ৰাতিৰ আকাশলৈ চাই উল্কাবোৰ গণি থাকোতে সাঁপডাল কেতিয়া সন্তৰ্পণে বগাই আঠু পাইছিল মই গমেই পোৱা নাছিলো। মগজুৰ ভিতৰৰ সৌৰজগত খনৰ জটিলতা কিমান সেইটো অনুভৱৰ জোলোঙা খুঁচৰিলেহে বুজা যায়। সাঁপডালক মাৰিলেনে খেদি পঠালে ক'ব নোৱাৰিম কিন্তু তাৰ দেহৰ চেঁচা ভাবটো মোৰ ভৰি খনত,মোৰ দেহত সদায় থাকি যাব।
সদায় নহয় কেতিয়াবা কেতিয়াবা আমনি কৰে, বেছিকৈ আমনি কৰে। গতানুগতিক দিনবোৰৰ মাজত এটা ভেকুৱামৰ সৃষ্টি হয়। এইটো আজিৰ বেমাৰ নহয়। এটা বিশাল উদং বৃত্তৰ লগত যুঁজি যুঁজি পাৰ কৰা একুৰি-ডেৰকুৰি বছৰৰ আগৰ সময় বোৰক স্মৃতিৰ ক'লা কোঠাত লুকুৱাই থ'ব বিচাৰিলেও সিঁহতবোৰে কৰা মন আৰু মগজু মুখি আকস্মিক আক্রমণ বোৰৰ পৰা বাচিব নোৱাৰি । দিনটোত চকুৰ আগেদি পাৰ হৈ যোৱা অযুত দৃশ্যৰ কোনটোৰ আঁৰলৈ সিঁহতবোৰ লুকাই আছে ধৰিব নোৱাৰি।
লৰ্কাৰ 'অঘৰী প্রেমিক'টোক, ম'ৰিচনৰ প্রাৰ্থনাৰ মাজৰ উদ্বাউলতাখিনিক, ৰাভাৰ গীতৰ অনুভবৰ তীব্রতাখিনিক বহুদিনৰ পৰা যতনাই থৈছো। সৰুতে চহৰৰ কোণত দেখা মানুহৰ শেঁতা জুমটো এতিয়াও তাতে আছে। সিহঁতে মানুহৰ কেঁচা আবেগবোৰ খাই জীয়াই থাকে। সিহঁতৰ লগত সদায় থকা মেকুৰীটো নাই।
সৰুতে ভাবিছিলো পথাৰখনৰ শেষত বেলিটোৰ ঘৰ। অফিচ ছুটিৰ পাছত মানুহবোৰ ঘৰলৈ উভতি অহাৰ দৰে বেলিটোও পথাৰৰ সিপাৰৰ নিজৰ ঘৰলৈ যায়, ভাগৰত ৰঙা পৰি। পথাৰখন নথকা হ'লে বেলিটো ক'লৈ গ'ল হেতেন? মানুহৰ চিন্তা সলনি হয়। বহুত সলনি হয়।
মানুহো সলনি হয়...
-ৰক্তিম-
বেংগেল'ৰ
১৫/০৫/১২
চিত্র উৎস:perfecthannah.wordpress.com
No comments:
Post a Comment