Sunday, October 2, 2016

জীৱন- অন্য এক স্কেচ্ছ


ঘৰত পাৰ চৰাই এজাক থাকিলে ঘৰখন সিঁহতে সজীৱ কৰি ৰাখে, প্রাণময় কৰি তোলে। পাৰচৰাই দেউতাৰ বৰ প্রিয় কিন্তু বহুবাৰ চেষ্টা কৰিওঁ বৰ বেছি সময়লৈকে পাৰচৰাইক ঘৰ লোৱাব পৰা নাছিল।বহু যতন কৰাৰ পিছতো প্রায়েই মেকুৰী, হেপা, কাউৰী, সাপ আদিয়ে পাৰবোৰক এটা এটাকৈ অদৃশ্য কৰিছিল। পিছলৈ দেউতাইয়ো পাৰচৰাই পোহাৰ হেঁপাহ বাদ দিলে।এদিন দেউতা হঠাৎ পুৱা এহাল পাৰৰ ৰুণত সাৰ পালে। শোৱাৰ পৰা উঠি ভালকৈ ইফালে-সিফালে চাই দেখা পালে যে ক’ৰবাৰ পৰা এহাল বগা পাৰচৰাই আহি শোৱনীকোঠাৰ চিলিংত বাঁহ লৈছে।আনন্দৰ কথা। পাৰ চৰাই হালক ঘৰৰ সকলোৱে আনন্দৰে আদৰি ল’লে।দিন গ’ল, সিহতো লাহে লাহে আমাৰ ঘৰৰ স্থায়ি বাসিন্দা হ’ল, চাই থাকোতেই সিহঁতো আমাৰ পৰিয়ালৰ অংশ হৈ পৰিল। প্রত্যেক দিনাই সিঁহতৰ কথা পতা, সিহতক নজৰ দিয়াতো ঘৰৰ সকলোৰে দায়িত্বৰ গণ্ডীত সোমাই পৰিল।কেতিয়াবা সিঁহতক বহু পৰলৈকে নেদেখিলে দেউতাৰ মন কোঁচ খাই যায়, সোধে, “ইহত হালক দেখোন আজি বহুদেৰি দেখাই নাই। ক’লৈ বা গ’ল?” তাৰ কিছুপৰ পিছতে ধপধপাই পাখি কোবাই আহি চিলিংত পৰিলেহে মুখত পানী আহে দেউতাৰ।সিহতৰ সংসাৰ বহাৰ সময় হ’ল।লাহে লাহে মাইকী পাৰজনী প্রায় উমনিতে থাকিবলৈ ধৰিলে আৰু মতা পাৰটো দিনটো খাদ্য, কূটা আদি গোটাই অনাত ব্যস্ত হৈ পৰিল।আমাৰো আনন্দৰ সীমা নোহোৱা হ’ল।মায়ে প্রায়েই কৈছেল, “সাক্ষাৎ লক্ষী অহাদি আহিল এই হাল আমাৰ ঘৰলৈ”।সকলোৰে উৎকন্ঠা কেতিয়া ঘৰলৈ নতুন সদস্যৰ আগমন ঘটিব।এতিয়া মুঠতে ঘৰখনো লাহে লাহে পাৰহালক কেন্দ্র কৰি চলিব ধৰিলে।আাকাংক্ষিতভাবে ভালদিনটো আহিল। আমি নৱজাতকৰ চি্চি্ঞনি শুনিব পালো। ঘৰত আনন্দৰ সীমা নাই।আৰু এহাল পাৰচৰাইৰ আগমন ঘটিল।ঘৰৰ সকলোৰে মুখত এক সুপ্ত আনন্দৰ আভাস, মনত সন্তোষ্টিৰ ভাব।ইতিমধ্যো ১০-১৫ দিন পাৰ হ’ল। লাহে লাহে সৰু চৰাই হালো ডাঙৰ হ’ব ধৰিলে। মতা পাৰটোৰ সংসাৰৰ দায়িত্ব বহুলংঘে বাঢ়িল।পুৱাৰ পৰা  আৱেলিলৈকে মাথো বাহিৰৰ পৰা ভিতৰলৈ, ভিতৰৰ পৰা বাহিৰলৈ অগননবাৰ আহঁ-যাহঁ।তাৰ কষ্ট আৰু ব্যস্ততা আমাৰ সকলোৰে চকুত পৰিছিল।দুটি সন্তানৰ সৈতে পত্নীৰ সমস্ত দায়িত্ব এতিয়া যে তাৰেই ওপৰত।

সেইদিনা দেওঁবাৰ।অসহ্য গৰম।ফেনখন ৫-ত হুৰহুৰাই চলি থাকিলেওঁ শৰীৰত একো তফাৎ নপৰে । কলকলাই ঘাম ওলায়েই থাকে।দেউতা স্বভাবজাতভাবে পুৱাৰ পৰাই ঘৰৰ ইটো সিটো কাম কৰাত ব্যস্ত।মাজতে এবাৰ মাথোঁ নিজৰ শোৱনী কোঠা চাফা কৰিবলৈ গৈ ফেনখন চলাইছিল যদিওঁ হঠাৎ সেইখন বন্ধ কৰি শোৱনী কোঠা চাফা নকৰাকৈ ওলাই আহিল আৰু আন কামত ব্যস্ত হৈ পৰিল।মায়ো পাকঘৰৰ কামত গতানুগতিকভাবে ব্যস্ত।পাৰহালৰ নতুন ব্যস্ত সংসাৰো নিজৰভাগে চলি আছিল। মাথো মতা পাৰটোৱে সিদিনা সদায় চিলিংৰ পৰা বাহিৰলৈ ওলাইযোৱা ভেণ্টিলেটৰখনৰ বাটতোৰ বীপৰিতে আন এখন ভেণ্টিলেটৰেদি ওলোৱা সোমোৱা কৰিছিল।বোধহয় সেইদিশে বিচাৰিফুৰা কিবা বস্তুৰ সন্ধান পাইছিল।সকলো এটি গতিত চলি আছিল। এনেতে মায়ে পাকঘৰৰ কাম সামৰি আহি গৰমত অতিষ্ঠহৈ শোৱনী কোঠাতোৰ ফেনখন প্রচণ্ড গতিত চলাই বিচনাত অলপ জীৰাবৰ বাবে শুই পৰিছিলহে মাথো হঠাৎ এটা প্রচণ্ড শব্দ হ’ল। ততাতৈয়াকৈ সকলো আহি শোৱনী কোঠাতো পাই যি দৃশ্য দেখিলে সি সকলোৰে বুকুত এক কাহানিওঁ মচিব নোৱাৰা শোক দি গ’ল।পুৱাৰপৰা নিষ্ঠাৰে নিজৰ সংসাৰকলৈ ব্যস্তহৈ থকা মতা পাৰটো বুকুখন দুফালহৈ শোৱণী কোঠাৰ মাজত পৰি আছে আৰু শেষ উশাহ কেইটা ল’বলৈ অপ্রাণ চেষ্টা কৰি আছে।কূটা কঢ়িওঁৱাই থকা তাৰ নতুন বাটতোৰ মাজত আকস্মিকভাবে প্রচণ্ড গতিত চলি উঠা এখন ফেন যে তাৰ ঘাতক হৈ তেনেকৈ তাৰ বাবে ৰৈ আছিল সি হয়তো কাঢ়ানিওঁ কল্পনা কৰা নাছিল, কল্পনা কৰা নাছিলো আমিওঁ।নতুনকৈ তাৰ সংসাৰখন গঢ় লৈ উঠিছিলহে মাথো, নিমিষতে, চকুৰ সমুখতে সকলো শেষ হৈ গ’ল। মৃত্যু নামৰ জীৱনৰ এক চৰম সত্যৰ লগত ইমান গাঢ়কৈ মুখামুখি হোৱা আমৰ ঘৰখন ইয়াৰ পিছত বহু দিনলৈ নীৰৱ হৈ পৰিছিল।কিছুদিনৰ পিছত আমাৰ সকলোৰে অজানিতে অদৃশ্য হৈছিল বাকি থকা আন তিনিওঁটা পাৰচৰাই…।

উচ্ছেদৰ বিৰুদ্ধে অসম বন্ধ কিয়?


প্রথমেই সোনোৱাল চৰকাৰক বহু আকাংক্ষিত কাজিৰঙা উচ্ছেদ অভিযান আৰম্ভ কৰাৰ বাবে আন্তৰিক ধন্যবাদ দিয়াৰ গুৰু তাগিদ অনুভৱ কৰিলো।কাজিৰঙাৰ ক্রমবৰ্ধমান দূৰবস্থাকলৈ প্রতিজন অসমীয়াৰ দৰে মোৰো বুকুৰ কোনোবা এটা চুক সদায়েই ক্রুধ আৰু অসন্তোষ্টিৰে ভৰি আছিল।প্রতিবাৰ কাজিৰঙা বনাঞ্চল পাৰ হওঁতে দেখা লানি নিচিগা সৰু সৰু জুপুৰিবোৰ , ক্রমাৎ বাঢ়ি অহা গাওঁবোৰৰ অচিনাকী মানুহবোৰ এক দুঃস্বপ্নত পৰিণত হৈছিল।বাঢ়ি অহা এই লোকসকলৰ সমানুপাতিকভাবে বাঢ়ি অহা নিঠৰ, নিস্প্রাণ খৰ্গহীন গড়ৰ মৃতদেহবোৰে মন-মগজুৰ এটা কোণ সদায় বিতৃষ্ণা আৰু অসন্তোষ্টিৰে ভৰাই ৰাখিছিলে।সোনোৱাল চৰকাৰৰ এই পদক্ষেপে মনত কিছু আশাৰ সঞ্চাৰ কৰিলে। কংগ্রেছ চৰকাৰৰ বাবে পৃথিবী বিখ্যাত কাজিৰঙা আছিল ৰাজনৈতিক আখৰাৰ মঞ্চ।ক্রমাৎ বাঢ়ি অহা সন্দেহজনক লোকসকল আছিল প্রকাৰন্তৰে কংগ্রেছৰ সপক্ষে  ক্রমাৎবাঢ়ি অহা ভোটৰ সমষ্টি।গতিকে এই কথাত কোনো দ্বন্দ থাকিব নোৱাৰে যে ১৫ বছৰৰ এক সুদীৰ্ঘ শাসন কাল লাভ কৰিওঁ, উচ্ছেদৰ ক্ষেত্রত পিছলৈ মাননীয় উচ্চ ন্যায়লয়ৰ আদেশ পোৱাৰ পিছতো কংগ্রেছ চৰকাৰে নিৰ্লজ্জৰ দৰে চকু মুদি থাকিল আৰে শাসনৰ শেষ দিন পৰ্যন্ত কাজিৰঙাৰ নিধন কৰি গল।সেয়েহে শাসন লাভৰ মাত্র এবছৰৰ পিছতেই জাতীয় ঐতিৰ্য্যৰ প্রশ্ন জড়িত থকা কাজিৰঙাৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি আৰু মাননীয় মাননীয় উচ্চ ন্যায়লয়ৰ আদেশক সন্মান জনাই সৰ্ব্বা চৰকাৰে যি পদক্ষেপ ল’লে সি নিশ্চিতই অসমত বাস কৰা আৰু অসমক সঁচা অৰ্থত ভাল পোৱা প্রতিজন ব্যক্তিৰ বাবে উৎসাহজনকভাবে আদৰণীয় হৈ ৰ’ব। আনন্দৰ কথা এইটো যে প্রথম দিনৰ উচ্ছেদ অভিযানৰ সময়ত যি অপ্রত্যাশিত পৰিস্থিতি হ’ল তাৰ পিছত বান্দৰডুবিৰ জনৈক মহম্মদ জালালুদ্দিন আৰু অন্যান্যই উচ্ছেদ অভিযানৰ বিৰুদ্ধে দাখিল কৰা এখন ৰীট আবেদনৰ সন্দৰ্ভত স্পষ্টভাবে উল্লেখ কৰে যে চৰকাৰে  চলাই থকা উচ্ছেদ অভিযানত মাননীয় উচ্চ ন্যায়লয়ে হস্তক্ষেপ নকৰে।কংগ্রেছ চৰকাৰে ন্যাপালিকাৰ আদেশ সৰ্ন্দভত লোৱা দুৰ্ভাগ্যজনক স্থিতিৰ পৰিবৰ্তে বৰ্তমান চৰকাৰৰ আমোলত  ন্যায়পালিকা আৰু কাৰ্য পালিকাৰ এই পাৰস্পৰিক সহযোগিতা আৰু এনে দ্বন্দহীন পদক্ষেপ সচাকৈয়ে প্রশংসনীয় আৰু আমাৰ কাম্য  ।
কাজিৰঙাৰ উচ্ছেদৰ বিৰুদ্ধে কাজিৰঙা বনাঞ্চলত অবৈধভাবে বসবাস কৰা সন্দেহজনক নাগৰিকসকলৰ প্রতি সহৃদয় এটি সংগঠনে আচৰিতভাবে উচ্ছেদৰ পিছৰ দিনটোত ‘অসম বন্ধ ঘোষণা কৰিলে। স্বাভাবিকতেই উচ্ছেদ অভিযানত সুখী অসমীয়া ৰাইজে এই বন্ধক সৰ্বাত্মকভাবে প্রত্যাখান কৰিলে। কিন্তু কথাটো হ’ল উক্ত দ’লটিয়ে  মাননীয় উচ্চ ন্যায়লয়ৰ আদেশ আৰু নিজৰ নৈতিক দায়িত্ব হিচাপে অসম চৰকাৰে কাজিৰঙা আগ্রাসনকাৰীৰ পৰা কাজিৰঙা পুণৰুদ্ধাৰৰ বাবে কৰা এই সজ কাৰ্যৰ বিৰোধিতা কৰি নিজৰ কি চৰিত্র উদঙাই দিলে? উচ্ছেদিত হোৱা লোকসকলৰ দুখত দুখি এই লোকসকলে অতবছৰে কিয় কাজিৰঙাৰ দুখ দেখা নাছিল? কিয় হত্যা কৰা গড়বোৰৰ দুখত আস্ফালন কৰা নাছিল? বিশ্বগৌৰৱ কাজিৰঙাৰ শৌৰ্যতকৈ কিদৰে কাজিৰঙাৰ অবৈধ বেদখলকাৰীসকল তেওঁলোকৰ আপোন হ’ব পাৰে? অবৈধ বেদখলকাৰীৰ দুখত ‘অসম বন্ধ আহ্বান কৰা এই সংগঠনে ‘অসম প্রেম’ৰ এয়া কি নমুনা দাঙি ধৰিছে? আন সকলো সমাজপ্রদত্ত, জন্মপ্রদত্ত পৰিচয়ৰ উৰ্দ্ধত মই অসমৰ বায়ু-পানী খাই ডাঙৰ হোৱা  এজন নিভাঁজ অসমীয়া আৰু সেই সূত্রে অসমৰ অনিষ্ট কৰা যিকোনো লোকৰ বিৰুদ্ধে চৰকাৰে উচিত পদক্ষেপ ললে মই আন্তৰিকভাবে সুখী হ’ম বা মোৰ দৰে আন প্রতিজন অসমীয়াই স্বাভাবিকতেই সুখী হ’ব।এতিয়া কথা হ’ল অসমীয়া ৰাইজৰ মনৰ আশা পুৰণ কৰা চৰকাৰৰ দেশ হৈতেশী এক পদক্ষেপৰ বিৰোধিতা কৰা লোকসকলক মই কি বুলি গণ্য কৰিম? এনে কাৰ্যৰ মাজত কেনেকৈ বিচাৰি পাম তেওঁলোকৰ দেশ প্রীতি? কেনেকৈ মানি ল’ম অসমক তেওঁলোকে ভাল পায় বা অসম তেওঁলোকৰ জন্মভূমি?  অসমৰ প্রতি  এনে মনোভাবক ৰাজহুৱাকৈ প্রকাশ কৰিবলৈ উক্ত সংগঠনে বা উক্ত সংগঠনে প্রতিনিধিত্ব কৰা জনগনে কিয়  অলপো কুন্ঠাবোধ নকৰিলে? মই আগতেওঁ এই কাকততে প্রকাশিত এটা সম্পাদকীয় লেখাত উল্লেখ কৰিছো যে অবৈধভাবে অসমলৈ প্রব্রজিত সন্দেহজনক নাগৰিকসকল হিন্দু-মুছলীম সহিতে বৃহত্তৰ অসমীয়া জাতিটোৰ শত্রু।সেয়েহে কাজিৰঙাৰ সন্দেহজনক,   বেদখলকাৰী নাগৰিকসকলৰ বে-আইনী কাৰ্যৰ বিৰুদ্ধে চৰকাৰে লোৱা স্থিতিৰ বিৰোধিতা কৰি নিজৰ লগতে বৃহত্তৰ অসমীয়া জাতিতোৰো অহিতকহে প্রশ্রয় দিছে।


    নিশ্চিতই চৰকাৰে এই উচ্ছেদ কাৰ্যৰ আৰম্ভণি আকস্মিকভাবে কৰা নাই আৰু এই কাৰ্য এক সু-পৰিকল্পনাৰ অধীন গতিকে যাতে ক্ষতিগ্রস্থ হোৱা লোকসকলৰ মাজৰ বিধিগত আৰু আইনীভাবে ক্ষতিপুৰণ লাভ কৰিবলীয়া লোকসকলে (বিশেষকৈ থলুৱা জনগোষ্ঠীয় লোকসকলে যি দশক দশক জুৰি অৈধ প্রব্রজনৰ ভুক্তভুগী) যাতে ততাতৈয়াকৈ নিজৰ প্রাপ্য অথবা পুৰ্ণৰসস্থাপন লাভ কৰে তাৰ বাবে চৰকাৰে যাতে ক্ষিপ্রতাৰে কাম কৰে। চৰকাৰী পক্ষই এইটো মনতে বান্ধি লোৱাতো ফলদায়ক হ’ব যে এই উচ্ছেদ কাৰ্য মাথো আৰম্ভণিহে।কাৰণ অঞ্চল এটা উ্চ্ছেদ কৰাৰ পিছত যদি সেই অঞ্চলত চোকা নজৰ ৰখা নহয় তেনেহ’লে সেই অঞ্চল কম সময়তে পুণৰ আকৌ লোকাৰণ্য হৈ পৰিব।সেয়েহে আশা ৰাখিলো কাজিৰঙা হওঁক বা মায়ঙেই হওঁক অবৈধভাবে পূৰ্বৰ চৰকাৰৰ পূৰ্ণ পৃষ্ঠপোষকতাত অসমৰ হাবি জংঘল কাটি খাস্তাং কৰি অসমৰ হাজাৰ হাজাৰ বিঘা মাটি নিজৰ দখললৈ নি থলুৱা লোকৰ জীবন বিপদাপন্ন কৰা সন্দেহজনকলোকৰ বিৰু্দ্ধে চৰকাৰে আৰম্ভ কৰা এই অভিযান নিৰন্তৰ চলক। কাজিৰঙা পুণৰ হওঁক এশিঙীয়া গড়ৰ স্বৰ্গ।কাজিৰঙা পুণৰ হওঁক আগ্রাসনমুক্ত এক সেউজ ধৰা।বন্ধ হওঁক অবৈধ প্রব্রজন।