Friday, July 13, 2012

মই অকনু ভূঞাই কৈছো....

মোৰ পৰিচয় আপোনালোকক মই বেলেগে দিয়াৰ প্রয়োজনবোধ নকৰো। সাংবাদিকতা মোৰ পেচা। আপোনালোক প্রতিজনৰ ঘৰত মোৰ মাত আৰু মগজুত মোৰ চাপ মই ইতিমধ্যোই স্পষ্টকৈ এৰিছো। এটা জাতিৰ মান-সন্মান ৰক্ষা বা নষ্ট কৰাৰ ক্ষমতা আজি মোৰ হাতত আছে বুলি ন-দি নকলেও হব। আপুনি কি চাব, আপোনাৰ সন্তানে কি শিকিব তাৰ সিদ্ধান্ত মই ল'ম। দুষ্টক ৰাজহুৱাকৈ শাস্তি মই দিম। ৰাইজক শাসক, বিচাৰক মই বনাইছো। জনগনক গণতন্ত্রৰ প্রকৃত অৰ্থ আৰু স্বাদ মই দিছো।

অসম প্রগতিৰ পথত। মই অকনু ভূঞাই আনিছো প্রগতি। ৰাইজক সকলো খবৰ লাইভ দেখুৱাও মই। দুনীয়া 'লাইভ' কৰি দিছো মই। মানুহৰ 'লাইফ' 'লাইভ' কৰি দিছো। হত্যা, ডকাইতি, গৃহ-বিবাদ, পতি-পত্নীৰ কাইজিয়া,পৰকীয়া প্রেম,অবৈধ সম্পৰ্ক, জোতা চুৰ, চেণ্ডেল চুৰ, মানুহ চুৰ, সকলো লাইভ।ডাঁৰৰ বতৰা ডাঁৰে ডাঁৰে লাইভ দিও। ৰাজপথৰ মাজমজিয়াত যুবতীক গণ-ধষৰ্ণৰ চেষ্টা লাইভ দেখুওৱাই গোটেই ৰাষ্ট্রতে জনাই দিছো 'অসমীয়া কোন' 'মই কোন' আৰু আমি কিমান দাম্ভিক। বিশ্ববাসীৰ আগত জাতীয় গৌৰব অক্ষুণ্ণ ৰখাৰ বাবে ইউটিউবোত এৰিছো গণ-ধষৰ্ণৰ চেষ্টাৰ লাইভ ভিডিঅ। মোৰ জাতি প্রেম, দেশ প্রেমক সন্দেহ নকৰিব। অসমীয়াৰ সাধাৰণ জ্ঞান বঢ়াবলৈ দেশ-বিদেশৰ নানা খবৰ মোৰ 'ইণ্টাৰনেচনেল ডেক্স'ৰ (deks??) জৰিয়তে প্রতিদিনে দিয়েই আছো।

মোক বেয়া পোৱা মানুহবোৰক কও যে মোক বেয়া পাই আপোনালোকে মোৰ
নোম এডালো লৰাব নোৱাৰে। সাংবাদিকতা মোৰ পেচা কিন্তু ৰাজনেতা সকলক 'ভক্তিশেল' মৰাটো মোৰ নিচা। মোৰ ক্ষমতা চাওক, প্রতাপী ৰাজনেতা সকলে নিজেই শেলডাল বনাই মোৰ হাতত তুলি দি যায়হি। মই খালী শেলডাল মাৰিবহে লাগে। গতিকে কোনো ঘটিৰাম-বাটিৰামে মোক বেয়া পায় যদি পাওক, মোক ভাল পোৱা ডাঙৰ ডাঙৰ মানুহৰ অভাব নাই। কিছুমানে আকৌ মই কথা ক'লে থুইৰ চিটিকণি বৰ বেছিকৈ পৰে কাৰণে বেয়া পায়। সেই বিষয়ে মই একো মন্তব্য নিদিও।

মোৰ অৰিহনা যদি আপোনাোকে অগ্রাহ্য কৰিব বিচাৰিছে কৰক
মই 'অকথ্য'বোৰ কৈয়ে যাম। মই ইতিমধ্যো বহুদূৰ শিপালো।
মই ইতিমধ্যো এটা এৰাব নোৱাৰা নিচা হ'লো। মই যদি বেয়া তেন্তে
ভুল আপোনালোকৰো আছে। প্রথমে, নিজক প্রশ্ন কৰক । মোক চাবলৈ
মই কাকো বাধ্য কৰা নাই। সন্ধিয়াৰ ৭ ত আপুনি নিজেই আহি সকলো
বাদ দি মোৰ সমুখত বহেহি। মোৰ বাতৰিৰ সকলো আমেজ লৈ তাৰ পিছত
মোক গালি পৰা দুমুখীয়া নীতিটো মই ঘোৰ নিন্দা কৰো। প্রতিদিনৰ ঘটনা
এইটো। আপোনালোকৰ ৰুচিবোধ আপোনালোকৰ ব্যক্তিগত বিষয়। বুকুত হাত থৈ কওক তৰল বাতৰি সচাকৈ বেয়া পাই বুলি। প্রকৃততে বেয়া পোৱা হ'লে মই আজি নাথাকিলো হয়। মই যদি অপৰাধী মোক বিনাশ কৰাৰ ক্ষমতাও আপোনালোকৰ হাততে আছে। যদি ইমান বেয়া পায় মোক তেনেহ'লে বিনাশ কৰক মোক আপোনালোকৰ মনবোৰত। মোৰ মূখ আপোনালোকৰ টেলিভিশ্যনত নোচোৱাৰ পণ লওক।

স্পষ্টকৈ কব গ'লে-মই বেপাৰী। বাতৰিৰ বেপাৰ কৰো মই। ভাল-বেয়া সকলো বাতৰিৰ বেপাৰ কৰিম কাৰণ লাভ কৰাটো মোৰ উদ্দেশ্য। মোৰ বিজনেচ টাৰ্গেট আছে। মই টাৰ্গেট এচিভ কৰিবলৈ যি বেচিব লাগে তাকে বেচিম। নৈতিকতা, দায়িত্ববোধৰ বিষয়ে ভাববলৈ মোৰ সময় নাই। টাৰ্গেট এচিভ নকৰিলে মোৰ 'গড-ফাডাৰে' মোক মই 'ৰিফিউজ' কৰিব নোৱাৰা প্রস্তাব দিব। আপুনি মোৰ দোকানৰ পৰা কি বুটলী লয় বা কি নলয় অথবা মোক একেবাৰে যদি বাদো দিয়ে সেইটো আপোনৰ সিদ্ধান্ত। বস্তু বেচা ন'গলে দোকান নিজেই বন্ধ হ'ব। আপোনাৰ দুবৰ্ল মনৰ দুবৰ্ল সিদ্ধান্তৰ পৰিণতিৰ বোজা মই 'অকনু ভূঞাই' লব নোৱাৰো। আপোনাৰ দুবৰ্লতাবোৰে মোক শক্তিশালী বনাইছে।

অপ্রিয় সত্যতো হ'ল মোক 'অকনু ভূঞা' আপোনালোকে বনাইছে।
আপোনালোকে ভণ্ডামী বাদ দিয়ক,
মই সাংবাদিকতা বাদ দিম...

(ঘটনা, পাত্র কাল্পনিক। বাস্তবৰ লগত সামঞ্জস্য আকস্মিক)

-ৰক্তিম-
১৩ জুলাই.১২
বেংগালুৰু


https://www.facebook.com/photo.php?fbid=323037317789879&set=a.110118222415124.19470.109773015782978&type=1&relevant_count=1

No comments:

Post a Comment