Monday, June 4, 2012

শামুক (কবিতা)


দুহাত যেতিয়া মুঠি মাৰো
আঙুলিৰ ফাকেৰে পৃথিবীখন সৰি পৰে
সৰু সৰু টুকুৰা হৈ

চকুৰ পটাৰে নামি আহে
নিমখীয়া এটা শামুক
তেজবোৰ গোট মাৰি
কলিজাটো শিল কৰি তোলে

উশাহ যেতিয়া মনে মনে ল'ব লাগে
তাৰ শব্দই কৰা আঁস্ফালন অসহনীয়

ক'লা সাপৰ দৰে অকাই পকাই অহা
ৰাতিটোৰ ইমুৰে উঁমি উঁমি জ্বলি আছে
এটা অদৃশ্য তৰা

মঙহৰ মাজৰ পৃথিবীখন স্থবীৰ
থিক গৰ্ভৰ সন্তান টোৰ দৰে
এক অসহনীয়া নিস্তব্ধতা

সৃষ্টি এন্ধাৰ
বিনাশ এন্ধাৰ

শামুকটো গৈ আছে
লাহে লাহে..
__


ৰক্তিম
বেংগেল'ৰ
১৫ চেপ্তেম্বৰ/১১


No comments:

Post a Comment