Tuesday, June 19, 2012

ভগৱান, মানুহৰ খেলি-মেলিবোৰ..

বতাহ জাক বৰ ধুনিয়াকৈ বৈ আছে কালিৰ পৰা। প্রত্যোক জাকেই লৈ আহিছে তলসৰা শেৱালীৰ সুঁৱাস। দেহৰ কোঁহে কোঁহে সজীৱতা অনুভব কৰিছো এনে ক্ষণবোৰতত ভাবুক হোৱাটো তেনেই স্বাভাবিক।

'যি হয় বা যিহোৱা উচিত' তাৰ মাজৰ আখৰাত মগজু বেছি ক্ষয় কৰি লাভ নাই যেন লাগে মাজে, মাজে। মাজে, মাজে ভাব হয়সকলো ভগৱানে (?) পূৰ্বে পৰিকল্পনা কৰি থয়। সেইমতেই সকলো হয়। যদি সেয়ে হয় তেনেহ'লে ধ্বংসৰ মাজত সৃষ্টিশীল ভগবানৰ সংজ্ঞা বিচাৰোতে অসুবিধা হয়। গণহত্যা, ধৰ্ষণ (বিশেষকৈ শিশু) আন আন মানবীয় বৰ্বৰতাবোৰো যদি ভগৱানৰ পূৰ্বপৰিকল্পনা বুলি ধৰি লঁও তেনেহ'লে ভগৱানক ভগৱান বুলি মানিব নোৱাৰিম। হয়তো 'এথিষ্ট' সকলে
তেনেকৈয়ে ভাবে। নে ভগবানে মানুহক মগজু দি দৈবিক ক্ষমতাৰ বিকেন্দ্রিকৰণ কৰিছিল? যাৰ অপপ্রয়োগৰ পৰিণতি- মানুহেই মানুহৰ কাল, মানুহেই সৃষ্টিৰ বিনাশক অথবা মানুহেই ভগৱানৰেই অস্তিত্বৰ প্রশ্ন কৰাৰ উপক্রম হ'ল।

মানুহৰ অনুভবখিনি সফলতাৰে বৰ্হি প্রকাশ কৰাতোতে মগজু আৰু আবেগৰ সংযোগৰ সফলতা, মানুহৰ সফলতা। মানুহৰ ক্ষেত্রত এই সফলতা নঞৰ্থক দিশে উৰ্ধগামী। ভাব-প্রকাশ আৰু প্রকৃত অনুভৱৰ মাজত এডাল পাতল প্রশ্নবোধক চিন যেন সদায় থাকি যায়। 'প্রশ্নবোধক চিন'- সহজ ভাষাত মানুহৰ প্রতি মানুহৰ বিশ্বাসৰ প্রশ্ন। নিজৰ জীবনটোৰ বা পৃথিবীৰ বুৰঞ্জীত চকু ফুৰালেই কথাবোৰ মূৰ্হুততে স্পষ্ট হ'ব। ভালবোৰ সদায় বেয়াৰ বুকু ভেদি ওলাব লাগে। নীল কাদম্বীনিৰ পৰা
সৰা সজীৱ টোপালবোৰৰ দৰে ভালবোৰ মানুহৰ মনৰ পৰা স্বতঃস্ফূৰ্ত ভাবে নসৰাৰ আঁৰত সৃষ্টিৰ কি ৰহস্য থাকিব পাৰে? 'সৃষ্টি হ'লে বিনাশো হ'ব'- এই সংজ্ঞাৰ বাস্তবিকৰণৰ ভগৱান প্রদত্ব মানব জাতি বিনাশৰ মানসিক সজুলি নেকি- ইয়াৰ উত্তৰ?

'আজি' নষ্ট কৰি 'কালি'ৰ সপোন দেখা, সময় নষ্টৰ নামত নিজেক নষ্ট কৰা, নিজক নিজেই চিনাৰ আগতে আনৰ পৰিচয় দিবলৈ উদ্বাওল হোৱা, প্রেমক পিঠি দি হিংসাৰ ফালে ঢাল খোৱা- সকলো জানিও ধাৰাবাহিক ভাবে ভুলবোৰ কৰি যোৱাৰ এই মানবীয় প্রবণতাবোৰে মায়াৰ কি বান্ধ সাজি কি উদ্দেশ্যে মানবজাতিক বশীভূত কৰে ইয়াৰ উত্তৰ হয়তো কোনোদিনে নোলাব।

নে ইয়াৰ উত্তৰ ভগৱানে মানুহক দিয়াৰ মগজু শক্তিৰ আঁৰতে লুকাই আছে?

বতাহ জাকে কথাবোৰ খেলি-মেলি লগালে....

-ৰক্তিম-
১৯জুন/১২
বাংগালুৰু

No comments:

Post a Comment