Showing posts with label literature. Show all posts
Showing posts with label literature. Show all posts

Saturday, November 17, 2012

সাহিত্য.অৰ্গ - সম্পাদকীয় (ৰক্তিম গোস্বামী)



“The fear of death follows from the fear of life. A man who lives fully is prepared to die at any time.” ― Mark Twain
মাৰ্ক টোৱাইনৰ এই কথাষাৰ মোৰ অতি প্রিয়। এটা কিচকিচিয়া ক’লা ঘোঁৰা হৈ অহৰহ খেদি ফুৰা মধ্যবিত্তৰ অসুৰক্ষিত মনোভাৱক আওকাণ কৰি যিমান পাৰো কথাষাৰ বুকুত বান্ধি জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আজিৰ বুকুত বহি কাইলৈৰ ঘৰ সাজি মই যে তাত থাকিব পাৰিম তাক লৈ মই কেতিয়াও নিশ্চিত নহয়। ভয় ভয়কৈ পাৰ কৰা জীৱনৰ প্রতিটো দিন মোৰ বাবে মৃত্যুৰ একো একোটা সৰু সৰু কিস্তি মাথোঁ। হয়, পূৰ্ণাংগ ৰূপত জীয়াই থকাই সঁচা অৰ্থত জীয়াই থকা।
Life is something, we should cherish,
We never know, when we’ll perish.
Live each and every single day,
Smell the flowers, stop and play.
ভোগবাদ আৰু পূৰ্ণাংগ ৰূপত জীয়াই থকাৰ সংজ্ঞাৰ মাজৰ ৰেখাডাল যদিও শকত কিন্তু অতি বস্তুবাদী মনোভাৱ, সূক্ষ্মদৃষ্টি আৰু সঠিক চিন্তাৰ দীনতাই সেই ৰেখাডালক  অদৃশ্যপ্ৰায় কৰি পেলাইছে। সেয়েহে মানুহৰ আত্মিক তুষ্টিৰ প্রাসংগিকতা হেৰাই গৈছে, ইজনে আনজনৰ লগত কৰা বস্তুৰ তুলনামূলক প্রতিযোগিতাৰ মাজত। এই প্রতিযোগিতা ক্রমাৎ দ্রুতৰ পৰা  দ্রুততৰ হৈ গৈ আছে। দূৰ-দূৰণিলৈকে ক’তো কোনো ষ্টপেজ নাই। সজ-অসজৰ চিন্তা বাদ দি যিকোনো প্রকাৰে টকাৰ পাহাৰ গঢ়ি আন দহজনতকৈ কেনেকৈ ওপৰত থাকিব পাৰি তাৰ চিন্তাত টোপনি হেৰাইছে অলেখৰ। গম নোপোৱাকৈ মনে মনে সংগোপনে বিয়পিছে এই ব্যাধি সন্তানলৈ। মা-পিতাকে সন্তানৰ মগজুত সাজি দিয়া অলেখ বস্তু থ’ব পৰা অট্টালিকাটোৰ খালী কুঠৰীবোৰ পূৰাবলৈ দিনক দিনে বাঢ়ি আহে সন্তানৰ বস্তুৰ তালিকাৰ দৈৰ্ঘ্য। তালিকাখনৰ উচিত বাচ-বিচাৰ অবিহনে চাহিদাবোৰ পূৰ কৰাটো যে মাতৃ-পিতৃৰ গৌৰৱৰ অন্যতম কাৰণ হৈ পৰিছে আজিৰ তাৰিখত, বিশেষকৈ নতুনকৈ ধনী হোৱা মধ্যবিত্তৰ মাজত। ব্রেকহীন এই দ্রুত ভুৱা অৰ্থকেন্দ্রিক আন্তঃপাৰিবাৰিক প্রতিযোগিতামূলক যাত্রাৰ পৰিণতি ‘কাল’ হোৱা অলেখ উদাহৰণ আছে আৰু এনে বহু ঘটনা আদিৰ পৰা অন্তলৈ মই নিজ সাক্ষী হৈ ৰৈছোঁ।
১)  সিদিনা গুৱাহাটীৰ ৰেভ পাৰ্টিত মৃত্যু হোৱা কম বয়সীয়া ল’ৰাটোৰ ঘৰ মোৰ ঘৰৰ পৰা খুব বেছি এক কিলোমিটাৰ দূৰৈত। দেউতাক তেজপুৰৰ এজন অতি প্রভাৱশালী ব্যৱসায়ী।
২) দুদিন আগতে পেচাত এগৰাকী অধ্যাপিকা আৰু খুব সংৰক্ষণশীল মাতৃয়ে মোৰ পত্নীক কোৱা এষাৰ কথা—”মই এটা কথাতেই আশ্বস্ত যে মোৰ ল’ৰাই মদ নাখায়, মোক কেতিয়াও মিছা নকয়।” কথাষাৰ মূল্যহীন হৈ পৰিছিল যেতিয়া খবৰ পাইছিলো যে দিল্লীৰ পৰা অভিযান্ত্ৰিক শিক্ষা সাং কৰি ঘৰলৈ যোৱা তেওঁৰ তজবজীয়া ডেকা ল’ৰাটোৰ গুৱাহাটীৰ মাজমজিয়াত এক পথ দুৰ্ঘটনাত মৃত্যু হ’ল। পিছত খবৰ গম পাইছিলোঁ দুৰ্ঘটনাৰ কাৰণ আছিল সুৰাৰ ৰাগী।
৩) প্রতিবাৰ ঘৰলৈ গ’লে ২ বা ৩ জন লগৰ বা কম বয়সীয়া চিনাকী ল’ৰাৰ সুৰাকেন্দ্রিক কাৰণত মৃত্যু ঘটাৰ খবৰ অবাঞ্চিতভাৱে সহজ বাতৰি হৈ পৰিছে।
৪)  মটৰ চাইকেল দুৰ্ঘটনাৰ কথাবোৰ বেলেগে নকওঁ।
- এইকেইটা খবৰ মই নিশ্চিত যে অসমৰ প্রতিখন সৰু বৰ নগৰ-চহৰত বাস কৰা সকলোৰে বাবে চিন্তনীয় তথা নৈমত্তিক খবৰ।
প্রথমেই মনলৈ আহিছিল এইবাৰ সাহিত্য ডট অৰ্গৰ ‘বিষয়-বস্তু’ক লৈ সম্পাদকীয় শিতানত কিবা এটা লিখিম। কিন্তু তেনে কিছু খবৰ আৰু ঘটনাই মনটোত লুকা-ভাকু খেলি থকাৰ বাবে ভবা ধৰণে সম্পাদকীয়ৰ বিষয়বস্তুক বাস্তৱ ৰূপ দিব নোৱাৰিলোঁ। আমাৰ জাতীয় ঐতিহ্যৰ লগত জড়িত সকলো বিষয়ৰ লগত উঠি অহা চামৰ গাঢ় সংস্পৰ্শ জাতীয় স্বাৰ্থতে এক আকোৰগোঁজ সত্য। যি কাৰণতে নহওঁক নতুন চামৰ পশ্চাৎগমনে মোক বাৰুকৈয়ে শংকিত কৰিছে। এজোপা তজবজীয়া গছক গঢ় দিবলৈ যিদৰে উপযুক্ত আৰু নিৰ্ভেজাল সাৰ-পানীৰ প্রয়োজন, সেইদৰে শিশু এটিক মানুহলৈ গঢ়লৈ উঠাৰ বাটছোৱাত আলফুলে ছটিয়াই দিয়াৰ প্রয়োজন জাতীয় গৌৰৱবোধৰ ক্ষুদ্র ক্ষুদ্র বীজবোৰ, যিবোৰে কালক্রমত হ’ব আত্মপৰিচয় আৰু গৌৰৱৰ সবল উপাদান। সংবাদ মাধ্যমৰ জকমকীয়া বিজ্ঞাপনৰ ভুৱা আলস্যতাত দ্রুতগতিত বস্তুবাদৰ পৃথিৱীখনত হেৰাই যোৱা আমাৰ মনবোৰৰ লগতে সমান্তৰালভাৱে নষ্ট হোৱা যুৱশক্তিৰ অসমীয়া দৰে জাতি এটাৰ বাবে গোলকীকৰণৰ বতাহত নতুন চামৰ চিন্তাত ক্রমাৎ ম্লান হ’বধৰা জাতীয় শ্রদ্ধা আৰু কৰণীয় মনোভাৱ এক অতি চিন্তনীয় বিষয়। ।
প্রকৃততে কৰণীয় যে বহুত। মই কিছুদিন আগতে ছুইডেনৰ প্রায় ১৭ বছৰীয়া ফে’চবুকৰ বন্ধু এজনৰ লগত এনে এক বিষয়তে কথা হওঁতে তেওঁ কৈছিল— সাংস্কৃতিকভাৱে বিশ্ব মানচিত্রত আমাৰ দেশখনৰ স্থিতি হয়তো শূন্য।কিন্তু আমাৰ যিখিনি আছে তাকে লৈ শিশুৰ পৰা বৃদ্ধলৈ আমি সকলোৱে গৌৰ কৰোঁ। আমি শৈশৱৰ পৰাই আমাৰ সংস্কৃতিৰ লগত একাত্ম আৰু তাক লৈ আমি আজীন গৌৰ কৰোঁ।” খুব ভাল লাগিছিল কথাষাৰ। বহু ধৰণে, বিভিন্ন দৃষ্টিভংগীৰে কথাষাৰ বিশ্লেষণ কৰিলোঁ বহু পৰলৈ। উত্তৰত পালো প্রকৃততে কথাটো সহজ- এটা প্রজন্মৰ পৰা সবল আৰু সুস্থভাৱে আন এটা প্রজন্মলৈ প্ৰবাহিত হোৱা আত্মগৌৰৱবোধৰ জাতীয় পৰম্পৰাৰ এক সবল উদাহৰণ মাথোঁ হেনৰিকৰ কথাবোৰ।
কঁপি থকা দলংখনত খুপিখুপি খোজ কাঢ়ি পাৰ কৰা মোৰ অতীত।  নৈৰ প্রবল সোঁতত আওকাণ কৰি কতবাৰ কতজন কিমান দিনলৈ এনেকৈ পাৰ হ’ব এই থুনুকা দলঙৰ বুকু গচকি??
বাস্তৱিক চিন্তন আৰু কৰণীয় সকলোৰে দায়িত্ব, সকলোৰে বাবে।
-ৰক্তিম গোস্বামী-


http://www.xahitya.org/2012/11/15/%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%95%E0%A7%80%E0%A7%9F-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A6%AC%E0%A6%BE/

Friday, October 19, 2012

সাহিত্য.অৰ্গৰ ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ বিষয় বস্তু সম্পৰ্কে


দায়িত্বটোৰ কথা কাণ চোৱাওতে অলপ ভয় ভয় ভাৱ হৈছিল। অকব এজাক খুব প্রতিভাশালী, চিন্তাশীল আৰু সৃষ্টিশীল লোকৰ বিচৰণ থলি। এজনতকৈ আনজন ওপৰত। আজি কোনোবা অকব সদস্যই কিবা এটা ডাঙৰ কাম কৰাৰ আনন্দৰ মাৰ নৌযাওতেই আন এজনৰ তাতোকৈ ভাল খবৰ এটা দি আনন্দক আশ্চৰ্য্য লৈ পৰিবৰ্তন কৰাৰ ঘটনা অকবত লাহে লাহে এটা সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়েহে এনে এটি গোটৰ সম্পাদনাৰ কথা আহিলে মনটো সহজতে অতি সচেতন হয়। তাতে মোৰ চুলিৰ আজন্ম শত্রু দিগন্তই সাহিত্য.অৰ্গৰ মান আৰু এখোপ ওপৰলৈ উঠাই মোক আৰু অলপ চিন্তাৰ থল দি শত্রুতা গাঢ় কৰিলে। :-) এইখিনিতে উজ্বল দায়ে গোটতোৰ লগত চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো। 

অকবত প্রথম লেখা দিয়া মূহুৰ্ততো মনত ভালকৈ আছে। বহুবাৰ চিন্তা কৰাৰ পিছত ভয়ে ভয়ে যি হয় হ'ব বুলি পষ্ট কৰিছিলো। ভাল হৈছিল বেয়া হৈছিল নাজানো কিন্তু অকব ৰাইজৰ আন্তৰিকতা আৰু উৎসাহে কলম থবলৈ নিদিলে। যোৱা ১০ দিনত ৩ তাকৈ লেখা ওলাল বাতৰি কাকতত। প্রকাশ হোৱা প্রথম লেখাটো চাই অকব-ক অগণন বাৰ ধন্যবাদ জনাইছিলো। অকব ৰাইজৰ প্রতি মনে মনে কৃতজ্ঞতা প্রকাশ কৰিছিলো। আৰম্ভণিৰ পৰা এতিয়ালৈ বিশেষভাবে গঠনমূলক পৰামৰ্শ আৰু উৎসাহ দি অহা প্রতীম দা আৰু বৰ্ণালী হাজৰিকাৰ শলাগ ন'ললে মনটো গধূৰ হৈ থাকিব। এই কথাবোৰ লিখাৰ এটা উদ্দেশ্য আছে এই উদ্দেশ্য আন একো নহয় "অকব- সমন্বয়ৰ এখন সৃষ্টিশীল সেউজ পথাৰ।" এই খন পথাৰৰ পৰা মোৰ দৰে বহুতে বিচাৰি পাইছে বহুদিন বিচাৰি ফুৰা মনৰ শইচ। এই পৃথিৱী আৱৰা সমন্বয় ক্ষেত্রখনৰ লগত মোৰ দৰে আন বহুতৰ গাঢ় আবেগ জড়িত হৈ আছে। জড়িত হৈ আছে, ভাষাটোক ই-পৃথিবীত আকোৱালী ল'বলৈ সুযোগকণ পোৱাৰ আনন্দ। এই মঞ্চখনৰ মৰ্য্যাদা অটুত ৰাখিবলৈ আমি সকলো ন-পুৰণি সদস্য সদায় যেন ঐক্যবদ্ধ হৈ থাকো। 

বিষয় বস্তু সম্পৰ্কে
_____________

নবেম্বৰ মাহটোৱে অসমীয়াৰ সাহিত্য-সংস্কৃতিক বহুত খিনি দিলে আৰু বহুখিনি কাঢ়িও নিলে। নবেম্বৰ মাহটোত অসমীয়া সাহিত্যৰ বহু কেইজন কাণ্ডাৰীৰ জন্ম হৈছিল আৰু এইটো মাহতেই কাঢ়ি নিছিল আমাৰ মাজৰ পৰা ডo ভূপেন হাজৰিকাৰ লগতে আন বহু কেইজনক। নবেম্বৰ মাহত জন্ম হোৱা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত উল্লেখনীয় ব্যক্তিসকল হল:

-বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ

যদিও থিম নহয় তথাপিও আমাৰ মৰমৰ ভূপেন হাজৰিকা দেৱৰ লগতে উপৰোক্ত সাহিত্য কাণ্ডাৰী সকলৰ প্রতি সন্মান আৰু শ্রদ্ধা জনোৱাৰ এই সুযোগকণত মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে - অকব সদস্য সকলে এই মহান ব্যক্তিসকলক বিষয়বস্তু হিচাপে লৈ নিজ নিজ সৃষ্টিশীল লেখাৰে আগন্তক সংখ্যাটি যেন সজাই তোলে। 

আপোনালোকৰ সহযোগ অবিহনে 'সম্পাদক' এটা আলংকাৰিক শব্দ মাথো।

সাহিত্য.অৰ্গৰ আগন্তক সংখ্যাক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সহযোগিতা কামনা কৰিলো ন-পুৰণি সকলোৰে পৰা।

শ্রদ্ধা সহকাৰে...

-ৰক্তিম-

https://www.facebook.com/groups/axomiyakothabotora/permalink/449946535057848/?notif_t=like

Tuesday, October 16, 2012

Wednesday, September 26, 2012

বিশ্ব ইতিহাসৰ চুকে-কোণে (২)/ৰাৱাণ্ডা গণসংহাৰ- এক ইতিহাস কঁপোৱা ৰক্তাক্ত অধ্যায়



১৯৯৪ চন।  ৰাৱাণ্ডা মুঠ জনসংখ্যাৰ মূলতঃ তিনিটা জনগোষ্ঠিত বিভক্ত হৈ আছিল। হুটু (৮৫%), টুটচি (১৪%)আৰু ট্যুা (১%). ১৯৯০ চনত ৰাজনৈতিক ভাবে শক্তিশালী হুটুসকলৰ মাজৰ চৰমপন্থী এচামে টুটচিসকলক পোনপটিয়াকৈ ৰোয়াণ্ডাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক দূৰবস্তাৰ বাবেজগৰীয়া কৰিলে। টুটচিসকলক চৰকাৰবিৰোধী এটা উগ্রপন্থী গোট Rwandan Patriotic Front (RPF) তলে তলে পোহ পাল দি থকা বুলিও দোষাৰোপ কৰা হ'ল। জনসংযোগী সকলো মাধ্যম আৰু চৰকাৰী শক্তিসমূহৰ ভুল পৰিচালনাৰে তেতিয়াৰ ৰাষ্ট্রপতি হব্যাৰিমানায়ে ১৯৯২ৰ শেষৰ ফাললৈ হুটু আৰু টুটচিৰ মাজৰ শত্রুভাৱৰ ৰেখাডাল সুস্পষ্ট কৰি তুলিলে। ইয়াৰ কাৰণ আন একো নাছিল বৰং বিগত শাসনকালত টুটচি চৰকাৰে হুটু সকলৰ ওপৰত কৰা শোষণৰ পৰিণতিহে আছিল।

৬ এপ্রিল, ১৯৯৪। ৰাষ্ট্রপতি হব্যাৰিমানাকৰাষ্ট্


ৰাষ্ট্রপতি হব্যাৰিমানাক কঢ়িয়াই নিয়া এখন বিমান গুলিবৰ্ষণেৰে কঢ়িয়া ই ভূমিষ্ঠ কৰা হ'ল। ৰাষ্ট্রপতি হব্যাৰিমানা, যি এজন হুটু আছিল, তেখেতৰ নিমিষতে মৃত্যু হ'ল। মূৰ্হুততে বিয়পি পৰিল ৰক্তাক্ত সংঘাটৰ বিভীষিকা। এই যুদ্ধসম পৰিস্থিতিৰআঁৰতে নৈতিকভাবে সবল হুটু সকলৰ চৰমপন্থীসমূহে টুটচিসকলৰ অস্তিত্ব নাইকীয়া কৰি পেলোৱাৰ ভয়ানক পৰিকল্পনা হাতত ল'লে। ৰাজনেতাসকলে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বিপৰীতে সহমত দিলে নৰসংহাৰৰ এটা ইতিহাস কপোঁৱা ঘটনাক।



পৰিকল্পনাক অতি শীঘ্রে বাস্তবৰ শিহঁৰণকাৰী ৰূপ দিয়া হ'ল। টুটচি বুলি সন্দেহ কৰা প্রতিজন লোকক জধেমধে হত্যা কৰা হ'ল নৃশংসভাবে। প্রতিজন টুটচিৰ ঘৰত সোমাই একোটাকৈ পৰিয়ালক পলকতে শেষ কৰি পেলোৱা হ'ল। টুটচিসকল যাতে দেশৰ এৰি পলাব নোৱাৰে তাৰ বাবে দেশৰ পৰা বাহিৰ যাব পৰা প্রতিটো পথ বন্ধ কৰি তাত নিশ্চিদ্রঃ পহৰাৰ ব্যবস্থা কৰা হ'ল। পলাব বিচৰা বহু টুটচিক মাৰি পেলোৱা হ'ল পথৰ ওপৰতে। মহিলাসকলক প্রণালীবদ্ধভাবে আৰু অমানুষিকভাবে ধৰ্ষণ কৰা হ'ল। বহুতক হত্যা কৰা হ'ল গৰ্ভস্থ সন্তানসহ। এইটো ধাৰণা কৰা হয় যে প্রায় ২ লাখ মানুহক এই গণসংহাৰক বাস্তবৰূপ দিয়াৰ বাবে প্রস্তুত কৰা হৈছিল।


৬ এপ্রিল, ১৯৯৪ৰ পিছৰ মাত্র কেইটামান দিনৰ ভিতৰতে পুৰুষ, মহিলা, শিশু সহিতে প্রায় ৮লাখ (৮,০০০,০০) মানুহক শেষ কৰি পেলোৱা হ'ল যি মুঠ টুটচি জনসংখ্যাৰ প্রায় ৭৫ শতাংশ আছিল। এই নৰসংহাৰ ইমান মাৰাত্মক আছিল যে একেসময়তে টুটচি হত্যাৰ বিৰোধ কৰা বহু হাজাৰ হুটু লোককো তেঁওলোকে মানবীয়তা সমৰ্থন কৰা বাবে জাতিদ্রোহী আখ্যা দি নিঃশেষ কৰি

পেলোৱা হৈছিল।




এই নৰমেধ জজ্ঞ সদায় হোৱাৰ দৰে ৰাজনেতা আৰু সমাজৰ এলিট চামৰ এক পৰিকল্পনা আছিল নিজকে ক্ষমতাশালী কৰি ৰখাৰ স্বাৰ্থত। এই অমানবীয় পৰিস্থিতিৰ তেতিয়াহে শাম কাটিছিল যেতিয়া টুটচি উগ্রপন্থী সংগঠন Rwandan Patriotic Front (RPF) য়ে পিছলৈ হুটু সকলক হৰুৱাই তেওলোকৰ শাসক প'ল কাগামেক ৰাষ্ট্রপতিৰ পদত অধিষ্ঠিত কৰাইছিল। এক কথাত সকলো  ৰাৱাণ্ডা বাসীয়ে এই ভয়ানক ঘটনাৰ বাবে দায়ী আৰু বিশ্ব দৰবাৰৰ আনসকলো ক্ষমতাশালী চৰকাৰ আৰু মানুহ এই ঘটনা হৈ যাব দিয়াৰ বাবে চিৰকাল লাজৰ সমভাগী হৈ থাকিব।




বিঃদ্রঃ এই বিষয়ক লৈ ২০০৪ চনত বনোৱা Hotel Rwanda এখন ভাল ছবি আগ্রহীজনে চাব পাৰে।



(ছবিঃ উগাণ্ডাৰ এটা টুটচি শৰণাৰ্থী শিবিৰৰ পৰা টুটচি সকলক বহিষ্কাৰ কৰা সময়ত মৃত সন্তানক হাতত লৈ থকা অবস্থাত এজন পিতৃ।)



চিত্র উৎস: http://worldpoliticsuncovered.wordpress.com

Friday, August 31, 2012

তেখেতসকলক জগাব কোনে ?


এক বিশেষ তথ্য মতে ভাৰতত প্রায় ২.৫ কৌটি অবৈধ বাংলাদেশী আছে। আচলতে এই সংখ্যা প্রায় ৫ কৌটি বুলি বহুতে কব বিচাৰে, যিটো নুই কৰিব নোৱাৰি । অসম, যিখন দেশ হৈছে এই ভয়ানক সংখ্যা বৃদ্ধিৰ উৎস অৰ্থাৎ যি খন ৰাজ্যৰ সীমা (সীমা শব্দটো আিৰ তাৰিখত কিমান প্রযোজ্য নাজানো।) নিৰ্বিঘ্নে উলংঘা কৰি এই অবৈধ বাংলাদেশী সকল আহি আছে আৰু য'ত এই অবৈধ বাংলাদেশী সকলৰ সংখ্যা আটাইতকৈ বেছি সেই দেশৰ শাসকীয় মুৰব্বীয়ে কয়-

"ক'ত আছে বাংলাদেশী মোক দেখুৱাই দিয়া মই ধৰিম নহয়। নাই নাই, এইবোৰ চব মিছা কথা। অসমত এটাও বাংলাদেশী নাই।"

এতিয়া ক'তে মৰে মৰক। টোগলকী শাসন শৈলীৰে ( বিশেষকৈ অবৈধ বাংলাদেশীৰ ক্ষেত্রত) 'অনুপ্রাণিত' বিশ্বৰ একমাত্র এই দেশৰ শাসকসকলে কিয় বুজি নাপায় যে অসমখন নিজৰ আলস্যতাৰে ভৰা মহলৰ চাৰিবেৰৰ ভিতৰতে শেষ নহয়। শদিয়াৰ পৰা ধুবুৰীলৈকে একেস্বৰে সকলোৱে আজি অত বছৰে চিঞৰি চিঞৰি বিচৰা -- 'নিজৰ দেশত নিজে শান্তিৰে জীয়াই থাকিব বিচৰা, নিজ দেশত নিজ অস্তিত্ব ৰক্ষাৰ '--দাবিটোৰ অৰ্থ আৰু ভয়াবহতাই কেতিয়াবা, কিঞ্চিতো চিন্তা কৰিবলৈ বাধ্য কৰিবনে তেখেতসকলক ? 

কেইবাটা দশক- কেইবাজনো ৰজাই ৰাইজৰ চকুপানীবোৰৰ উত্তৰ চকু মুদি দি শাসনভাৰ চলাই গ'ল। স্বাভাবিকতেই যাৰ পৰিণতিত দিন বেয়াৰ পৰা অতি বেয়ালৈ গ'ল । তেজপুৰ, শিৱসাগৰ, যোৰহাট যেন ঐতিহ্যমণ্ডিত ঠাইৰ মানুহকো বিপদে অনাগত দিনৰ ভয়ানক আগজাননী দি আচুৰি গ'ল । 

এতিয়া প্রশ্ন হ'ল আৰু কিমান দিন এইদৰে যাব? এনে কি বিশেষ কাৰণ আছে যি অসমীয়াৰ ভাষা-সংস্কৃতি-ভূখণ্ড-আবেগ-অনুভূতি-গৌৰবময় ইতিহাস সকলোতকৈ উৰ্দ্ধত। যাৰ বাবে শাসনাধিষ্ট সকলে কেৱল মাত্র ২৭২ কিল'মিটাৰৰ এটা সৰু সীমা যোৱা ২৭ বছৰে ভেটিব নোৱাৰিলে। 'ভেটিব নোৱাৰিলে' তো অশুদ্ধ। শুদ্ধটো 'ভেটিব নিবিচাৰিলে'। 

আৰু কি কি অঘটন ঘটিলে ৰজাঘৰীয়া সাৰ পাব তাৰ ধাৰণা এটা কৰিব পৰা কৈও তেখেতসকল সচেতন নহয়? 

'টোপনি ভাঁও জুৰা মানুহক জগাব নোৱাৰি' আৰু '
শুই ঠকা শিয়ালে হাঁহ ধৰিব নোৱাৰে'

-এই দুইটাই সমানে প্রযোজ্য শাসকসকলৰ বাবে কিন্তু এটা কথা সকীয়াই দিঁও যে -

টোপনি ভাঁও জুৰি জুৰি সঁচাকৈ টোপনি আহিলে সাৰ পায় নিজকে হয়তো 'অসম' নামৰ ভূ-খণ্ডত বিচাৰি নেপাব আৰু হাঁহ দূৰৰ কথা বাংলাদেশীৰ ঘৰত মজুৰী কৰি দুবেলা দুমুঠিও গোটাবও নোৱাৰিব। কাৰণ সিঁহতবোৰৰ কামৰ প্রতি এলাহ নাই নিজেই কৰিব পৰা কামৰ বাবে আনক বিদেশীক (কাৰণ আমিবোৰ হয়তো বিদেশী হ'ম নিজ মাটিতে) মজুৰী কিয় দিব। 

ছাৰ উঠক, আমিবোৰ কলৈ যাম, কি কৰিম ভাবক আৰু অলপ দেৰি হ'লে হয়তো আপোনাৰ কামবোৰ আমিবোৰ ৰাইজে হাতে কামে ভগাই লৈ নিজৰ ঘৰ ভেঁটি ৰক্ষাৰ যুজত নামিব লাগিব নিজৰ মাটিতেই। তেতিয়া অবশ্যে আপুনি শুবলৈ যথেষ্ট সময় পাব -'ভাঁও নধৰাকৈ'।

Friday, August 24, 2012

এটি অঘৰীৰ বুকুৰ কক্ষপথ...


কেকটাচ জোপা উদং পিঠিত খুচ মাৰি লৈ তপত ৰ'দ সনা আলিটোৱেদি অনাই বনাই পুণৰ বাট বুলিলে অঘৰীটোৱে। তাৰ ভৰিৰ চাপত নিজৰ মূখৰ প্রতিবিম্ব চা 
ই চাই সংগোপনে তাৰ পিছ ল'লো। প্রতি খোজতে গলি পৰা তাৰ অবয়বৰ টুকুৰা বোৰ এটা এটাকৈ বুটলি গলো। 

তৰপে তৰপে জঁহি খঁহি পৰা আমাৰ ঘৰটো বাৰে বাৰে সামৰি লঁও মৰমৰে। চাৰিওবেৰ আবৰি ৰাখে বিশ্বাসৰ এজাক ৰণুৱা ঘোঁৰায়ে। নিসংগতাৰ কোনো ষ্টপেজত জিৰণি নোলোৱা এজাক তেঁজাল সেউজীয়া ঘোঁৰা। তাৰ হৃদয়ত বাৰে বাৰে খুন্দিয়াই থকা কোনো অঘৰীৰ কোলাহল টোপনি গৈছে কিছুদিনৰ পৰা।...মনে মনে..নিশব্দতাৰ বতাহজাক ববলৈ দিয়া....
। তাৰ বহুদিনীয়া অভিমানী ভাগৰবোৰক 

টোপনিত বিলীন হবলৈ দিয়া...।

পশ্চিমৰ ডুব যোৱা এজাক চৰাই মাতৰ ৰাতিবোৰ সামৰি অঘৰীটোৱে তাৰ প্রেমৰ দিনবোৰৰ কথা ভাবে। তাৰো কোনোবা প্রেয়সী আছিল। সিও কাৰোবাক ভাল পাইছিল প্রাণভৰি, ঠিক তাক ভালপোৱাৰ দৰে কোনোবাই। সি আজিও প্রেমত মগন কোনো 'ভেলেণ্টাইন অঘৰী..'।

অগণন গ্রহ, নক্ষত্র ভৰা বুকুৰ সৌৰজগত খন কেতিয়াবা বুকু ফাটি ওলাই আহি যেন পুণৰ দোহাৰিব বিচাৰে জগত সৃষ্টিৰ আদি কথা। এটা নতুন কক্ষপথৰে কোনো আদিম অঘৰীৰ সেউজীয়া পাতৰ আঁৰৰ এটা নতুন সেউজীয়া জীৱন। 

বহু দিন পাৰ হ'ল....

এটা মাছ হৈ পানীৰ কণিকাবোৰৰ লগত খেলি খেলি নীলাত বীলিন হ'ল অঘৰীটো....

লুঙলুঙীয়া পুৰণি বাটটোৰে তাৰ আদিম গুহালৈ মই বাট পোনালো...








-ৰক্তিম-
২৩ আগষ্ট/১২
বেংগেলুৰু

Tuesday, August 21, 2012

বিশ্ব ইতিহাসৰ চুকে-কোণে (১)/ ইৰ্মা গ্রিচ- দ্বিতীয় বিশ্বযুদ্ধৰ এটি অখ্যাত কাহিনী


“Holocaust Studies” (নৰমেধ/ধ্বংসমূলক/ধ্বংসলীলা অধ্যয়ন” )ৰ বিষয়ে এনেই কিছু পঢ়া শুনা কৰি থাকো মাজে সময়ে। বিষয়টোৰ ওপৰত মোৰ কিবা এটা আসক্তি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কিছু অমানবীয় ঘটনাই এই বিষয়টোৰ এক বিশেষ অংশ সামৰি আছে। লগতে সামৰি আছে ইতিহাসে প্রায় পাহৰি পেলোৱা কিছুমান বৰ্বৰ চৰিত্রৰ নাম। 


দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰ বাহিনীত ঠকা এনে এটা অখ্যাত নাৰী চৰিত্রৰ নাম হ'ল- 'ইৰ্মা গ্রিচ'। নিবলৈহতোশুনিবলৈ হয়তো এটা সাধাৰণ এটাশুনিবলৈ শুনিবলৈ হয়তো এটা সাধাৰণজাৰ্মান নাম কিন্তু এই নামৰ গৰাকী আছিল দ্বীতিয় বিশ্বযুদ্ধৰ নাজী যুদ্ধঅপৰাধী সকলৰ ভিতৰৰ এগৰাকী দুৰ্দান্ত অপৰাধী যাক শত্রু সৈন্যই ফাঁচী দি হত্যা কৰিছিল। 'ইৰ্মা গ্রিচ' অতি কম সংখ্যক মহিলাৰ ভিতৰত আছিল যি দ্বীতিয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ 'কনচেনট্রেন কেম্প'ট নিযুক্তি পাইছিল। বৃটিচ শাসনৰ অধীনত বিংশ শতিকাত ফাঁচী দিয়া নাজীসকলৰ ভিতৰত এই গৰাকী মহিলাই কনিষ্ঠতম আছিল। ফাঁচী কাঁঠত ওলমা কনচেনট্রেন কেম্পৰ গাৰ্ড সকলৰ মাজতো আছিল ইৰ্মা সবাতোকৈ সৰু। 



১৯২৩ চনৰ, ০৭ অক্টোবৰত এটি কৃষক পৰিয়ালত ইৰ্মাৰ জন্ম হৈছিল। ইৰ্মাৰ শৈশব আছিল সাধাৰণ আৰু স্বভাবত আছিল অতি শান্ত। ১৫ বছৰ বয়সত ইৰ্মাই বিদ্যালয় এৰিছিল আৰু কৰ্ম জীৱন আৰম্ভ কৰিছিল।


ইৰ্মাক হিটলাৰৰ নাজী প্রশাসনে নাজী যুব গোটত অৰ্ন্তভূক্ত হবলৈ বাধ্য ৰিছিল। পিছলৈ ইৰ্মাক ৰবেনচব্রুক(Ravensbruck)লৈ মহিলা এচ এচ গাৰ্ডৰ প্রশিক্ষণৰ বাবে প্রেৰণ কৰে। ইয়াতে ইৰ্মাই কেম্প গাৰ্ড ৰূপে প্রথম নিযুক্তি পায়। ১৯৪৩ চনত ইৰ্মাক অ'ছউইজ(Auschwitz)লৈ পঠিওৱা হয়। পিছলৈ অ'ছউইজত ইৰ্মা মহিলা কেম্প গাৰ্ডৰ সকলৰ দ্বীতিয় শ্রষ্ঠ পদবী 'senior SS-supervisor'লৈ উন্নীত হৈছিল। অচয়ুইচত ইৰ্মাই প্রায় ৩০,০০০ মহিলা বন্দীক শাসন কৰিছিল।


বন্দীকলৰ লগত কৰা ইৰ্মাৰ বৰ্বতা অবৰ্ণনীয়। ইৰ্মাৰ সহকৰ্মীসকলে এই বিষয়ে যথেষ্ট তথ্য দাঙি ধৰিছিল। মন গলেই হত্যা, যৌন উৎপীড়ন,বন্দীসকলৰ ওপৰত ভোকাতুৰ কুকুৰ এৰি দিয়াবোৰ নৈমত্তিক ঘটনা আছিল। বন্দীসকলক শাৰীৰিক আৰু মানসিক যন্ত্রনা দিয়াত ইৰ্মা পাকৈত আছিল আৰু শীতল মস্তিকৰে বন্দী হত্যা কৰি পৈশাচিক আনন্দ লভিছিল। বন্দীসকলক অত্যাচাৰ কৰাত যাতে কোনো ক্রুটি নহয় তাৰ বাবে সদায় কৰ্মৰত সময়ছোৱাত পিন্ধিছিল এযোৰ গধুৰ বুট জোতা, হাতত ৰাখিছিল চাবুক আৰু পিষ্টল। বহু বন্দীক কেৱল চাবুকেৰে কোবাই হত্যা কৰিছিল ইৰ্মাই। 


ইৰ্মাই দিনে গড়ে ৩০ জনকৈ বন্দীক হত্যা কৰা বুলি ধাৰণা কৰা হৈছিল। ১৯৪৫ চনত ইৰ্মাক বাৰজেন-বেলচেন-(Bergen-Belsen) কেম্পলৈ স্থানান্তৰ কৰা হয়। বাৰজেন-বেলচেন যেতিয়া স্বাধীন হৈছিল তেতিয়া ইৰ্মাৰ ঘৰত পোৱা গৈছিল মানুহৰ ছালেৰে বনোৱা কেইবাপদো সামগ্রী। ইৰ্মাই বন্দীসকলক মানুহ বুলি গণ্য নকৰিছিল। এই মনোবৃত্তিয়ে পাশবিকতাক উদগণি যোগাইছিল। কোৱা হয় নাজী চৰকাৰে ইৰ্মাক সকলো শাৰীৰিক আৰু মানসিক সুখৰ পৰা আঁতৰত ৰাখি ১৯ বছৰৰ কম বয়সতে অত্যাধিক ক্ষমতা ন্যস্ত কৰাৰ বাবেই 'ইৰ্মা গ্রিচ' এক ভয়ানক নৰখাদকৈ পৰ্য্যবেশিত হৈছিল।


ইৰ্মাই অতি সাহসেৰে মৃত্যুৰ সন্মুখীন হৈছিল। নিজকে 'শ্বহীদ' বুলি গণ্য কৰিছিল। জাৰ্মানীৰ পৰাজয়ৰ পিছত মৃত্যুৰ সত্যই ইৰ্মাক বিহ্বল কৰিব পৰা নাছিল। মোকৰ্দমাৰ সময়ত নিজৰ সপক্ষে মাত্র এষাৰ কথাই কৈছিল ইৰ্মাই-


"হিমলাৰ এই সলোবোৰৰ বাবে দায়ী। তথাপি মই ভাবো মোৰ ওপৰৰ বিষয়া সকলতকৈ মোৰ দোষ কোনো গুণে কম নহয়"।


ডিচেম্বৰ ১৩, ১৯৪৫ ত এই গৰাকী দ্বিতীয়  বিশ্বযুদ্ধৰ অখ্যাত চৰিত্রক বৃটিচ চৰকাৰে মৃত্যু দণ্ডৰে দণ্ডিত কৰে।



-ৰক্তিম-
২১ আগষ্ট/১২
বেংগালুৰু

Saturday, August 18, 2012

২৭২/২৭ , জেন'ফবিয়া আৰু অন্যান্য...


"একো নাই, সকলো উৰাবাতৰি" 
"কোনে নিজেই দেখিছে" 
"মই হ'লে নামানো" 
"নাই হবও পাৰে"
"মোৰ মতে কিবা এটা কেচ আছে"
"নিউজ চেনেল কেইটা বন্ধ কৰিব লাগে"
"নেতাবোৰে সকলো শেষ কৰিলে"
"অসমীয়া জাতি অমুক, অসমীয়া জাতি তমুক...."

..একেলগে হাজাৰখন মুখত হাজাৰটা পাকৈত মন্তব্যৰে উথলি উঠিছে চৌদিশ। বৰ্তমানৰ পৰিস্থিতিটোৰ ওপৰত এতিয়া সকলো বিশেষজ্ঞ স্বৰূপ (মোক সাঁমৰি)।  

প্রকৃততে আগৰপৰাই নাছিল? বেমাৰ জানো ২৭ বছৰ পুৰণি নহয়? নহয় জানো এই পৰিস্থিতিৰ কাৰক ২৭২ কিল'মিটাৰৰ এডাল ভূ-ৰেখা? আজি ঘটনা মানি ল'লো এক ভুৱা বাতৰি কিন্তু ভুৱা বাতৰি বুলি জানিও কি আশংকাত সকলো পেটৰ ভাত মুঠি এৰি, গাঁঠিৰ ধন ভাঙি উভতিছে ঘৰলৈ? যি সকল আছে তেখেত সকলে মানক বা নামানক কম বেছি পৰিমানে জেন'ফবিয়াত আক্রান্ত। সঁচাকৈ এটা এচ-এম-এচ বা এম-এম-এচৰ ইমান শকতিনে? 

ইফালে ৰজাই ক'ব মোৰ দেশত শান্তি আনফালে ক'ব শান্তি এৰি যাব বিচৰা সকলৰ বাবে উচিত ব্যবস্থা কৰা হৈছে। ৰজাই ক'ব একো হোৱা নাই আনফালে ৪ৰ্থ স্তম্ভই ক'ব "যোৱাকালি ৮ জন উত্তৰ-পূৱৰ লোক প্রহৃত"। এফালে ৰজাই ক'ব উৰাবাতৰি আনফালে উৰাবাতৰিৰ অপপ্রচাৰৰ এজনো নায়কৰ অতদিনে চিন-চাব নাই। কোন সঁচা, কোন মিঁছা গুনা-গঁঠা কৰি থাকিলে কিজানি দেৰি হৈ যায়? প্রথমে মই তেজ-মঙহৰ মানুহ। তাৰ পাছত মই অসমীয়া, হিন্দু বা মুছলিম। 

"দাদা, জান থাকিলে পইছা আহি থাকিব। চৰকাৰেটো মোৰ পাছফালে ৩টা চিকিউৰিটি নলগাই। বিপদৰ আগজাননী পালে তিয়াকৈ বিপদৰ পৰা আতৰি আহিব লাগে। এনে সময়ত বৰ কথা কোৱাবোৰ নিৰাপদ দূৰত্বত আছে, আপোনাক এৰি যাবলৈ বেয়া লাগিছে"- কথাষাৰ কৈ যোৱাকালি গোপাল ঘৰমুখী হৈছিল। শেষ সিদ্ধান্ত তাৰ আছিল আৰু সি নিশ্চিত আছিল কিবা এটা হ'ব। মই নিছিলো এই শংকাৰ গুৰি ২৭২/২৭ ৰ সমীকৰণটোতে আছিল। উগ্র ৰূপ এটা তাৰ মনত বাঁহ লোৱাৰ উমান পাই তাক কৈছিলো " কাকো খং নকৰিবা, দিন ভাল হোৱা যেন লাগিলে আহি কামত লাগিবা।" 

মিডিয়াত অসম প্রথম হ'ল। 

অসম জ্বলিল গোষ্ঠি সংঘৰ্ষত। ইতিহাসৰ নিয়ম অনুযায়ি দুয়োপক্ষ হতাহত হ'ল। হঠাৎ বাৰ্মাক সাঙুৰী উত্তৰ-পূবত "ইছলাম বিৰোধী" জঘণ্য অপৰাধ হোৱা বুলি অপ-প্রচাৰ চলোৱা হ'ল। 

মুম্বাই-পুণে-চেন্নাই-বেংগেলৰ-হাইদৰেবাদ-লক্ষ্নৌ-কেৰেলা কপিল উত্তৰ-পূব বিৰোধী শ্ল-গানেৰে। চৰকাৰে হেল্প লাইন খুলিলে। গেৰুৱা বাহিনীয়ে খিচিৰি বিলাই গণতন্ত্রৰ ভেঁটি সবল(??) কৰাত উঠি-পৰি লাগিল। 

অসমৰ পৰা মিডিয়াৰ ফকাচ অসমীয়ালৈ গ'ল। 

হঠাৎ খবৰ ওলাল তেখেতে পদত্যাগ কৰিব। ছাৰে ক'লে "অ'কে"। কেন্দ্রক ক'লে "অসমীয়াক সুৰক্ষা দিয়া"। 

এজনে সুৰক্ষাবেষ্টনি এৰি মুকলিকৈ ঘূৰিলে....

"চাও বাপ্পেকে এতিয়া স্বৰ্গদেৱে কেনেকৈ মেনেজ কৰে" 



নে 

"এইবোৰ মোৰ পদত্যাগৰ পিছৰ ঘটনা..." 

নে 

ৰাইজৰ প্রতিক্রিয়া আৰু স্বৰ্গদেৱৰ কেপাচিটি টেষ্টিংৰ টেকনিক। 

যিয়ে নহঁওক আজিৰ তাৰিখত এটা লেতেৰা ৰাজনৈতিক মনোভাৱ। ভয় হয় কোনোবা 'মল'-মুত্রৰ কবলত পৰি ক্ষমতাৰ লোভত অসমে সৰ্বকালৰ বাবে ভোগাকৈ এটা সৰ্বনাশী আৰু লজ্জাজনক ঘটনা কৰি পেলাই বুলি। 

২৭২/২৭....আৰু কিমান দিন? আৰু কিমান জেন'ফবিয়াত আক্রান্ত হৈ কৰ্মহীন হ'ব? সিহতটো এলেহুৱা নাছিল। নাছিল ভয়াতুৰ। আঁহতৰ তলত কেৰম খেলি বছৰৰ পাছত বছৰ পাৰ নকৰি কাম কৰিম বুলিয়েটো ওলাই 

আহিছিল। গড়ে ১৬-১৮ ঘন্টাকৈ ৰখীয়া হৈছিল একো একোটা নামজ্বলা দেশী-বিদেশী বা অন্যান্য ক'ম্পেনীৰ। কোনোৱে দোকান দিছিল, কোনো আছিল কুক । ফেৰ মাৰিছিল নিষ্ঠা আৰু সাহসেৰে স্থানীয় লোকৰ লগত। পিছে এতিয়া ??? জগৰ কেৱল এটা উৰাবাতৰিৰ নে? উৰাবাতৰিৰ আগতে আমাৰ সঁচাকৈ কোনো শংকা নাছিল? কালিলৈ এই চাম ক্ষোভিত যুবকক কোনো দুষ্ট চক্রই যদি কোনো ভয়ানক অপকৰ্মত লিপ্ত কৰাই তেতিয়া কি হ'ব পাৰে ভাবিব পাৰিছেনে? আজিৰ শংকা কালিৰ বৰ্ত্তমান নহঁওক। 

আমি সৰ্বশ্রেষ্ঠ জাতি নহয়, নহও সৰ্বনিম্নও। আমি এটা গৌৰব কৰিব পৰা জাতিৰ অণু-পৰমাণু। দোষ-গুণ সকলো জাতিৰ এৰাব নোৱাৰা অংগ। সেইবোৰ খুঁচি-কাটি, বাচ-বিচাৰ কৰি কোনোবাই আমাৰ জাতিৰ স্বৰূপ পৰিবৰ্ত্তন কৰিব পাৰিছে বুলি ক'তো পোৱা নাই। মহান জনাই কৰ্মৰ দ্বাৰা নিশ্চিতই উজলাই আহিছে অসমীয়াৰ মান। ভাই-ককাইৰ মনোমালিন্য ঘৰৰ বাহিৰৰ তৃতীয় জনাই সমাধান কৰিবলগীয়া হ'লেই বিপদ আসন্ন। আমি অসমক ভালপোৱাৰ লগতে অসমীয়াকো সমানে ভাল পাব পৰা হ'লে ???? 

এইটো ২৭২/২৭ বেমাৰ। ২৭ বছৰে অসমীয়াৰ ডিঙিত উলমি থকা এখন ২৭২ কি.মি দীঘল দা। এই (মিঁছা) 

'উৰাবাতৰি' টোৱে কব বিচৰা কথাখিনি মন দি শুনক....বুজক.....বাতৰি উৰিব পৰা বতাহ সদায় নবলে...পাব লগীয়া খবৰ সদায় সময় নাপাবও পাৰে...

"কোনোবাই দুবাৰত টোকৰ দিছে মাজ নিশা
সপোন বুলি ভুল নকৰিবি,
মই সাৰে আছো..."


-ৰক্তিম-
১৮ আগষ্ট/১২
বেংগালুৰু

Sunday, August 12, 2012

'মনৰ বাতৰিবোৰ' - জয়ন্ত হাজৰিকাৰ গীত



ৰাণা দাৰ 'মনৰ বাতৰিবোৰ' গীতটি গীটাৰেৰে 'Country Song' ৰ পৰশ দি নতুনকৈ সঁজাই গোৱাৰ মৰসাঁহ কৰিলো....ক্রুটি মাৰ্জনা কৰিব ......

কন্ঠ/সংগীত/গীটাৰ- ৰক্তিম
শব্দযন্ত্র্রী- হৃদয়
ষ্টুডিয়- প্রণবাচ ষ্টুডিয়, বেংগালুৰু 


https://www.facebook.com/groups/axomiyakothabotora/permalink/424818220904013/?ref=notif&notif_t=like

Friday, August 3, 2012

মাৰিআচি -(নানা দেশ নানা গীত-৪)


মেক্সিক'ত 'মাৰিআচি' সম্পৰ্কে এষাৰ কথাৰ প্রচলন আছে- " মেক্সিকান টাকিলাতকৈও অধিক মেক্সিকান অনুভৱ একমাত্র মাৰিআচিত আছে, টাকিলাৰ অবিহনে মাৰিআচিআৰু মাৰিআচিৰ অবিহনে টাকিলা সদায় লজ্জাজনকভাবে অসম্পূৰ্ণ।"

'মাৰিআচি' নামটো কম বেচি পৰিমানে সকলোৰে চিনাকী বা পৰিচিত। বিশেষকৈ যি সকল মেক্সিকান বা লেটিন আমেৰিকান (পটভূমিৰ) ছবিৰ লগত পৰিচিত তেখেতসকলৰ বাবে মৰিআচি শব্দটো অতি চিনাকী। Antonio Banderas-ৰ অতি জনপ্রিয় 'Desperado' ছবিখনত তেঁও কৰা "মাৰিআচি" নামৰ চৰিত্রটোৱে শব্দটোক আৰু অধিক জনাজাত আৰু প্রসাৰতা দিয়ে।

'মাৰিআচি' মেক্সিক'ৰ অতি জনপ্রিয় এক লোকসংগীতৰ প্রকাৰ। মেক্সিকান সকলে মাৰিআচিক সদায়সংগীতৰ উদ্ধৰ্ত বুলি গণ্য কৰি আহিছে। মাৰিআচি বুলি ক'লে মাৰিআচি গীত, মাৰিআচি গোৱা গায়কসকল আৰু মাৰিআচি সংগত কৰা বাদ্যযন্ত্রী সকলোকে বুজোৱা হয়। 'মাৰিআচি' শব্দটোৰ মূল ফৰাচী শব্দ “mariage "বুলি জনাজায়। যাৰ অৰ্থ হ'ল বিয়া। বহুলোক এই ক্ষেত্রত সহমতনহয় আৰু মাৰিআচি শব্দটোৰ মূল লৈ বিজ্ঞ সকলৰ মাজত আজিও মতবিৰোধ আছে।  কোনোকোনোয়ে কয় যে 'মাৰিয়া এইচ' নামৰ  এগৰাকী কুমাৰীৰ বাবে আয়োজিত এক সংগীতমূখৰউৎসৱৰ পৰাই 'মাৰিআচি' নামোৰ সৃষ্টি হ'ল।


'মাৰিআচি' গীতসমূহৰ বিষয়বস্তু মূলতঃ পুৰুষত্ব (machismo), প্রেম, প্রতৰণা, মৃত্যু, ৰাজনীতি,বিপ্লবী বীৰ আৰু কেতিয়াবা কোনো পশু-পক্ষীও হোৱা দেখা যায়। La Cucaracha মেক্সিক' বীপ্লৱৰসময়ৰ এটা অতি জনপ্রিয় মাৰিআচি গীত। Mariachi Vargas de Tecalitlán-ক আটাইতকৈ পুৰণি মাৰিআচি গোট বুলি চিহ্নিত কৰা হৈছে। গেছপাৰ ভাৰগাছে ১৮৯০ দশকৰ শেষৰ ফাললৈ ইয়াৰ গঠন কৰিছিল। 


আজিৰ দিনত এটা মাৰিআচি গোটত সাধাৰণতে ৮খন পৰ্য্যন্ত ভায়লীন,২টা ট্রামপেট আৰুএখন বা দুখন গীটাৰৰ থাকে। guitarrón বেচ গীটাৰ, মেক্সিকে'ন ফ'ক হাৰ্প আদি মাৰিআচিৰ লগত ইতিমধ্যো ব্যবহৃত আন কিছুমান বাদ্যযন্ত্র। মাৰিআচি গোটৰ সদ্যসকলে সাধাৰণতেবগা পেন্ট, বগা চোলা আৰু এটি বিশেষ টুপী পৰিধান কৰে।

মাৰিআচি গীতৰ গুঞ্জন আজি পৃথিৱীৰ বহু দেশত শুনা যায়। মেক্সিক'ৰ সংস্কৃতিৰ এটি মূল অংগ মাৰিআচিৰ উৎসৱ প্রতি বছৰৰ চেপ্তেম্বৰ মাহত মাৰিআচিৰ জন্মস্হান বুলি জনাজত জেলিচক'তউৎযান কৰা হয়।

Wednesday, August 1, 2012

ব'হেমিয়ান


বুকুত উপঙি, 
পলকতে ডুব মাৰি
কিহৰ আনন্দত মতলীয়া হৈ'ছ 
মোৰ ৰক্তাভ আবেগ।

মন নদীৰ মথাউৰি ভাঙি
হ'বি নেকি তই 
কোনো অচিন দেশৰ
ব'হেমিয়ান, হিপ্পী?

নে হ'বৰ মন কোনো বিপ্লবীৰ
উদ্দাত্ত কন্ঠ?

ভঙুৱা বাবাৰ চৰণত সৰগ
বিচৰাৰ সপোন নেকি তোৰ?

নে ভাবিছ 
কোনো অচিন সাগৰ তীঁৰত 
আপোন এটি ঘৰ সঁজাৰ কথা 
কোনেও নেদেখাকৈ?

কিহৰ অপ্রাপ্তিত নিজকে দহিচ
ইমান উদ্বাউল হৈ? 

এইদৰে মাতাল ন'হবি

কুৱলীৰ বৰষুণ
নোহোৱা হয়
সুৰুজৰ পৰশত

তই মোৰ
মই তোৰ 

নাঙঠ শেতেলীৰ
আজন্ম প্রেম
আমাৰ 





-ৰক্তিম-
০১ আগষ্ট/১২
বেংগালুৰু

Monday, July 30, 2012

হে স্বামী....নাৱৰ ভৰষা নাই ৰে....


গৈ আছো সুৰংগটোৰ সিটো পাৰ বিচাৰি। মাজে মাজে চকু চাট মৰা পোহৰ এজাক। পোহৰ নহয়, এজাক বাদুলীৰ চকুৰ চিকমিকণিহে। খিকখিকাই হাঁহি কাণে কাণে কৈ যায় 'আমি ৰাতিৰ ৰজা, আমি গঢ়ো কাহানিও শেষ নোহোৱা 
ৰাতিৰ সুৰংগ..... '।

....হঠাৎ সাৰ পালো। নাই, মই কোনো সুৰংগৰ মাজত নাই। নাই কোনো বাদুলী মোৰ চাৰিওকাষে। কপালখন চুই চাই তিতি থকা পালো। অলপ ভয় খালো তাৰমাণে। ক'লৈ, কি বা বিচাৰি গৈছিলো। বাদুলীজাক কিয় আহে বাৰে বাৰে। মানুহ মৰিলে হেনো একেই অনুভৱ কৰে, মানে সুৰংগৰ মাজেৰে হেনো পোহৰ এটাৰ ফালে যায়। কোনোৱে কয় পোহৰটো হেনো পৰমাত্মা। নাই, নাই কি ভাবি আছো এইবোৰ। মুখৰ লগতে মগজুৰো লেকাম ৰাখিব লাগে।

'সোণৰ সোলেং' নে 'সোণৰ শৰাই' ?? নাই আজি বতৰ ধুনীয়া। ঠাণ্ডা বতাহ জাকে খিৰিকী খোলাৰ লগে লগে গা-টো ধোৱাই নিলে। আজি পুৱাৰ গীত নিশ্চিতই 'বোৱা বোৱা দক্ষিণ মলয়া'।আলস্যতাৰে আজি আকৌ এবাৰ সাতুৰিম জ্যোতি ককাইদেউৰ গীতৰ মিঠা নৈত। নিজক পঁকীৰ ভিতৰলৈ লৈ যাম।জ্যোতি ককাইদেউৰ গীত গাই থকা অবস্থাৰ কণমানি 'মই' টোক নিজেই আকৌ এবাৰ চাম। কি এক উৎসাহ, আনন্দ, শিহৰণকাৰী সেই দিনবোৰ। '..ইয়াৰ পৰবৰ্ত্তী প্রতিযোগী...' বুলি নামটো মতাৰ লগে লগে এনে লাগিছিল যেন গোটেই মানুহজাকে সকলো বাদ দি মোলৈ ৰ লাগি চাই আছে। এক বুজাব নোৱাৰা ভয় ভয় লগা অথচ নিজকে হিৰ' হিৰ' লগা অনুভৱ। দেউতাই সাহস দিবৰ বাবে ধৰি থকা মোৰ হাতখন, মই গীত গাই থাকোতে প্রথম শাৰীতে বহি, কেতিয়াবা থিয়হি থকা দেউতাৰ আবেগ-শংকাত পোত যোৱা মুখখন। 

কেনে এক ঐশ্ৱৰিক ধৰণে সোমাই আছিল জ্যোতি -বিষ্ণু নাম দুটি আমাৰ সম্বন্ধবোৰৰ মাজত। পুৰস্কাৰ পালে গোটেই ঘৰখনত হোৱা আনন্দৰ পৰিবেশটো, পুৰস্কাৰ নাপালে পোৱা পৰামৰ্শ, উদগণিবোৰ একোটা নিয়ৰৰ মুকুটাৰ দৰে আজিও জিলিকি আছে মনৰ সেউজীয়া চোতালত। খূৰাদেউ তেজপুৰৰ ঘৰলৈ আহিলে (সাধাৰণতে জাৰকালি আহে) জুই তাপ লৈ ৰাতি দুপৰলৈকে কৈ গৈছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ অলেখ জানিবলগীয়া কথা। দেওবাৰৰ পুৱাৰ আহাৰৰ পিছত সকলো ভতিজাক গোট খুৱাই শিকাইছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ গীতবোৰ এটাৰ পিছত এটাকৈ। মই খুৰাই শিকাই দিয়া 'জননীৰ সন্তান জাগা' গায় প্রতিযোগিতা প্রথম হৈছিলো। আনন্দত ৰাতি জলচা হৈছিল। দেউতা-মা-বৰদেউতা-পেহী-বাইদেউ-দাদা কোনো বাদ পৰা নাছিল। 
বিদ্যুতহীন সেই ৰাতিটোত বৰষুণৰ শব্দভেদি হয়তো বহু দূৰলৈ বিয়পি পৰিছিল জ্যোতি -বিষ্ণুৰ গীতৰ গুঞ্জন। সেই গুঞ্জন, হাঁহিৰ খিলখিলনিত থকা সেই অসমীয়াত্বৰ অনুভৱবোৰ কিমান অমূল্য আছিল তাক কোনোদিনে হয়তো 
শব্দৰে বুজাব নোৱাৰিম।

সিদিনা কেইবাখনো দোকান বিচৰাৰ পাছত জ্যোতি -বিষ্ণু ককাইদেউ গীতৰ বিচাৰি ফুৰা দুখনমান চি.ডি পালো । বজাৰৰ মাজেৰে খোজকাঢ়ি আহোতে পাৰ হৈ আহিছিলো 'পঁকী'।আমি গোৱা গীতত ফুটা আনন্দৰ ঝংকাৰ কিবা দুখত যেন ম্লান হৈছিল পকীৰ ভিতৰত ।

'জীলেবী বাঈ' ৰিংট'নটোত উচপ খাই উঠিলো। খিৰিকীৰে চাই পঠিয়ালো- "হেল্ল' মম মই বাইকত ক্লাচ শেষ কৰি মই টিনাক পিকআপ কৰি মাল্টিপ্লেক্সত 'ট্রেন্সফৰমাৰ' চাব যাম। আহোতে দেৰি হ'ব। এতিয়া বেছি কথা নাপাতো...." ভুভুভুভুভুভুওওও.....বুলি শব্দ কৰি প্রায় ১৬/১৮ বছৰীয়া ল,ৰাটো বতাহৰ দৰে মুৰ্হ্হূত্ততে নোহোৱা হ'ল। মোৰ পুৰণি ইকৰাৰ বেৰ খনত বাহিৰৰ পৰা উৰি আহি ধূলি অলপ পৰিলহি।

উঠি গৈ আন এটি প্রিয় গীত বজালো...ৰাভা দেৱৰ গীতটিৰ মাজত পুণৰ হেৰাই গ'লো দুচকু মুদী

"অ' 
মোৰে নাৱৰ ভৰষা নাই ৰে
হে স্বামী....
নাৱৰ ভৰষা নাই ৰে...."

-ৰক্তিম-
৩০ জুলাই/১২
বেংগালুৰু

Monday, July 9, 2012

'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..' - গদ্য পাঠ




মোৰ 'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..' বুলি লেখাটোৰ বাবে ছবি এখন আকিঁছিলো । লেখাটো ছবিখন সন্নিবিষ্ট কৰি পাঠ কৰি আগবঢ়ালো।


সংগীত- য়ান্নি
ছবি- ৰক্তিম




-ৰক্তিম-