"...বন্ধুৰ মৃত্যু মিছাওঁ হ’ব পাৰে? কি প্রমাণ আছে?"-
তথা কথিত উন্নয়নৰ আৰু ভাল দিনৰ সপোন দেখুওৱা বৰ্তমান চৰকাৰৰ আমোলত এটি সাধাৰণ চহীৰ বাবে মোৰ দৰে এজন সাধাৰণ নাগৰিকৰ কি অনাকাংক্ষিত, অবাঞ্চিত, অকল্পনীয় হাৰাশাস্তি হ’ব পাৰে তাৰ বৰ্ণনা অতি দুখ, ক্ষোভ আৰু লাজেৰে দিব ওলাইছো।
একে লগে ধুলি বালি খেলি ডাঙৰ হোৱা মোৰ শৈশৱৰ অতি মৰমৰ, অতি ঘনিষ্ঠ বন্ধু ঋতুপৰ্ণ শইকীয়া (বাবু)-ৰ যোৱা ২১ জুলাই তাৰিখে আকস্মিক বিয়োগ ঘটে। তেওঁ State bank of India-ৰ মুম্বাইৰ মুখ্য কাৰ্যালয়ৰ ডেপ্যুটি মেনেজাৰ আছিল । মুম্বাইটে তেখেতৰ বিয়োগ ঘটে মাথো ৩৬ বছৰ য়সত। তেওঁ এটি ৮ মহীয়া সন্তানৰ পিতৃ আছিল।দাহ সংস্কাৰৰ বাবে তেখেতৰ মৃত শৰীৰ তেজপুৰৰ নিজা বসগৃহলৈ অনা হয় আৰু একে দিনাই অৰ্থাৎ ২২ তাৰিখে এক অতি শোকাকুল পৰিবেশৰ মাজত স্থানীয় মৰাভৰলী শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়।শ্মশান কতৃপক্ষই তাৰ পিছতে মৃতকৰ সৎকাৰৰ বাবদ ৭০ টকা সাহাৰ্য হিচাপে গ্রহণ কৰি
মোৰ হাততে মোৰ মৃত বন্ধুৰ সৎকাৰৰ প্রমাণ পত্রখন তুলি দিয়ে। তেজপুৰ পৌৰ সভায়ে জাৰী কৰা উক্ত ১৬৭৯ ক্রমিক নংৰ প্রমাণ পত্রখনত ইতিমধ্যো শ্মশান পৰিচালক ‘লুলু’ৱে নিজৰ চহী প্রদান কৰিছিল আৰু তাৰ কাষতে চহীৰ বাবে থকা “উপ-সভাপতি,তেজপুৰ পৌৰ সভাৰ চহী ল’লে সৎকাৰৰ প্রমাণ পত্রখন সম্পূৰ্ণ মান্য হয়। ইতিমধ্যো এইখন প্রমাণ পত্র আৰু এখন NOC তথা অন্যান্য নথিৰ বাবে মুম্বাইৰ পৰা পুলিচ তথা SBI কতৃপক্ষই আমাক যোগাযোগ কৰি আছিল আৰু নথি-পত্রবোৰ যিমান পাৰি সোনকালে পথাবলৈ অনুৰোধ কৰিছিল।বাকিবোৰ কাম প্রায়
সম্পূৰ্ণ হৈছিল আৰু শেষ কাম হিচাপে সৎকাৰৰ প্রমাণ পত্রখনত বাকী থকা মাথো “উপ-সভাপতি,তেজপুৰ পৌৰ সভা” ৰ চহীটো ল’বলৈ গ’লো।উপ-সভাপতি জনৈক সত্যজিত স্বৰ্গীয়াৰী নাছিল গতিকে অলপ পৰ আপেক্ষা কৰিলো। তেনেতে তেখেত আহিল। মই আগুৱাই গ’লো আৰু তেখেতৰ হাতত সৎকাৰৰ প্রমাণ পত্রখন তুলি দি চহীতো কৰিবলৈ অনুৰোধ কৰিলো। কাগজখন নোচোৱাকৈয়ে তেখেতে মোক ভেকাহী মাৰি ক’লে যে তেওঁ এতিয়া নোৱাৰে গতিকে মই পিছত আহিব লাগে।মই পুণৰ অনুৰোধ কৰিলো আৰু ক’লো যে মাথো এটি চহী লাগে আৰু উক্ত কাগজখন ততাতৈয়াকৈ মুম্বাই পঠাব লাগে। মই যিমান অনুৰোধ কৰিলো তেখেত সিমান আকোঁৰগোজ হ’ল। মুঠতে তেওঁ চহী নিদিয়ে। তেনেতে তেওঁ এবাৰ কাগজখিলাত চকু ফুৰালে আৰু মোক আক্রমণাত্মক ভংগীমাৰ, “এই খন কাগজ আপুনি ক’ত পালে? “উপ-সভাপতি,তেজপুৰ পৌৰ সভা” ৰ চহী কিয় আছে ইয়াত? এইয়া কেনেকৈ হ’ব? লুলুৱে এইখন বহী ক’ত পালে? নতুন বহী বনাব লাগিব…মইকেতিয়াওঁ চহী নকৰো” আদি এশ-এবুৰি অতি অদ্ভুত বচন বলকিবলৈ ধৰিলে। মই হতভম্ব। ক’ত, কেলৈ, কিয়, কাক লগ পাবলৈ আহিছিলো পলকতে আওঁৰাই ল’লো।এইবাৰ মোৰ ধৈৰ্যৰ বান্ধ চিগিল। তেজপুৰ পৌৰসভাই তেজপুৰ পৌৰসভাৰ নামত জাৰি কৰা মৰাভৰলী শ্মশাৰ সৎকাৰৰ প্রমাণ পত্রখনত তেওঁ চহী লাগিব বুলি উল্লেখ থকাৰ পিছত তেওঁ কিয় চহী নকৰিব বুলি ওলোটাই টান কৈ সোধাত তেওঁ মোৰ লগত বাক্ যুদ্ধত লিপ্ত হ’ল ক’লে মই তেওঁক চহী কৰিবলৈ বাধ্য কৰাব নোৱাৰো আৰু লগতে মোক ক’লে যে মোৰ বন্ধুৰ মৃত্যু মিছাওঁ হ’ব পাৰে? কি প্রমাণ আছে? মই মাথো কৈছিলো দাহ সংস্কাৰ কৰা মানুহটোক মই কেনেকৈ আপোনৰ ওচৰলৈ আনিম? শোকে বুকুত খুন্দা মাৰি ধৰিছিলে মোৰ। বাবু হেৰাই যোৱা দুখ তিল মাত্রও পাতলা নাছিল।যি পাৰো যেনেকৈ পাৰো মাথো চেষ্টা কৰিছো তাৰ ঘৰখনক সহায় কৰিবলৈ।এনেকুৱা জঘণ্য অসাংস্কৃতি আৰু অমানবীয় বক্য তেজপুৰ হেন এখন নগৰীৰ
পৌৰসভাৰ
উপ-সভাপতিৰ ব্যবহাৰ অকল্পনীয় আৰু অবাঞ্চিত আছিল।মই নতুন
পৌৰসভাৰ কৌটিটীয়া কাৰ্যালয়ৰ প্রথম মহলাৰ পৰা তললৈ নামি আহিলো। পৰস্থিতিৰ গুৰুত্ব বুজি এজন কৰ্মচাৰীয়ে মোক পৌৰসভাৰ এটা সাধাৰণ ঘুৰণীয়া মোহৰ মাৰি পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। এইখিনিতে জনাই থওঁ যে এই সকলো ঘটনা পৌৰসভাৰ সভানেত্রী শুভ্রা দত্তৰ কাৰ্যালয়ৰ দুৱাৰ মুখত তেখেতে দেখাকৈয়ে
সংঘটিত হৈছিল যদিওঁ তেওঁ এবাৰলৈওঁ আহি পৰিস্থিতি বুজিব চেষ্টা নকৰিলে।
পৌৰসভাৰ পৰা এটি লজ্জাজনক অভিজ্ঞতা লাভ কৰাৰ পিছত মই কামতো যাতে যেনে তেনে
হয় তাৰ অনুৰোধ তথা উপ-সভাপতিৰ আচৰণৰ গোচৰলৈ পোণে পোণে শোণিতপৰ জিলা উপায়ুক্ত মহোদয়া লয়া মাদুৰীক লগ ধৰিলো।তেখেত বান পৰস্থিতি লগত জড়িত বহু কামত জড়িত আছিল আৰু মাননীয় মুখ্যমন্তীৰ লগত সেই বষয়ক এক টেলিকন্ফাৰেশ্চৰ বাবে সাজু হৈছিল যদিওঁ মোক লগ ধৰিবলৈ সন্মত হ’ল। তেখেতে সকলো বুজ লোৱাৰ পিছত ক’লে যে এইটো বিষয়ত মোক চক্র বিষয়াইহে সহায় কৰিব পাৰিব। তেওঁ লগে লগে চক্র বিষয়ালৈ ফোন কৰি এই বিষয়ে অবগত কৰিলে। তেখেতক ধন্যবাদ দি মই চক্র বিষয়াৰ তালৈ বুলি খোজ ল’লো।তেওঁ বোধহয় স্থানীয় সংবাদদাতা সকলৰ লগত কিবা জৰুৰী বৈঠকত আছিল।কিছুপৰ আপেক্ষাৰ পিছত মোৰ পাল আহিল। মই তেওঁৰ কাৰ্যালয়লৈ তেওঁক সকলো ক’লো। তেওঁ উপ-সভাপতিলৈ মোৰ সমুখতে ফোন লগালে। উপ-সভাপতিয়ে পোনপতিয়াকৈ উক্ত কাগজত চহী নকৰো বুলি ক’লে আৰু চক্র বিষয়াই ফোন ৰাখিলে। মোক মাথো ক’লে ‘এই বিলাক ৰাজনীতিৰ মানুহ, চহী নকৰো বুলি ক’লে আমি একো কৰিব নোৱাৰো’।মই তেওঁক ধন্যবাদ এটা দি ওলাই আহিলো কিন্তু মই যাম ক’লৈ? মোৰ মন আকোঁৰগোজ। মোৰ বন্ধু কথা, তাৰ বাবে মই এইখিনি কৰিব নোৱাৰিম নে? বুকু ডাঠ কৰি ওলাই আহিব ধৰা চকু পানী খিনি আদবাটতে অদৃশ্য কৰি পুণৰ পৌৰসভালৈ বুলি খোজ ল’লো।মনতে বান্ধি ল’লো ‘নহয় ৰঙা মাটি, নহয় গুৱাহাটি’ কিন্তু ইতিমধ্যো প্রায়বোৰ পৌৰ কৰ্মী তথা উপ-সভাপতিজন ওলাই গ’ল। সভানেত্রী গৰাকীক তেওঁৰ কাৰ্যালয়তে দেখি সোমাই গ’লো আৰু তেওঁক সকলো কথা বিবৰি ক’বলৈ যত্ন কৰিলো
যদিওঁ তেওঁৰ কথাবোৰে মোৰ ধৈৰ্য উপৰ্যুপৰি পৰীক্ষা ল’লে। তেওঁৰ মতেতো মোৰ হাতত থকা পৌৰ সভাৰ কাগজখনেই বে-আইনী। পৃথিবীৰ কি এক
অদ্ভুত কোণত আছো মই!!! বিশেষকৈ বাংগালুৰু,
চেন্নাই আদি ঠাইত অত বছৰে কাম কৰি অহাৰ পিছত আমাৰ অফিছৰ এই লীলা দেখি সঁচাকৈয়ে অতি অদ্ভুত লাগিল। তেখেতে মোক এই ঘটনাৰ সম্বন্ধে আৰু কিছু অসংগলগ্ন কথা ক’বলৈ আৰম্ভ কৰোতেই বাধ্যত পৰি মই মোৰ দীঘলীয়া পৰিচয় এটা দিব লগা হ’ল কিয়নো তেওঁ মোক কথা কৈ থাকোতে মোৰ এনে লাগিছিল যেন বুদ্ধিবৃক্ষৰ ফল খোৱাৰ আগৰ আডামটোহে মই। মুঠতে তেওঁৰ পৰাওঁ কোনো সদৰ্থক সহাঁৰি নাপালো। তেওঁ মাথো ক’লে আপুনি কালিলৈ আহক।তেওঁ হেনো কিবা মিটিং কৰিব। মই পূৰ্ব অভিজ্ঞতাৰ ভিত্তিত বুজিছিলো যে এনেকুৱা ‘অহাকালি’ হয়তো অন্তহীনভাবে
আহিয়েই থাকিব । কিন্তু মোৰ সময় ক’ত? পুৱাৰ পৰা এটি সাধাৰণ চহীৰ বাবে ঘূৰি ঘূৰি ইতিমধ্যো আবেলি হৈছিল।এই সমস্ত ঘটনাৰ সাক্ষী ভাতৃপ্রতিম দীপংকৰ মেছৰ লগত উভতি আহি বাবুৰ ঘৰত তাৰ ভগ্নীৰ হাতত নিজৰ বিফলতাৰ সাক্ষী হিচাপে স্বাক্ষৰহীন সৎকাৰৰ প্রমাণ পত্রখন তুলি দি নিজ গৃহৈ বুলি উভতি আহিলো।মনত শান্তি নাছিল। অদ্ভুত ভাবে ক্রিয়া কৰিছিল। বাৰে বৰে এটাই অনুভব- বাবুৰ দৰে এটা গৌৰব কৰিব পৰা প্রতিভাশালী অসমীয়া সন্তানৰ মৃত্যুক লৈ এই কাণ্ডজ্ঞানহীন, অবাবত চৰকাৰী টকা খাই পেট গেৰেলা কৰা অধচ হ’তৰ খেলা কৰাৰ কোনো অধিকাৰ নাই।বিচনাত পৰি কেৱল চিন্তা কৰিলো কি কৰিব পৰা যায়। এটা উপায় পালো। তেজপুৰ পৌৰসভা যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ দখলত তেনেক্ষেত্রত ভাৰতীয় জনতা পাৰ্টিৰ উচ্চস্তৰীয় বিষয় ববীয়াই কিজানি সহায় কৰিব পাৰেই? উপযুক্ত স্থানত অৰ্থাৎ ৰাজ্যিক বিষয়বাব থকা,
ঋতু আৰু মোৰ এজন বন্ধুলৈ
ফোন লগালো (তেখেতৰ অনুমতি নোলোৱাকৈ নাম উল্লেখ কৰিব নিবিচাৰিলো) তেখেতে কথা শুনি হতভম্ব হ’ল আৰু
তৎক্ষাণিক ভাবে কিবা এটা কৰাৰ আশ্বাস দিলে। কিছুপৰ
পিছতেই ফোন আহিল আৰু ক’লে
অহা কালিলৈ গ’লেই হ’ল সকলো হৈ যাব। তেওঁ ওপৰৰ কাৰোবাৰ দ্বাৰা সভানেত্রীলৈ ফোন কৰালে বুলি ক’লে।
তেওঁক মই আন্তৰিক ধন্যবাদ
জনাই ফোন থ’লো।হয়তো মোৰ কামতো কাৰোবাৰ ফোনত অহা কলিলৈ বা পৰহিলৈ বা তাৰ
পিছৰ দিনা হৈ যাব কাৰণ মই
উপায়ন্তৰ
হৈ এটা
অতি নগণ্য কামৰ বাবে বক্র পথ ল’লো আৰু হয়তো কোনো মন্ত্রী, বিষয়াৰ ধমকৰ অন্তত কিবা এটা সমাধান পাম কিন্তু এজন কেও কিছু চিনাকী নথকা সাধাৰণ নাগৰিক হিচাপে যেতিয়া মই কামটো কৰিবলৈ গ’লো মই কি পালো??? এটি
চহী বিচাৰি মোৰ দৰে এজন সাধাৰণ মানুহৰ যি তিক্ত অভিজ্ঞতাপূ্ৰ্ণ দূৰ্দশা
হ’ল সি মাথো এটা কথাই চিঞৰি চিঞৰি সোঁৱৰাই যে অসমৰ পৰিবৰ্তন কোনো দিনে কোনো চৰকাৰে, কোনো ৰাজপথৰ আন্দোলনে, কোনো বিপ্লবে, কোনো বিদেশী বিনিয়োগ বা বিদেশী কোম্পানীয়ে আনিব নোৱাৰে। পৰিবৰ্তন লাগিব মানসিকতাৰ, কাম কৰা মানসিকতাৰ। কৌটি টকীয়া বিনিয়োগেৰে কাৰ্যালয়ৰ নব নিৰ্মাণ কৰি লাভ নাই যদি তাত বহি কাম কৰা কৰ্মচাৰীৰৰ মানসিকা বা কৰ্মসংস্কৃতিৰ নমুনা উপৰোল্লিখিত লোকসকলৰ নিচিনা হয়।পৰিবৰ্তন ভিতৰৰ পৰা অহা বস্তু। ডাঙৰ ডাঙৰ হৰ্ডিং, পষ্টাৰ, এডভাটইিঙেৰে কৰ্মৰ প্রতি থকা অসমীয়া মানুৰ
আওঁপুৰণি মানসিকতাৰ পৰিবৰ্তন কৰিব নোৱাৰি বা সম্ভব নহয়। তৈল ক্ষেত্র, এইমচ, নদীবন্ধ লৈ উত্তাল হৈ থকা ৰাজ্যৰ জনসাধাৰণে প্রথমে এইটো বুজিব লাগিব যে চৰকাৰী কাৰ্যালয় সমূহৰ ঘোণে ধৰা কৰ্মংস্কৃতিৰ পৰিবৰ্তন কৰিবৰ বাবেওঁ ৰাইজে আন্দোলন কৰিব লাগিব মাথো এই আন্দোলন ৰাজপথৰ হাজাৰজনৰ সমদলৰ বীপৰিতে হ’ব প্রতিজন নাগৰিকৰ ব্যক্তিগত পৰ্যায়ৰ আন্দোলন।চৰকাৰী বিষয়াৰ স্বজন, তোষণ, অকৰ্মণ্যতা, কাণ্ডজ্ঞানহীনতাৰ বিৰুদ্ধে এজন সচেতন গণতান্ত্রিক নাগৰিকৰ দৰে প্রতিবাদ আৰু নৈতিক ভাবে নিজৰ অধিকাৰ সব্যস্ত কৰাই হ’ব এই আন্দোলনৰ আধাৰ।চৰকাৰখনলৈওঁ অনুৰোধ জনালো পৰিবৰ্তন আনক কিন্তু ঘৰৰ বাহিৰত ফুলৰ বাগিছাখন ৰুই পৰিবৰ্তন অনাৰ পৰিবৰ্তে
প্রথমে শোৱনী কোঠাতোৰ আবৰ্জনাবোৰ আতৰাই পৰিবৰ্তন আনক। ভগবানক
এটা কথাতেই ধন্যবাদ জনালো যে মোৰ ঠাইত ঋতুৰ পিতৃ এই চহী বিচাৰি অহা নাছিল…।