Tuesday, July 3, 2012

বেশ্যা- (২)


তোমাৰ প্রেমত মই আকৌ পাগল হ'লো..

প্রথমে নামিলা চকুৱেদি মনলৈ
লাহে,লাহে
এখোজ-দুখোজ কৈ...

আন্ধাৰৰ মায়াবী চাদৰেদি ঢাকি 
সাবটি ল'লা মোক কোনেও নেদেখাকৈ তোমাৰ দুবাহুত..
আঁকি দিলা মোৰ ওঁঠত তোমাৰ উন্মুক্ত চুমা

তোমাৰ আবেশত মই টোপ্ টোপ্ কৈ গ'লি সৰিলো
তোমাৰ বক্ষত ..

বৈ গ'ল মোৰ সত্ত্বা নৈ হৈ 
তোমাৰ পিছল শৰীৰেদি মাটিলৈ

তুমি নামিলা মনৰ পৰা তেজলৈ 
লাহে,লাহে
এখোজ-দুখোজ কৈ...

তুমি মোৰ ৰাতিৰ লগৰী 
তুমি মোৰ শীতৰ শেতেলীৰ ওমাল চাঁদৰ 
পোঁহৰ বেয়া পোৱা তুমি,
তোমাৰ ৰঙা গালত
কৃষ্ণপক্ষ আকাশৰ চিকমিকনি

ঋতু আহে ঋতু যায় 

মোৰ জীৱন গ'ল 
তোমাৰ যৌবন নগ'ল
তোমাৰ নগ্ন প্রেমত 
অলেখ মাতাল হ'ল

তুমি নামিলা তেজৰ পৰা মাটিলৈ 
লাহে,লাহে
এখোজ-দুখোজ কৈ... 





-ৰক্তিম-
০৩ জুলাই/১২
বেংগালুৰু

No comments:

Post a Comment