'আমি অসমীয়া'ৰ পত্রলেখা শিতানত প্রকাশিত মোৰ এখন চিঠি। ভনী মৈত্রেয়িৰ তাগিদাৰ ফল। ভনীলৈ মৰম আৰু কৃতজ্ঞতাৰে...
চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে? ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।
……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ….
….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।
-ৰক্তিম-
বাংগাল’ৰ
- সবিশেষ
- শিতান: অনুভৱৰ দিনলিপি
- লিখক: ৰক্তিম গোস্বামী
১৭ মে’-২০১১
লিপি,
মোৰ মৰমবোৰ সদায় তোৰ। চিঠিৰ জৰিয়তে বেলেগে দিয়াৰ প্রয়োজন নাই বুলি তই ভালকৈ জান। তই ঘৰ যোৱা আজি প্রায় ৬ মাহেই হ’ল। তোৰ অবিহনে যে মই এটা দিনো ভালকৈ কটাব পাৰিম মই কল্পনাই কৰিব পৰা নাছিলোঁ কিন্তু চাই থাকোতেই ৬টা মাহ এচাটি চেঁচা বতাহৰ দৰে গালে-মুখে কোবাই পাৰ হৈ গ’ল। এটা কথা বুজিলোঁ যে ‘সময়’ এক যাদুকৰি শক্তি।
চাকৰিৰ পৰা আহি ভাগৰি জুগৰি ঘৰ খনত সোমালে বৰ খালী খালী অনুভৱ হয়, জাননে? ভাৱ হয় যেন কোনো ল’জ এটাৰ চাৰিবেৰৰ কুঠৰী এটাত হে যেন সোমাইছোঁ। তই নাথাকিলে সঁচাকৈ সকলো উদং হৈ যায়। কিবা কৰি পেটত এগাল ঠেলি-হেচি সুমাই নিশা দুপৰলৈ টিভিৰ চেনেলবোৰৰ সলাই সলাই কেৱল তোৰ কথা মনত পেলাই থাকোঁতেই যায়। পুৱা পুনৰ মহানগৰৰ গতানুগতিক আমেজহীন ‘কপি-পেষ্ট’ লাইফৰ অংশ হৈ পৰোঁ। এক কথাত তই ওচৰত নাথাকিলে, তোক দেখি নাথাকিলে মোৰ বাবে পৃথিৱীৰ সকলো বস্তু ‘কামোৰ’।
মাজে মাজে মনত পৰে আমি দেওঁবাৰে সন্ধিয়া গীটাৰৰ তালে তালে গোৱা গীতবোৰৰ কথা। এটাৰ পিছত এটাকৈ গাই যোৱা ‘চিল্ক ৰোট’, শুভা মুডগল, বিষ্ণু-জ্যোতিৰ গীতবোৰ। তোৰ খুব ফেভৰেট শুভা মুডগলৰ গানটো ??? ‘দেৰে দেৰে’- চকু মুডি গানটোৰ লগত এক হৈ তই এই গানটো গাৱ। তোক সেই সময়ত চাই মোৰ নিজকে স্বৰ্গত থকা যেন লাগে। আজিকালি সন্ধিয়া গান গাবলৈ বহিলে মনতো কিয় নাজানো বৰ বেজাৰ বেজাৰ লাগে। মই জানো তই সোনকালে আহিবিগৈ কিন্তু মনটোয়ে একো নুবুজে, চকুটো তিতিলেহে মনটোৰ শান্তি। তই নাথাকিলে অকলশৰীয়া এই ঘৰখনত মোৰ যেন গান গোৱা অথবা গীটাৰ বজোৱা কোনো অধিকাৰেই নাই।
কেতিয়াবা খুব খং উঠে জান, লিপি? এই ডাঙৰ কোম্পানীবোৰ, ডাঙৰ ডাঙৰ গাড়ীবোৰ, ব্যয় বহুল অট্টালিকাবোৰ দেখিলে এফালৰ পৰা ভাঙি চিঙি গুড়ি কৰি যাব মন যায়। মানুহৰ মৰমবোৰ এইবোৰ বস্তুৱে পুতি পুতি গৈ আছে। মানুহে মানুহৰ খবৰ লোৱাতকৈ গাড়ীখনৰ খবৰ দিবলৈ বেচি ভালপোৱা হৈছে। কাৰোবাক মাক-দেউতাকৰ কথা সুধিলে তাৰ চমুকৈ উত্তৰ এটা দি আমেৰিকাত বা বিদেশত গৈ কি কি কৰিলে তাৰ বিষয়ে ভাঁটৌটোৰ দৰে ৰচনা এখন মতাত ব্যস্ত হৈ পৰে। তই জান এই কৃত্রিমতা মই অতিকৈ ঘিণ কৰা বস্তুবোৰৰ মাজত এটা। এই মানুহবোৰে এটা সাধাৰণ কথা কিয় বুজি নাপায় যে আমিবোৰ, আমাৰ চাকৰিবোৰ এখন বজাৰৰহে অংশ মাথোন। জীৱনটো বজাৰ নহয়। মানুহ বজাৰৰ পণ্য সামগ্রী নহয়। মই বুজি নাপাও দুটা টকা, বহুজাতীক বজাৰৰ অলপ চকমমকীয়া পোঁহৰত কোনোবা কেনেকৈ এক বজাৰ সামগ্রী হৈ হাঁহি হাঁহি জীৱন কটাই দিব পাৰে, নিজৰ মূল পাহৰি। জীৱন জীয়াই থকাৰ নাম - মানুহ হৈ, স্বাধীন হৈ জীয়াই থকা। নিবিচৰাকৈ তোৰ পৰা আতৰত থকা যাতনা ভূগিছোঁ। মাত্র দুপইছাৰ বাবে মা-পিতাই, আপোনজন, আপোন মাটিৰ সুৱাস এৰি এই অচিন ঠাইত জীয়াই থকাৰ সংগ্রামত নামিছোঁ। জীয়াই থকাৰ কঠিন যুঁজত, সময়ৰ তীব্র ঢৌঁৱে কেতিয়া আনি মোক এইখিনি পোৱালেহি একো ধৰিবই নোৱাৰিলোঁ কিন্তু এতিয়া বুজিছোঁ কৰবাত কিবা এটা ডাঙৰ ভুল ৰৈ গ’ল। কথাবোৰ জুকিয়াই চাবৰ হ’ল। কথাবোৰ নতুনকৈ ভাবিবৰ হ’ল। আমাৰ মাটিত বোলে বীজ চটিয়ালেই দুদিন পিছত আপোনা-আপুনি ফলে ফুলে বাঢ়ি আহে গছ।
……ৰ’, কিবাকিবি এসোপা কৈ পেলাইছোঁ। তোৰ লগত ইমান কথা পাতিব আছে যে কি লিখোঁ কি নিলিখো হৈছোঁ। তই জানই মোৰ মনটোত এসোপা ভাৱে অহৰহ ওণ্ডোলাই থাকে। মই সঁচাকৈ অতিস্থ হৈছোঁ। কালিলৈ কি আছে কোনে জানে? সেয়ে আজিটো পইছাৰ বাবে নে আপোনজনৰ বাবে কটোৱাতো উচিত সেইটো বেলেগে সোধাৰ হয়তো প্রয়োজন নাই। মানুহে নিজৰ প্রয়োজনবোৰ নিজেই বঢ়াই লয় আৰু পূৰ কৰিব নোৱাৰি জীৱনটোক দোষ দিয়ে অশান্তি চপাই আনে। অলপ কাপোৰ, এটা ঘৰ, দুবেলা দুসাঁজ- মোৰ মতে সকলোৱে এই কেইটা কথা অহৰহ মনত ৰাখিলে বহুতৰ বহু অসুখ নাইকীয়া হৈ যাব। বিশ্বাস কৰ লিপি, বস্তুবাদী নাটকবোৰ দেখি দেখি মাজে মাজে তোৰ লগত হিমালয়ৰ কোনো নামনিত ফলমূল খাই সংসাৰৰ এক নতুন আৰম্ভণি কৰিবলৈ মন যায় আৰু আমাৰ হ’বলগীয়া কণমানিটি হ’ব ‘মগলী’। হাঃহাঃহাঃ….কথাটো মা-দেউতাক সুধি চাবি। মই নিশ্চিত তোক আৰু মোৰ ওচৰলৈ নপঠিয়ায়। ক’ব ‘জোৱাই’ ৰ স্ক্রু ঢিলা হ’ল…হাঃহাঃহাঃ….
….হ’ব, আজি আৰু নিলিখোঁ। বেবেৰিবাংকৈ মনলৈ যি আহিল কিবাকিবা লিখিলোঁ। মনটো পাতলিল। শৰীৰৰ যত্ন ল’বি। আহিবলগীয়া মাইনাটোৰ মুখ চাবলৈ মনটো ব্যাকুল হৈ আছে। তই য’তেই নাথাক মই সদায় তোৰ লগত আছোঁ যি দৰে তই থাক মোৰ লগত মোৰ ভাৱত, মোৰ মনত।
মই ৰৈ আছোঁ- কেতিয়া মোৰ ঘৰৰ আবেলিৰ দুৱাৰ তই আকৌ খুলিবি, কেতিয়া ‘কিমে’ নেজ লৰাই লৰাই মোৰ চাৰিওফালে জপিয়াই মোৰ পৰা মৰম দাবী কৰিব, কেতিয়া মোৰ ঘৰখন ঝনঝনাই থাকিব কনমানিৰ কলকলনিত, কেতিয়া আমি আকৌ গান গাম দেওবাৰৰ আবেলি….
মা-দেউতালৈ সেৱা জনালোঁ।
-ৰক্তিম-
বাংগাল’ৰ
(মোৰ পত্নী লিপি সন্তান সম্ভবা হৈ ঘৰত থকা সময়ত মই বাংগাল’ৰৰ পৰা লিখা। তাৰ ঠিক ৩ মাহ পিছত অৰ্থাৎ ১৭ আগষ্টত আমাৰ প্রথম সন্তান ‘য়ান্নি’ৰ জন্ম হয়।)
http://www.amiasomiya.org/literature/oct12-diary-1/dec12-letter/35-diary/467-oct12-letter?highlight=YTozOntpOjA7czoxODoi4Kew4KaV4KeN4Kak4Ka/4KauIjtpOjE7czoyNDoi4KaX4KeL4Ka44KeN4Kas4Ka%204Kau4KeAIjtpOjI7czo0Mzoi4Kew4KaV4KeN4Kak4Ka/4KauIOCml%20Cni%20CmuOCnjeCmrOCmvuCmruCngCI7fQ==
‘কপি-পেষ্ট’ লাইফ.... একদম সঁচা কথা... আজি কালি মোৰ ডাঙৰ হ'বলৈয়েই মন নোযোৱা হৈ গৈছে... পিছে খুব ভাল লাগিল আপোনালোক দুয়োৰে মৰমৰ টান দেখি... এনেকৈয়ে চেনেহৰ বান্ধোনেৰে যন বান্ধ খাই ৰয় অনাগত সময়ৰ প্রতিতো মুর্হুতত :)
ReplyDeleteবহুত ধন্যবাদ, হয়তো !!..বয়সৰ লগত যদি সময়বোৰ সলনি ন'হল হেতেন কিমান ভাল হ'ল হয়..
ReplyDelete