Monday, October 22, 2012

“..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..”



হয়, হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক- এই বুলিয়ে কৈছিল ৯ মহীয়া হিমাদ্রীৰ মাকৰ লগতে আন কেইবাজনেও। হিমাদ্রীৰ দৰে আন বহু কণ কণ শিশুৰে ভৰি আছিল বাংগালুৰু স্থিত নাৰায়না হৃদয়ালয়ৰ পশ্চম মহলা। মাক-দেউতাকৰ বিষাদে আচোঁৰা  মুখ খনক আওঁকাণ কৰি দৌৰি ফুৰিছে কেইবাটিও অসমীয়া কণমানিয়ে,  ৰঙা ৰঙৰ একোযোৰ পোছাক পিন্ধি । মিকি, ডনাল্ড, ৱিনিৰ কাৰ্টুনেৰে ভৰি থকা হস্পিতালৰ শিশু ৱাৰ্ডটোত আমাৰ কণমানিহতৰ যেন সময় নাই। দূৰ্গা পূজাৰ বতৰত  সিহতক ঘৰৰ পৰা দূৰৈত তেনে এটি পৰিবেশত দেখি মনটোত এক বুজাব নোৱাৰা অনুভৱে হাহাকাৰ কৰিলে। প্রতিটো শিশুয়ে বুকুট যে লৈ আছে এটি ব্যাধি। কলিজাৰ আজন্ম ব্যাধি



এটি এটি কৈ ২খন/৪ খন/ বা ৬ খন বিচনাযুক্ত আহল-বহল অতিকৈ পৰিষ্কাৰ পৰিচন্ন ৱাৰ্ডবোৰলৈ সুমাই গৈছিলো। কেইবাটিও শিশুক টোপনিতে পালো। সিহতৰ হাৰ্টৰ অস্ত্রোপচাৰ ইতিমধ্যেই হৈ গৈছে। সফল হৈছে। প্রথম সোমায়ে পাইছিলো ৫ অক্টোবৰতে অহা বঙাইগাৱৰ এটা পৰিয়ালক। ১৬ মহীয়া ৰক্তিম দাসৰ দেউতাকক। আজি প্রায় ১৭ দিন ধৰি চিকিৎসা চলি আছে।দেউতাকক সোধাত ক’লে যে পুৱাৰ পৰা নিশাৰ আহাৰকে সামৰি চিকিৎসাজনিত কাৰণত কোনো ব্যয় কৰিবলগীয়া হোৱা নাই ৰক্তিমৰ দেউতাকে । ৰিপৰ্ট সকলো থিকে থাকিলে দুই এদিনতে ৰক্তিমৰ হয়তো অপেন হাৰ্ট অস্ত্রোপচাৰ হ’ব। ৰক্তিমৰ গাত হাত বুলাই তাৰ মংগল কামনা কৰি কাষৰ বিচনানলৈ গ’লো। বিকাশ দেউৰী, বয়স ৩ বছৰ। ঘৰ লক্ষীমপুৰ। খুব মৰম লগা বিকাশে মাকৰ লগত যুঁজি যুঁজি অ,আ,ক,খ-ৰ ছবিৰে ভৰা কিতাপ এখন ডাঙৰ বেগ এটাৰ পৰা উলিয়াই লৈ পঢ়িব ধৰিছে। মই ওচৰ পোৱাত সি একেজাপে মোৰ কোলালৈ আহিল। সুধি গ’ল অগনণ  শিশুসূলভ বিস্ময়ভৰা  প্রশ্ন। মই উত্তৰ দি গ’লো হাঁহি হাঁহি। পলকতে বিকাশ মোৰ বন্ধু হ’ল। বিকাশৰ আজি অস্ত্রোপচাৰ হৈ গ’ল। সি হয়তো এতিয়া একান্তভাবে শুই আছে এটি নতুন জীৱন সাবটি। সি যে এতিয়া প্রাণভৰি পঢ়িব পাৰিব তাৰ প্রিয় কিতাপবোৰ আজীৱন। শান্ত স্বভাৱৰ বিকাশৰ মাকৰ লগত একো কথা নপতাকৈয়ে যেন বহু কথা পাতি পেলালো। লাহেকৈ আগুৱালো বৰপেটাৰ পৰা মাকৰ লগত অহা ৯ মহীয়া হিমাদ্রীৰ ওচৰলৈ। এটি শব্দও বিনিময় হোৱাৰ পূৰ্বে হিমাদ্রীৰ মাকৰ চকুত বিৰিঙি উঠিছিল চকুলো। ছোৱালীজনীক সাৱটি  ধৰি  কান্দি কৈছিলে-“এই সোণকনক ভাল কৰি লৈ যাব পাৰিলেই হ’ল। মোক আৰু জীৱনত একো নালাগে।“ হিমাদ্রীয়ে মোলৈ চাই হাঁহি আছিল। তাইক চুমা এটি খাই আবেগত উঠলি উঠা মনটোক চম্ভালি লবলৈ বুলি বাহিৰলৈ উলাই আহিছিলো।

“ আমি দুখীয়া মানুহ। ভগবানে আমাৰ ল’ৰা ছোৱালীক হতক এনে বেমাৰ দি কি ন্যায় কৰিছে বুজি নাপাঁও ? চৰকাৰে এইকণ সুযোগ নিদিয়া হ’লে আমি কি কৰিলো হয়? হিমন্ত বিশ্ব শৰ্মাই আমাক বচালে ”।  এজনে কোৱা কথা এইষাৰ। গুৱাহাটি চিকিৎসা মহাবিদ্যালয় চৌহদৰ পৰা পুৱা চৰকাৰী বাহনেৰে গুৱাহাটি বিমান বন্দৰলৈ নি তাত তেখেতসকল যাতে সুকলমে বিমানত পদাৰ্পণ কৰে অকল সেয়ে তদাৰক কৰা নহয়, বাংগালুৰু বিমান বন্দৰত অবতৰণ  কৰাৰ পিছত তেখেতসকলৰ বাবে নিয়োজিত কৰা আন এজন ব্যক্তিয়ে তেওলোকক নিয়াৰিকৈ নাৰায়না হৃদয়ালয়ৰ নিদিষ্ট কোঠা পোৱাইছিলহি। তাৰ পিছত আৰম্ভ হৈছিল পয্যায় ক্রমে চিকিৎসা। সময়মতে খাদ্য। মূহুৰ্তে মূহুৰ্তে আহি খবৰ লৈ থকা নাৰ্চবোৰৰ কথা কৈ মানুহজনৰ মনটো কৃতজ্ঞতাত দো খাইছিল বুলি সহজতে অনুভৱ কৰিব পাৰিলো।

ভুক্তভূগীসকলক তেখেতসকলৰ স্বত্বিৰ ক্ষণত লগ পোৱাৰ পাছতহে দকৈ অনুভৱ কৰিব পাৰি চৰকাৰী এই পদক্ষেপৰ মানবীয় দৃষ্টকোণটোৰ মহত্ব। নাৰায়না হৃদয়ালয়ৰ থকা প্রতিটো ক্ষণতে চৰকাৰী এইপদক্ষেপক কি বুলি প্রশংসা কৰিম তাৰ ভাষা বিচাৰি ফুৰিছিলো। এনে এক বিনামূলীয়া সেৱাৰ অভাৱত অত দিনে কিমান শিশু দূখীয়া মাক-দেউতাকৰ বুকু উদং কৰি গুচি গ’ল ভাবি মনটো গোমা হৈ উঠিল। মই এজন ৰাজনীতি বুজি নোপোৱা সাধাৰণ মানুহ। অসমৰ মুল সমস্যাবোৰ সমাধান নোহোৱা পৰ্য্যন্ত মোৰ বাবে চৰকাৰ সময়ে সময়ে দলীয় পোচাক সলনি কৰি জনগণক চলে-বলে-কৌশলে শাসন কৰিব বিচৰা, জনগণৰ দ্বাৰা নিৰ্বাচিত এক ব্যৰ্থ শাসকৰ সমষ্টি। এই অভিজ্ঞতাৰ পূৰ্বে চৰকাৰৰ কোনো মানৱ কল্যাণ আচঁনিয়ে আজিলৈকে মোক চুই যাবলৈ সক্ষম হোৱা নাছিল। ডক্তৰ শৰ্মাৰ দৃষ্টিভংগীক আৰু এই আচঁনিৰ সফল ৰূপায়ণক মই এজন “মানুহ” হিচাপে  হাজাৰবাৰ শলাগ ল’লো। কোনোবাই যদি ক’ব বিচাৰে এই আচঁনিও কোনো ৰাজনৈতিক মুনাফা আদায়ৰ মাধ্যম তেনেহ’লে ক’ম এনে ৰাজনীতি প্রতিজন ৰাজনীতিকে কৰক, বাৰম্বাৰ কৰক। চৰকাৰী এক সজ চিন্তা আৰু প্রচেষ্টায়ে কৰো বুলিলে ৰাইজৰ কিমান মংগল কৰিব পাৰে, ৰাইজৰ আশীৰ্বাদ বুটলিব পাৰে স্বচক্ষুয়ে দেখিলো, বুজিলো আৰু অনুভৱ কৰিলো। বিচাৰো আজিৰ চৰকাৰে শাসনৰ প্রতিটো দিশতে এনে পাৰদৰ্শিতা লভক। অসমক এটি শাসক দলৰ নহয় ৰাইজৰ সৰ্বাংগীন মংগল কৰা এখন চৰকাৰৰ প্রয়োজন।
নাৰায়না হৃদয়ালয়ৰ পৰা ওলাই অহাৰ বহু পৰ পিছলৈকে দূখীয়া মাক-দেউতাক সকলে  কোৱা “..হিমন্ত বিশ্ব শৰ্মাৰ মংগল হওঁক।..” কথাষাৰ মনত ঝংকাৰিত হৈ থাকিল।

-ৰক্তিম গোস্বামী-
০৯৯৮৬৩৩১০৭৫/
বাংগালুৰু

No comments:

Post a Comment