোৰ আঙুলীবোৰত মোহাৰি মোহাৰি আঁকি দিয়া জীয়াই
থকাৰ গান? কিয় মোক উৰুৱাই নিব বিচাৰা যাযাবৰি এটি পাতৰ দৰে 
উদ্বাউল বতাহ জাকৰ মাজত?



তোমাৰ দুচকুৰ উজ্জ্বল ৰামধেনুৰ ৰংবোৰ গাত সানি ল'লো। এয়া যে
মোৰ ৰংৰ তৃষ্ণা। মোৰ শুকাণ চালবোৰৰ হতাশা মই ৰংৰে গুচাম। ৰঙা,
নীলা, সেউজীয়া, হালধীয়া....আস্....কি সজীব। ৰংবোৰ লাহে, লাহে
নৈ হয়। নৈ বৈ যায় পুণৰ বুকুৰ মাজলৈ।  পুনৰ ৰক্তিম হৈ উথলি উঠে আবেগ
সুৰুযৰ হেঙূলীয়া ৰঙেৰে... 





-ৰক্তিম-
২১আগষ্ট/১২
বেংগালুৰু

বাউল সংগীত


আমৰ সকলোৰে এক চিনাকী লোক সংগীত - বাউল সংগীত। বিশ্ব দৰবাৰত বাংলা সংগীতৰ এক বিশেষ স্থান আছে। বাংলা সংগীতৰ সৌষ্ঠব গাঢ় কৰাত বাংলা লোক সংগীত 'বাউলে' এক বিশেষ ভূমিকা 
গ্রহণ কৰিছে। বাউল সংগীতৰ গঠন, গোৱাৰ শৈলী, গায়কৰ পোছাক আৰু বাদ্যযন্ত্রই বাউল সংগীতক অতি মনোমোহা কৰি তোলে। এই গীতৰ সুৰ আৰু কথাই প্রতিজন সংগীত প্রিয় মানুহকে মন্ত্রমুগ্ধ কৰে। বাউল সংগীত শিল্পী সকল জীবিকাৰ বাবে সম্পূৰ্ণৰূপে বাউল সংগীত পৰিবেশন কৰি অৰ্জা ধনৰ ওপৰত নিৰ্ভৰশীল। ২০০৫ চনত ইউনেস্কই বাউল সংগীতক 'Masterpieces of the Oral and Intangible Heritage of Humanity' বুলি ঘোষণা কৰে।

বাউল সংগীত অতি উচ্চমানৰ আদৰ্শ আৰু ভক্তিভাবেৰে সমৃদ্ধ। বাউল সংগীতত বিভিন্ন ধৰ্মত উল্লেখ কৰা ধৰণে ভগবানক কোনো বিশেৰ নামেৰে নামাকৰণ কৰা নহয়। এই সংগীতত কেৱল সকলোৰে উৰ্দ্ধত থকা জনক নিস্বাৰ্থভাবে মন্থন কৰা হয়। বাউল সংগীতৰ দৰ্শন মতে ভগবন্তক বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্রয়োজন নাই। ভগবন্ত সকলোৰে মাজতে বৰ্তমান।
ভক্তি ভাবেৰে বিচাৰিলে ভগবন্তক সকলোৱে নিজৰ মাজতে বিচাৰি পাব। 

বাউল সংগীতত ব্যবহাৰ কৰা বাদ্যযন্ত্রসমূহ স্বাভাবিতেই থলুৱা। মূল বাদ্যযন্ত্রসমূহ হ'ল একতাৰা, দোটোৰা, ডুগী, ঢোল,আনন্দ লহৰী বা গোবগোবী আৰু খোল। আন আন বাদ্যযন্ত্রসমূহৰ ভিতৰত কৰতাল, মন্দিৰা আৰু বাঁহি ব্যবহাৰ হয় বাউল সংগীতত। ৰবীন্দ্র সংগীতত বাউল সংগীতৰ প্রভাব সুস্পষ্ট। কবিগুৰুৰ বাউল সংগীতৰ প্রতি ঠকা ভক্তি আৰু প্রশংসাই বাউল সংগীতক এক অনন্য আসন দিছিল। বাউলসকল একেধাৰে কবি, সংগীতকাৰ, নৃত্যশিল্পী, অভিনেতা আৰু তেওলোকৰ একমাত্র উদেশ্য ভক্তিৰ মাৰ্গেৰে আনন্দ দিয়া।

লালন ফকিৰক সৰ্বকালৰ শ্রেষ্ঠ বাউল শিল্পী বুলি গণ্য কৰা হয়। সকলো বাউল শিল্পীৰ বাবে তেখেত গুৰু সদৃশ। বাউল শিল্পী পূৰ্ণ দাস বাউলক ভৰতৰ 'বব ডায়লন' বুলি জনা যায়। পূৰ্ণ দাস বাউলে প্রাশ্চত্যৰ দেশসমূহত বাউল সংগীতক জনপ্রিয় কৰাৰ প্রয়াসেৰে ১৯৬৫ চনত ৮ মাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰিছিল। সেই কালছোৱাত তেঁও লগত আছিল বব ডাইলন,
জন বীজ, প'ল ৰবচন আদি দৰে মহান শিল্পী। শেহতীয়াকৈ ফ্রান্সত হোৱা বিশ্ব সংগীত সমাৰোহলৈ বাউল সংগীত পৰিবেশন কৰিবলৈ 'বাউল বিশ্ব' গ্রুপ নিমন্ত্রিত হোৱাতো নিশ্চিতই ভাৰতবাসীৰ বাবে এক গৌৰবৰ বিষয়। 


-ৰক্তিম-
২১ আগষ্ট/১২
বেংগালুৰু

Sunday, August 12, 2012

'মনৰ বাতৰিবোৰ' - জয়ন্ত হাজৰিকাৰ গীত



ৰাণা দাৰ 'মনৰ বাতৰিবোৰ' গীতটি গীটাৰেৰে 'Country Song' ৰ পৰশ দি নতুনকৈ সঁজাই গোৱাৰ মৰসাঁহ কৰিলো....ক্রুটি মাৰ্জনা কৰিব ......

কন্ঠ/সংগীত/গীটাৰ- ৰক্তিম
শব্দযন্ত্র্রী- হৃদয়
ষ্টুডিয়- প্রণবাচ ষ্টুডিয়, বেংগালুৰু 


https://www.facebook.com/groups/axomiyakothabotora/permalink/424818220904013/?ref=notif&notif_t=like

Sunday, August 5, 2012

ছবি- ২


'চিলনী'-পাঠ/ৰক্তিম




মোৰ 'চিলনী' বুলি লেখাটি পাঠ কৰিলো। লেখাটিৰ তাগিদাত ছবিখন আঁকিলো।


'চিলনী'
_____


কোনোবাফালৰ পৰা চিলনী জনী সদাই আহি মোৰ কাষতে পৰেহি।
ফাগুনৰ বতাহৰ লগত যুঁজি যুঁজি দুয়ো নিসংগতাৰ এপিয়লা পি যাও
সদায়। তাই ঈশান মুখী হৈ পুণৰ উৰা মাৰে বৃহৎ দুপাখি মেলি,
নিসংগতাৰ সংগত তৃপ্ত হৈ। মই বাট বুলো ঊশানলৈ স্থিৰ দৃষ্টিৰে।

ব্যস্ততাৰ অসহনীয় কোলাহলত কিষ্টি কিষ্টি কৈ হেৰুৱা দিনবোৰৰ
প্রতিবিম্ব ডুব যায় শুকাণ পাতবোৰৰ মাজত 'খচখচ' শব্দ কৰি।
চিনাকী গানবোৰ পুৰণা তেজখিনিত পুণৰ ডুবাই লওঁ নিশা দুপৰলৈ।
ৰঙা পিয়লাত জিলিকি উঠা কাৰোবাৰ এটি অচিন কলিজা।

ডাৱৰৰ ওপৰৰ পৰা দেখা পৃথিৱীখন সহজ, সৰু, ধুনীয়া। থিক যেন
এটা জিয়া পুতলা। কিয় জানো তাই সদায় পৰেহি মোৰ কাষত
নীলা-নীলা দুচকুলৈ? কিয় টোপনিক ফাঁকি দি আঁকি যায় ৰাতিৰ
আকাশত এটাৰ পাছত আন এটা ৰহস্যময় বৃত্ত। আবেলিটো ধৰি
ৰাখিব পৰা হয়, ধৰি ৰাখিলো হয় সময়ৰ মুঠিৰে।

মৰমৰ কাঁইটডাল মাটিত পুতিলো। দু-ভৰি তিয়ালো তপত বালিত।
মাটিৰ তলেদি যোৱা নীলা নৈ-ত ডুব মাৰিলো, 'কুলুকুলু' শব্দৰ
মায়াভেদি। নিস্তব্ধতাৰ উঠ দুটাক একো গম নিদিলো।

দিগন্ত চুব নোৱাৰি। দিগন্তৰ বিশালতা অনুভৱৰ এক মিঠা সংজ্ঞা।
আজুৰি আনি গাঁথি দিবা তোমাৰ মন এই সংজ্ঞাত। জিৰজিৰকৈ
সৰি পৰিব ডাৱৰৰ শুভ্র টুকুৰাবোৰ তোমাৰ মনৰ দুৱাৰদলিত।

দুদিন হ'ল উদং-উদং মন। বৰফ লগা পাখি এটি উৰি উৰি আহি
মোৰ কাষতে পৰিলহি। তাই অহা বাটত বৰফে বান্ধিলে মায়াবি গড়।
মই আগুৱালো..ঈশানলৈ....

Category:

Tags:

Licence:

Standard YouTube Licence

Friday, August 3, 2012

মাৰিআচি -(নানা দেশ নানা গীত-৪)


মেক্সিক'ত 'মাৰিআচি' সম্পৰ্কে এষাৰ কথাৰ প্রচলন আছে- " মেক্সিকান টাকিলাতকৈও অধিক মেক্সিকান অনুভৱ একমাত্র মাৰিআচিত আছে, টাকিলাৰ অবিহনে মাৰিআচিআৰু মাৰিআচিৰ অবিহনে টাকিলা সদায় লজ্জাজনকভাবে অসম্পূৰ্ণ।"

'মাৰিআচি' নামটো কম বেচি পৰিমানে সকলোৰে চিনাকী বা পৰিচিত। বিশেষকৈ যি সকল মেক্সিকান বা লেটিন আমেৰিকান (পটভূমিৰ) ছবিৰ লগত পৰিচিত তেখেতসকলৰ বাবে মৰিআচি শব্দটো অতি চিনাকী। Antonio Banderas-ৰ অতি জনপ্রিয় 'Desperado' ছবিখনত তেঁও কৰা "মাৰিআচি" নামৰ চৰিত্রটোৱে শব্দটোক আৰু অধিক জনাজাত আৰু প্রসাৰতা দিয়ে।

'মাৰিআচি' মেক্সিক'ৰ অতি জনপ্রিয় এক লোকসংগীতৰ প্রকাৰ। মেক্সিকান সকলে মাৰিআচিক সদায়সংগীতৰ উদ্ধৰ্ত বুলি গণ্য কৰি আহিছে। মাৰিআচি বুলি ক'লে মাৰিআচি গীত, মাৰিআচি গোৱা গায়কসকল আৰু মাৰিআচি সংগত কৰা বাদ্যযন্ত্রী সকলোকে বুজোৱা হয়। 'মাৰিআচি' শব্দটোৰ মূল ফৰাচী শব্দ “mariage "বুলি জনাজায়। যাৰ অৰ্থ হ'ল বিয়া। বহুলোক এই ক্ষেত্রত সহমতনহয় আৰু মাৰিআচি শব্দটোৰ মূল লৈ বিজ্ঞ সকলৰ মাজত আজিও মতবিৰোধ আছে।  কোনোকোনোয়ে কয় যে 'মাৰিয়া এইচ' নামৰ  এগৰাকী কুমাৰীৰ বাবে আয়োজিত এক সংগীতমূখৰউৎসৱৰ পৰাই 'মাৰিআচি' নামোৰ সৃষ্টি হ'ল।


'মাৰিআচি' গীতসমূহৰ বিষয়বস্তু মূলতঃ পুৰুষত্ব (machismo), প্রেম, প্রতৰণা, মৃত্যু, ৰাজনীতি,বিপ্লবী বীৰ আৰু কেতিয়াবা কোনো পশু-পক্ষীও হোৱা দেখা যায়। La Cucaracha মেক্সিক' বীপ্লৱৰসময়ৰ এটা অতি জনপ্রিয় মাৰিআচি গীত। Mariachi Vargas de Tecalitlán-ক আটাইতকৈ পুৰণি মাৰিআচি গোট বুলি চিহ্নিত কৰা হৈছে। গেছপাৰ ভাৰগাছে ১৮৯০ দশকৰ শেষৰ ফাললৈ ইয়াৰ গঠন কৰিছিল। 


আজিৰ দিনত এটা মাৰিআচি গোটত সাধাৰণতে ৮খন পৰ্য্যন্ত ভায়লীন,২টা ট্রামপেট আৰুএখন বা দুখন গীটাৰৰ থাকে। guitarrón বেচ গীটাৰ, মেক্সিকে'ন ফ'ক হাৰ্প আদি মাৰিআচিৰ লগত ইতিমধ্যো ব্যবহৃত আন কিছুমান বাদ্যযন্ত্র। মাৰিআচি গোটৰ সদ্যসকলে সাধাৰণতেবগা পেন্ট, বগা চোলা আৰু এটি বিশেষ টুপী পৰিধান কৰে।

মাৰিআচি গীতৰ গুঞ্জন আজি পৃথিৱীৰ বহু দেশত শুনা যায়। মেক্সিক'ৰ সংস্কৃতিৰ এটি মূল অংগ মাৰিআচিৰ উৎসৱ প্রতি বছৰৰ চেপ্তেম্বৰ মাহত মাৰিআচিৰ জন্মস্হান বুলি জনাজত জেলিচক'তউৎযান কৰা হয়।

Sunday, July 29, 2012

'দি গ্রেট মাইগ্রেচন' আৰু এটা সহজ নিয়ম

"নঙলা মুখত ৰৈ আছিলি তই। 
আহিম, নাহিম একো নকলি। 
ময়ো ৰ'লো কিছুপৰ তোৰ ভাৱ নুবুজি। 
মোৰ চকু জাপ গ'ল, পলকতে তই মোৰ শোৱণিকোঠা পালি। 
মোৰ শেতেলী গ'লি অদৃশ্য হ'ল। 
কৈ গ'ল 'মোৰ বুকু মলিন হ'ল'।"

মেলা, ঠিক এখন মেলা। আনন্দ মেলা নহয়। পোহৰ পোহৰ সকলো। মানুহ মানুহ চৌদিশ। আকাশ উজ্ৱল দুপৰ নিশালৈ ৰাতিৰ পাছত ৰাতি। দিনৰ পোহৰত টোপনিৰ হুংকাৰ। পেটৰ তলিত ইক' হয় ভোকাতুৰ নিগনি জাকৰ ক'ৰাচ। তথাপিও চিন্তা কৰিবলগীয়া একো নাই। সকলো সহজভাৱে ল'লেই হ'ল। মই 'হুটো', তই 'টুটচি'। , কেতিয়াবা তই মোৰ ৰজা, কেতিয়াবা মই তোৰ ৰজা। কোনে 
আমাৰ ৰাজপাট ভাঙে-পাতে তাক লৈ আমাৰ মতলব নাই। কেতিয়াবা মই তোৰ তেজ খাম, কেতিয়াবা তই মোৰ তেজ খাবি। আমিবোৰ মিলা প্রীতেৰে চলো। আমিবোৰ এনেকৈয়ে জীয়াই ঠাকিম। চিম্পল গিভ এণ্ড টেক পলিচি। এটা অতি সহজ আৰু সৎ নিয়ম মানি চলো আমি।

পুৰণি ঘৰবোৰ ভাল নালাগে। আমি নতুন ঠাইলৈ যাম। নতুন ঘৰ সাঁজিম। কিন্তু তাৰ আগতে তই মোৰ ঘৰ ছাই কৰিবি, মই তোৰ ঘৰ। মিলাই চলিব লাগে সদায় এনেদৰে। মৰম বাঢ়ে। চকুৰ চিনাকী তেজৰ চিনাকী হয়। আমিবোৰে আচলতে সময়ত দল পাতি থাকি ভাল পাঁও, দল পাতি যাও নতুন দুনীয়ালৈ। 'দি গ্রেট মাইগ্রেচন'- আজি আমাৰ, কালিলৈ সিঁহতৰ। বহুত হৈছে এনে 'গ্রেট মাইগ্রেচন' পৃথিৱীত। নাঁভি খণ্ডনৰ কাবাড্ডী। তেজবোৰৰ স্বৰূপ এনেও ৭ বছৰৰ অন্তৰে অন্তৰে সলনি হয়।

দেৱীক নৰবলী দিলে দেৱী সন্তষ্ট হয় বোলে। কিমান নৰবলী আৰু কিমান দিনৰ মুৰে মুৰে এই বলীৰ প্রয়োজন আমাৰ ধাৰণা নাই। কেতিয়াবা দেবীয়ে নিজেই আয়োজন কৰে এই বলীৰ। স্থান বিশেষে ৮ লাখ বা তাৰো অধিক মানুহ অদৃশ্য হৈছে একে ঠাইৰ পৰা। ইয়াৰ তুলনাত আমাৰ সংখ্যা এই ক্ষেত্রত এতিয়াও তেনেই নগণ্য। বিধিৰ বিধান, জন্মিলে মৰিবও লাগিব। কিন্তু কোনে এই মৃত্যুৰ
দিন বাৰ কি স্ৱাৰ্থত নিৰূপণ কৰিব সেই বিষয়ে আমি একো নাজানো। 

আমি উদাৰ। আমি কোনো জাতি, ধৰ্ম নামানো। আমি কেৱল গৈ থাকিম। কেতিয়াবা 'হুটো' আৰু কেতিয়াবা 'টুটচি' হৈ। কেতিয়াবা মৰি কেতিয়াবা মাৰি। আগতেই কৈছো নিয়মটো পোনপটিয়া আৰু সহজ। 

আমাক বিচাৰিলে ৰোৱাণ্ডা, উগাণ্ডা, জাৰ্মানী, পলেণ্ড, ইজৰাইল, বাংলাদেশ, গুজৰাট, অসম সকলোতে সহজতে পাব। প্রকৃতিৰ বুকুত ধ্ৱংসৰ কঠোৰ আইন মানি চলা আমিবোৰ চিৰসক্রিয় পৃথিৱীৰ অলিয়ে-গলিয়ে ।

-ৰক্তিম-
২৯ জুলাই/১২
বেংগালুৰু

Friday, July 13, 2012

মই অকনু ভূঞাই কৈছো....

মোৰ পৰিচয় আপোনালোকক মই বেলেগে দিয়াৰ প্রয়োজনবোধ নকৰো। সাংবাদিকতা মোৰ পেচা। আপোনালোক প্রতিজনৰ ঘৰত মোৰ মাত আৰু মগজুত মোৰ চাপ মই ইতিমধ্যোই স্পষ্টকৈ এৰিছো। এটা জাতিৰ মান-সন্মান ৰক্ষা বা নষ্ট কৰাৰ ক্ষমতা আজি মোৰ হাতত আছে বুলি ন-দি নকলেও হব। আপুনি কি চাব, আপোনাৰ সন্তানে কি শিকিব তাৰ সিদ্ধান্ত মই ল'ম। দুষ্টক ৰাজহুৱাকৈ শাস্তি মই দিম। ৰাইজক শাসক, বিচাৰক মই বনাইছো। জনগনক গণতন্ত্রৰ প্রকৃত অৰ্থ আৰু স্বাদ মই দিছো।

অসম প্রগতিৰ পথত। মই অকনু ভূঞাই আনিছো প্রগতি। ৰাইজক সকলো খবৰ লাইভ দেখুৱাও মই। দুনীয়া 'লাইভ' কৰি দিছো মই। মানুহৰ 'লাইফ' 'লাইভ' কৰি দিছো। হত্যা, ডকাইতি, গৃহ-বিবাদ, পতি-পত্নীৰ কাইজিয়া,পৰকীয়া প্রেম,অবৈধ সম্পৰ্ক, জোতা চুৰ, চেণ্ডেল চুৰ, মানুহ চুৰ, সকলো লাইভ।ডাঁৰৰ বতৰা ডাঁৰে ডাঁৰে লাইভ দিও। ৰাজপথৰ মাজমজিয়াত যুবতীক গণ-ধষৰ্ণৰ চেষ্টা লাইভ দেখুওৱাই গোটেই ৰাষ্ট্রতে জনাই দিছো 'অসমীয়া কোন' 'মই কোন' আৰু আমি কিমান দাম্ভিক। বিশ্ববাসীৰ আগত জাতীয় গৌৰব অক্ষুণ্ণ ৰখাৰ বাবে ইউটিউবোত এৰিছো গণ-ধষৰ্ণৰ চেষ্টাৰ লাইভ ভিডিঅ। মোৰ জাতি প্রেম, দেশ প্রেমক সন্দেহ নকৰিব। অসমীয়াৰ সাধাৰণ জ্ঞান বঢ়াবলৈ দেশ-বিদেশৰ নানা খবৰ মোৰ 'ইণ্টাৰনেচনেল ডেক্স'ৰ (deks??) জৰিয়তে প্রতিদিনে দিয়েই আছো।

মোক বেয়া পোৱা মানুহবোৰক কও যে মোক বেয়া পাই আপোনালোকে মোৰ
নোম এডালো লৰাব নোৱাৰে। সাংবাদিকতা মোৰ পেচা কিন্তু ৰাজনেতা সকলক 'ভক্তিশেল' মৰাটো মোৰ নিচা। মোৰ ক্ষমতা চাওক, প্রতাপী ৰাজনেতা সকলে নিজেই শেলডাল বনাই মোৰ হাতত তুলি দি যায়হি। মই খালী শেলডাল মাৰিবহে লাগে। গতিকে কোনো ঘটিৰাম-বাটিৰামে মোক বেয়া পায় যদি পাওক, মোক ভাল পোৱা ডাঙৰ ডাঙৰ মানুহৰ অভাব নাই। কিছুমানে আকৌ মই কথা ক'লে থুইৰ চিটিকণি বৰ বেছিকৈ পৰে কাৰণে বেয়া পায়। সেই বিষয়ে মই একো মন্তব্য নিদিও।

মোৰ অৰিহনা যদি আপোনাোকে অগ্রাহ্য কৰিব বিচাৰিছে কৰক
মই 'অকথ্য'বোৰ কৈয়ে যাম। মই ইতিমধ্যো বহুদূৰ শিপালো।
মই ইতিমধ্যো এটা এৰাব নোৱাৰা নিচা হ'লো। মই যদি বেয়া তেন্তে
ভুল আপোনালোকৰো আছে। প্রথমে, নিজক প্রশ্ন কৰক । মোক চাবলৈ
মই কাকো বাধ্য কৰা নাই। সন্ধিয়াৰ ৭ ত আপুনি নিজেই আহি সকলো
বাদ দি মোৰ সমুখত বহেহি। মোৰ বাতৰিৰ সকলো আমেজ লৈ তাৰ পিছত
মোক গালি পৰা দুমুখীয়া নীতিটো মই ঘোৰ নিন্দা কৰো। প্রতিদিনৰ ঘটনা
এইটো। আপোনালোকৰ ৰুচিবোধ আপোনালোকৰ ব্যক্তিগত বিষয়। বুকুত হাত থৈ কওক তৰল বাতৰি সচাকৈ বেয়া পাই বুলি। প্রকৃততে বেয়া পোৱা হ'লে মই আজি নাথাকিলো হয়। মই যদি অপৰাধী মোক বিনাশ কৰাৰ ক্ষমতাও আপোনালোকৰ হাততে আছে। যদি ইমান বেয়া পায় মোক তেনেহ'লে বিনাশ কৰক মোক আপোনালোকৰ মনবোৰত। মোৰ মূখ আপোনালোকৰ টেলিভিশ্যনত নোচোৱাৰ পণ লওক।

স্পষ্টকৈ কব গ'লে-মই বেপাৰী। বাতৰিৰ বেপাৰ কৰো মই। ভাল-বেয়া সকলো বাতৰিৰ বেপাৰ কৰিম কাৰণ লাভ কৰাটো মোৰ উদ্দেশ্য। মোৰ বিজনেচ টাৰ্গেট আছে। মই টাৰ্গেট এচিভ কৰিবলৈ যি বেচিব লাগে তাকে বেচিম। নৈতিকতা, দায়িত্ববোধৰ বিষয়ে ভাববলৈ মোৰ সময় নাই। টাৰ্গেট এচিভ নকৰিলে মোৰ 'গড-ফাডাৰে' মোক মই 'ৰিফিউজ' কৰিব নোৱাৰা প্রস্তাব দিব। আপুনি মোৰ দোকানৰ পৰা কি বুটলী লয় বা কি নলয় অথবা মোক একেবাৰে যদি বাদো দিয়ে সেইটো আপোনৰ সিদ্ধান্ত। বস্তু বেচা ন'গলে দোকান নিজেই বন্ধ হ'ব। আপোনাৰ দুবৰ্ল মনৰ দুবৰ্ল সিদ্ধান্তৰ পৰিণতিৰ বোজা মই 'অকনু ভূঞাই' লব নোৱাৰো। আপোনাৰ দুবৰ্লতাবোৰে মোক শক্তিশালী বনাইছে।

অপ্রিয় সত্যতো হ'ল মোক 'অকনু ভূঞা' আপোনালোকে বনাইছে।
আপোনালোকে ভণ্ডামী বাদ দিয়ক,
মই সাংবাদিকতা বাদ দিম...

(ঘটনা, পাত্র কাল্পনিক। বাস্তবৰ লগত সামঞ্জস্য আকস্মিক)

-ৰক্তিম-
১৩ জুলাই.১২
বেংগালুৰু


https://www.facebook.com/photo.php?fbid=323037317789879&set=a.110118222415124.19470.109773015782978&type=1&relevant_count=1

Tuesday, July 10, 2012

ৰ'দ


বৰষুণ আহিছে..

প্রেমৰ বতাহজাকত বিলীন হৈ,
মৌ-মাখিৰ দৰে গুণগুণাই

সেউজীয়া বৰষুণজাক আহিছে।

মোৰ সিক্ত কামনাত
একাঁচলি ৰ'দ

বুকুৰ পথাৰত দপদপনি
উঁদ্বাওল কেঁচা মাটিৰ 

মোক ধুৱাই নিয়া
এটি পখিলা উৰিব সুগন্ধি বিয়পায়.. 






-ৰক্তিম- 
১০ জুলাই/১২