Sunday, July 29, 2012

'দি গ্রেট মাইগ্রেচন' আৰু এটা সহজ নিয়ম

"নঙলা মুখত ৰৈ আছিলি তই। 
আহিম, নাহিম একো নকলি। 
ময়ো ৰ'লো কিছুপৰ তোৰ ভাৱ নুবুজি। 
মোৰ চকু জাপ গ'ল, পলকতে তই মোৰ শোৱণিকোঠা পালি। 
মোৰ শেতেলী গ'লি অদৃশ্য হ'ল। 
কৈ গ'ল 'মোৰ বুকু মলিন হ'ল'।"

মেলা, ঠিক এখন মেলা। আনন্দ মেলা নহয়। পোহৰ পোহৰ সকলো। মানুহ মানুহ চৌদিশ। আকাশ উজ্ৱল দুপৰ নিশালৈ ৰাতিৰ পাছত ৰাতি। দিনৰ পোহৰত টোপনিৰ হুংকাৰ। পেটৰ তলিত ইক' হয় ভোকাতুৰ নিগনি জাকৰ ক'ৰাচ। তথাপিও চিন্তা কৰিবলগীয়া একো নাই। সকলো সহজভাৱে ল'লেই হ'ল। মই 'হুটো', তই 'টুটচি'। , কেতিয়াবা তই মোৰ ৰজা, কেতিয়াবা মই তোৰ ৰজা। কোনে 
আমাৰ ৰাজপাট ভাঙে-পাতে তাক লৈ আমাৰ মতলব নাই। কেতিয়াবা মই তোৰ তেজ খাম, কেতিয়াবা তই মোৰ তেজ খাবি। আমিবোৰ মিলা প্রীতেৰে চলো। আমিবোৰ এনেকৈয়ে জীয়াই ঠাকিম। চিম্পল গিভ এণ্ড টেক পলিচি। এটা অতি সহজ আৰু সৎ নিয়ম মানি চলো আমি।

পুৰণি ঘৰবোৰ ভাল নালাগে। আমি নতুন ঠাইলৈ যাম। নতুন ঘৰ সাঁজিম। কিন্তু তাৰ আগতে তই মোৰ ঘৰ ছাই কৰিবি, মই তোৰ ঘৰ। মিলাই চলিব লাগে সদায় এনেদৰে। মৰম বাঢ়ে। চকুৰ চিনাকী তেজৰ চিনাকী হয়। আমিবোৰে আচলতে সময়ত দল পাতি থাকি ভাল পাঁও, দল পাতি যাও নতুন দুনীয়ালৈ। 'দি গ্রেট মাইগ্রেচন'- আজি আমাৰ, কালিলৈ সিঁহতৰ। বহুত হৈছে এনে 'গ্রেট মাইগ্রেচন' পৃথিৱীত। নাঁভি খণ্ডনৰ কাবাড্ডী। তেজবোৰৰ স্বৰূপ এনেও ৭ বছৰৰ অন্তৰে অন্তৰে সলনি হয়।

দেৱীক নৰবলী দিলে দেৱী সন্তষ্ট হয় বোলে। কিমান নৰবলী আৰু কিমান দিনৰ মুৰে মুৰে এই বলীৰ প্রয়োজন আমাৰ ধাৰণা নাই। কেতিয়াবা দেবীয়ে নিজেই আয়োজন কৰে এই বলীৰ। স্থান বিশেষে ৮ লাখ বা তাৰো অধিক মানুহ অদৃশ্য হৈছে একে ঠাইৰ পৰা। ইয়াৰ তুলনাত আমাৰ সংখ্যা এই ক্ষেত্রত এতিয়াও তেনেই নগণ্য। বিধিৰ বিধান, জন্মিলে মৰিবও লাগিব। কিন্তু কোনে এই মৃত্যুৰ
দিন বাৰ কি স্ৱাৰ্থত নিৰূপণ কৰিব সেই বিষয়ে আমি একো নাজানো। 

আমি উদাৰ। আমি কোনো জাতি, ধৰ্ম নামানো। আমি কেৱল গৈ থাকিম। কেতিয়াবা 'হুটো' আৰু কেতিয়াবা 'টুটচি' হৈ। কেতিয়াবা মৰি কেতিয়াবা মাৰি। আগতেই কৈছো নিয়মটো পোনপটিয়া আৰু সহজ। 

আমাক বিচাৰিলে ৰোৱাণ্ডা, উগাণ্ডা, জাৰ্মানী, পলেণ্ড, ইজৰাইল, বাংলাদেশ, গুজৰাট, অসম সকলোতে সহজতে পাব। প্রকৃতিৰ বুকুত ধ্ৱংসৰ কঠোৰ আইন মানি চলা আমিবোৰ চিৰসক্রিয় পৃথিৱীৰ অলিয়ে-গলিয়ে ।

-ৰক্তিম-
২৯ জুলাই/১২
বেংগালুৰু

No comments:

Post a Comment