Monday, July 30, 2012

হে স্বামী....নাৱৰ ভৰষা নাই ৰে....


গৈ আছো সুৰংগটোৰ সিটো পাৰ বিচাৰি। মাজে মাজে চকু চাট মৰা পোহৰ এজাক। পোহৰ নহয়, এজাক বাদুলীৰ চকুৰ চিকমিকণিহে। খিকখিকাই হাঁহি কাণে কাণে কৈ যায় 'আমি ৰাতিৰ ৰজা, আমি গঢ়ো কাহানিও শেষ নোহোৱা 
ৰাতিৰ সুৰংগ..... '।

....হঠাৎ সাৰ পালো। নাই, মই কোনো সুৰংগৰ মাজত নাই। নাই কোনো বাদুলী মোৰ চাৰিওকাষে। কপালখন চুই চাই তিতি থকা পালো। অলপ ভয় খালো তাৰমাণে। ক'লৈ, কি বা বিচাৰি গৈছিলো। বাদুলীজাক কিয় আহে বাৰে বাৰে। মানুহ মৰিলে হেনো একেই অনুভৱ কৰে, মানে সুৰংগৰ মাজেৰে হেনো পোহৰ এটাৰ ফালে যায়। কোনোৱে কয় পোহৰটো হেনো পৰমাত্মা। নাই, নাই কি ভাবি আছো এইবোৰ। মুখৰ লগতে মগজুৰো লেকাম ৰাখিব লাগে।

'সোণৰ সোলেং' নে 'সোণৰ শৰাই' ?? নাই আজি বতৰ ধুনীয়া। ঠাণ্ডা বতাহ জাকে খিৰিকী খোলাৰ লগে লগে গা-টো ধোৱাই নিলে। আজি পুৱাৰ গীত নিশ্চিতই 'বোৱা বোৱা দক্ষিণ মলয়া'।আলস্যতাৰে আজি আকৌ এবাৰ সাতুৰিম জ্যোতি ককাইদেউৰ গীতৰ মিঠা নৈত। নিজক পঁকীৰ ভিতৰলৈ লৈ যাম।জ্যোতি ককাইদেউৰ গীত গাই থকা অবস্থাৰ কণমানি 'মই' টোক নিজেই আকৌ এবাৰ চাম। কি এক উৎসাহ, আনন্দ, শিহৰণকাৰী সেই দিনবোৰ। '..ইয়াৰ পৰবৰ্ত্তী প্রতিযোগী...' বুলি নামটো মতাৰ লগে লগে এনে লাগিছিল যেন গোটেই মানুহজাকে সকলো বাদ দি মোলৈ ৰ লাগি চাই আছে। এক বুজাব নোৱাৰা ভয় ভয় লগা অথচ নিজকে হিৰ' হিৰ' লগা অনুভৱ। দেউতাই সাহস দিবৰ বাবে ধৰি থকা মোৰ হাতখন, মই গীত গাই থাকোতে প্রথম শাৰীতে বহি, কেতিয়াবা থিয়হি থকা দেউতাৰ আবেগ-শংকাত পোত যোৱা মুখখন। 

কেনে এক ঐশ্ৱৰিক ধৰণে সোমাই আছিল জ্যোতি -বিষ্ণু নাম দুটি আমাৰ সম্বন্ধবোৰৰ মাজত। পুৰস্কাৰ পালে গোটেই ঘৰখনত হোৱা আনন্দৰ পৰিবেশটো, পুৰস্কাৰ নাপালে পোৱা পৰামৰ্শ, উদগণিবোৰ একোটা নিয়ৰৰ মুকুটাৰ দৰে আজিও জিলিকি আছে মনৰ সেউজীয়া চোতালত। খূৰাদেউ তেজপুৰৰ ঘৰলৈ আহিলে (সাধাৰণতে জাৰকালি আহে) জুই তাপ লৈ ৰাতি দুপৰলৈকে কৈ গৈছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ অলেখ জানিবলগীয়া কথা। দেওবাৰৰ পুৱাৰ আহাৰৰ পিছত সকলো ভতিজাক গোট খুৱাই শিকাইছিলে জ্যোতি -বিষ্ণু ককাইদেউহতৰ গীতবোৰ এটাৰ পিছত এটাকৈ। মই খুৰাই শিকাই দিয়া 'জননীৰ সন্তান জাগা' গায় প্রতিযোগিতা প্রথম হৈছিলো। আনন্দত ৰাতি জলচা হৈছিল। দেউতা-মা-বৰদেউতা-পেহী-বাইদেউ-দাদা কোনো বাদ পৰা নাছিল। 
বিদ্যুতহীন সেই ৰাতিটোত বৰষুণৰ শব্দভেদি হয়তো বহু দূৰলৈ বিয়পি পৰিছিল জ্যোতি -বিষ্ণুৰ গীতৰ গুঞ্জন। সেই গুঞ্জন, হাঁহিৰ খিলখিলনিত থকা সেই অসমীয়াত্বৰ অনুভৱবোৰ কিমান অমূল্য আছিল তাক কোনোদিনে হয়তো 
শব্দৰে বুজাব নোৱাৰিম।

সিদিনা কেইবাখনো দোকান বিচৰাৰ পাছত জ্যোতি -বিষ্ণু ককাইদেউ গীতৰ বিচাৰি ফুৰা দুখনমান চি.ডি পালো । বজাৰৰ মাজেৰে খোজকাঢ়ি আহোতে পাৰ হৈ আহিছিলো 'পঁকী'।আমি গোৱা গীতত ফুটা আনন্দৰ ঝংকাৰ কিবা দুখত যেন ম্লান হৈছিল পকীৰ ভিতৰত ।

'জীলেবী বাঈ' ৰিংট'নটোত উচপ খাই উঠিলো। খিৰিকীৰে চাই পঠিয়ালো- "হেল্ল' মম মই বাইকত ক্লাচ শেষ কৰি মই টিনাক পিকআপ কৰি মাল্টিপ্লেক্সত 'ট্রেন্সফৰমাৰ' চাব যাম। আহোতে দেৰি হ'ব। এতিয়া বেছি কথা নাপাতো...." ভুভুভুভুভুভুওওও.....বুলি শব্দ কৰি প্রায় ১৬/১৮ বছৰীয়া ল,ৰাটো বতাহৰ দৰে মুৰ্হ্হূত্ততে নোহোৱা হ'ল। মোৰ পুৰণি ইকৰাৰ বেৰ খনত বাহিৰৰ পৰা উৰি আহি ধূলি অলপ পৰিলহি।

উঠি গৈ আন এটি প্রিয় গীত বজালো...ৰাভা দেৱৰ গীতটিৰ মাজত পুণৰ হেৰাই গ'লো দুচকু মুদী

"অ' 
মোৰে নাৱৰ ভৰষা নাই ৰে
হে স্বামী....
নাৱৰ ভৰষা নাই ৰে...."

-ৰক্তিম-
৩০ জুলাই/১২
বেংগালুৰু

No comments:

Post a Comment