Friday, October 19, 2012

সাহিত্য.অৰ্গৰ ১৫ নবেম্বৰ-১৫ ডিচেম্বৰ সংখ্যাৰ বিষয় বস্তু সম্পৰ্কে


দায়িত্বটোৰ কথা কাণ চোৱাওতে অলপ ভয় ভয় ভাৱ হৈছিল। অকব এজাক খুব প্রতিভাশালী, চিন্তাশীল আৰু সৃষ্টিশীল লোকৰ বিচৰণ থলি। এজনতকৈ আনজন ওপৰত। আজি কোনোবা অকব সদস্যই কিবা এটা ডাঙৰ কাম কৰাৰ আনন্দৰ মাৰ নৌযাওতেই আন এজনৰ তাতোকৈ ভাল খবৰ এটা দি আনন্দক আশ্চৰ্য্য লৈ পৰিবৰ্তন কৰাৰ ঘটনা অকবত লাহে লাহে এটা সাধাৰণ ঘটনালৈ পৰিণত হৈছে। সেয়েহে এনে এটি গোটৰ সম্পাদনাৰ কথা আহিলে মনটো সহজতে অতি সচেতন হয়। তাতে মোৰ চুলিৰ আজন্ম শত্রু দিগন্তই সাহিত্য.অৰ্গৰ মান আৰু এখোপ ওপৰলৈ উঠাই মোক আৰু অলপ চিন্তাৰ থল দি শত্রুতা গাঢ় কৰিলে। :-) এইখিনিতে উজ্বল দায়ে গোটতোৰ লগত চিনাকী কৰাই দিয়াৰ বাবে ধন্যবাদ জনালো। 

অকবত প্রথম লেখা দিয়া মূহুৰ্ততো মনত ভালকৈ আছে। বহুবাৰ চিন্তা কৰাৰ পিছত ভয়ে ভয়ে যি হয় হ'ব বুলি পষ্ট কৰিছিলো। ভাল হৈছিল বেয়া হৈছিল নাজানো কিন্তু অকব ৰাইজৰ আন্তৰিকতা আৰু উৎসাহে কলম থবলৈ নিদিলে। যোৱা ১০ দিনত ৩ তাকৈ লেখা ওলাল বাতৰি কাকতত। প্রকাশ হোৱা প্রথম লেখাটো চাই অকব-ক অগণন বাৰ ধন্যবাদ জনাইছিলো। অকব ৰাইজৰ প্রতি মনে মনে কৃতজ্ঞতা প্রকাশ কৰিছিলো। আৰম্ভণিৰ পৰা এতিয়ালৈ বিশেষভাবে গঠনমূলক পৰামৰ্শ আৰু উৎসাহ দি অহা প্রতীম দা আৰু বৰ্ণালী হাজৰিকাৰ শলাগ ন'ললে মনটো গধূৰ হৈ থাকিব। এই কথাবোৰ লিখাৰ এটা উদ্দেশ্য আছে এই উদ্দেশ্য আন একো নহয় "অকব- সমন্বয়ৰ এখন সৃষ্টিশীল সেউজ পথাৰ।" এই খন পথাৰৰ পৰা মোৰ দৰে বহুতে বিচাৰি পাইছে বহুদিন বিচাৰি ফুৰা মনৰ শইচ। এই পৃথিৱী আৱৰা সমন্বয় ক্ষেত্রখনৰ লগত মোৰ দৰে আন বহুতৰ গাঢ় আবেগ জড়িত হৈ আছে। জড়িত হৈ আছে, ভাষাটোক ই-পৃথিবীত আকোৱালী ল'বলৈ সুযোগকণ পোৱাৰ আনন্দ। এই মঞ্চখনৰ মৰ্য্যাদা অটুত ৰাখিবলৈ আমি সকলো ন-পুৰণি সদস্য সদায় যেন ঐক্যবদ্ধ হৈ থাকো। 

বিষয় বস্তু সম্পৰ্কে
_____________

নবেম্বৰ মাহটোৱে অসমীয়াৰ সাহিত্য-সংস্কৃতিক বহুত খিনি দিলে আৰু বহুখিনি কাঢ়িও নিলে। নবেম্বৰ মাহটোত অসমীয়া সাহিত্যৰ বহু কেইজন কাণ্ডাৰীৰ জন্ম হৈছিল আৰু এইটো মাহতেই কাঢ়ি নিছিল আমাৰ মাজৰ পৰা ডo ভূপেন হাজৰিকাৰ লগতে আন বহু কেইজনক। নবেম্বৰ মাহত জন্ম হোৱা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত উল্লেখনীয় ব্যক্তিসকল হল:

-বাণীকান্তা কাকতি- ১৫ নবেম্বৰ 
-মামণি ৰয়চম গোস্বামী- ১৪ নবেম্বৰ
-ৰঘুনাথ চৌধাৰি- ২৪ নবেম্বৰ
-বেণুধৰ শৰ্মা-১৬ নবেম্বৰ
-চন্দ্র কুমাৰ আগৰৱালা- ২৮ নবেম্বৰ
-লিলা গগৈ-২৫ নবেম্বৰ
-ৰজনীকান্ত বৰদলৈ-২৪ নবেম্বৰ

যদিও থিম নহয় তথাপিও আমাৰ মৰমৰ ভূপেন হাজৰিকা দেৱৰ লগতে উপৰোক্ত সাহিত্য কাণ্ডাৰী সকলৰ প্রতি সন্মান আৰু শ্রদ্ধা জনোৱাৰ এই সুযোগকণত মই সকলোকে অনুৰোধ কৰিব বিচাৰো যে - অকব সদস্য সকলে এই মহান ব্যক্তিসকলক বিষয়বস্তু হিচাপে লৈ নিজ নিজ সৃষ্টিশীল লেখাৰে আগন্তক সংখ্যাটি যেন সজাই তোলে। 

আপোনালোকৰ সহযোগ অবিহনে 'সম্পাদক' এটা আলংকাৰিক শব্দ মাথো।

সাহিত্য.অৰ্গৰ আগন্তক সংখ্যাক সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ সহযোগিতা কামনা কৰিলো ন-পুৰণি সকলোৰে পৰা।

শ্রদ্ধা সহকাৰে...

-ৰক্তিম-

https://www.facebook.com/groups/axomiyakothabotora/permalink/449946535057848/?notif_t=like

No comments:

Post a Comment