ৰাতি হয়তো ১২.৩০ মান বাজিছিল। পিছদিনা পুৱাই কৰ্মস্থান বাংগালুৰু আহিব লাগিব। ছুটি শেষ। পত্নী, কণ্যাক তেজপুৰৰ ঘৰৰ পৰা বাংগালুৰু আনিবলৈ মাত্র ৫ টা মান দিনৰ ছুটি মঞ্জুৰি পাইছিলো। যাওতেই ভাবিছিলো এইবাৰ মোৰ পুৰণা কিতাপ অলপ আনিবই লাগিব যেনে তেনে। কিন্তু চাঁওতেই দিন কেইটা পাৰ হ'ল।জন্মৰ পিছত দ্বীতিয়বাৰ দেখা কণ্যা, বহু মাহৰ পিছত দেখা পত্নী, মা-পিতাই, পৰিয়ালৰ লগত দিন কেইটা কেনেকৈ হাতৰ মুঠিৰ পৰা পানী সৰকি যোৱাদি নাইকীয়া হ'ল গমেই নাপালো। শুবলৈ ধৰাৰ সময়ত হঠাৎ মনত পৰিল কিবা এটা ডাঙৰ বস্তু যেন যেন পাহৰিছো...
কিতাপ, কিতাপ...!!!!
একেজাপে বিচনাৰ জপিয়াই কিতাপবোৰ গোটাই থোৱা বাকচ, চেল্ফ আৰু কোঠালীবোৰৰ ওপৰৰ স্লেপবোৰ এফালৰ পৰা চলাথ কৰিব ধৰিলো। শুবলৈ ধৰা মা-পিতাই-ভাইটি সকলো এজন এজন কৈ উঠি আহি সহযোগ কৰিলে কিছু সময়ৰ পিছত। গালিও খালো শেষ ক্ষণলৈ কাম থৈ দিয়া বাবে। ঘৰত আগতে কোৱা হ'লে নিশ্চয় কিতাপবোৰ আগতিয়াকৈ উলিয়াই মেলি চাফা কৰি ৰাখিলে হয়।
ৰৈ ৰৈ ধূলি ধোৱাৰে আৱৰি শিল হৈ যাব ওলাইছিল। মোক যেন অভিমানেৰে চাই সিহতে কব -
"এনে কি বস্তু পালা যি আমাতকৈও সুন্দৰ আৰু বিশ্বাসী। এনে কি বস্তু পালা যাৰ বাবে তুমি তোমাৰ এসময়ৰ আটাইতকৈ প্রিয়বন্ধু বছৰ বছৰ ধৰি পাহৰি থাকিলা।"
পুৰ্ণেন্দু পত্রীৰ মনোমোহা ছবিৰে বুঢ়াগোঁহাই ছাৰৰ কথোপকথনখন হাতত লওতে মনতো সেমেকি উঠিছিল কিবা এটা বস্তু হেৰুৱাৰ বেদনাত।
প্রায়বোৰ কিতাপৰ কিছু অংশ উঁইয়ে খাই পেলাইছিল। মোৰ আতাইতকৈ প্রিয় কিতাপ ৰিচাৰ্ড ল্যুয়েলীনৰ "হাও গ্রীণ ৱাজ মাই ভ্যেলী" খনত উঁই দেখি বিৰাট খং উঠিছিল। এই উঁইবোৰৰ আচলতে একো দোষ নাই। উঁইবোৰ প্রকৃততে জ্ঞানী। আমাক লাজ দিবলৈয়ে ইহতৰ জন্ম। আমি পাহৰা কিতাপবোৰ ইহতে আকোৱালী লয়। খং উঠিছিল যদিও কথাখিনি ভাবি হাঁহি উঠিল আৰু লাঁজো পালো। উঁইখোৱা প্রতিখন কিতাপৰ পৃষ্ঠা বোৰ দেখি মনত পৰিছিল কিতাপখন কিনাৰ কাহিনী। কলেজৰ ৫-১০ টকা পকেট মানি বচাই বচাই প্রায়বোৰ কিতাপ কিস্তি হিচাপত তেজপুৰৰ এখন বিখ্যাত কিতাপৰ দোকানৰ পৰা কিনিছিলো, কিছু কিনিছিলো প্রতিবছৰে আগ্রহেৰে ৰৈ থকা গ্রন্থমেলাৰ পৰা। কিস্তিৰ সুবিধাতো পাইছিলো কাৰণ দোকানৰ দাদা জনে মোক যথেষ্ট মৰম কৰিছিল আৰু তেখেত এজন ভাল কবিৰ লগতে কিতাপ অনুৰাগী আছিল। বহু কিতাপ গোট খাইছিলে ৫ম শ্রেণীৰ পৰা কলেজলৈকে, বিদ্যালয় আৰু কলেজ সপ্তাহত বিভিন্ন বিভাগত অংশ গ্রহণ কৰি পোৱা পুৰস্কাৰৰ জড়িয়তে। কিতাপবোৰৰ মাজত এন.বি.টিৰ নামটো জাকত জিলিকি আছিল।
...কথাবোৰৰ মায়াত আৱু এক অচিন আবেগৰ ধুমুহাত গম নোপোৱাকৈয়ে সুগন্ধী পখিলাৰ লগতে সমীৰ তাঁতি, সৌৰভ শইকীয়া, নীলমণি ফুকন ছাৰৰ কবিতাবোৰ থিয়ইথিয়ই এফালৰ পৰা পঢ়ি গ'লো। ইতিমধ্যেই কিতাপবোৰ চাফা কৰি জাপি পেলওৱা হ'ল। মায়ে ভিতৰৰ পৰা মাত ল'গালে...
"ৰক্তিম ২ টা বাজিবৰ হ'ল। ৰাতিপুৱা ৫.৩০ টাতে ওলাব লাগিব, অলপ শুই ল।"
বাংগালুৰু
২৮ চেপ্তেম্বৰ/১২
https://www.facebook.com/groups/axomiyakothabotora/permalink/442456285806873/
"এনে কি বস্তু পালা যি আমাতকৈও সুন্দৰ আৰু বিশ্বাসী। এনে কি বস্তু পালা যাৰ বাবে তুমি তোমাৰ এসময়ৰ আটাইতকৈ প্রিয়বন্ধু বছৰ বছৰ ধৰি পাহৰি থাকিলা।" -
ReplyDelete- কণ্যা, পত্নী, বন্ধু... :)
Nice.. Btw, you have written Maxim Gorky's name as Makrim Gorky..
ধন্যবাদ জিম। শুদ্ধ কৰিলো। :-)
Deleteএইবাৰ ঘৰলৈ গ'লে ময়ো কৰিম এই কামটো। একদম সচা কথা এটা লিখিছে আপুনি, প্ৰতিখন কিতাপে বহন কৰে এক সুন্দৰ স্মৃতি। ঘৰলৈ গৈ পুৰণি কিতাপ বিলাক উলিয়াই লৈ এনেই চকু ফুৰালেই কিমান মধুৰ স্মৃতি সজীৱ হৈ পৰে...
ReplyDeleteআগতে আপুনি কোৱাৰ দৰে দহ-বিছ টকা বছাই বছাই আৰু এটা বস্তু কিনিছিলো - কেছেট। ঘৰলৈ গ'লে পুৰণি কেছেট বিলাক সুমুৱাই থোৱা বাকচটোও খুলি এবাৰ চাওঁ, মনটো বৰ ভাল লাগে। মা-দেউতা হঁতে গম নোপোৱাকৈ পাশ্চাত্যৰ কিমান যে শিল্পীৰ যুগজয়ী কেছেট কিনিছিলো। আপুনি আন এটা লেখাত লিখিছিলে এই কথাটো, গোঁসাইৰ ঘৰত ৰক সংগীত বজোৱাৰ কাহিনীটো। কথাবিলাক মনত পৰিলেই ভাল লাগি যায় হে..
আছলতে মোৰ বোধেৰে এই সমগ্ৰ বস্তু বিলাকৰ এটা সংযোগ আছে। স'ত্তৰৰ দশকৰ শেষৰফালে আৰু আশীৰ দশকত জন্ম লোৱা আমিসোপা অসমীয়াই প্ৰায় একেখিনি ঘটনা প্ৰবাহৰ মাজেদিয়েই পাৰ হৈ আহিছোঁ। সামাজিক আৰু ৰাজনৈতিক অস্থিৰতাৰ এই বছৰ কেইটাত আমাৰ আটাইতকৈ ভাল বন্ধু আছিল কিতাপ। কিতাপ বিলাকৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন কথা জানিব পাৰিছিলো আৰু সেইবিলাকক এবাৰ আঁকোৱালি লোৱাৰ চেষ্টা কৰিছিলো। নিজৰ সমাজ সংস্কৃতিক এবাৰ বাহিৰৰ পৃথিৱী খনৰ সৈতে ৰিজাই চাব বিছাৰিছিলো আমিবোৰে। সেইকাৰনেই চাগে পুৰনা কিতাপ এখন বা কেছেট এটা উলিয়াই চালে বহুতো অন্যান্য আনুসংগিক কাহিনীও মনত পৰি যায়, গোটেই জীৱনলৈ থাকিব এই ভাবনা বিলাক।
বহুত ভাল লাগিল আপোনাৰ এই লেখাটো পঢ়ি.. বহুত সুন্দৰ কথা আকৌ এবাৰ মনত পেলাই দিলে। ধন্যবাদ...
This comment has been removed by the author.
Deleteবহু ধন্যবাদ মেদিনী তোমাৰ ইমান সুন্দৰ মতামতৰ বাবে। তোমাক কথাবোৰ ভালকৈ লখি পেলোৱাচোন।
ReplyDelete