Friday, July 6, 2012

কেলিপচ'


সংগীতে অতিজৰে পৰা এক অতি শক্তিশালী সংযোগ মাধ্যম হিচাপে কাম কৰি আহিছে। ইতিহাসৰ বহু ঘটনা-পৰিঘটনাৰ লগত সংগীতৰ সম্বন্ধ অতি গভীৰ। কেলিপচ'ও এক ইতিহাসে আঁচোৰা লোক সংগীতৰ প্রকাৰ। কেলিপচ'ৰ সম্বন্ধ পোনপটিয়াকৈ আফ্রিকীয় দাস সকলৰ লগত। 

কেলিপচ'ৰ উৎপত্তি হৈছিলে ট্রনিদাদ আৰু টবাগ'ত। এই লোক সংগীত সম্পূৰ্ণ কেৰিবিয়ান দ্বীপপুঞ্জতে অতি জনপ্রিয়। কেলিপচ'ৰ সৃষ্টিৰগুৰিত আফ্রিকীয় উৎসৰ লগত ইউৰ'পীয় উৎসৰো অবদান আছে বুলি জনাযায়।


এটা কেলিপচ' সংগীতৰ দল



লোক সংগীত কেলিপচ' সৃষ্টিৰ আঁৰৰ কাহিনী মানবীয়তাৰ পৰিপন্থী আছিল।আফ্রিকীয় দাসসকলৰ ট্রিনিদাদ আৰু টবাগ'ত আগমন ঘটা ঘটানাটোৱে কেলিপচ'ৰ জন্মলগ্ন। আফ্রিকীয় দাসসকলক তেখেতসকলৰ শাসকীয় মালিকসকলে নিজৰ মাজত কথা পাতিবলৈ অনুমতি  নিদিছিলে। দাসসকলে ইজনে-সিজনৰ লগত কোনো ধৰণৰ মত বিনিময় কৰিব নোৱাৰিছিলে। অভাবে আবিস্কাৰৰ মূল হোৱাৰ দৰে দাস সকলে নিজৰ মাজত মত বিনিময় কৰিবৰ বাবে সংগীতৰ আশ্রয় ল'লে। মত বিনিময়ৰ বাবে ব্যবহাৰ হোৱা এই সংগীতে
পিছলৈ কেলিপচ'ৰ নাম ল'লে। কেলিপচ'ৰ অৰ্থ হৈছে- 'আগবাঢ়া' বা 'আগুৱাই যোৱা'।কেলিপচ'ই আফ্রিকীয় দাস সকলক বিদেশত একত্রিত কৰি ৰখাত আৰু তেখেতসকলৰ মনোবল গঢ়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

এটা কেলিপচ' সংগীতৰ দল

১৮৩৪ চনত 'দাস প্রথা বিলুপ্তিকৰণৰ' পিছত কেলিপচ'য়ে ট্রিনিদাদ আৰু আৰু টবাগ'ত যথেষ্ট জনপ্রিয়তা আৰ্জিবলৈ সক্ষম হয়। ১৯১২ চনত 'লৱেচ ষ্ট্রীং বেণ্ড' নামৰ এটা বেণ্ডে প্রথমবাৰৰ বাবে নিউয়ৰ্ক চহৰত কেলিপচ' লোকসংগীতৰ আৰ্হিৰে এটি সংগীত বাণীবদ্ধ কৰি বিশ্ববাসীৰ আগত প্রস্তত কৰে। ইয়াৰ দ্বাৰাই কেলিপচ' লোকসংগীতে বিশ্ববাসীৰ আগত ৰাজহুৱাভাবে আত্মপ্রকাশ কৰে। ১৯৩০ দশকৰ শেষৰফাললৈ  কেলিপচ' লোকসংগীতে সমগ্র বিশ্বতে জনপ্রিয়তা লভিব সক্ষম হয়। কেলিপচ'ক জনপ্রিয় কৰাৰ ক্ষেত্রত এডোৱাৰ্দ' চা গ'মচ নামৰ এজন পৰ্টুগীজ সংগীত ব্যবসায়ীৰ অৰিহনা উল্লেখনীয়। পিছলৈ কেলিপচ' লোকসংগীত ট্রনিদাদৰ ৰাজনৈতিক আৰু সামাজিক বাতৰি কঢ়িওৱা এক শক্তিশালী গণ-মাধ্যম ৰূপে পৰিগণিত হয়।

দ্বীতিয় বিশ্ব যুদ্ধৰ সময়ছোৱাত আৰু যুদ্ধৰ পিছৰ সময়ছোৱাত কেলিপচ' লোকসংগীতৰ বুকুয়েদি পৰিবৰ্ত্তণৰ ঢৌ বয়। আমেৰিকাৰ সৈন্য-বাহিনীয়ে যুদ্ধৰ সময়ছোৱাত ট্রনিদাদ আৰু টবাগ'ত বাহৰ পাতি আছিল। আজৰি সময়ত সৈন্য-বাহিনীয়ে আনন্দ আৰু উৎসাহ বাহাল ৰাখিবলৈ কেলিপচ' লোকসংগীত গাবলৈ আৰু সামাজিকভাবে পৰিবেশন কৰিব লৈছিলে আৰু ইয়াৰ ফলস্বৰূপে আমেৰিকান প্রভাৱেৰে প্রভাম্বিত হৈছিল কেলিপচ'।  এই মিশ্রনে এক নতুন সোৱাদে দিছিলে ট্রনিদাদাসীক।

কেলিপচ' লোকসংগীতৰ ওপৰত ১৯৮০ দশকৰ পৰা বহু সাংগীতিক পৰীক্ষা নিৰীক্ষা হৈছে আৰু এই লোকসংগীতৰ আলমতে কেইবাটাও নতুন জনপ্রিয় সংগীত শৈলীৰ সৃ্ষ্টি হৈছে।


-ৰক্তিম-

চিত্র উৎস:http://cct300-f07.wikispaces.com

No comments:

Post a Comment