Sunday, November 4, 2012

ভূপেন হাজৰিকাক বছৰ জুৰি উদ্‍যাপন কৰক, কেৱল ৫ নবেম্বৰত নহয়




 ডঃ ভূপেন হাজৰিকা | একে আষাৰে ক’ব পাৰি সৰ্বকালৰ এজন শ্রেষ্ঠ অসমীয়া বুলি যোৱা বছৰ ৫ নবেম্বৰ দিনটোত হঠাতে পোৱা খবৰটোৱে আন প্রতিজন অসমীয়াৰ দৰে মোকো ম্রিয়মান কৰি তুলিছিল। এক মূহুৰ্ততে যেন উৰা মাৰিম অসমলৈ বাংগালোৰৰ কাম-কাজ এৰি তেখেতক শেষ শয়ণত এপলক চোৱাৰ হেঁপাহে মনটোক বাৰে বাৰে খুন্দিয়াই আছিল। তেখেতৰ মৃত্যুৰ বাতৰিয়ে যেন পৃথিৱীৰ প্রতিটো কোণৰ প্রতিজন অসমীয়াক আবেগৰ একেডাল এনাজৰীৰে পলকতে বান্ধি পেলাইছিল তেওঁৰ মৃত্যুৱেও যেন অসমীয়াক পুনৰবাৰ শিকাই গ'ল একতাৰ সংজ্ঞা,  একতাৰ বান্ধোন শকতিৰ এক নিৰল অনুভৱ।

অসমীয়া এটা আবেগিক জাতি। ডঃ ভূপেন হাজৰিকাক শত-সহস্র জনতাই বিদায় দিলে চকুলোৰে, গীতেৰে, কবিতাৰে। তেখেতৰ অন্ত্যেষ্টি ক্রিয়াৰ জনসমাগমে বিশ্ব-অভিলেখ ৰচিলে। তেখেত হেৰাই যোৱাৰ দুখ মাৰ নৌ-যাওঁতেই  পলকতে পাৰ হ'ল এটা বছৰ। চাৰিওফালে উঠিছে এজন অনন্য অসমীয়াক স্মৰণ কৰাৰ আয়োজনৰ ধুম।  পুনৰ আন এটা বছৰ পাৰ হ'ব। এটা গতানুগতিক পৰ্ব্বত হয়তো লাহে লাহে পৰিণত হ'ব ৫ নবেম্বৰ তাৰিখটো, অসমীয়াৰ বাবে ! শিল্পী দিৱস, ৰাভা দিৱস আৰু আন আন দিৱস বোৰৰ দৰেই আমি গম নোপোৱাকৈয়ে হয়তো লাহে লাহে পাতলিব তেখেতৰ বিয়োগৰ দুখৰ লগতে তেখেতৰ সাংস্কৃতিক, সামাজিক আৰু মানৱ দৰ্শনক বুজাৰ হেপাঁহ।

আজিৰ নতুন চামৰ বিদেশ যোৱা হেপাঁহৰ কথা ভাবিলে ১৯৫২ চনতে গণ-সংযোগৰ দৰে বিষয়ত ডক্টৰেট ডিগ্রী লোৱা দাদা চাহেব ফাল্কে বঁটা বিজয়ী এই বিশ্ব বৰেণ্য শিল্পীজনৰ কথা বাৰে বাৰে মনলৈ আহে। উঠি অহা প্রত্যেক নতুন চাম অসমীয়াৰ লগত এই গৰাকী ব্যক্তিৰ কৰ্মৰাজীৰ বাস্তৱিক সংযোগে, তেখেতক 'সঁচা অৰ্থত' অসমৰ বুকুত চিৰকাল সজীৱ কৰি ৰখাৰ লগতে, নিশ্চিত ভাৱেই আন দহজন নতুন অসমৰ সপোনদেখা 'অগ্নিযুগৰ ফিৰিঙতি'ৰ জন্ম দিব। পদ্মবিভূষণ, অসম ৰত্ন এইজন ব্যক্তি যদি সময়ৰ সোঁতত কেৱল এক বাৰ্ষিক উদযাপনৰ বিষয়বস্তু হৈ ৰয় তেনেহ'লে এইটো আমাৰ এক ডাঙৰ ভুল ৰূপে পৰিগণিত হ'ব। জ্যোতি আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মাৰ লগতে অসমীয়া সাহিত্য-সংস্কৃতিৰ লগত জড়িত বহু দ্বিগজ অসমীয়াক দুই এক বিশেষ দিনৰ বাদে আমি যেন তেখেতসকলক মনত পেলোৱাত চূড়ান্ত কৃপণালি কৰিছো কথাটো কিমান সত্য আৰু ইয়াৰ কাৰণ কি -অলপ সচেতন ভাবে চিন্তা কৰিলে ইয়াৰ উত্তৰ প্রত্যেকে হয়তো নিজেই বিচাৰি পাব।

নতুন আৰু পৰিবৰ্তন প্রকৃতিৰ কেতিয়াও সলনি নোহোৱা নিয়ম। নতুনৰ ধুমুহাক এহাতে সাৱটি বৰ্তমানে আনখন হাতেৰে অতীজৰ সম্পদসমূহ শৃংখলিতভাৱে ভবিষ্যতলৈ পৰ্য্যবেশিত নকৰিলে এক বিশৃংখল শূণ্যতাৰ সৃষ্টি হয় য'ত সহজে বাহ লয়  কিছুমাণ অপ্রাসংগিক উপাদানে, পুনৰ এক অবাঞ্চনীয় বেমেজালিৰ সৃষ্টি কৰি আমিবোৰ ‘বৰ্তমান’ ! আৰু আমাৰ দায়িত্ব সেয়ে সৰ্বাধিক। আমাৰ অতিকৈ চহকী জাতীয় সম্পদস্বৰূপ, সৰ্বাধিক ভাষাত সংগীত পৰিচালনা কৰা একমাত্র অসমীয়া ভূপেন হাজৰিকা দেৱক আমি যেনেকৈ চিনি পাঁও, আমাৰ জাতীয় দায়িত্ব হিছাবে তেনেকৈয়ে যেন আমি চিনাকি কৰাই দিওঁ আমাৰ উত্তৰপুৰুষ সকলক সকলো অজুহাত আওঁকাণ কৰি ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন মহান অসমীয়া  চৰ্চাৰ বিষয় হওঁক আমাৰ দৈনন্দিন কথোপকথনৰ ! আৰু এই প্রচেষ্টাৰ আৰম্ভণী হওঁক নিজৰ পৰা সৃষ্টিক স্বীকৃতি নালাগে কাৰণ  ইয়াৰ ফলপ্রসূতাই সময়ত ইয়াৰ পৰিচয় হয় গৈ। অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি তোলা অসমীয়া সকলো শ্রদ্ধেয় ব্যক্তিৰ ক্ষেত্রতো এই কথা প্রযোজ্য তেখেতসকলৰ অৱদান সমূহ যথোচিত ভাৱে চৰ্চা নকৰিলে আমিবোৰ কালৰ সোঁতত ব্যক্তিগত আৰু জাতীয় দৈন্যতাৰ পকনীয়াত  জাহ যাম।


দিৱস এটা উদযাপন কৰাটো বহু ক্ষেত্রত প্রয়োজনীয় লগতে সহজো | কিন্তু তাৰ প্রাসংগিকতাক নিজ জীৱনত উপলব্ধি কৰি  তাৰ উচিত মূল্যাংকণ কৰাৰ লগতে তাৰ লগত সন্নিহিত বৌদ্ধিক দায়িত্বসমূহক সুচাৰুৰূপে পালন কৰাতহে লুকাই আছে কোনো দিৱস উদ্‍যাপনৰ সফলতাৰ মাপঁকাঠি। অসমীয়া ভাষাৰ বাবে সৰ্বাধিক গীত ৰচনা কৰা এইজন ব্যক্তিৰ মৃত্যুৰ পিছতে 'ভূপেন হাজৰিকা অমৰ হওঁক', 'বৰলুইত থকালৈকে ভূপেন হাজৰিকা আমাৰ মাজত থাকিব" বা অন্যান্য বহু বাক্য চকুত পৰিল, বহু ঠাইত! কিন্তু মই বিচাৰি ফুৰা বাক্যশাৰীবোৰ আছিল "ভূপেন হাজৰিকা প্রতিদিন, প্রতিক্ষণতে আমাৰ লগত থাকিব"ভূপেন হাজৰিকাক আমি আমাৰ মাজত জীয়াই ৰাখিম কাৰণ তেনে ন'হলে ভূপেন হাজৰিকাৰ সত্ত্বাক অমৰ কৰিবলৈ কৰা বা বুঢ়া লুইতৰ আয়ুস পাবলৈ কৰা প্রাৰ্থনাবোৰ কেৱল  প্রাৰ্থনা হৈয়ে ৰ'

আহক আজিৰ এই বিশেষ দিনটোত আমি সকলো অসমীয়াই পণ লওঁ যে, আমি ভূপেন হাজৰিকাৰ লগতে আন প্রতিজন বৰেণ্য অসমীয়াক জীয়াই ৰাখিম আমাৰ কামৰ মাজেৰে, আমাৰ জীৱনৰ প্রতিটো দিনত আৰু আমাৰ উত্তৰপুৰুষক সফলভাবে দি যাম ইয়াৰ উত্তৰ দায়িত্ব, অসমীয়াক এটি জাকত জিলিকা জাতি কৰাৰ স্বাৰ্থত,  নিজৰ স্বাৰ্থত !

-ৰক্তিম-

image website:indianexpress.com

2 comments: