Showing posts with label Bishnu Rabha. Show all posts
Showing posts with label Bishnu Rabha. Show all posts

Monday, October 1, 2012

জাপানী কাৱৈ :: লকৈ ছাৰৰ জাপান যাত্রাৰ আঁৰৰ কাহিনী





লকৈ ছাৰ খুব ফুৰিছে। ৰাজপাতৰ পৰা নামিম বুলিলেও ৰাইজে নামিব নিদিয়ে।গান্ধাৰী লেখীয়া ৰাইজ লকৈ চাৰৰ চত্রছায়াত এনে সুখী যে তেওক সিংহাসনৰ বাহিৰে আন ঠাইত বহাটো সহ্যই কৰিব নোৱাৰে। কথাটো হ'ল এতিয়া বছৰৰ পিছত বছৰ কেৱল সিংহাসন বহি হেঃহেঃহেঃ বুলি হাঁহি হাঁহি ৰাইজৰ একেসোপা মুখ চাইনো কিমান দিন ঠাকিব। ৰিলেকচেচন বুলিটো কথা এটা আছে। আমেৰিকা, ইউৰোপ ফুৰি শেষ কৰিলে গতিকে এইবোৰ ক'লৈ যাব ভাবি ভাবি জাপান খন বিচাৰি উলিয়ালে। কিন্তু ঘপকৈ কেনেকৈ যাব ??? 



মন্ত্রণালয়ত মন্ত্রণা লোৱাৰ উদ্দেশ্যেৰে মন্ত্রী চিঃমন্তক সুধিলে- 

"চিঃমন্ত, ইমান গণ্ডোগোল কৰাৰ পিছতো তোমাক এনেই ৰাজপাত খাবলৈ বহুৱাই থোৱা নাই। উপায় দিয়া, কিন্তু তুমি কোৱাৰ দৰে তোমাৰ চিকচিকাই থকা টপা মুৰটো লেখিয়া বগা ফাঁকি এগাল কবলৈ ন'কবা। 'দিমাগ কি বত্তি জলোৱা' আৰু এটা ৰাইজক সন্তোষ্ট কৰিব পৰা উপায় (ফাঁকি) দিয়া। " 

..তলমুৰ কৰি কিছুপৰ উদং মুৰটো মোহাৰি মোহাৰি চিন্তা কৰাৰ পিছত চিঃমন্তৰ মুখখন উজলি উঠিল। বেকা হাঁহি এটা মাৰি হাতটো লাহেকৈ তললৈ নমাই আনি ক'লে-

"ছাৰ, পাই গ'লো। আপুনি টুপি পিন্ধাবটো?"

" হেঃ হেঃ হেঃ সেইটো সুধিব লাগে নেকি ? মিছা ক'লে কিডাল হ'ব
ইমানদিন এইফেৰাকে কৰিলো। মিছা মাতি মাতি এতিয়া ষ্টক নীল হৈ গ'ল।
তোমালোক যুৱচাম ভাই। ক্রিয়েটিভ মানুহ আইডিয়া দিয়া "

"...মই আছো চাৰ। মাজতে যি হ'ল সেয়া পাহৰক আৰু উপায় শুনক।"

"কোৱা"

"চাৰ,...

"হেই, কোৱা হে কি চাৰ চাৰ কৰি আছা.....হপলেচ ক'ৰবাৰ.."

" মানে আপুনি জাপান যাব বানপানী অধ্যয়ণ কৰিবলৈ। অসমত এতিয়া 
বান আহো আহো। কৰবাত অলপ অচৰপ পানী উঠিছেই। বান বেছি হৈ 
আহিলে যাব নোৱাৰিব। এতিয়াই যাওক। ৰাইজেও ভাল পাব - 
"..বোলো লকৈ ছাৰে যে ক'ত ক'ত হাবাথুৰী কাইছে আমাৰ কাৰণে..."

লকৈ ছাৰে চিঃমন্তৰ আইডিয়া শুনি আনন্দত ক'লৈ যাও ক'লৈ নাযাও হ'ল ।

"..কোনে কৈছে, কোনে কৈছে তুমি হপলেচ বুলি ?? চিঃমন্ত তুমি মোৰ 
মৰমেৰে সোণ বুলি টপককৈ চিঃমন্তৰ মুৰৰ টপাকনতে চুমা এটা খাই দিলে। ..

"এতিয়াই প্রেচ মাতি কৈ দিয়া এইবাৰ লকৈ ছাৰে বানপানীৰ জান খাই পেলাব।
এবাৰ জাপানৰ পৰা আহিব দিয়া বানপানীয়ে গম পাব কাৰ পাল্লাত পৰিলো।" 

চিঃমন্তই অ'কে ছাৰ বুলি কৈ হাঁহি হাঁহি ওলাই গ'ল লকৈ ছাৰৰ ৰুমৰ পৰা। প্রেচ মাতি খবৰ দিয়া হ'ল থিৰাং কৰা মতেই। ৰাইজেও ভাবিলে এইবাৰহে এইবাৰ। পাউডাৰ-চুনও লগাই চাই থাকোতেই লকৈ ছাৰ অসমৰ মিঠাপান এৰি জাপান পালেগৈ। জাপান পায়েই লকৈ ছাৰে শ্রীমতীক ঘেলঘেলাই হাঁহি ক'লে 

"টেকন'লজীৰ স্বৰ্গ এই জাপানতনো অসমৰ বানপানীৰ বিষয়ে কথা
পাতিম বুলি কঁওতে সকলোৱে বিশ্বাস কৰিব লাগেনে? বানপানী আমাৰ 
জাতীয় সম্পদ কেনেকৈ হেৰুৱাও কোৱা ডাৰ্লিং হেঃ হেঃ হেঃ ... মিছা 
ক'লে কিডাল হ'ব,"

জাপানৰ হাৱাত হাৱা-হাৱায়ে হৈ থকা ছাৰে 'চায়নাৰা' কবলৈ মনেই নকৰা হ'ল। কিন্তু ছাৰৰো দুৰ্কপাল জাপানী মইনাৰ লগত সাগৰৰ পাৰত 'চিকনি চামলী' খেলি থাকোতেই মহাবাহুৱে ১৫ খন জিলাত, ১৮জন মানুহ উটুৱাই নিয়াৰ লগতে ১৭ লাখ মানুহক ক্ষতিগ্রস্থ কৰিলে। খবৰ পাই লকৈ ছাৰে যেনেকৈ যি পাই সামৰি ঘৰলৈ বুলি উৰা মাৰিলে শুকাণ টেটু এটা লৈ। গোটেই বাটতো ছাৰৰ মুখ শুকান কাৰণ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কাৰো লগত একোৱেই নাছিল। এতিয়া গৈ ৰাইজক কি ক'ব ? বৰঝাৰতটো গাত পৰিবৈ এজাক শশুণ ৰখিয়েই আছে। ভাবি ভাবি ভয়তে লকৈ ছাৰে অগনণ বাৰ আকাশতে সৰু পনি চুলে। সৰু পানী দেখিলেও সেই সময়ত বানপানীলৈ মনত পৰাত লকৈ ছাৰ অবস্থা চাবলগীয়া হৈছিল। 

ঘটনা ধাৰণা কৰামেই ঘটিল। ছাৰে মুখত সদায় ৰখাৰ দৰে দুপলিকেট কনফিডেঞ্চেৰে ভৰা হেঃহেঃহেঃ হাঁহিটোৰে নামি আহিল মাটিলৈ। "এক্চপিৰিয়েঞ্চ মেটাৰ্চ আফটাৰ অ'ল"। বৰঝাৰতেই সাংবাদ

বৰঝাৰতেই সাংবাদিক মেল হ'ল। 

সাংবাদিকৰ প্রথম প্রশ্ন: লকৈ ছাৰ আপুনি বানপানী ৰোধ কৰিবলৈ জাপানৰ পৰা কি উপায় বিচাৰি আনিছে ? লকৈ ছাৰ: " হেঃ হেঃ 
হেঃ...মিছা ক'লে কিডাল হ'ব। জাপানত কৈ দিছে ভগবানেও বানপানী ৰখাব নোৱাৰে মইনো কোন কূটা...হেঃ হেঃ হেঃ.। শুনা দি
শুনা দিচ ইচ অলচ' এন ইমপৰটেন্ট মেটাৰ যে সিহতে কৈছে কলগছ ৰুব লাগে। জাপানীবোৰে বাৰে বাৰে কৈছে এই কথাটো 
কাৰণ এনে কৰিলে আমি কলো খাব পাৰিম ভূৰু বনাব পাৰিম, হয়নে নে নহয় ? মিছা ক'লে কিডাল হ'ব...মই আগতেই কৈছিলো....কলগছ ৰুৱা আৰু গ' গ্রীণ হোৱা ...তোমালোকে নুশুনিলা..... 

...লকৈ ছাৰে উত্তৰ দি গ'ল এনেদৰেই স্বভাৱজাতভাৱে কাৰণ তেঁও জানে তেঁওৰ এনে কথাশুনি হাত থাঁপৰি মৰা মানুহ এতিয়াও আমাৰ দেশত সৰহ সংখ্যাত আছে নহলেনো তেও এতিয়াও ৰজা হৈ থাকেনে ? ....


-ৰক্তিম-
০১ অক্টোবৰ/১২
বাংগালুৰু

পশ্চাৎ


যোৱাকালিৰ কথা,
শৰৎ আহিছিল শৈশৱ এবুকু লৈ
কণমাণি উদং দুভৰিত বিলীন হৈছিল 
নিয়ৰৰ কণাবোৰ উন্মুক্ত হৈ পুৱাৰ তন্দ্রাত...

তলসৰা শেৱালী বুটলি বুটলি 
শৰৎ আজি হ'ল...

দেবীৰ সমুখত
পিতাই দুহাত ধৰি সোধা
সৰল প্রশ্নবোৰ ??
"পিতাই অসূৰটোক কিয় মাৰিছে?"
"পিতাই কাৰ্তিক কোন?"

...ধূপ ধুণাৰে সুৱাসিত শৰতৰ
কোনো সপ্তমী অথবা অষ্টমীৰ পুৱা 
পিতায়ে কৈ যোৱা কাহিনীবোৰ 
বুকুৰ এচুকৰ এক চিৰ-নতুন অনুভৱ


...শৰৎ, শৰৎ গোন্ধাইছে,
মনটোত হঠাতে কি ফুলি
উঠিল পুৱতি নিশা ??




-ৰক্তিম-
বাংগালুৰু
০১ অক্টোবৰ/১২

Saturday, September 22, 2012

কুকুৰ



Bird of Prey, Bird of Prey 
Flying high, Flying high 
In the summer sky......

ৰিণিকি ৰিণিকি মৰিচনৰ মাতত গীতটি ভাহি আহিছিল দুপৰ নিশাৰ নিস্তব্ধতা ভেদি। মানসৰ মনটো অলপ সজীৱ হ'ল দুপৰ নিশা এই গীতৰ যাযাবৰী আবেশত। কি কৰিব ? টোপনি কেতিয়াবাই ফাইচিটিকা মাৰিলে চকুৰ পৰা। চিন্তাৰ বিশাল যন্ত্র এটা শুবলৈ ধৰিলেই ঘৰ ঘৰ শব্দ কৰি মগজুৰ ভিতৰত চলিবলৈ আৰম্ভ কৰে। এবাৰ ইফালে, এবাৰ সিফালে বাগৰি সলালেও কামত নাহে। গাৰুটোত মুৰটো থলেই যেন প্রাণ পই উঠে মেচিনটোৱে। গঢ়ি যায় এটাৰ পিছত আন এটা ভয়ানক চিন্তাৰ ফচল।

...মানসে এম.এ পাছ কৰিলে আজি কিছু বছৰ আগেয়ে। প্রাক্-প্রাথমিক, প্রাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক, স্নাতক,স্নাতকোত্তৰ এডাল বেচ শকত আবত শিক্ষাৰ ৰেখা এডালৰ ওপৰেদি এখোপ এখোপকৈ জুপি জুপি বগাই আহি শিক্ষা সাং কৰিলে সি। কিন্তু কিয় কৰিলে? এটি খোজৰ পিছত আনটো খোজ দিবলৈ ইমান কম সময় আৰু ঠাই আছিল যে অলপ পৰ ৰখি কোনফালে যোৱাটো উচিত তাক ভাবি চাবলৈ সময়ে নাপালে। আজি ২৮ টা বছৰ গ'ল । এতিয়া তাৰ হাতত সময়ে সময়। দিনত সময়, আবেলি সময়, ৰাতি দুপৰলৈকে সময়। 

"বাপেৰৰ টকা কেইটাৰে টেটুলৈকে ভাত গাল গিলিবলৈ লাজ নালাগে? ছঁবি আকি দেখুৱাব আহিছে। কোনে কিনিব তোৰ ছঁবি? ৰং কিনিবলৈ পইছা কেইটা মোক খোজ। গলগ্রহ হবলৈ ইমান পঢ়ালো-শুনালো।"

...ওলাই আহিছিল ঘৰৰ পৰা মানস। অভিমান কৰি নহয়, অলপ নিস্তব্ধতা বিচাৰি। ৰং ভাল পোৱা মানসৰ জীৱনটো ৰং ভালপোৱাৰ বাবেই বগা-ক'লা ছবিৰ লেখীয়া হ'ল। ঘৰৰ পৰা সি বেংগল'ৰ গুচি আহিছিল পোনে পোনে। বন্ধুৰ মূখেৰে শুনিছিল ইয়াত চাকৰি অসমৰ দৰে এক দূৰ্লভ বস্তু নহয়। এটা ক'ল চেণ্টাৰত কাম কৰাৰ সহজতে সুযোগ পাইছিলে মানসে। কম সময়তে সি নিশাচৰ হ'ল। পলকতে তাৰ ৰঙৰে আবৰি থকা জীৱনটো বগা গাড়ীবোৰ আৰু বগা পোচাকী গাড়ীচালকবোৰে সামৰি পেলালে। সি নাম দিলে চহৰখনৰ - "Bangalore- The City of White Cabs"। টোপনি খেদি খেদি চাওতেই বহুদিন পাৰ হ'ল। অলপ ভাল টোপনিৰ চিন্তাই বহুদিনৰ পৰা তাক নিজৰ পৰা আতৰাই ৰাখিছিল। এটা ৰুমৰ কোঠালী, ঘৰত দি থৈ যোৱা ভাতৰ টোপোলা আৰু নিশাৰ ৯ ঘন্টাৰ কৰ্মব্যস্ততাক কেন্দ্র কৰি ঘূৰি থাকিল মানসৰ জীৱন নামৰ চকৰিটো। 

"এখন নামি চহৰ, বিদেশী কম্পেনীত কষ্ট আৰু যোগ্যতাৰে অৰ্জা ধন, ঘৰৰ কিছু দায়িত্ব। বছৰ ১/২ বাৰকৈ ঘৰ গৈ মা-পিতাই, বন্ধু বান্ধবক লগ ধৰো। - সকলোতো স্থিৰ, মেঠমেটিকেলি কৰেক্ট। নাই সকলো স্থিৰ নহয়। মোৰ মনটো কিবা কাৰণত স্থিৰ নহয়। ............কৰবাত কিবা এটা ভুল হৈ আছে যি মোক
অশান্তিত ৰাখিছে। সকলো থাকিও, সকলো কৰিও কিহৰ এই উদং উদং ভাৱ? কিয় কোনো এক অজ্ঞাত অনুভৱে তিলতিলকৈ চেপি-খূন্দি মোক বাৰে বাৰে কিবা এটা সকীয়াই দিব খূজিছে? কিয় অনুভৱ হয় বাৰে বাৰে - মহাকাশত ওপঙি ফুৰা মই যেন এডাল বিশাল শিপাহীন গছ ..." 

.... বাস্তবৰ দুহাত ধৰি ওলমি থকা সময়ে তৰপে তৰপে ৰুকি ৰুকি পেলায় যায় জীৱনৰ মিচা বোৰ। চকামকা পোহৰত পলকতে চকুমুদি আমিবোৰে সেইফালে চাই চকু মেলো যি ফালে পোহৰ স্থিৰ। অত্যাধিক যান্ত্রিকতা আৰু গতানুগতিকতাই মানসৰ জীৱনৰ পৰা কাঢ়ি নিয়া ৰঙবোৰে, মানসৰ ছবিবোৰে লাহে লাহে মানসক বছিকৈ আমণি কৰি আহিব ধৰিলে। অহৰহ নিজৰ পৰা নিজকে লুকুৱাব বিচাৰি
লুকুৱাব নোৱাৰাৰ এক অসঁহনীয় যন্ত্রনাই লাহে লাহে কোঙা কৰি আহিছিল মানসক মানসিক ভাবে। সি প্রায়েই কৈছিল -"অমূল্য বৰুৱাৰ খাবলৈ জীয়াই থকা 'কুকুৰ'টোক হেনো মাৰি পেলোৱাই ভাল কাৰণ তাৰ ভাগৰ খাদ্যভাগ তেতিয়া জীয়াই থাকিবলৈ খোৱা কুকুৰ এটাৰ কামত আহিব।" 

...মানসে চাকৰি বাদ দিলে..আজি এসপ্তাহ আগতে। বাহিৰৰ পৃথিবীখনত তাৰ নিজকে নাঙঠ নাঙঠ অনুভৱ হৈছিল। সি বিচৰা কাপোৰযোৰো যে আনৰ হাতত বিচাৰি নাপালে। তাৰ অকলশৰীয়া কোঠালীতে নিজকে আবদ্ধ কৰি ৰাখিছে কিবা এটাৰ সন্ধানত, আঁকি গৈছে এখনৰ পিছত আনখন কোনেও নুবুজা ছঁবি। তাৰ সময়বোৰ অকস্মাৎ ৰখি গ'ল কিবা এটা বিচাৰি। ঘৰখন, ঘৰখনে স্থিৰ কৰা তাৰ ভবিষ্যত, তাৰ শিক্ষা, তাৰ চাকৰি, তাৰ দায়িত্ব আৰু তাৰ ছঁবিবোৰৰ মাজতে কিবা এটা বিচাৰি আছে আজি কিছুদিনৰ পৰা সি। এটা যঁট আছে কৰবাত। মাৰ পেঁটতে আৰম্ভ হৈ এই মহানগৰৰ যান্ত্রিকতালৈকে বিষাক্ত বৰলৰ জাকৰ দৰে খেদি ফুৰা প্রশ্নবোৰৰ উত্তৰবোৰ এই যঁট ভাঙিলেই ওলাব। মানস পুৱাৰ পৰা দুপৰ নিশালৈকে এতিয়া উত্তৰৰ সন্ধানত যি উত্তৰৰ অবিহনে সি হয়তো তাৰ কোঠালীৰ বাহিৰলৈ কাহাঁনিও ওলাই আহিব নোৱাৰিব....

..পুৱতি নিশা, মানসৰ চিলিমিলিকৈ অলপ টোপনি আহিছে। দূৰণিৰ হয়তো আন কোনো এক মানসৰ কোঠালীত দূৰু দূৰুকৈ এতিয়াও বাজি আছে গীতটি.....

Bird of Prey,Bird of Prey 
Flying high,Flying high 
Am i going to die ? 

Bird of Prey,Bird of Prey 
Flying high,Flying high 
Take me on your flight.....




-ৰক্তিম-
বাংগালুৰু
২২-চেপ্তেম্বৰ/১২

Saturday, September 1, 2012

এমিলি


মোৰ এখন অতি প্রিয় ছবি 'এমিলি'-এখন ফ্ৰেন্স ছবি। ছবিখন চালে প্রত্যেকবাৰেই মোৰ মনটো এক অন্য স্তৰলৈ উৰা মাৰে... একপ্রকাৰৰ মনটো ভাল লগা এক নতুন অনুভূতিয়ে বাঁহ লয়. মনৰ অনুভৱ খিনি শব্দৰে গাঁঠি পেলালো..




এমিলি
_____

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
তুমি আছা কাৰণে আমিবোৰ আছো
তুমি আছা কাৰণে
আজিও আছে "ভালবোৰ" পৃথিবীত
উজ্জ্বল দুচকুৰে পোহৰ চটিয়াই।

অ, মই জানো তুমি কি ভালপোৱা।
মই জানো তুমি কেনেদৰে বিচাৰি লোৱা আনন্দ
জীৱনৰ সৰু সৰু বস্তুবোৰৰ,
সৰু সৰু ঘটনাবোৰৰ মাজত।

মই দেখিছিলো কি দৰে তোমাৰ 'মা' হেৰাই গৈছিল।
গুচি গৈছিল দেউতা, তোমাক এৰি।

তোমাৰ কল্পনাৰ ডেইকাৰে পাৰ কৰা
তোমাৰ শৈশৱৰ খিলখিলাই থকা হাঁহিবোৰে
জানো তোমাক বুজিব দিলে নিঃসংগতা কি ?

আৰু বাঢ়ি অহা তোমাৰ দুষ্টামিবোৰ ?
তুমি কৰা নিশাৰ এন্ধাৰত চহৰখনত হোৱা
আদিম প্রেমৰ হিচাপবোৰ...
মই বুজি পাও তাৰ মাজতো তুমি
বিচৰা লোৱা দুষ্টামিৰে ভৰা আনন্দৰ আমেজ।

অহৰহ একেখন ছবি আঁকি থকা
'গ্লাচমেনে' তোমাক
আমণি দিছিল নেকি?

'মন্টমাৰটেৰ' তোমাৰ বন্ধুৱে কিন্তু তোমাক
কাহানিও পাহৰিব নোৱাৰিব।
তুমি যে 'প্রেম' উপহাৰ দিছিলা তাইক এমিলি।
বাথৰুমৰ কঁপি উঠা দুৱাৰখন দেখি তুমি যে
তৃপ্তিৰ হাঁহি মাৰিছিলা, জানিছিলা তাৰসপ্তকত বাজি উঠা
মিলনৰ গান কিমান মধুৰ।

এমিলি, তুমি মোৰ আদৰ্শ
তুমি ছটিয়াই দিয়া সুখৰ
বৰষুণজাকত তিতি থকা মানুহবোৰ
দেখিলে মোৰ ক'ব মন যায়-
" এমিলি, মোৰ বুকুটো গুজি
দিয়া বৰষুণজাকৰ সৰু সৰু কণাবোৰ
এটা এটাকৈ।
মোকো শিকাই দিয়া তুমি
আনৰ বাবে গাই জীয়াই থকা গানৰ মিঠা সুৰ
এমিলি, মোকো বীলিন কৰি দিয়া তোমাৰ সত্ত্বাৰ বিশালতাত"

এমিলি, এমিলি, এমিলি....
নাযাবাচোন তুমি জগৰ ধৰি
নিন' আহিছে ছোৱা তোমাক বিচাৰি...




-ৰক্তিম-
০১ চেপ্তেম্বৰ/১২
বাংগালুৰু

Friday, August 31, 2012

তেখেতসকলক জগাব কোনে ?


এক বিশেষ তথ্য মতে ভাৰতত প্রায় ২.৫ কৌটি অবৈধ বাংলাদেশী আছে। আচলতে এই সংখ্যা প্রায় ৫ কৌটি বুলি বহুতে কব বিচাৰে, যিটো নুই কৰিব নোৱাৰি । অসম, যিখন দেশ হৈছে এই ভয়ানক সংখ্যা বৃদ্ধিৰ উৎস অৰ্থাৎ যি খন ৰাজ্যৰ সীমা (সীমা শব্দটো আিৰ তাৰিখত কিমান প্রযোজ্য নাজানো।) নিৰ্বিঘ্নে উলংঘা কৰি এই অবৈধ বাংলাদেশী সকল আহি আছে আৰু য'ত এই অবৈধ বাংলাদেশী সকলৰ সংখ্যা আটাইতকৈ বেছি সেই দেশৰ শাসকীয় মুৰব্বীয়ে কয়-

"ক'ত আছে বাংলাদেশী মোক দেখুৱাই দিয়া মই ধৰিম নহয়। নাই নাই, এইবোৰ চব মিছা কথা। অসমত এটাও বাংলাদেশী নাই।"

এতিয়া ক'তে মৰে মৰক। টোগলকী শাসন শৈলীৰে ( বিশেষকৈ অবৈধ বাংলাদেশীৰ ক্ষেত্রত) 'অনুপ্রাণিত' বিশ্বৰ একমাত্র এই দেশৰ শাসকসকলে কিয় বুজি নাপায় যে অসমখন নিজৰ আলস্যতাৰে ভৰা মহলৰ চাৰিবেৰৰ ভিতৰতে শেষ নহয়। শদিয়াৰ পৰা ধুবুৰীলৈকে একেস্বৰে সকলোৱে আজি অত বছৰে চিঞৰি চিঞৰি বিচৰা -- 'নিজৰ দেশত নিজে শান্তিৰে জীয়াই থাকিব বিচৰা, নিজ দেশত নিজ অস্তিত্ব ৰক্ষাৰ '--দাবিটোৰ অৰ্থ আৰু ভয়াবহতাই কেতিয়াবা, কিঞ্চিতো চিন্তা কৰিবলৈ বাধ্য কৰিবনে তেখেতসকলক ? 

কেইবাটা দশক- কেইবাজনো ৰজাই ৰাইজৰ চকুপানীবোৰৰ উত্তৰ চকু মুদি দি শাসনভাৰ চলাই গ'ল। স্বাভাবিকতেই যাৰ পৰিণতিত দিন বেয়াৰ পৰা অতি বেয়ালৈ গ'ল । তেজপুৰ, শিৱসাগৰ, যোৰহাট যেন ঐতিহ্যমণ্ডিত ঠাইৰ মানুহকো বিপদে অনাগত দিনৰ ভয়ানক আগজাননী দি আচুৰি গ'ল । 

এতিয়া প্রশ্ন হ'ল আৰু কিমান দিন এইদৰে যাব? এনে কি বিশেষ কাৰণ আছে যি অসমীয়াৰ ভাষা-সংস্কৃতি-ভূখণ্ড-আবেগ-অনুভূতি-গৌৰবময় ইতিহাস সকলোতকৈ উৰ্দ্ধত। যাৰ বাবে শাসনাধিষ্ট সকলে কেৱল মাত্র ২৭২ কিল'মিটাৰৰ এটা সৰু সীমা যোৱা ২৭ বছৰে ভেটিব নোৱাৰিলে। 'ভেটিব নোৱাৰিলে' তো অশুদ্ধ। শুদ্ধটো 'ভেটিব নিবিচাৰিলে'। 

আৰু কি কি অঘটন ঘটিলে ৰজাঘৰীয়া সাৰ পাব তাৰ ধাৰণা এটা কৰিব পৰা কৈও তেখেতসকল সচেতন নহয়? 

'টোপনি ভাঁও জুৰা মানুহক জগাব নোৱাৰি' আৰু '
শুই ঠকা শিয়ালে হাঁহ ধৰিব নোৱাৰে'

-এই দুইটাই সমানে প্রযোজ্য শাসকসকলৰ বাবে কিন্তু এটা কথা সকীয়াই দিঁও যে -

টোপনি ভাঁও জুৰি জুৰি সঁচাকৈ টোপনি আহিলে সাৰ পায় নিজকে হয়তো 'অসম' নামৰ ভূ-খণ্ডত বিচাৰি নেপাব আৰু হাঁহ দূৰৰ কথা বাংলাদেশীৰ ঘৰত মজুৰী কৰি দুবেলা দুমুঠিও গোটাবও নোৱাৰিব। কাৰণ সিঁহতবোৰৰ কামৰ প্রতি এলাহ নাই নিজেই কৰিব পৰা কামৰ বাবে আনক বিদেশীক (কাৰণ আমিবোৰ হয়তো বিদেশী হ'ম নিজ মাটিতে) মজুৰী কিয় দিব। 

ছাৰ উঠক, আমিবোৰ কলৈ যাম, কি কৰিম ভাবক আৰু অলপ দেৰি হ'লে হয়তো আপোনাৰ কামবোৰ আমিবোৰ ৰাইজে হাতে কামে ভগাই লৈ নিজৰ ঘৰ ভেঁটি ৰক্ষাৰ যুজত নামিব লাগিব নিজৰ মাটিতেই। তেতিয়া অবশ্যে আপুনি শুবলৈ যথেষ্ট সময় পাব -'ভাঁও নধৰাকৈ'।

Tuesday, August 28, 2012

আকাশ আৰু বৰষুণত ডুবি থকা শৈশবৰ এটি সৰু কাহিনী..


বিশালতাক বুজাবলৈ আকাশতকৈ হয়তো বহল শব্দ নোলাব। মনৰে কল্পনা কৰিব নোৱাৰাকৈ বিশাল সীমাহীন এক নীলা অনুভব
হৈছে আকাশ। কোনে ভাল নাপায় এখন তৰা ভৰা আকাশক মন ভৰি চাবলৈ কোনোবা শুক্লপক্ষ নিশা। দেউতাই দেখুৱাই দিয়া ধ্রুব তৰা, হাতীপতি, সপ্তৰ্ষী মণ্ডলেৰে ভৰা আমাৰ শৈশব বোৰ কিমান মনোৰম আশ্চৰ্য্যৰে ভৰা! আকাশৰ তৰাবোৰৰ দৰে আমাৰ মনটো তিমতিমাই জ্বলি উঠিছিল প্রশ্নৰ হাজাৰটা উজ্বল তৰা। তাতে সৌ দূৰত ৰং সলনি হৈ ঠকা তৰা এটা বা পঁপীয়া তৰা দেখিলেটো কথাই বেলেগ আছিল। বিশালতাৰ লগত, নীলাৰ লগত এয়ে হয়তো আমাৰ প্রথম চিনাকী আছিল।

আকাশৰ পৰা নামি অহা এজাক বৰষুণত তিতি থকা শৈশবৰ স্মৃতি এতিয়াও জীপাল আমাৰ মনত। বৰষুণত তিতি তিতি খেলা বোকা পানীৰ খেলবোৰৰ মাদকতা মনত পৰিলে এতিয়াও মন যায় ল'ৰালিলৈ পলকতে উভতি গৈ নিজক দেহাত বোকা পানীবোৰ সিঁচি লবলৈ। 

এতিয়াও মনত আছে মোৰ লৰালীৰ এনে এটি সৰু কাহিনী-

' সেইদিনা সোমবাৰ আছিল। মই তেতিয়া সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ছাত্র। পঞ্চম পিৰিয়ডত সপ্তম মান শ্রেণীৰ (ক) শাখাত গৈ শকত-আবত ল'ৰা এটাক স্কুল ছুটিৰ পিছত মোৰ লগত মল্লযুদ্ধ (?) কৰিবলৈ চেলেঞ্জ দি আহিলো। স্কুল শেষ হল। মল্লযুদ্ধৰ বাবে ঠাই নিৰ্বাচন কৰিলে লগতে থকা দকেইজন মান বন্ধু দৰ্শকে। যুদ্ধ আৰাম্ভ হোৱাৰ অলপ পিছতে ডাঙৰ বৰষুণ এজাক আহিল। এই বৰষুণ জাকত আমাৰ কাইজিয়া কৰা জ'চ হাজাৰ গুণে বাঢ়ি আহিছিল। দুয়োটাই নিজকে চিনেমাৰ হিৰ' বুলি ভাবি
লৈছিলো গতিকে কেচ টো " জান জায়ে পৰ শান না জায়ে" ধৰণৰ হ'লগৈ তাতে লগৰবোৰৰ উচটনি আৰু সপ্তম মান শ্রেণীৰ (খ) শাখাৰ ইজ্জতৰ কথা আহি পৰিল। পূৰ্ণদমে চলিল যুঁজ। 

এই ফিল্মি চেন্টিমেন্টৰ মাজত একেবাৰে পাহৰি গ'লো যে স্কুলৰ পোচাক যোৰৰ ৰং যে বগা আছিল। ইতিমধ্যো বহু দেৰি হৈ গ'ল কাপোৰযোৰত বগা ৰং বিচাৰি পোৱা ন'গল। যুদ্ধত পিছৰফাললৈ মোক বৰকৈ কোবালে মোৰ প্রতিদ্বন্দীয়ে। মল্লযুদ্ধ হাৰ মানি মাটিয়া ৰংৰ কাপোৰযোৰৰ সৈতে লেঙেৰাই লেঙেৰাই ঘৰত সোমোৱাৰ পিছত পুণৰ বাৰ নিঁখুট ঔ-কিল পৰিছিল এই পেন্দুকণা মল্লযুদ্ধাৰ পিঠিত, প্রথমে বীৰৰ দৰে দুটাচাট মান সহিছিলো তাৰ পাছত পলাইয়ো বচাব পৰা নাছিলো এই তিনি ফুটিয়া বীৰৰ ঠুনুকা গৌৰব । ঔ-কিল নপৰিবনো কেলৈ, 'মোৰ ল'ৰাটো স্কুললৈ ধুনিয়াকৈ যাঁওক' বুলি আগদিনা মূৰত ৰ'দ লৈ কুঁৱা পাৰত ঘঁহি ঘঁহি চাফা কৰা বগা কাপোৰযোৰ যদি পিছদিনা মল্লযুদ্ধাৰ পোছাকলৈ পৰিবৰ্ত্তন হয় তেনেহ'লে মাকৰ পৰা প্রাপ্য পুৰস্কাৰ ল'বই
লাগিব। তাতে আকৌ যযা ভাইটি-ভণ্টি হালৰ পেঁপা কেইটাই ২৪/৭ চাৰ্ভিচ দিছিলে সেই সময়ত'।

আকাশ আৰু বৰষুণেৰে ভৰি থকা শৈশবৰ এই সৰু সৰু ঘটনাবোৰ মনত পৰিলে সুখৰ এক সুন্দৰ নষ্টালজিক সংজ্ঞা বিচাৰি পাঁও প্রতিবাৰে।



-ৰক্তিম-
২৭ আগষ্ট/১২
বাংগালুৰু

Thursday, August 23, 2012

উঠলি উঠে আবেগ সুৰুজৰ হেঙুলীয়া ৰঙেৰে....


এখোজ দুখোজকৈ গৈ অজানিতে তাই ফুল পাহ চিঙিলে। এটুপাল 

তেজ বিৰিঙি উঠিল কাইট ডালত। তিৰবিৰাই থকা দুটুপাল চকু 

পানী দুগালত লৈ মোক ক'লে- "পিতাই মইটো জনা নাছিলো বতাহতো
যে মাটি ফাটে।" অবিশ্বাসী ফাগুণ নীলা শব্দ কৰি দুভৰিৰ তলেৰে 
কুলু-কুলু কৈ বৈ গ'ল। 


ছঁবি ছঁবি লগা দিনবোৰ, পোহৰ পোহৰ লগা ৰাতিবোৰৰ মাজত তুমি
কোন মায়াবিনী? এন্ধাৰৰ দৰে কিয় বাঢ়ি আহা মোৰ দুচকুত সুযোগ
পালেই? কিয় মোৰ আঙুলীবোৰত মোহাৰি মোহাৰি আঁকি দিয়া জীয়াই
থকাৰ গান? কিয় মোক উৰুৱাই নিব বিচাৰা যাযাবৰি এটি পাতৰ দৰে 
উদ্বাউল বতাহ জাকৰ মাজত?



তোমাৰ দুচকুৰ উজ্জ্বল ৰামধেনুৰ ৰংবোৰ গাত সানি ল'লো। এয়া যে
মোৰ ৰংৰ তৃষ্ণা। মোৰ শুকাণ চালবোৰৰ হতাশা মই ৰংৰে গুচাম। ৰঙা,
নীলা, সেউজীয়া, হালধীয়া....আস্....কি সজীব। ৰংবোৰ লাহে, লাহে
নৈ হয়। নৈ বৈ যায় পুণৰ বুকুৰ মাজলৈ।  পুনৰ ৰক্তিম হৈ উথলি উঠে আবেগ
সুৰুযৰ হেঙূলীয়া ৰঙেৰে... 





-ৰক্তিম-
২১আগষ্ট/১২
বেংগালুৰু

বাউল সংগীত


আমৰ সকলোৰে এক চিনাকী লোক সংগীত - বাউল সংগীত। বিশ্ব দৰবাৰত বাংলা সংগীতৰ এক বিশেষ স্থান আছে। বাংলা সংগীতৰ সৌষ্ঠব গাঢ় কৰাত বাংলা লোক সংগীত 'বাউলে' এক বিশেষ ভূমিকা 
গ্রহণ কৰিছে। বাউল সংগীতৰ গঠন, গোৱাৰ শৈলী, গায়কৰ পোছাক আৰু বাদ্যযন্ত্রই বাউল সংগীতক অতি মনোমোহা কৰি তোলে। এই গীতৰ সুৰ আৰু কথাই প্রতিজন সংগীত প্রিয় মানুহকে মন্ত্রমুগ্ধ কৰে। বাউল সংগীত শিল্পী সকল জীবিকাৰ বাবে সম্পূৰ্ণৰূপে বাউল সংগীত পৰিবেশন কৰি অৰ্জা ধনৰ ওপৰত নিৰ্ভৰশীল। ২০০৫ চনত ইউনেস্কই বাউল সংগীতক 'Masterpieces of the Oral and Intangible Heritage of Humanity' বুলি ঘোষণা কৰে।

বাউল সংগীত অতি উচ্চমানৰ আদৰ্শ আৰু ভক্তিভাবেৰে সমৃদ্ধ। বাউল সংগীতত বিভিন্ন ধৰ্মত উল্লেখ কৰা ধৰণে ভগবানক কোনো বিশেৰ নামেৰে নামাকৰণ কৰা নহয়। এই সংগীতত কেৱল সকলোৰে উৰ্দ্ধত থকা জনক নিস্বাৰ্থভাবে মন্থন কৰা হয়। বাউল সংগীতৰ দৰ্শন মতে ভগবন্তক বিচাৰি হাবাথুৰি খোৱাৰ কোনো প্রয়োজন নাই। ভগবন্ত সকলোৰে মাজতে বৰ্তমান।
ভক্তি ভাবেৰে বিচাৰিলে ভগবন্তক সকলোৱে নিজৰ মাজতে বিচাৰি পাব। 

বাউল সংগীতত ব্যবহাৰ কৰা বাদ্যযন্ত্রসমূহ স্বাভাবিতেই থলুৱা। মূল বাদ্যযন্ত্রসমূহ হ'ল একতাৰা, দোটোৰা, ডুগী, ঢোল,আনন্দ লহৰী বা গোবগোবী আৰু খোল। আন আন বাদ্যযন্ত্রসমূহৰ ভিতৰত কৰতাল, মন্দিৰা আৰু বাঁহি ব্যবহাৰ হয় বাউল সংগীতত। ৰবীন্দ্র সংগীতত বাউল সংগীতৰ প্রভাব সুস্পষ্ট। কবিগুৰুৰ বাউল সংগীতৰ প্রতি ঠকা ভক্তি আৰু প্রশংসাই বাউল সংগীতক এক অনন্য আসন দিছিল। বাউলসকল একেধাৰে কবি, সংগীতকাৰ, নৃত্যশিল্পী, অভিনেতা আৰু তেওলোকৰ একমাত্র উদেশ্য ভক্তিৰ মাৰ্গেৰে আনন্দ দিয়া।

লালন ফকিৰক সৰ্বকালৰ শ্রেষ্ঠ বাউল শিল্পী বুলি গণ্য কৰা হয়। সকলো বাউল শিল্পীৰ বাবে তেখেত গুৰু সদৃশ। বাউল শিল্পী পূৰ্ণ দাস বাউলক ভৰতৰ 'বব ডায়লন' বুলি জনা যায়। পূৰ্ণ দাস বাউলে প্রাশ্চত্যৰ দেশসমূহত বাউল সংগীতক জনপ্রিয় কৰাৰ প্রয়াসেৰে ১৯৬৫ চনত ৮ মাহৰ বাবে আমেৰিকা যুক্তৰাষ্ট্র ভ্রমণ কৰিছিল। সেই কালছোৱাত তেঁও লগত আছিল বব ডাইলন,
জন বীজ, প'ল ৰবচন আদি দৰে মহান শিল্পী। শেহতীয়াকৈ ফ্রান্সত হোৱা বিশ্ব সংগীত সমাৰোহলৈ বাউল সংগীত পৰিবেশন কৰিবলৈ 'বাউল বিশ্ব' গ্রুপ নিমন্ত্রিত হোৱাতো নিশ্চিতই ভাৰতবাসীৰ বাবে এক গৌৰবৰ বিষয়। 


-ৰক্তিম-
২১ আগষ্ট/১২
বেংগালুৰু

Friday, August 3, 2012

শৃংখল

কথাবোৰ বুজি থাকোতেই সময়বোৰ পাৰ হ'ল। সৌ সিদিনা যেন প্রথম স্কুললৈ গৈছিলো কান্দি কান্দি। 'এইটো কৰিবি, এইটো নকৰিবি' বুলি মা-পিতাইৰ নানান 
বুজনি শিকনিৰে ভৰি থকা এটি কণমানি মগজু। পলকতে প্রথম দিনৰ ভয় পৰিবৰ্তন
হয় দুষ্টামিলৈ। চকুৰ চকুপানী সলনি হয় কাণৰ কাষেদি বৈ অহা ঘামৰ টোপাললৈ।

বয়স বাঢ়ে। কিতাপবোৰো বাঢ়ে। কিতাপবোৰৰ নতুন নতুন পৃষ্ঠাবোৰৰ মাজত বুজা-নুবুজাৰ খেলিমেলিত উজুতি খাই বাঢ়ি আহে দিনবোৰ। অলপ বহল হয় পৃথিবীখন। বহুত কথা নিজেই শিকীব পৰা হঁও। মা-দেউতাহতে কোৱা ভাল-বেয়াবোৰৰ বহু পৰিমানে বিচাৰ কৰিব পৰা হঁও। সমানে বাঢ়ে মনে মনে খেলিবলৈ গৈ আৰু পঢ়া টেবুলত বহিয়েই টোপনি মাৰি ঔ-কিল খোৱাৰ দৃশ্য। প্রতিটো দিনতে গম নোপোৱাকৈ সাঁচি আহো অলেখ সৰু বৰ অভিজ্ঞতাৰ অনুভৱ। অমূল্য অনুভৱ।

শিকিয়ে আছো। 'Life is all about learning'। মৃত্যুৰ অনুভৱলৈকে আমাৰ শেষ শিকা। বয়সৰ সৈতে অনুভৱবোৰ হয়তো সেয়ে সলনি হয় অহৰহ। শৈশৱৰ চঞ্চলতা, আৱেগময় যৌৱন, বাৰ্দ্ধক্যৰ গাম্ভীৰ্য্যতা- এই সকলোবোৰ জীৱন পাঠৰ একোটা
একোটা সুসংগঠিত অধ্যায়।

"আপোনাৰ ল'ৰা ডাঙৰ হ'ল কলেজ পালেগৈ।"- লাগিল খেলিমেলি তাতেই। মাটি কোমল।কি আকাৰত বান্ধ খাব সি বা তাই। ঘৰৰ কাষৰ এটা ঘটনা-

নৱম শ্রেণীৰ পুত্র সন্তানে তামোল কটা কটাৰি খন দেউতাকৰ ডিঙিত লগাই সুধিছে-

"দেউতা জান দিবি নে বাইক দিবি?"

-ঘটনাটো জানি কি প্রতিক্রয়া কৰিম বুজি নাপালো। ঘটনাৰ কাৰণ বিচাৰোটে মগজুত অত্যাধিক ক্রিয়া-প্রতিক্রিয়া হোৱাত কথাটোৰ বিষয়ে চিন্তা সাময়িকভাবে বন্ধ ৰাখিলো। ল'ৰাটোৰ, মা-দেউতাক নে সময় অথবা গোলকীয় সমাজ কাৰ দোষ বিচাৰ কৰিবলৈ ইতিমধ্যে যেন দেৰি হ'ল।

সন্তান ডাঙৰ হৈ অহাৰ লগে লগে হোৱা আনন্দৰ লগতে বান্ধ খাই থকা এৰাব নোৱাৰা চিন্তাবোৰৰ সৈতে আমাৰ মা-দেউতাবোৰ। তাতে কলেজ গৈয়ে যদি নিজৰ সন্তান কাৰোবাৰ প্রেমত পৰিছে বুলি গ'ম পায় তেতিয়া চিন্তাবোৰ নানান দুঃচিন্তাৰ সমষ্টি হয়। যৌৱনৰ ধুমুহাই আৰু আত্মবিশ্বাসে আনহাতে সন্তানৰ মনত সদায় এই অনুভৱ আনি দিয়ে যে "আমি যি কৰিছো সেইোৱে শুদ্ধ"। 



এখন কোনোপক্ষই হাৰ মানিব নিবিচৰা এনে শীতল যুদ্ধ বহুতৰ ঘৰতে চলে। এনেযুঁজৰ সঠিক পৰিণতি সময়ৰ হাতত থাকে। সময়ত যেতিয়া 'ভাল লগা' আৰু 'ভাল পোৱাৰ' বিশাল প্রভেদ চকুৰ আগত নিজে আহি ধৰা দিয়েহি কথাবোৰ আকৌ সহজ হৈ যায় যেন একো হোৱাই নাছিল। এক অদ্ভুত কেমেষ্ট্রিয়ে সদায় ক্রিয়া কৰি আহিছে আমাৰ সম্বন্ধ আৰু মৰমবোৰৰ মাজত। জীৱনৰ এনে একোটা সোণালী সন্ধিক্ষণৰ তিঁতা-মিঠা অনুভৱ আৰু অভিজ্ঞতাবোৰে কৰি তুলে জীৱন উপভোগ্য।

সময় প্রতি পলকতে দূৰন্ত গতিত উৰা মাৰে । চাই থাকোতেই এখন ঘৰৰ ভিতৰতে বাঁহ লয় আন এখন ঘৰে। চকুৰ আগতে নিজৰ সন্তানৰ কোলাত আন এটি সন্তান। কিমান শৃংখলাবদ্ধ সময়ৰ নিয়ম শিকাৰ নিয়ম। কিমান শৃংখলাবদ্ধ সময়ৰ দায়িত্ব পৰ্য্যাবেশনৰ শৃংখল। মা-দেউতাৰ প্রম'শ্যন হয় ককা-আইটালৈ। নষ্টালিয়াৰ এখন সেউজ পাহাৰত বাস কৰিব আৰাম্ভ কৰে মা-দেউতাই, পাতিবলৈ আৰাম্ভ কৰে গোটেই জীৱনজোৰা এসাগৰ কথা।

কথাৰ প্রথমেই হয়তো মা- দেউতাই আত্ম তৃপ্তিৰে কৈ হাঁহে-

"চোৱ।চোন, সৌ সিদিনা কান্দি কান্দি স্কুললৈ যোৱা আমাৰ কণমানিটোৰ দুহাতত
আজি আমাৰ কণমানিটোৰ কণমানিটো ......।"

-ৰক্তিম-
০৩ আগষ্ট/১২
বেংগালুৰু

মাৰিআচি -(নানা দেশ নানা গীত-৪)


মেক্সিক'ত 'মাৰিআচি' সম্পৰ্কে এষাৰ কথাৰ প্রচলন আছে- " মেক্সিকান টাকিলাতকৈও অধিক মেক্সিকান অনুভৱ একমাত্র মাৰিআচিত আছে, টাকিলাৰ অবিহনে মাৰিআচিআৰু মাৰিআচিৰ অবিহনে টাকিলা সদায় লজ্জাজনকভাবে অসম্পূৰ্ণ।"

'মাৰিআচি' নামটো কম বেচি পৰিমানে সকলোৰে চিনাকী বা পৰিচিত। বিশেষকৈ যি সকল মেক্সিকান বা লেটিন আমেৰিকান (পটভূমিৰ) ছবিৰ লগত পৰিচিত তেখেতসকলৰ বাবে মৰিআচি শব্দটো অতি চিনাকী। Antonio Banderas-ৰ অতি জনপ্রিয় 'Desperado' ছবিখনত তেঁও কৰা "মাৰিআচি" নামৰ চৰিত্রটোৱে শব্দটোক আৰু অধিক জনাজাত আৰু প্রসাৰতা দিয়ে।

'মাৰিআচি' মেক্সিক'ৰ অতি জনপ্রিয় এক লোকসংগীতৰ প্রকাৰ। মেক্সিকান সকলে মাৰিআচিক সদায়সংগীতৰ উদ্ধৰ্ত বুলি গণ্য কৰি আহিছে। মাৰিআচি বুলি ক'লে মাৰিআচি গীত, মাৰিআচি গোৱা গায়কসকল আৰু মাৰিআচি সংগত কৰা বাদ্যযন্ত্রী সকলোকে বুজোৱা হয়। 'মাৰিআচি' শব্দটোৰ মূল ফৰাচী শব্দ “mariage "বুলি জনাজায়। যাৰ অৰ্থ হ'ল বিয়া। বহুলোক এই ক্ষেত্রত সহমতনহয় আৰু মাৰিআচি শব্দটোৰ মূল লৈ বিজ্ঞ সকলৰ মাজত আজিও মতবিৰোধ আছে।  কোনোকোনোয়ে কয় যে 'মাৰিয়া এইচ' নামৰ  এগৰাকী কুমাৰীৰ বাবে আয়োজিত এক সংগীতমূখৰউৎসৱৰ পৰাই 'মাৰিআচি' নামোৰ সৃষ্টি হ'ল।


'মাৰিআচি' গীতসমূহৰ বিষয়বস্তু মূলতঃ পুৰুষত্ব (machismo), প্রেম, প্রতৰণা, মৃত্যু, ৰাজনীতি,বিপ্লবী বীৰ আৰু কেতিয়াবা কোনো পশু-পক্ষীও হোৱা দেখা যায়। La Cucaracha মেক্সিক' বীপ্লৱৰসময়ৰ এটা অতি জনপ্রিয় মাৰিআচি গীত। Mariachi Vargas de Tecalitlán-ক আটাইতকৈ পুৰণি মাৰিআচি গোট বুলি চিহ্নিত কৰা হৈছে। গেছপাৰ ভাৰগাছে ১৮৯০ দশকৰ শেষৰ ফাললৈ ইয়াৰ গঠন কৰিছিল। 


আজিৰ দিনত এটা মাৰিআচি গোটত সাধাৰণতে ৮খন পৰ্য্যন্ত ভায়লীন,২টা ট্রামপেট আৰুএখন বা দুখন গীটাৰৰ থাকে। guitarrón বেচ গীটাৰ, মেক্সিকে'ন ফ'ক হাৰ্প আদি মাৰিআচিৰ লগত ইতিমধ্যো ব্যবহৃত আন কিছুমান বাদ্যযন্ত্র। মাৰিআচি গোটৰ সদ্যসকলে সাধাৰণতেবগা পেন্ট, বগা চোলা আৰু এটি বিশেষ টুপী পৰিধান কৰে।

মাৰিআচি গীতৰ গুঞ্জন আজি পৃথিৱীৰ বহু দেশত শুনা যায়। মেক্সিক'ৰ সংস্কৃতিৰ এটি মূল অংগ মাৰিআচিৰ উৎসৱ প্রতি বছৰৰ চেপ্তেম্বৰ মাহত মাৰিআচিৰ জন্মস্হান বুলি জনাজত জেলিচক'তউৎযান কৰা হয়।

Friday, July 13, 2012

মই অকনু ভূঞাই কৈছো....

মোৰ পৰিচয় আপোনালোকক মই বেলেগে দিয়াৰ প্রয়োজনবোধ নকৰো। সাংবাদিকতা মোৰ পেচা। আপোনালোক প্রতিজনৰ ঘৰত মোৰ মাত আৰু মগজুত মোৰ চাপ মই ইতিমধ্যোই স্পষ্টকৈ এৰিছো। এটা জাতিৰ মান-সন্মান ৰক্ষা বা নষ্ট কৰাৰ ক্ষমতা আজি মোৰ হাতত আছে বুলি ন-দি নকলেও হব। আপুনি কি চাব, আপোনাৰ সন্তানে কি শিকিব তাৰ সিদ্ধান্ত মই ল'ম। দুষ্টক ৰাজহুৱাকৈ শাস্তি মই দিম। ৰাইজক শাসক, বিচাৰক মই বনাইছো। জনগনক গণতন্ত্রৰ প্রকৃত অৰ্থ আৰু স্বাদ মই দিছো।

অসম প্রগতিৰ পথত। মই অকনু ভূঞাই আনিছো প্রগতি। ৰাইজক সকলো খবৰ লাইভ দেখুৱাও মই। দুনীয়া 'লাইভ' কৰি দিছো মই। মানুহৰ 'লাইফ' 'লাইভ' কৰি দিছো। হত্যা, ডকাইতি, গৃহ-বিবাদ, পতি-পত্নীৰ কাইজিয়া,পৰকীয়া প্রেম,অবৈধ সম্পৰ্ক, জোতা চুৰ, চেণ্ডেল চুৰ, মানুহ চুৰ, সকলো লাইভ।ডাঁৰৰ বতৰা ডাঁৰে ডাঁৰে লাইভ দিও। ৰাজপথৰ মাজমজিয়াত যুবতীক গণ-ধষৰ্ণৰ চেষ্টা লাইভ দেখুওৱাই গোটেই ৰাষ্ট্রতে জনাই দিছো 'অসমীয়া কোন' 'মই কোন' আৰু আমি কিমান দাম্ভিক। বিশ্ববাসীৰ আগত জাতীয় গৌৰব অক্ষুণ্ণ ৰখাৰ বাবে ইউটিউবোত এৰিছো গণ-ধষৰ্ণৰ চেষ্টাৰ লাইভ ভিডিঅ। মোৰ জাতি প্রেম, দেশ প্রেমক সন্দেহ নকৰিব। অসমীয়াৰ সাধাৰণ জ্ঞান বঢ়াবলৈ দেশ-বিদেশৰ নানা খবৰ মোৰ 'ইণ্টাৰনেচনেল ডেক্স'ৰ (deks??) জৰিয়তে প্রতিদিনে দিয়েই আছো।

মোক বেয়া পোৱা মানুহবোৰক কও যে মোক বেয়া পাই আপোনালোকে মোৰ
নোম এডালো লৰাব নোৱাৰে। সাংবাদিকতা মোৰ পেচা কিন্তু ৰাজনেতা সকলক 'ভক্তিশেল' মৰাটো মোৰ নিচা। মোৰ ক্ষমতা চাওক, প্রতাপী ৰাজনেতা সকলে নিজেই শেলডাল বনাই মোৰ হাতত তুলি দি যায়হি। মই খালী শেলডাল মাৰিবহে লাগে। গতিকে কোনো ঘটিৰাম-বাটিৰামে মোক বেয়া পায় যদি পাওক, মোক ভাল পোৱা ডাঙৰ ডাঙৰ মানুহৰ অভাব নাই। কিছুমানে আকৌ মই কথা ক'লে থুইৰ চিটিকণি বৰ বেছিকৈ পৰে কাৰণে বেয়া পায়। সেই বিষয়ে মই একো মন্তব্য নিদিও।

মোৰ অৰিহনা যদি আপোনাোকে অগ্রাহ্য কৰিব বিচাৰিছে কৰক
মই 'অকথ্য'বোৰ কৈয়ে যাম। মই ইতিমধ্যো বহুদূৰ শিপালো।
মই ইতিমধ্যো এটা এৰাব নোৱাৰা নিচা হ'লো। মই যদি বেয়া তেন্তে
ভুল আপোনালোকৰো আছে। প্রথমে, নিজক প্রশ্ন কৰক । মোক চাবলৈ
মই কাকো বাধ্য কৰা নাই। সন্ধিয়াৰ ৭ ত আপুনি নিজেই আহি সকলো
বাদ দি মোৰ সমুখত বহেহি। মোৰ বাতৰিৰ সকলো আমেজ লৈ তাৰ পিছত
মোক গালি পৰা দুমুখীয়া নীতিটো মই ঘোৰ নিন্দা কৰো। প্রতিদিনৰ ঘটনা
এইটো। আপোনালোকৰ ৰুচিবোধ আপোনালোকৰ ব্যক্তিগত বিষয়। বুকুত হাত থৈ কওক তৰল বাতৰি সচাকৈ বেয়া পাই বুলি। প্রকৃততে বেয়া পোৱা হ'লে মই আজি নাথাকিলো হয়। মই যদি অপৰাধী মোক বিনাশ কৰাৰ ক্ষমতাও আপোনালোকৰ হাততে আছে। যদি ইমান বেয়া পায় মোক তেনেহ'লে বিনাশ কৰক মোক আপোনালোকৰ মনবোৰত। মোৰ মূখ আপোনালোকৰ টেলিভিশ্যনত নোচোৱাৰ পণ লওক।

স্পষ্টকৈ কব গ'লে-মই বেপাৰী। বাতৰিৰ বেপাৰ কৰো মই। ভাল-বেয়া সকলো বাতৰিৰ বেপাৰ কৰিম কাৰণ লাভ কৰাটো মোৰ উদ্দেশ্য। মোৰ বিজনেচ টাৰ্গেট আছে। মই টাৰ্গেট এচিভ কৰিবলৈ যি বেচিব লাগে তাকে বেচিম। নৈতিকতা, দায়িত্ববোধৰ বিষয়ে ভাববলৈ মোৰ সময় নাই। টাৰ্গেট এচিভ নকৰিলে মোৰ 'গড-ফাডাৰে' মোক মই 'ৰিফিউজ' কৰিব নোৱাৰা প্রস্তাব দিব। আপুনি মোৰ দোকানৰ পৰা কি বুটলী লয় বা কি নলয় অথবা মোক একেবাৰে যদি বাদো দিয়ে সেইটো আপোনৰ সিদ্ধান্ত। বস্তু বেচা ন'গলে দোকান নিজেই বন্ধ হ'ব। আপোনাৰ দুবৰ্ল মনৰ দুবৰ্ল সিদ্ধান্তৰ পৰিণতিৰ বোজা মই 'অকনু ভূঞাই' লব নোৱাৰো। আপোনাৰ দুবৰ্লতাবোৰে মোক শক্তিশালী বনাইছে।

অপ্রিয় সত্যতো হ'ল মোক 'অকনু ভূঞা' আপোনালোকে বনাইছে।
আপোনালোকে ভণ্ডামী বাদ দিয়ক,
মই সাংবাদিকতা বাদ দিম...

(ঘটনা, পাত্র কাল্পনিক। বাস্তবৰ লগত সামঞ্জস্য আকস্মিক)

-ৰক্তিম-
১৩ জুলাই.১২
বেংগালুৰু


https://www.facebook.com/photo.php?fbid=323037317789879&set=a.110118222415124.19470.109773015782978&type=1&relevant_count=1

Monday, July 9, 2012

ছবি (১)



 মোৰ 'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..' বুলি লেখাটোৰ বাবে আকিঁলো। 
বহু দিনৰ পৰত ৰং চুলো। অনন্য অনুভৱ। :-)


Tuesday, July 3, 2012

বেশ্যা- (২)


তোমাৰ প্রেমত মই আকৌ পাগল হ'লো..

প্রথমে নামিলা চকুৱেদি মনলৈ
লাহে,লাহে
এখোজ-দুখোজ কৈ...

আন্ধাৰৰ মায়াবী চাদৰেদি ঢাকি 
সাবটি ল'লা মোক কোনেও নেদেখাকৈ তোমাৰ দুবাহুত..
আঁকি দিলা মোৰ ওঁঠত তোমাৰ উন্মুক্ত চুমা

তোমাৰ আবেশত মই টোপ্ টোপ্ কৈ গ'লি সৰিলো
তোমাৰ বক্ষত ..

বৈ গ'ল মোৰ সত্ত্বা নৈ হৈ 
তোমাৰ পিছল শৰীৰেদি মাটিলৈ

তুমি নামিলা মনৰ পৰা তেজলৈ 
লাহে,লাহে
এখোজ-দুখোজ কৈ...

তুমি মোৰ ৰাতিৰ লগৰী 
তুমি মোৰ শীতৰ শেতেলীৰ ওমাল চাঁদৰ 
পোঁহৰ বেয়া পোৱা তুমি,
তোমাৰ ৰঙা গালত
কৃষ্ণপক্ষ আকাশৰ চিকমিকনি

ঋতু আহে ঋতু যায় 

মোৰ জীৱন গ'ল 
তোমাৰ যৌবন নগ'ল
তোমাৰ নগ্ন প্রেমত 
অলেখ মাতাল হ'ল

তুমি নামিলা তেজৰ পৰা মাটিলৈ 
লাহে,লাহে
এখোজ-দুখোজ কৈ... 





-ৰক্তিম-
০৩ জুলাই/১২
বেংগালুৰু

Sunday, July 1, 2012

দেওবৰীয়া টাইমপাচ


দেওবাৰটো আৰাম কৰা দিন। বেছি আৰাম কৰিলও আমণি লাগে। "ফৰ্চড বেচ্চেলৰ" হৈ বহি আছো বহু দিনৰ পৰা। পত্নী-ছোৱালী তেজপুৰত। বন্ধ দিনকেইটাত ঘৰখন বেছি খালী খালী লাগে। কিবা এটা কৰো বুলি ফটো অলপ গোটাই লৈ কাম এটা কৰিলো...মন গ'ল মোৰ ডাঙৰ অকব পৰিয়ালটোক মোৰ সৰু পৰিয়াল আৰু বন্ধুৰ খবৰ ছবিৰে দিবলৈ । মোৰ "দেওবৰীয়া টাইমপাচ"...


-ৰক্তিম-
০১জুলাই/১২
বেংগালুৰু

Saturday, June 30, 2012

এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে..

যীশুঁৰ তেজেধোৱা শৰীৰটোৰ পৰা বগা চাঁদৰ খন আতৰাই লৰা-ছোৱালী জাকে ৰুলে ভগবানৰদেহত খুঁচি খুঁচি এজোপী গোঁলাপ। সাৰ পাই উঠো উঠো ভগবান। গৰ্ভ ৰুগ্ন মাটিৰ অসুখ ধূলিসাৎ কৰাৰ হেঁপাহ সিহতৰ হাঁহিত। সিহতবোৰে সৰুতেই বুজিছে-
পৃথিবীত থকা কেইদিন পৃথবীৰ পৰা লুকাব নোৱাৰি। জীয়াই থকা কেইদিন কেৱল জীয়াই থকাৰ যুঁজ দি থাকিলে জীয়াই থকাৰ সংজ্ঞাত ঘূণে ধৰিব। পাৰ চৰাইৰ আঞ্জাৰ আমেজ নুবুজা মূৰ্খ শিশুৰ দল।

লুকুৱাই ৰাখিব লাগে নিজক। পোঁহৰ পৰিব দিব নালাগে মনৰ কোঠালীত। অস্পষ্ট মৎসকন্যাৰ নাঙঠ অবয়বৰ মায়াত সাগৰ তলিত মুকুটাৰ চিকমিকনি। বৰষুণ, বৰষুণ সপোণ। দুৱাৰখন ভালকৈ লগাবা ন'হলে বৰষুণত নামি অহা অভিমানে বাঁহ ল'বহি তোমাৰ ৰাতিৰ নীলা চাঁদৰত। লুকুৱাই ৰাখিবা নিজক, এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে। প্রেম আত্মঘাটি নহয়।

মোক তোমাক লাগে, তোমাক মোক লাগে। ভোকতুৰক ভাত লাগে। আবেগ, প্রয়োজন ইত্যাদি ইত্যাদি। জীয়াই থাকিবলৈ লাগে কাৰোবাক মন ভৰাই, কাৰোবাক পেট ভৰাই সুখ । আকাশৰ প্রেম, মঙহৰ প্রেম, ডাষ্টবিনৰ প‍্রেম ?? 'ভালপোৱা তেঁজ' শৰীৰৰ ভিতৰত বয়। ওলাই অহা তেঁজত দুখ বিৰিঙে।

খেলি থাকিবা, ভাগৰত পৰি নোযোৱালৈকে। গায় যাবা গান মনত তেজ নিবিৰিঙালৈকে। লিখি যাবা
কবিতা শব্দৰ অন্তলৈ। আঁকি যাবা সপোন মৃত্যুৰ চোতাললৈ। মুক্তিৰ আবেলিত হাঁহি বিৰিঙিব। ভগবানক গৈ কবা মই মানুহ। গাজা ষ্ট্রিপ, আমেৰিকা, আফগানিস্তানৰ বা আফ্রিকাৰ নহয়, পৃথিবীৰ "মানুহ"। মাডাৰ টেৰেজা, গান্ধী, মেণ্ডেলাক ভালপোৱা "মানুহ"।

লৰা-ছোৱালী জাকৰ ফুল ভগবানৰ দেহত ফুলিছে। যীশুঁ সাৰ পালে। সুধিলে- "মোক কোনে জগালে? মোৰ তেজ কিয় শুকোৱা নাই?" সিহতে ক'লে "এয়া আমাৰ আই- পিতাইৰ তেজ, সোনকালে শুকাব।"





-ৰক্তিম-
৩০জুন/১২
বেংগালুৰু

Saturday, June 23, 2012

‎'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..

অপেৰা গায়িকাজনীৰ মাতটো এটা শিহুৰ দ'ৰে মোৰ তেজত ডুব মাৰি
নোহোৱা হ'ল। সুমেৰুৰ পৰা নামি আহিছে বৰফবোৰ এটা কেতিয়াও
নুশুনা শব্দ কৰি মনে, মনে। বাকী মানুহবোৰ পৃথিবীৰ পানীত নামি
হেৰাই গ'ল পৃথিবীৰ তলিত। মা-পিতাইৰ বিচনা খন খালী। ভাইটিৰ
চোতালত পৰি থকা চোলাটোৰ লগত খেলি আছে মেকুৰীটোৱে। সি
একো নাজানে। বিচাৰিলে অপেৰা গায়িকাজনী তাৰ তেজতো ওলাব চাগৈ.. 

চকুত চকু থ'লে প্রেম ন'হয়। কাৰোবাক দেখি মনটো কপি উঠিলে প্রেম
হোৱা বুলি ভবা বোৰ তৰাবোৰৰ লগত লুকা-ভাকু খেলিবলৈ গ'ল। আকাশ
খন নামি আহিল। সিঁহতবৰ নাহিল। মৰিব ময়ো পাৰিম, প্রেমত জীয়াই থাকি
দেখুওৱা মোক ৰমিঅ'। ৰবীন্দ্র সংগীত শুনিবা নিশা দুপৰত অকলশৰে, মই
কি কৈছো বুজিবা। মৃত্যুশীতলতাৰ আবেগ বচা চাঁদৰ খনে যেতিয়া টোপনীৰ
ৰূপ লয় সাৰ নাপাবা কাহানি। নিবাচাৰিবা কাহানিও জানিব প্রেমৰ সংজ্ঞা। প্রেমৰ
জগৰত যে গ্রহণ লাগে পৃথিবীৰ..

পিতাইৰ কোলাত থাকোতে দেখা জুইৰ লানি নিচিগা সোঁতবোৰ কাৰোবাৰ
বুকুৰ আজিও উদাত্ত ৰঙা অঙঠা। জুই জুই হৈয়ে থাকক। ভুলকৈ জ্বলা জুইৰ
ভমক বেছি। চাৰিওফালে ভালকৈ চালে ধোঁৱাবোৰ দেখি। কিছু নতুন, কিছু
পুৰণি আৰু কিছু কেচা তেজ মিহলি ধোঁৱা..চিনাকী...

বুকুৰ ভিতৰত ডুবি থকা 'টাইটনিক'খন বিচাৰি উলিয়ালে মৰাঁশবোৰ পাম।
লুণীয়া পানীৰ মাছ মই। বেলিৰ পোহৰে চুব নোৱাৰা সাগৰৰ গভীৰতাত মোৰ
সপোনৰ ঘৰ। মকৰাৰ কংকালেদি সজোৱা মোৰ প্রেমৰ কোঠালী। আহিবা, 
কিন্তু হাতত লৈ আহিবলৈ নাপাহৰিবা মোৰ প্রিয় তেজাল বুঢ়াটোক ৰঙা বটলৰ
মাজত। এদিনৰ বাবে আমি আদিম হ'ম। আডাম আৰু ইভ হ'ম। পৃথিবীক প্রথম
'মা' বুলিম। আকৌ কামোৰিম অভিশপ্ত আপেল। আমি 'পৃথিবী' হ'ম পুণৰবাৰ...

'নতুন' ফুলিব সপোন হৈ আকৌ এবাৰ..

-ৰক্তিম-
২৩জুন-১২
বাংগালুৰু

Saturday, June 16, 2012

মেকুৰী, বৰ্ত্তমান, প্রেম আৰু মানুহ

মুখত পোৱালী কেইটালৈ ঘৰ বিচাৰি ঘূৰি ফুৰা মেকুৰী জনীৰ লেখীয়াকৈ জীবনটো চলাই নিম বুলি ভবা মানুহ বহু আছে। কোনো 'প্রত্যুৎপন্নমতী' কোনো 'যত্ভবিষ্য' কোনো 'অনাগতবিধাতা'। সকলোৰে নিজস্ব গতি আছে। শেষ আছে। আমি সকলো উপঙি আছো, গৈ আছো সময় সাগৰত। ক'লৈ? ক'ব পৰা জন ভগবান (?)।

জীবনৰ সংজ্ঞা ব্যক্তিবিশেষে সদায় বেলেগ। পৰীক্ষাৰ কাৰণে মুখস্ত কৰাৰ দৰে জন্ম-মৃত্যুৰ মাজৰ সময়ছোৱা আনৰ জীৱন চাই মুখস্ত কৰিব নোৱাৰি। 'বৰ্ত্তমান'- অতীত পাৰ কৰি ভবিষ্যতলৈ যাব বিচৰা এক দূৰন্ত যৌবন। বৰ্ত্তমান- এডাল সৰল ৰেখা। তিনিটা ষ্টপেজৰ এক সৰল ৰেখা- কালি,আজি আৰু কালি। বৰ্ত্তমান- জীৱন।

পৃথিবীখন এটি ধুলিকণাৰ দহ হাজাৰ অৰ্বুদ ভাগৰ এক বুলি ক'লে নিশ্চয় বিশাল বুলি কোৱা হব, যদি আমি মহাকাশৰ সংজ্ঞা বিচাৰো। সেই পৃথিবীৰ মাজত 'আমি'। আমাৰ মাজত 'মই'। মোৰ মাজত 'অহংকাৰ'। অহংকাৰৰ মাজত 'পতন'। কিমান সুস্পষ্ট নিয়ম। কিমান বিধিসন্মতভাবে আমি শেষ কৰো আমাক। নিশ্চিত 'অন্ত'ৰ জ্ঞান থকাৰ পাছতো 'জীৱন-বিজ্ঞান'ৰ 'পতনৰ নিয়ম' মানি চলা যেন এক আদিম নিচা। 'জীৱন' নিচাৰ লগত প্রায় হাৰে জীৱনৰ নিচা বুজি নোপোৱাজনৰ হাতত। বেয়াৰ পোহৰত ভালটো সেয়ে হয়তো আটাইতকৈ বেছি জিলিকে।

'প্রেম'- মোৰ জীৱন তোমাৰ হাতত, তোমাৰ জীৱন মোৰ হাতত। 'থিঅ'ৰি অফ পেৰেডক্চ অফ লাইফ'। জীৱনৰ চফ্টৱেৰটো খেলিমেলি কৰি দিয়া এটা স্ববিৰোধী বাগ (?)। ব্যক্তি আৰু ঘটনাবিশেষে স্বাদ তিতা বা মিঠা। মানুহক জ্ঞানী কৰে বা সাজে জধামূৰ্খ। অভিজ্ঞতাৰ নিচাহীন সুৰাত এচুমুক নিশ্চিত সকলোৰে। আমি ডাঙৰ হও তেনেকৈয়ে।

এখন পৃথিবী। সকলো এক হ'ম। কথা পাতিম, গান গাম। যাত্রা কৰিম পৃথিবীৰ শেষলৈ একেলগে। প্রেমকো দেখুৱাই দিম প্রেমৰ তলি উদং হোৱাকৈ ইজনে সিজনক ভালপোৱাৰ হেঁপাহ আমাৰো আছে। মানুহৰ প্রতি মানুহৰ হেঁপাহ। মানুহৰ প্রতি মানুহৰ মৰম।

মেকুৰীৰ হেনো ৯টা জীৱন।

আমি মানুহ...

এটা জীৱনত ৯ টা জীৱন জীয়াব লাগিব...মানুহ হৈ।

-ৰক্তিম-
১৬ জুন-১২
বাংগালুৰু







https://www.facebook.com/groups/axomiyakothabotora/permalink/400460740006428/?notif_t=like

Monday, June 11, 2012

-বেশ্যা- (কথা কবিতা)

মোৰ প্রেমত তুমি পাগল।

বুজি পোৱা হোৱাৰ পৰাই মোৰ কাৰণে বলিয়া তুমি।
লোকৰ হাতত মোক দেখিলে জ্বলা।
মোক পাবলৈ তুমি মাৰিবও পাৰা, মৰিবও পাৰা।
মানুহৰ পৰা পশু হবলৈ লাগে এপলক।
মোৰ খাতিৰত তুমি এৰিব পাৰা মা-পিতাই, ভাই-ভনী সংসাৰৰ সকলো।
মোৰ বৰ ভাল লাগে এই বলীয়ালি।
যদিও মোৰ হাজাৰ প্রেমিক তথাপি মোক সাৱতি তুমি কৰিব বিচাৰা দিন-ৰাতি বিলীন।

মোৰ যে তুমি পাগল প্রেমী।

কিন্তু এটা কথা ভালকৈ জানি থবা মোৰ ৰ'মিঅ,
তোমাৰ জুলিয়েট যে "বেশ্যা"

মই যে "বেশ্যা"

এনেদৰে ভালপোৱাৰ আগতে ভালকৈ জানি লবা মোৰ চৰিত্র। পিছত মোক নোদোষিবা।
সকলোৰে হাতৰ উঁম পিটপিটাই ফুৰে মোৰ দেহাত। 

মই চিৰযৌবনা। মানুহৰ চৰিত্র নষ্ট কৰি ভাল পাঁও মই।

তোমাকো নষ্ট কৰিম।

বেশ্যাৰ প্রেমত কিন্তু এনেকৈ মতলীয়া ন'হবা।
শুকাব ধৰা দেহা জীণ গ'লে একো নাপাবা।

টকলা প্রেমিকটো এতিয়াও লিপিট খাই আছে দেহাত, এৰাব নোৱাৰা মায়া....

পৃথিবী মোৰ নিশাৰ আলহী

মই যে "বেশ্যা"...



-ৰক্তিম-
জুন ১১/ ১২
বাংগালুৰু



Prostitute

You are madly in love with me.
Since the first day you came to know me, you love me..
You burn with jealousy when you see me with others
You can kill many and you can die to get me
You can be an animal for me
You can leave the world behind just to be with me

I like your madness
Even though I have got thousands of admirers,
Still you want to embrace me and forget everything else

You are a mad lover

But know one thing very well my Romeo
That your Juliet is a prostitute

I am a prostitute

Before you love me so deeply, know my character
Please don’t blame me afterwards

Everyone keeps fondling my slender body
But I am forever young
I like destroying characters of people
I will destroy yours too my lover

Don’t be so mad in loving a prostitute
You won’t get anything when this thin body of mine dries up

The bald lover is still holding my body tight
The world is my guest of the night


_____________________________________________________________________________________________


(English version is translated by Rajib Ranjan Nath)
https://www.facebook.com/rajib.ranjan)




https://www.facebook.com/groups/axomiyakothabotora/permalink/398195770232925/?notif_t=like
চিত্র উৎস:http://www.oknation.net/blog/narisza/gallery/32239