এক নতুন ধৰণৰ সংগীতৰ লগত চমু পৰিচয় কৰি দিয়াৰ উদেশ্যে আকৌ এবাৰ আপোনাসবৰ আগত দেখা দিয়াৰ মন মেলিলো। সংগীতৰ বিষয়ে পঢ়ি আগৰে পৰাই ভাল পাও। বিশেষকৈ যেতিয়া এক নতুন সংগীতশৈলীৰ বিষয়ে বা সংগীতৰ কোনো এক নতুন ইতিহাস পঢ়িব পাও তেতিয়া এই ভাল পোৱা বহুগুণে বাঢ়ি যায়। । অসম বা ভাৰতৰপ্রায়বোৰ বা সৰহভাগ সংগীতশৈলীৰ বিষয়ে আমি জ্ঞাত বুলি ক'লে ভুল কোৱা ন'হব কিন্তু এটা গোলকীয় দৃষ্টিকোণৰে চাব বিচাৰিলে পৃথিবীখন এখন সংগীতৰ বৃহৎ মহাসাগৰ। চিনাকি অচিনাকি অলেখ মহাসাগৰীয় জীৱৰ দৰে নানান চিনাকি অচিনাকি সংগীতৰে ভৰি আছে এই মহাসাগৰ।
"শ্বশ্বল'ঝা "- এটা আফ্রিকীয় লোক সংগীত
"শ্বশ্বল'ঝা " নামটো বা শব্দটোযে প্রায়বোৰৰ বাবে নতুন তাত মোৰ সন্দেহ নাই। কিন্তু এই শব্দটো প্রকৃততে এটা লোক সংগীতৰ নাম। এটা আফ্রিকীয় লোক সংগীত। "শ্বশ্বল'ঝা "ৰ অসমীয়া অৰ্থ হৈছে "আগবঢ়া"। "শ্বশ্বল'ঝা "ৰ জণ্ম ঝিমবাব'য়েত হৈছিল কিন্তু সকলো লোক সংগীতৰ দৰে এই লোক সংগীতৰো সৃষ্টিৰ সঠিক সময়ৰ কোনো নিৰ্দিষ্ট তথ্য নাই। এই লোক সংগীতটো এটা বিষাদেৰে পৰিপূৰ্ণ আৰু আত্মবল বঢ়াবৰ বাবে গোৱা এক লোক সংগীত। ঘৰৰ পৰা বহু দূৰৈত,বহু দিনলৈ আতৰি থকা আৰু কঠোৰ শ্রম কৰা ঝিমবাব'য়ে ৰ শ্রমিক সকলে নিজৰ মনৰ দূখ নিচুকাবলৈ আৰু কঠিন সময়ত নিজৰ মনোবল বঢ়াবলৈ এই গীত গাইছিল। ঝিমবাব'য়েৰ এক প্রচলিত ভাষা 'এনডিবেলে'ত শ্বশ্বল'ঝা "ৰ সৃষ্টি হৈছিল।

শ্বশ্বল'ঝা গায় থকা এজন ঝিমবাব'য়ে ৰ শ্রমিকৰ কাল্পনিক স্কেচ্ছ্
"শ্বশ্বল'ঝা "ৰ জণ্ম যদিও ঝিমবাব'য়েত স্বভাবজাত মুখ বাগৰি অহা এক লোক সংগীত ৰূপে হৈছিলে, ই দক্ষিণ আফ্রিকাত অত্যাধিক জনপ্রিয় হৈছিল । দক্ষিণ আফ্রিকাৰ হীৰাৰ আৰু সোণৰ খনিত কাম কৰিবলৈ অহা ঝিমবাব'য়েৰ শ্রমিকসকলৰলগত "শ্বশ্বল'ঝা "ও শ্রমিকসকলৰ দূখৰ-কষ্টৰ সাহ্মী হবলৈ দক্ষিণ আফ্রিকাত প্রবেশ কৰিছিলে।
অতি কম সময়তে "শ্বশ্বল'ঝা " দক্ষিণ আফ্রিকাত জনপ্রিয় হ'ল। আজিৰ তাৰিখত "শ্বশ্বল'ঝা "ক এই ৰাষ্ট্রৰ ৰাষ্ট্রীয় সংগীতৰ পাছতে গণ্য কৰা হয়। দক্ষিণ আফ্রিকাৰ সামৰিক,ক্রীড়া আৰু বহু অন্যান্যৰাষ্ট্রীয় ঘটনা-পৰিঘটনা "শ্বশ্বল'ঝা "ৰ অৰ্ন্তভূক্তি অবিহণে নহয়। উল্লেখনীয় ভাবে ২০১০ চনৰ ফিফা ফুটবল বিশ্বকাপত দক্ষিণ আফ্রিকাৰ ফুটবল দলটিয়ে "শ্বশ্বল'ঝা "গায় বিশ্বকাপ যাত্রা আৰাম্ভ কৰিছিলে।
"শ্বশ্বল'ঝা "ক কি পৰিস্থিতিত ৰচনা কৰা হৈছিল তাকলৈ মতভেদ আছে। কোনোৱে কয়এই গীতৰ জণ্ম হৈছিলে ঝিমবাব'য়েৰ পৰা দক্ষিণ আফ্রিকালৈ আহি থকা যাত্রাৰ কালছোৱাতআৰু আন কোনোৱে কব বিছাৰেযে ইয়াৰ সৃষ্টি হৈছিলে বহুদিনৰ আৰু বহু কষ্টৰ কাম শেষ কৰি শ্রমিকসকল ঝিমবাব'য়েলৈ ওভতি যোৱা যাত্রাৰ কালছোৱা ।
"শ্বশ্বল'ঝা "ৰ কথাবোৰ স্থান বিশেষে অলপ বেলেগ বেলেগ হয়। "শ্বশ্বল'ঝা "ৰ তেনে এটাস্থনভিত্তিক প্রচলিত সংস্কৰণৰ অসমীয়া ৰূপান্তৰ আপোনালোকৰ সুবিধাৰ্থে কৰিবলৈ চেষ্টা কৰিলো। "শ্বশ্বল'ঝা "ৰএই অনুবাদ ১৯৯৫ত হোৱা "আই. আৰ. বি.ৰাগবি বিশ্বকাপত গোৱা সংস্কৰণৰ ভিত্তিত কৰা হৈছে।মই নিশ্চিত ই আপোনালোকক এই গীতটিক আৰু অলপ ভালকৈ বুজি পোৱা আৰু অনুভৱ কৰাত সহায় কৰিব।
শ্বশ্বল'ঝা (আগবঢ়া)
______________
কৰা, কৰা, কৰা
সূৰ্য্যৰ প্রখৰ ৰ'দত কৰা
আগবঢ়া
কৰা, কৰা, কৰা
বৰষুণতো কৰাযেতিয়ালৈসূৰ্য্য আকৌ নোলাই
আগবঢ়া
নিজক নিয়া আগুৱায় বহু দূৰলৈবহু
আছে কাম কৰিবলৈ
আগবঢ়া
কৰা, কৰা, কৰাসূৰ্য্যৰ প্রখৰ ৰ'দত কৰা
আমি এক হৈ আগুৱাও।
ধন্যবাদ্
-ৰক্তিম-
চিত্রৰ উৎস :beep.com
No comments:
Post a Comment