Sunday, October 2, 2016

জীৱন- অন্য এক স্কেচ্ছ


ঘৰত পাৰ চৰাই এজাক থাকিলে ঘৰখন সিঁহতে সজীৱ কৰি ৰাখে, প্রাণময় কৰি তোলে। পাৰচৰাই দেউতাৰ বৰ প্রিয় কিন্তু বহুবাৰ চেষ্টা কৰিওঁ বৰ বেছি সময়লৈকে পাৰচৰাইক ঘৰ লোৱাব পৰা নাছিল।বহু যতন কৰাৰ পিছতো প্রায়েই মেকুৰী, হেপা, কাউৰী, সাপ আদিয়ে পাৰবোৰক এটা এটাকৈ অদৃশ্য কৰিছিল। পিছলৈ দেউতাইয়ো পাৰচৰাই পোহাৰ হেঁপাহ বাদ দিলে।এদিন দেউতা হঠাৎ পুৱা এহাল পাৰৰ ৰুণত সাৰ পালে। শোৱাৰ পৰা উঠি ভালকৈ ইফালে-সিফালে চাই দেখা পালে যে ক’ৰবাৰ পৰা এহাল বগা পাৰচৰাই আহি শোৱনীকোঠাৰ চিলিংত বাঁহ লৈছে।আনন্দৰ কথা। পাৰ চৰাই হালক ঘৰৰ সকলোৱে আনন্দৰে আদৰি ল’লে।দিন গ’ল, সিহতো লাহে লাহে আমাৰ ঘৰৰ স্থায়ি বাসিন্দা হ’ল, চাই থাকোতেই সিহঁতো আমাৰ পৰিয়ালৰ অংশ হৈ পৰিল। প্রত্যেক দিনাই সিঁহতৰ কথা পতা, সিহতক নজৰ দিয়াতো ঘৰৰ সকলোৰে দায়িত্বৰ গণ্ডীত সোমাই পৰিল।কেতিয়াবা সিঁহতক বহু পৰলৈকে নেদেখিলে দেউতাৰ মন কোঁচ খাই যায়, সোধে, “ইহত হালক দেখোন আজি বহুদেৰি দেখাই নাই। ক’লৈ বা গ’ল?” তাৰ কিছুপৰ পিছতে ধপধপাই পাখি কোবাই আহি চিলিংত পৰিলেহে মুখত পানী আহে দেউতাৰ।সিহতৰ সংসাৰ বহাৰ সময় হ’ল।লাহে লাহে মাইকী পাৰজনী প্রায় উমনিতে থাকিবলৈ ধৰিলে আৰু মতা পাৰটো দিনটো খাদ্য, কূটা আদি গোটাই অনাত ব্যস্ত হৈ পৰিল।আমাৰো আনন্দৰ সীমা নোহোৱা হ’ল।মায়ে প্রায়েই কৈছেল, “সাক্ষাৎ লক্ষী অহাদি আহিল এই হাল আমাৰ ঘৰলৈ”।সকলোৰে উৎকন্ঠা কেতিয়া ঘৰলৈ নতুন সদস্যৰ আগমন ঘটিব।এতিয়া মুঠতে ঘৰখনো লাহে লাহে পাৰহালক কেন্দ্র কৰি চলিব ধৰিলে।আাকাংক্ষিতভাবে ভালদিনটো আহিল। আমি নৱজাতকৰ চি্চি্ঞনি শুনিব পালো। ঘৰত আনন্দৰ সীমা নাই।আৰু এহাল পাৰচৰাইৰ আগমন ঘটিল।ঘৰৰ সকলোৰে মুখত এক সুপ্ত আনন্দৰ আভাস, মনত সন্তোষ্টিৰ ভাব।ইতিমধ্যো ১০-১৫ দিন পাৰ হ’ল। লাহে লাহে সৰু চৰাই হালো ডাঙৰ হ’ব ধৰিলে। মতা পাৰটোৰ সংসাৰৰ দায়িত্ব বহুলংঘে বাঢ়িল।পুৱাৰ পৰা  আৱেলিলৈকে মাথো বাহিৰৰ পৰা ভিতৰলৈ, ভিতৰৰ পৰা বাহিৰলৈ অগননবাৰ আহঁ-যাহঁ।তাৰ কষ্ট আৰু ব্যস্ততা আমাৰ সকলোৰে চকুত পৰিছিল।দুটি সন্তানৰ সৈতে পত্নীৰ সমস্ত দায়িত্ব এতিয়া যে তাৰেই ওপৰত।

সেইদিনা দেওঁবাৰ।অসহ্য গৰম।ফেনখন ৫-ত হুৰহুৰাই চলি থাকিলেওঁ শৰীৰত একো তফাৎ নপৰে । কলকলাই ঘাম ওলায়েই থাকে।দেউতা স্বভাবজাতভাবে পুৱাৰ পৰাই ঘৰৰ ইটো সিটো কাম কৰাত ব্যস্ত।মাজতে এবাৰ মাথোঁ নিজৰ শোৱনী কোঠা চাফা কৰিবলৈ গৈ ফেনখন চলাইছিল যদিওঁ হঠাৎ সেইখন বন্ধ কৰি শোৱনী কোঠা চাফা নকৰাকৈ ওলাই আহিল আৰু আন কামত ব্যস্ত হৈ পৰিল।মায়ো পাকঘৰৰ কামত গতানুগতিকভাবে ব্যস্ত।পাৰহালৰ নতুন ব্যস্ত সংসাৰো নিজৰভাগে চলি আছিল। মাথো মতা পাৰটোৱে সিদিনা সদায় চিলিংৰ পৰা বাহিৰলৈ ওলাইযোৱা ভেণ্টিলেটৰখনৰ বাটতোৰ বীপৰিতে আন এখন ভেণ্টিলেটৰেদি ওলোৱা সোমোৱা কৰিছিল।বোধহয় সেইদিশে বিচাৰিফুৰা কিবা বস্তুৰ সন্ধান পাইছিল।সকলো এটি গতিত চলি আছিল। এনেতে মায়ে পাকঘৰৰ কাম সামৰি আহি গৰমত অতিষ্ঠহৈ শোৱনী কোঠাতোৰ ফেনখন প্রচণ্ড গতিত চলাই বিচনাত অলপ জীৰাবৰ বাবে শুই পৰিছিলহে মাথো হঠাৎ এটা প্রচণ্ড শব্দ হ’ল। ততাতৈয়াকৈ সকলো আহি শোৱনী কোঠাতো পাই যি দৃশ্য দেখিলে সি সকলোৰে বুকুত এক কাহানিওঁ মচিব নোৱাৰা শোক দি গ’ল।পুৱাৰপৰা নিষ্ঠাৰে নিজৰ সংসাৰকলৈ ব্যস্তহৈ থকা মতা পাৰটো বুকুখন দুফালহৈ শোৱণী কোঠাৰ মাজত পৰি আছে আৰু শেষ উশাহ কেইটা ল’বলৈ অপ্রাণ চেষ্টা কৰি আছে।কূটা কঢ়িওঁৱাই থকা তাৰ নতুন বাটতোৰ মাজত আকস্মিকভাবে প্রচণ্ড গতিত চলি উঠা এখন ফেন যে তাৰ ঘাতক হৈ তেনেকৈ তাৰ বাবে ৰৈ আছিল সি হয়তো কাঢ়ানিওঁ কল্পনা কৰা নাছিল, কল্পনা কৰা নাছিলো আমিওঁ।নতুনকৈ তাৰ সংসাৰখন গঢ় লৈ উঠিছিলহে মাথো, নিমিষতে, চকুৰ সমুখতে সকলো শেষ হৈ গ’ল। মৃত্যু নামৰ জীৱনৰ এক চৰম সত্যৰ লগত ইমান গাঢ়কৈ মুখামুখি হোৱা আমৰ ঘৰখন ইয়াৰ পিছত বহু দিনলৈ নীৰৱ হৈ পৰিছিল।কিছুদিনৰ পিছত আমাৰ সকলোৰে অজানিতে অদৃশ্য হৈছিল বাকি থকা আন তিনিওঁটা পাৰচৰাই…।

No comments:

Post a Comment