..এনেকৈয়ে গৈ থাকিব, চলি থাকিব। চন্দ্র, সূ্ৰ্যৰ টো আৰু ভাল দিন, বেয়া দিন বুলি নাথাকে। গ্রহণ লাগিব কিন্তু গতিৰ লৰচৰ নহয়। নিৰন্তৰ গতি। ছাঁ-পোহৰৰ খেল শেষ, সকলো শেষ।
সূৰ্যৰ বুকু ফালি ওলাই অহা বৰষুণ জাকত যদি কোনোবাই গা-ধুম বুলি গুপুতে পাং পাতিছে তেনেহ’লে ক’লো -
"এতিয়াও সময় আছে জুইত জাঁহ যোৱাৰ আনন্দ ল’ব শিকা কোনেও তলাব নোৱাৰিব তোমাক।"
ছাঁ টো কোচ খাইছে। খোজ কঢ়া ভৰি দুখন ক্রমাত ক্ষয় গৈ আছে। পথাৰৰ আলি দেখিলে সিঁহতে গম পাব মই এই বাটেৰেই গৈছিলো। মোৰ ভৰিৰ চাপত কি ফুলিব নাজানো কিন্তু আমোলমোলাই আছে আৰু সদায় থাকিব সেই মাটিৰ ৰ্দুদান্ত অহংকাৰ, মোৰ দুভৰিত।
চিনাকী চেঁচা বতাহ জাকে আমণি কৰি আছে । মোৰ কলিজাৰ একোণত হেনো এটা বৰফৰ মন্দিৰ বনাব। নাষ্টিক ভগবানজনক বিচাৰি আছে বহুদিনৰ পৰা। বিচাৰি পালে মোক নুসুধাকে মোৰ কলিজাত বাহৰ পাতিব। শামুকটোৰো নিজা গতি আছে, লক্ষ্য আছে, মৰম আছে। মোৰ মৰম লাগে বাৰিষাত শামুকৰ পোৱালীবোৰ দেখিলে।
আইতা মোৰ জীৱনৰ প্রথম মৰা মানুহ। মাটিৰ মানুহ মাটিৰ লগত কেনেকৈ মিলি যায় প্রথম আইতায়ে দেখুৱাই দিছিল। কোঁমলীয়া বয়সত পোৱা ‘মাটি-মানুহ’ৰ মিশ্রিত গোন্ধটোক তেজত লৈ গৈ থাকিম যেতিয়ালৈ শগুণটোৱে মোৰ কপালত আহি খূঁট নামাৰেহি ।
সংগ্রামৰ উৎস চিন্তা । শ্রেণী সংগ্রামৰ উৎস পেট। আউল লগা চিন্তা, আউল লগা মানুহ। বহুত মৰিল। বহুত মৰি আছে। বহুত মৰিব। ‘মন’বোৰ চিকুনাই লব নাজানিলে এনেকেই চলিব। কালি দেখা "ভাল-কাইজিয়া" খন সদায় লাগক। মৰম বাঢ়ক এনেকৈয়ে।
জীৱনক বুজাৰ সময়তে জীৱনৰ জয় গান গাই গুচি গ’ল- জ্যোতি আগৰৱালা, অমূল্য কাকতিহত।
মোৰ বুকুত কপৌ ফুলক, তেজ শুহি মোক সজীব কৰক।
-ৰক্তিম-
০৬জুন/১২
বেংগেল’ৰ
No comments:
Post a Comment