Friday, November 15, 2013

অসুৰৰ জিঞ্জিৰী পিন্ধালি মোক, অসুৰৰ জিঞ্জিৰী




'ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ ডিঙিত শিকলি লগাই চোঁচৰাই নিয়া হ'ল।"- বুজিলো। মোৰ প্রশ্ন হ'ল- এখন গ্রন্থ মেলাত সহস্র গ্রন্থপ্রেমী তথা প্রকাশক বিক্রেতা উপস্থিত থকা অৱস্থাত ই কেনেকৈ সম্ভৱ হ'ল? তথাকথিত সাহিত্যপ্রেমী সকলে সেই সময়ৰ সেই কাণ্ড কেনেকৈ চাই সহ্য কৰি থাকিব পাৰিছিল? সেইসময়ত উপস্থিত থকা সকলোৱে একগোট হৈ এই কাৰ্য্য দৃষ্টিগোৰ হোৱা মাত্রকে সমস্বৰে তীব্র প্রতিবাদ কৰা হ'লে এই ঘটনা সংঘটিত হ'ল হেতেন নে? নে সকলো এজন 'Ice Breaker'ৰ আপেক্ষাত থাকোতে ইফালে ৰসৰাজৰ মূৰ্ত্তিত কালিমা সনা হৈ গ'ল। দূখজনক কথা গগৈ তথাপিওঁ নিৰ্বিঘ্নে আহি গুচি গ'ল। এইবাৰ তেৰাই ৰসৰাজৰ চ'ৰাঘৰত সোমাই সাহিত্যপ্রেমীৰ মুখত তেওঁ থুঁই পেলাই গ'ল। পেলাবই কাৰণ আমা যে মুখখন মচাৰ কাণ্ডজ্ঞানকণো নাই........


-ৰক্তিম-

1 comment:

  1. ঠিক কৈছা Ractim ।একেটা কথায়ে কালিৰ পৰা মোৰ মনতো উকমুকাই আছে । সেই দৃশ্য উপভোগ কৰি থকা লোক সকলৰ মাজত জানো কোনো অসমীয়া নাছিল ? অসমীয়া বুলি এইবাবেই কৈছোঁ এজন অনা অসমীয়া লোকে বেজবৰুৱা কোন নাজানিব পাৰে। কিন্তু আমি ???? মানি লৈছোঁ তাৰ বিপনীসমুহত থকা ক্ৰেতা আৰু বিক্ৰেতা সকলে সেই দৃশ্য দেখা নাছিল কিন্তু যি সকলে দেখিছিল তেওঁলোকে কিয় প্ৰতিমূৰ্তিটো আঁতৰাই নিয়াত বাধা প্ৰদান কৰিব নোৱাৰিলে ? আমাৰ মাজত সৎ সাহসৰ অভাৱ কিয় ? কিয় আমি এখন গ্ৰন্থমেলাৰ থলীতো ৰাজনৈতিক নেতা সকলক তুষ্ট কৰিবলৈ দেৱতুল্য সাহিত্যিক জনৰ প্ৰতিমূৰ্তিটো টানি থকা দেখিও নিজৰ সত্বাটোক জগাই তুলিব নোৱাৰিলো ? ছিঃ সঁছাই আমি নিৰ্ল্লজ্জ হৈ গৈ আছোঁ । আমাৰ এই নৈতিক অধঃপতনেই জাতিটোৰ ধ্বংসৰ মূল কাৰণ হৈ গৈ আছে ।

    ReplyDelete