Friday, November 15, 2013
অসুৰৰ জিঞ্জিৰী পিন্ধালি মোক, অসুৰৰ জিঞ্জিৰী
'ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ ডিঙিত শিকলি লগাই চোঁচৰাই নিয়া হ'ল।"- বুজিলো। মোৰ প্রশ্ন হ'ল- এখন গ্রন্থ মেলাত সহস্র গ্রন্থপ্রেমী তথা প্রকাশক বিক্রেতা উপস্থিত থকা অৱস্থাত ই কেনেকৈ সম্ভৱ হ'ল? তথাকথিত সাহিত্যপ্রেমী সকলে সেই সময়ৰ সেই কাণ্ড কেনেকৈ চাই সহ্য কৰি থাকিব পাৰিছিল? সেইসময়ত উপস্থিত থকা সকলোৱে একগোট হৈ এই কাৰ্য্য দৃষ্টিগোৰ হোৱা মাত্রকে সমস্বৰে তীব্র প্রতিবাদ কৰা হ'লে এই ঘটনা সংঘটিত হ'ল হেতেন নে? নে সকলো এজন 'Ice Breaker'ৰ আপেক্ষাত থাকোতে ইফালে ৰসৰাজৰ মূৰ্ত্তিত কালিমা সনা হৈ গ'ল। দূখজনক কথা গগৈ তথাপিওঁ নিৰ্বিঘ্নে আহি গুচি গ'ল। এইবাৰ তেৰাই ৰসৰাজৰ চ'ৰাঘৰত সোমাই সাহিত্যপ্রেমীৰ মুখত তেওঁ থুঁই পেলাই গ'ল। পেলাবই কাৰণ আমা যে মুখখন মচাৰ কাণ্ডজ্ঞানকণো নাই........
-ৰক্তিম-
Wednesday, November 13, 2013
স্বৰ্গদেউ লকৈ, ফাঁকিবুল আৰু ব্রহ্মপুৱাৰ সৰুপানী কাণ্ড
সিদিনি গুৱাহাটিলৈ গৈছিলো। জৰুৰী
কাম এটা
ওলোৱাত ৰাতিয়েই
বাছত উঠিলো
আৰু টেকেলীটোত
এগাল ভাত
ভৰাই যোৱাৰ
বাবে বাছত
বহাৰ
অলপপৰ পিছতে টোপনীয়ে বখলীয়াই পেলালে।
...'দাদা, নামিববৰ হ'ল, গুৱাহাটি
পালোহি।'
–
বাচ পৰিচালকৰ মাতত
উচপ খাই উঠিলো। চকু কেইটা
ডাঙৰকৈ মেলিবলৈ
চেষ্টা কৰি
ইফালে সিফালে
চালো।
হয়, ISBT।
ঘড়ী চালো,
সময় ক'লে পুৱা
০৫ বাজিছে।
ঠাণ্ডা কালিৰ বাবে পুৱা ০৫
বজাতো ৰাতিৰ
দৰেই পৰিবেশ। ASTC বাছখনৰ শেষ যাত্রী হৈ
নামি গ'লো।
ঠাণ্ডাত সৰুপানী বৰকৈ চুবলগীয়া হয়। মই
তাতে গোটেই
বাটতো শুইয়ে
কটালো সেয়ে
তল পেট
ফাটো ফাটো
কৰিছে।
ইফালে সিফালে
চাই ASTC- বাচ কেইখনমানৰ আঁৰলৈ পিছফালৰ
অন্ধকাৰখিনিতে কামফেৰা সমাধা কৰো বুলি
ফিঁ-ফিঁয়াই
মাৰি পঠিয়ালো। ঘোঁৰ
অন্ধকাৰৰক আওঁকাণ
কৰি মোৰ
তলপেটৰ চাপক
মুক্তি দিবলৈ
যাবতীয় প্রস্তুতিৰ
অন্ত
পেলাই মুল ক্রিয়া আৰম্ভ কৰিছিলোহে
মাথো তেনেতেই
মোৰ নিচেই
কাষত
দুটা চায়ামূৰ্ত্তীৰ ফুচফুচনি শুনি প্রাণ
ওলাই গ'ল।
একেবাৰে বেয়া
সময়
দেই!!! যেনেতেনে কামফেৰা শেষ কৰো
মানে মনত
উৎসুকতা বাঢ়িল।
কোন এই দুটা
?? এই অন্ধককাৰময়
ঠাণ্ডা
পুঁৱাত ASTC- বাচ কেইখনমানৰ আঁৰলৈ
এইককেইটাই কি কথা পাতিছে??
পঠালিয়ে
পঠালিয়ে মনে
মনে
এখোজ এখোজকৈ সৰুপানী চুই থকা
ভঙ্গীমাৰেই সিহতৰ
কাষ চপাৰ
যত্ন কৰিলো। অলপ
গৈ গম
পালো সিহতে
মোৰফালে পিঠি
দি আছে
আৰু মোৰ
উপস্থিতিৰ বোধহয় উমান নাপায়।
সাহ বাঢ়িল আৰু দুখোজ আগুৱাই
কাণখন হাতীকাণৰদৰে
বহল কৰি
কথা শুণাৰ
চেষ্টাত মুৰটো
বেকা কৰি
বাওঁ কাণখন
অলপ ওপৰমুৱা
কৰিলো....অ'
শুনিছো...শুনিছো...
১ম চায়া মূৰ্ত্তি
: বৰ ঠাণ্ডা
লাগিছে।
কথাবোৰ সোনকালে
শেষ কৰক।
.... মানুহটোৰ মাততো শুনি
এনে লাগিল
যেন মই
তাক চিনি
পাওঁ।...হে
প্রভু, কি লীলা এইবোৰ।
সৰু
পানী চুওঁতেই
ইমান জগৰ লাগিল
নে তোমাৰ....
তেনেতে
২য় চায়া মূৰ্ত্তি
: "হেই, কি ঠাণ্ডা ঠাণ্ডা কৰি
আছা হে। হয়নে?
মোৰ ঠাণ্ডা লগা নাই নেকি?
তোমাক ভাল
পাওঁ কাৰণেহে
মই আহিছো?
After all this is also an important matter....."
কথা শুনি মোৰ
থৰকাচুটি হেৰাল..
"This is also an important matter" মানে এইটো দেখোন
স্বৰ্গদেউ লকৈ আৰু লগৰজনা তাৰ মানে
ফাঁকিবুল...???
যি ৰজা বা
ৰজাঘৰীয়াক চাবলৈ লগ পাবলৈ মানুহৰ
হেঁতাওপৰা লাগে সেই ৰজা-ৰজাঘৰীয়াৰৰ
নিচেই কাষতে
মোৰ দৰে এজন সাধাৰণ প্রজাই প্রসাৱ কৰি দিলো।
কথাবোৰ
ভাবি মগজু ফুটি যাওঁ, ফাটি
যাওঁ হ'ল।
কিন্তু ইহতে
কৰিছে কি?
কথাখিনি ভালকৈ
শুনি লওঁ
বুলি একচিত্তে কথা শুনাত মনোযোগ দিব ধৰিলো....
ফাঁকিবুল: আইডিয়াটো ফাইনেল
কৰক এতিয়া....
স্বৰ্গদেউ লকৈ: ফাইনেল
মানে মই
ভবাতোৱেই সদায় ফাইনেল। ওপৰত
মতা ভাল ভাল কালান্তকৰ মূখত চূণ দি থৈছো বুলি জানাই দেখোন তুমি। শুনা এতিয়া মোৰ মৰমৰ ফাঁকিদাস....
ফাঁকিবুল: ধেইই.....ফাঁকিবুলহে.....??
স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ......হয়তো ফাঁকিবুলহে
...গৰৈ
পোৱালীটোক জাপানী কাৱৈজনীৰ
লগত বিয়া
দিয়াৰ পিছৰে
পৰা
আনন্দত মুখৰ পৰা যিটি ওলাই
যায় হে....আচ্চা, এতিয়া
মুল কথাটো
শুনা....
ফাঁকিবুল: ...নকয় কেলেই?
সেইডাল শুনিবলৈয়েতো
হাড় কপোৱা
ঠাণ্ডাৰ পুৱা
বোন্দাপৰ দি
আছো।..
স্বৰ্গদেউ লকৈ: অ’…গঁড়বোৰ
তুমি সোনকালেই
মাৰি শেষ
কৰিবা বুলি
মোৰ এতিয়া
তোমাৰ ওপৰত
সম্পূৰ্ণ আস্থা
আছে।
কিন্তু গঁড়বোৰ
শেষ হোৱাৰ
পিছত কি
দৰে মেনেজ
কৰিবা ভাবি
চাইচানে?
ফাঁকিবুল: নাই ছাৰ।
স্বৰ্গদেউ লকৈ: হেঃহেঃহেঃহেঃহেঃ...মই জানো। .সেয়ে
তুমি এটা
জানোৱাৰ মন্ত্রী আৰু মই তোমাৰ
মূৰ্খ মন্ত্রী। মই
তোমাক এনেয়ে
ইয়ালৈ অনা
নাই ফাঁকিৰাম...
ফাঁকিবুল: .....ফাঁকিবুল চাৰ.....(দাত কৰচি খঙেৰে)
স্বৰ্গদেউ লকৈ: অ'
অ'... খং
নকৰিবা। শুনা। গঁড়বোৰ শেষ
হোৱাৰ পিছত
তোমাক এই
ASTCৰ বাচ
কেইখনে বচাব।
ফাঁকিবুল: কেনেকৈ চাৰ?
স্বৰ্গদেউ লকৈ: ASTCৰ
বাচবোৰত কি
অঁকা থাকে?
ফাঁকিবুল: অলপ ভাবি..চিঞৰি উঠিল
গঁড় চাৰ,
গঁড়
গঁড় গঁড়
...ইউ আৰ
জিনিয়াচ চাৰ....
স্বৰ্গদেউ লকৈ: আই
নউ ফাঁকিবাজ..
ফাঁকিবুল: ফাঁকিবুল চাৰ.....ফাঁকিবুল ..ফাঁকিবুল
....ফাঁকিবুল ..
স্বৰ্গদেউ লকৈ: নামটো
হ'ব
বাৰু ....হয়নে?
তুমি জংঘলৰ
গঁড়বোৰ শেষ
হোৱাৰ আগে
আগে পৰিবহন
বিভাগক যোগাযোগ
কৰি চলে
বলে কৌশলে
পৰিবেশন বিভাগৰ
নামত চেংচন
হোৱা গঁড়
কেইটাৰ সম্ভেদ
লৈ সিঁহতৰো
ব্যবস্থা কৰি
পেলাবা।
তেতিয়া তোমাৰ কনটিনিউটিতো থাকি যাব।
কিন্তু এটা
কথা মনত
ৰাখিবা যে
পৰিবহন নিগমৰ
গঁড়কেইটা চোৰাং
চিকাৰীৰৰ বজাৰত
মুকলি কৰাৰ
আগতে দুদিনমানৰ
বাবে খৰ্গৰ
এক কৃত্রিম
নাটনিৰ সৃষ্টি
কৰিবা যাতে
আমি আলু-পিয়াঁজৰ দৰে
পৰিবহন বিভাগৰ
মাৰ্কা মৰা
খৰ্গকেইটাৰ পৰা কোৱাৰি ফলাকৈ কমিচন
খাব পাৰো।
ফাঁকিবুল ভক্তিত গদগদ
হৈ স্বৰ্গদেউ
লকৈৰ ভৰিত
দীঘল দি
পৰিল...
উথলি উঠা আবেগে ফাঁকিবুলৰ ওঁঠখনিক কঁপাই তোলাৰ বাবে ফাঁকিবুলে একো মাতিব নোৱাৰিলে
যেন অনুমান হ’ল।
স্বৰ্গদেউ লকৈ: হ'ব হ'ব উঠা
ফাঁকিআলী...উঠা...
ফাঁকিবুল: (লাহেকৈ উঠি)
যি নামেৰে
মাতে চাৰ...কাম হে
আচল।
নামতনো কি
আছে....ন
চাৰ?
স্বৰ্গদেউ লকৈ:হয়,
হয়।
This is also an important matter..তুমি বুজিছা।
এতিয়া পোঁহৰ হওঁ, হওঁ। বেচি
পলম নকৰো। মানুহে
দেখাৰ আগেয়ে ব'লা,
ব'লা,ব'লা.......
পলকতে চায়া মূৰ্ত্তি
দুটা অদৃশ্য
হ'ল। মোৰ
শৰীৰৰ নিম্নাংশত
খুব ঠাণ্ডা
লগাত উপলব্ধি
কৰিলো যে
মই ইমান
পৰে পেন্টৰ
জীপ মৰাই
নাছিলো....
-ৰক্তিম-
Sunday, November 10, 2013
'গঁড় নিধনপতি' বনমন্ত্রী সাৰে আছে যদি শুনক
....শুভেচ্ছা, শুভেচ্ছা,শুভেচ্ছা।
...আৰু ২ টা গঁড় মাৰিলে। বনমন্ত্রী সাৰে আছে যদি (নিশা জংঘলত থাকে বাবে টোপনী ক্ষতি হয় যে) শুনক, এই বৰ্ষৰ সংখ্যা ৪৩ হ'লগৈ।
আপোনাৰ বাৰ্ষিক লক্ষ্য নিশ্চয় ৫০ টা। তেন্তে ৫০তা হ'বলৈ এতিয়া ডেৰ মাহত আৰু ৭ টা গঁড় মাৰিব লাগিব। কম সময়, ডাঙৰ টাৰ্গেট ...মোৰ পৰামৰ্শ লওঁক আৰু দুটামানক চিকাৰৰ বাবে (চৰকাৰী) নিযুক্তি দিয়ক অনতিপলমে। পাৰিলে অভয়াঅৰণ্যবোৰত গঁড়ৰ স্থিতি চিনাক্তকৰণৰ বাবে আৰু চোৰাং চিকাৰী (..এতিয়া আৰু চোৰাং শব্দটোৰ প্রয়োজন নাই কাৰণ মুকলিকৈ গঁড় মাৰিবপৰা এটা সুন্দৰ পৰিবেশ আপুনি ইতিমধ্যোই গঢ়ি তুলিছে।) হঁতৰ সুবিধাৰ্থে ৰেঞ্জাৰসকলৰ লগত আলোচনা কৰি একোখনকৈ মেপ বা CC TV-ৰ ব্যবস্থা কৰক। এনে কৰিলে চিকাৰীহঁতে গঁড় বিচাৰি কষ্ট কৰিবলগীয়া ন'হব আৰু সময়ো বাচিব। তেনে হ'লে 'you can go extra-mile..' আৰু ৭৫ টা গড় বধিবলৈওঁ বিশেষ অসুবিধা ন'হব। মই ভালকৈ বুজি পাওঁ যে গঁড় কেইটা মাৰিয়েই পালি-পহৰীয়াৰ সৈতে নিজৰ সংসাৰখন যেনেতেনে চলাই আছে, নহয় জানো??
মই আজি এই ফেচবুকৰ মজিয়াতে ইণ্ডোনেচীয়াৰ গঁড় সংৰক্ষণ বিষয়ৰ সন্মিলনত ভাগ লোৱা আপোনাক সৰ্বকালৰ শ্রেষ্ঠ 'গড় নিধনপতি'ৰ উপাধি প্রদান কৰিলো। ..আৰু সাবধানো কৰিলো- 'এতিয়াওঁ সময় আছে, ৰাইজে আপোনাক নিচিহ্ন কৰাৰ আগতে গড় হত্যা বন্ধ কৰক। এই নিৰীহৰৰ নিৰ্মম ৰক্তাক্ত মৃতদেহবোৰ দেখি দেখি ক্রমাৎ বাঢ়ি অহা হৃদয়ৰ জুইকুৰাক আৰু বতাহ নিদিব। ...আৰু সহ্য নোহোৱা হৈছে...
-ৰক্তিম-
মা কচম
পুৱাই পুৱাই ভ্রাম্যমান দূৰভাষত এটি অচিনাকী নম্বৰৰ পৰা এটি বাৰ্তা আহিল-
' তোমাৰ প্রেম দিবলৈ নাপাহৰিবা '-
- জান বাহিৰ হৈ গ'ল। হে হৰি ক'লৈ যাওঁ, কি কৰো। পত্নীয়ে, সত্নানে, সংসাৰে এতিয়া হাহাকাৰ হৈ যাব। মা-কচম জ্ঞাতে-অজ্ঞাতে কেতিয়াও আন বেলেগ নাৰীয়ে প্রেম দাবী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা নাই।
......অ' ঠিকেইো প্রেম দাবী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰা নাই যেতিয়া ভয় খাইছো কিয়?? কথা পাতিবলৈ থিৰাং কৰিলো। মনে মনে ঘৰৰ চুক এটালৈ গৈ ফ'ন লগালো। সিপাৰে ফ'ন উঠোৱাৰ লগে লগেই সৰু অথচ উৎকন্ঠাৰে ভৰা কন্ঠস্বৰেৰে ক'লো -
- "হেল্ল' কোন তুমি? কি প্রেমৰ কথা কৈছা? কি প্রেম বিচাৰিছা?".....
নাৰী কন্ঠ এটা আশা কৰাতো বাৰ্তা সাপেক্ষ আছিল কিন্তু সিপাৰৰ পৰা কাণ সৰি যোৱা তীব্রতাৰে পুৰুষৰ গেলগেলীয়া মাত এটায়ে মগজু দহি পেলালে-
-" কি ফাল্টু কথা কোৱা হে তুমি? মই মনোজ তোমাৰ বন্ধু আৰু তোমাৰ এল.আই.চি-ৰ এজেন্ট । মই প্রেম (prem) নহয় প্রিমিয়াম দিবলৈহে কৈছো।......"-
সি আৰু কিবা ক'বলৈ লোৱাৰ আগতেই ফ'নটো কাটি দিলো। তাৰ নম্বৰটো নতুন ভ্রাম্যমান দূৰভাষত ৰখা নাছিলো। লাজো লাগিল, খঙো উঠিল। আপুনিয়েই কওঁকচোন বাৰ্তা যদি এনেকৈ আহে আপুনি কি বুজিব- "Tumr Prem diboloi napahoriba." এই 'চৰ্টকাট এচ এম এচ' বোৰে কেতিয়াবা প্রাণ ল'ব- মা কচম...
-ৰক্তিম-
Saturday, November 9, 2013
মূল্যবৃদ্ধিৰ সিপাৰে- এটি সৰু অনুভৱ
আজি গ্রন্থাগাৰ এখনৰ চুক এটাত অকস্মাৎ কেইখনমান সৰু সৰু পুঁথিলৈ চকু গ'ল। ধূলি আঁতৰাই পুঁথি কেইখন লগে লগেই প্রয়োজনীয় মূল্য দি সংগ্রহ কৰিলো। সকলো মিলি মুঠ মূল্য হ'ল ৫০ টকা । ১০ টকামান ৰেহাই দিলে নিবিচৰাকৈয়ে। বোধহয় পৰি ৰোৱা পুঁথি কেইখন দেখি দেখি অতিষ্ঠ হৈছিল গ্রন্থাগাৰৰ মালিক। গ্রন্থাগাৰৰ মালিকক প্রশ্ন কৰাত তেওঁ ক'লে- "আজি কালি আৰু এইবোৰৰ পুঁথি ক'ত বিক্রী হয়। এনেকৈয়ে পৰি আছে বহু দিন।" সকলো বস্তুৰে দাম- দাম বুলি চিঞৰ বাখৰবোৰ শুনি থকাৰ দিনত এটা ভাষাৰ শিপাবোৰ জীপাল কৰি ৰখা এই অমূল্য পুঁথিসমূহৰ মূল্যবোৰ দেখি স্বতঃস্ফূৰ্ট ভাবে এটা পাতল হাঁহি ওলাই আহিছিল।
হয়তো কথাতো, অসমীয়া দেউতাবোৰ পাপা হ'ল, ৰঙাবোৰ ৰেড্ হ'ল, হালধীয়া বোৰ 'য়েল্ল' হ'ল, 'অ' ৰ অমিতা গৈ 'এ' ৰ আপেল হ'ল, এতিয়ানো ক'ত এইবোৰ পুঁথি কিনিবলৈ মানুহৰ হেতা-ওপৰা লাগিব। সেয়ে ভাবিলো বজাৰত শেষ পুঁথিকেইখন থাকোতেই সংগ্রহ কৰি থোৱাতো ভাল হ'ব।
----------------
সহজ ব্যাকৰণ - প্রথম ভাগ- ২.৯০ টকা
সহজ ব্যাকৰণ - দ্বিতীয় ভাগ- ১২.০০ টকা
আদৰ্শ বুনিয়াদী ধাৰাপাত- ৬.০০ টকা
সৰল শব্দকোষ- ১৫.০০ টকা
'অসমীয়া ভাষা সাৰথি ব্যাকৰণ' - ২৫.০০
...আৰু মূল্যৰ তলত কি লিখা থাকে সেইটো নিশ্চয় সকলোৰে কন্ঠস্থ-
----(অনুগ্রহ কৰি ছপা মূল্যতহে কিতাপ কিনিব)---
-ৰক্তিম-
Wednesday, November 6, 2013
কবিতাই প্রাণ লোৱা 'অঘৰী প্রেমীক' ফেডেৰিক' গাৰ্থিয়া লৰ্কা -তেওঁৰ জীৱন আৰু কবিতাত জাতীয় চেতনাবোধ।
Then I realized I had been murdered.
They looked for me in cafes, cemeteries and churches
.... but they did not find me.
They never found me?
No. They never found me.
“”
(Poet in New York (1939), Garcia Lorca)
'মই কবি, মোক তেওঁলোকে কেতিয়াওঁ হত্যা নকৰে।' এই বিশ্বাসেৰে জীয়াই থকা স্পেইনৰ প্রখ্যাত কবি গাৰ্থিয়া লৰ্কাক বধ্যভূমিলৈ চোঁচোৰাই নি হত্যা কৰা হৈছিল ফেচিষ্ট শাসকৰ দ্বাৰা। শিশুসুলভ এইজনা মাটিৰ সুৱাসেৰে সশোভিত কবিয়ে ২৯ বছৰ বয়সতো নিজৰ বিষয়ে কৈছিল ' I have always been a child'. লৰ্কায়ে স্পেইনৰ মাটিক, স্পেইনৰ চহা মানুহখিনিক নিজৰ কবিতাৰ মাধ্যমেৰে দিয়া মৰম আৰু তাৰ বিনিময়ত স্পেইনৰ কৃষক- বনুৱাৰ হৃদয়ত লাভ কৰা অফুৰন্ত মৰম আৰু আদৰেই হৈছিল লৰ্কাৰ জীৱনৰ কাল। বন্ধুৰ দ্বাৰা পোৱা বিপদৰ আগজাননীকো প্রত্যাখ্যান কৰি এই মৰমৰ তাগিদাতেই সৃষ্টি কৰি গৈছিল সাধাৰণ শ্রমজীৱী মানুহৰ ঘৰ্মাক্ত দেহাৰে সুৱাসিত এটাৰ পিছত আনটো যুগজয়ী কবিতা।
লৰ্কাৰ ১৮৯৯ত গ্রানাডাৰ দাঁতিকাষৰীয়া এখন সৰু গাঁৱত এটি কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল আৰু সেয়ে পৰিয়াল প্রদত্ত হিচাপে পাইছিল মাটিৰ মাহাত্ম্যক উপলব্ধি কৰিব পৰা, চঁহা জীৱনত নিজকে প্রতিবিম্বিত কৰিব পৰা এখন নিখূট হৃদয়। লৰ্কাৰ জীৱন বসন্তবোৰ পাৰ হৈছিল প্রকৃতিৰ অতুলনীয় সৌন্দৰ্য্যৰ মাজত। আনহাতে একে প্রকৃতিৰ বুকুতে সকলো স্তৰৰ মানুহৰ নিধন যজ্ঞ চলাইছিল অত্যাচাৰী শাসকীয় ফ্রাংক' বাহিনীয়ে। সেয়ে লৰ্কাৰ কবিতাত যিদৰে প্রকৃতিৰ বিনন্দীয়া উপাদানে ৰহণ চৰায় ঠিক সেইদৰে আনফালে বিষাদৰ ৰং সানে নিপীড়িত সকলৰ অসময়ত বৈ অহা তেজৰ বন্যাৰ শোক, যন্ত্রণাৰ আস্ফালনে। লৰ্কাৰ কবিতাৰ এক প্রধান উৎস হৈছে মানব প্রীতি। কিন্ত এই প্রীতিয়ে সাম্যবাদী ৰাজনৈতিক পোছাক পিন্ধা নাছিল। লৰ্কাৰ সৰলতাই লৰ্কাৰ শক্তি আছিল। এই শক্তিৰ আধাৰতে লৰ্কায়ে সপোন দেখিছিল ফ্রাংক' বাহিনী মুক্ত এখন স্পেইনৰ য'ত থাকিব কেৱল মানুহৰ শৌৰ্য্য । লৰ্কাৰ মাটিৰে সুৱাসিত সহজ সৰল কবিতাবোৰে স্পেইনৰ কৃষক- বনুৱা, সহজ সৰল চহালোকসকলৰ হৃদয় সহজতে চুব পাৰিছিল কাৰণ তাত প্রতিফলিত হৈছিল তেওঁলোকৰেই জীৱনগাঁথা। লৰ্কা হৈছিল খেতিয়ক ৰাইজৰ মৰমৰ ফেডেৰিক'।
লৰ্কাৰ প্রথম কাব্য সংকলন 'লিব্র' ডে প'এমাছ' খন প্রকাশ হয় ১৯২১ চনত। কিন্তু তেওঁৰ ২য় গ্রন্থ 'ৰ'মানথেৰ গিটান' (জিপচী বেলাড) ১৯২৮ চনত প্রকাশ পোৱাৰ লগে লগেই তেওঁৰ যশস্যা সমগ্র বিশ্বৰ স্পেনীচ ভাষিক লোকসকলৰ মাজত বিয়পি পৰে। তেওঁৰ এই কাব্য সংকলনখনৰ মাথো ৮ বছৰতে ৭ তা সংস্কৰণৰ পুণঃমুদ্রণ হোৱাতো সমগ্র বিশ্বতে লৰ্কাৰ কাব্যিক জনপ্রিয়তা প্রাপ্তিৰ এক সাক্ষী। স্পেইনৰ গ্রামাঞ্চলৰ জীবন্ত চিত্রণ, লোক সংস্কৃতি, নিৰ্যাতিতৰ যন্ত্রণা, দূখীয়াৰ দূখ, এখন নতুন স্পেইনৰ সপোনবোৰে লৰ্কাৰ বৈচিত্রময় গীতিধৰ্মী কবিতাবোৰক এক অনন্য মাত্রা প্রদান কৰাৰ লগতে আন আন সমসাময়িক স্পেনীচ কবিসকলৰ পৰা লৰ্কাৰ সৃষ্টিক সুস্পষ্টভাবে পৃথক কৰে। দক্ষ পিয়ান'বাদক লৰ্কাৰ কবিতাবোৰ লাহে লাহে হৈ পৰিছিল স্পেইনৰ জনগনৰ চেতনাৰ প্রতীক যি প্রতক্ষ্যভাবে শংকিত কৰিছিল ফ্রাংক'ক। শিশুসুলভ লৰ্কা কিন্তু এইবোৰ ভয়-সংশয়ৰ পৰা নিজকে মুক্ত কৰি চিৰদিন ব্যস্ত হৈ আছিল কবিতা লিখা, ছবি অঁকা,আবৃত্তি কৰা, গীত গোৱা অথবা পিয়ান'ত বিথ'ফেনৰ সুৰৰ লহৰ তোলাত।
স্পেইনক গৃহ যুদ্ধই সম্পূৰ্ণ গ্রাস কৰাৰ তিনিদিন পূৰ্বে কিউবা আৰু যুক্তৰাষ্ট্র ভ্রমণৰত লৰ্কা মাদ্রিদলৈ উভতি আহিছিল আৰু কিছুপৰ পিছতেই 'university student theater company' ৰ পৰিচালক হিচাপে নিযুক্তি লাভ কৰে আৰু স্পেইনৰ সামাজিক আৰু সাংস্কৃতিক দিশটোৰ লগত ওতঃপোতভাবে জড়িত হৈ পৰে। এইসময়ছোৱাতে লৰ্কায়ে নিজৰ নাটক দলটিৰ লগত স্পেইনৰ বহু ভিতৰুৱা অঞ্চল ভ্রমণ কৰে আৰু ৰাইজক বহু ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক ধ্যান ধাৰণাৰ বিষয়ে অবগত কৰে, যিবোৰ আছিল ফ্রাংক'ৰ ৰাজনৈতিক স্বাৰ্থৰ সম্পূৰ্ণ বিৰোধী। ফলশ্রুতিত জাৰি হ'ল লৰ্কাৰ মৃত্যুৰ পৰোৱানা। মাদ্রিদৰ পৰা নিজ জন্মভূমি গ্রানাডালৈ যাওঁতে কৰায়ত্ত কৰা হ'ল লৰ্কাক। সামাজিক ন্যায়ৰ কথা কোৱা, সাধাৰণ জনতাৰ কন্ঠক কবিতাৰে ঝংকাৰিত কৰা এজন সৰল, শিশুসুলভ কবিক ফ্রাংক' বাহিনীয়ে বধ্যভূমিলৈ চোঁচোৰাই নি নিৰ্মমভাবে গুলীয়াই হত্যা কৰে। কোৱা হয় ১৯৩৬ চনৰ ১৯ আগষ্টত লৰ্কা আৰু তেওঁৰ কমৰেড বন্ধুসকলক শাৰীৰিক নিৰ্য্যাতন চলাই, তেওঁলোকে নিজেই খন্দা গাতত গুলীওৱাৰ পিছত পুতি থোৱা হৈছিল। 'সমকামী'তাক লৰ্কাক হত্যাৰ কাৰণ হিচাপে প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হ'ল। পুৰি পেলোৱা হৈছিল তেওঁৰ সকলো কিতাপ। নিষিদ্ধ হৈছিল লৰ্কাৰ জীৱনৰ অথবা কবিতাৰ মুকলি চৰ্চা।
কেৱল ৩৮বছৰ জীয়াই থকা লৰ্কাৰ চমু জীৱন কালত প্রকাশ হৈছিল মুঠ ১০ খন কাব্য সংকলন। মৃত্যুৰ পিছত প্রকাশ পাইছিল আন দুখন কবিতা পুথি। চিৰ সুবিধাবাদী, ক্ষমতালিপ্সু শাসকদলে লৰ্কাৰ শৰীৰটিক নিধন কৰিলে কিন্তু লৰ্কাৰ কাব্যিক, মুক্তিকামী সত্তা চিৰ প্রবাহমান। স্পেইনত, সমগ্র বিশ্বত যেতিয়ালৈকে শ্রমজীবী, কৃষক-বনুৱাসকল থাকিব তেতিয়ালৈকে থাকিব লৰ্কাৰ কবিতাৰ গুণগুণনি এজাক বতাহৰ দৰে স্বস্তিৰ নিশ্বাস হৈ ।
-ৰক্তিম-
Subscribe to:
Posts (Atom)