তেজবোৰত সেউঁজীয়া হৈ
গজি উঠিছে পথাঁৰখন
বোকাবোৰ কলিজাত থুঁপ খাই
শৰীৰটো জীপাল কৰি তোলিছে
কেচুৰ দৰে মাটি খান্দি বিচাৰিছো
হৃদয়ৰ পৰা গৰ্ভৰ বাট
চৰাইটো ডাৱৰ বোৰৰ লগত
গঁলি মোৰ দুচকুত পৰিল,
চাই থাকোতেই মিলি গ'ল
মাটিৰ লগত
মোৰ শ্বাস প্রশ্বাসত
কিবা এটা নতুন গোন্ধ
ঠিক পথাৰখনৰ দৰে
বোকাৰে লুকুৱা আঙুলিবোৰত
টুকুৰা টুকুৰ মোৰ প্রতিবিম্ব
স্থিৰ, শান্ত
'হেপাহবোৰ' জাক পাতি উৰিছে
ঘৰমোৱা ৰঙা আকাশখনৰ ফালে
____
ৰক্তিম
বাংগালুৰু
১২ চেপ্তেম্বৰ /২০১১
http://www.xahitya.org/2012/05/15/%E0%A6%AE%E0%A6%BE%E0%A6%9F%E0%A6%BF-%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%AE-%E0%A6%97%E0%A7%8B%E0%A6%B8%E0%A7%8D%E0%A7%B1%E0%A6%BE%E0%A6%AE%E0%A7%80/
চত্র উৎস:http://www.doritbraun.com/
No comments:
Post a Comment