Saturday, April 9, 2016

ব্রাহ্মণত্ব-বাস্তব (2)





আদিকথা

 ভাৰতবৰ্ষৰ জাতি সম্পৰ্কে প্রবৰ্তিত বিভিন্ন ব্যাখ্যা সমূহ ফঁহিয়ালে হিন্দু জাতি গঠনৰ গুৰি কথাবোৰ বুজাত বেছি অসুবিধা নহয়। হিন্দু পৰম্পৰাগত ব্যাখা অনুযায়ি জাতি প্রথা স্বয়ং ব্রহ্মাৰ সৃষ্টি। ঋগ বেদত কোৱা হৈছে যে-ব্রহ্মা সৃষ্ট এক মানব অৱতাৰৰ জিভাৰ পৰা বাহ্মণ, বাহুৰ পৰা ক্ষত্রিয়, ভৰিৰ পৰা বৈশ্য আৰু ভৰিৰ পতাৰ পৰা শূদ্রসকলৰ সৃষ্টি হৈছিল আৰু সৃষ্টিৰ এই প্রক্রিয়াৰ ভিত্তিত কৰ্মৰ বিভাজনেৰে সমাজৰ স্তৰিকৰণ কৰা হৈছিল। আৰ্য্য সৃষ্ট এই সামাজিক বিভাজনৰ এটা প্রধান কাৰণ আছিল কৰ্ম বিভাজনৰ দ্বাৰা শৃংখলিত ভাবে সমাজ-ব্যৱস্থা পৰিচালনা কৰা। বৈদিক যুগৰ ব্রাহ্মণসকলৰ জীৱণশৈলীৰ বিষয়ে অধ্যয়ণ কৰিলে ই স্পষ্টভাবে ওলাই পৰে যে ব্রাহ্মণত্ব মহিলাৰো প্রাপ্য আছিল, লগুণ সহিতে। ‘মহিলা ঋষি’ আৰু ‘পুৰুষ ঋষি’ উভয়েৰ উপস্থিতিয়ে বৈদিক যুগত মহিলাসকলৰ সৱল সামাজিক স্থিতিৰ বিষয়ে এক অতি স্বচ্ছ আৰু সদৰ্থক ছবি দাঙি ধৰে। প্রকৃততে বৈদিক, বিশেষকৈ ঋগ বৈদিক যুগত ব্রাহ্মণত্বক কিছুমাণ উচ্চ মানবীয় গুণৰ সমষ্টি বুলি গ্রহণ কৰা হৈছিল। যি এনেবোৰ গুণৰ অধিকাৰি হয় তেওঁৱে ব্রাহ্মণত্ব লাভ কৰে, তেওঁ পুৰুষেই হওঁক বা মহিলা। ব্রাহ্মণত্বৰ ভেঁটি পৰিয়াল বা পুৰুষাণুক্রম নাছিল, ই পৰিয়াল প্রদত্ত নাছিল, আছিল গুণেৰে আৰ্জিব লগা এক সন্মানীয় সামাজিক স্থিতি। সম্পত্তিৰ ধাৰণাৰ উৎপত্তি হোৱাৰ লগে লগে অৱশ্যোই লাহে লাহে বহু কথা সলনি হ’ল যাৰ প্রভাৱ সবাতোকৈ বেছি মহিলাসকলৰ ওপৰত। মহিলাৰ পূৰ্বৰ সামাজিক স্থিতিৰ বিশেষভাবে অৱনমিত হয় আৰু পুৰুষৰ বংশানুক্রমে সম্পত্তিৰ উত্তৰাধিকাৰি নিৰ্ণয়ৰ প্রক্রিয়া আৰম্ভ হয়।

ব্যাস, বিশ্বামিত্র, ভৰদ্বাজ,পৰশুৰাম

ঋষি ব্যাস, বিশ্বামিত্র, ভৰদ্বাজ আৰু পৰশুৰাম- এই কেই গৰাকী ঋষিমুণিৰ ব্রাহ্মণত্বৰ লগত থকা সম্বন্ধ অতি সংক্ষেপ্তে উল্লেখ কৰাৰ তাগিদা অনুভৱ কৰিলো।

বেদ ব্যাস- হিন্দু বিশ্বাস মতে বিষ্ণুৰ আন এক অৱতাৰ,মহাকাব্য মহাভাৰতৰ ৰচনা কৰা সৰ্বকালৰ এজন শ্রেষ্ঠ ব্রাহ্মণ ব্যাসমুণিৰ মাতৃ আছিল এগৰাকী কৈবৰ্ত সম্প্রদায়ৰ কণ্যা।

বিশ্বামিত্র- ঋষি বিশ্বামিত্র এগৰাকী ক্ষত্রিয় ঋষি আছিল যদিওঁ তেওঁৰ অনন্য গুণ-গৰিমা আৰু বৈদিক জ্ঞানৰ বাবে  ঋষি বৈশিষ্ঠই এক অতি আকৰ্ষণিয় ঘটনাৰ অন্তত তেওঁক ‘মহৰ্ষীৰ’ পৰা ‘ব্রহ্মৰ্ষী’ৰ স্থান প্রদান কৰে।

ভৰদ্বাজ- সপ্তৰ্ষিৰ অন্যতম ভৰদ্বাজ মুণি বেদৰ অনবদ্য জ্ঞানৰ বাবে সদা, সৰ্বত্র, সৰ্বকালৰ বাবে নমস্য এক মুণি চৰিত্র। ঋগ্ বেদৰ ষষ্ঠ মণ্ডলত ভৰদ্বাজ মুণিৰ বৈদিক মন্ত্রসমূহৰ উল্লেখ আছে। ভৰদ্বাজ ঋষিয়ে এগৰাকী ক্ষত্রিয় কণ্যা বিয়া কৰাইছিল।

পৰশুৰাম- পৰশুৰাম আছিল এজন ‘ব্রাহ্মণক্ষত্রিয়’ অৰ্থাৎ যাৰ পিতৃ আছিল ব্রাহ্মণ কিন্তু মাতৃ আছিল ক্ষত্রিয়। মনুস্মৃতি মতে এনেলোক ব্রাহ্মণৰ সমকক্ষ। অৱশ্যো ঐতিহাসিকভাবে পৰশুৰামক তেওঁৰ আচৰণ আৰু ক্রোধৰ বাবে এজন ব্রাহ্মণতকৈ ক্ষত্রিয় বুলি গণ্য কৰা হৈছিল।

অনুলোম বিবাহ

অনুলোম বিবাহ হৈছে এগৰকী উচ্চ বৰ্ণৰ পুৰুষে বা ব্রাহ্মণ পুৰুষে এগৰাকী তেওঁতকৈ নিম্ন বৰ্ণৰ কণ্যাক (বিশেষকৈ ক্ষত্রিয় কণ্যাক) বিবাহ কৰোৱাৰ বৈদিক যুগ স্বীকৃত এক বিবাহ ব্যবস্থা। ওপৰত উল্লেখ কৰাৰ দৰে এনে বিবাহৰ অনেক দৃষ্টান্ত বৈদিক যুগত প্রতীয়মান আৰু ধৰ্ম শাস্ত্রসমূহত উল্লেখ থকা মতে অনুলোম বৈবাহিক সম্বন্ধসমূহক সমাজ সাপেক্ষ, স্বীকৃত আৰু গ্রহণযোগ্য আছিল ।



ব্রাহ্মণৰ আদৰ্শ বাক্য



|| লোকঃ সমস্ত সুখীন ভবন্তো ||

(সমগ্র পৃথিবী সুখী হওঁক)

|| সৰ্বজন সুখীন ভবন্তো ||

(প্রতিজন ব্যক্তি সুখী হওঁক)

|| সৰ্ব জীৱ-জন্তু সুখীন ভবন্তো ||

(সকলো জীৱ-জন্তু সুখী হওঁক)



বৰ্তমান

(১)

|| লোকঃ সমস্ত সুখীন ভবন্তো ||



ব্রাহ্মণৰ বহুতো অৰ্থৰ ভিতৰত এটা হৈছে- বেদৰ জ্ঞানেৰে গুণী এজন ব্যক্তি। আজিৰ দিনৰ এজন ‘ব্রাহ্মণ পুৰোহিত’ক এবাৰ বাটতে লগ পাই সুধিছিলো কিয় এজন ভৰদ্বাজ গোত্রৰ  ব্রাহ্মণ ল’ৰাই এগৰাকী ক্ষত্রিয় কণ্যাক বিবাহ কৰাওঁতে সেই ল’ৰাজনৰ ঘৰখনক ‘পৰাচিত’ হ’বলৈ বাধ্য কৰোৱা হৈছিল। তেওঁ মোৰ ‘অসামাজিক’ প্রশ্নটো শুনি অলপ ক্রোধ মিশ্রিত স্বৰেৰে ক’লে- ‘এইটোৱে ব্রাহ্মণসকলৰ নিয়ম’। মই ক’লো- ‘ হয় নেকি? কিন্তু স্বয়ং ভৰদ্বাজ ঋষিয়ে এগৰাকী ক্ষত্রিয় কণ্যা বিয়া কৰাইছিল দেখোন, তেনে ক্ষেত্রত এইটো কেনে কথা?’ ‘দেউ’ৰ বোধহয় খং উঠিছিল ‘হেই, এইবোৰ আগৰ দিনৰ কথা’ বুলি কৈ একে দোপতে চাইকেলত উঠি তেওঁ দ্রুত গতিৰে বাট পোনালে।


(২)

|| সৰ্বজন সুখীন ভবন্তো ||

 আজীৱন নিষ্ঠাৰে পূজা-পাতল কৰা আন এজন চিনাকী ব্রাহ্মণ। মই আমাৰ ঘৰত পূজা কৰা যিমানজন ব্রাহ্মণ পাইছিলো তাৰ ভিতৰত তেওঁ আছিল মোৰ সবাতোকৈ প্রিয় কাৰণ তেওঁ মোকে লৈ পূজাত উপস্থিত আন আন কণকণবোৰক একগোট কৰি পূজাভাগৰ তৎপৰ্যৰ লগত নিৰ্দিষ্ট আৰাধ্য দেবী বা দেবতাৰ শক্তি অথবা মহিমাৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছিল আৰু বিশেষকৈ মই উৎকন্ঠাৰে বাৰংবাৰ কৰা প্রশ্নত অতিস্ত হোৱা নাছিল বৰং আৰু ভালকৈ বুজাবলৈ চেষ্টাহে কৰিছিল। তেখেতৰ সন্তান ডাঙৰ হ’ল আৰু নিজ বিচাৰ বুদ্ধিৰে বৈদিক যুগত সমাদৃত অনুলোম বিবাহ সম্পাদিত কৰিলে। আজীবন সমাজৰ মংগলাৰ্থে মানুহৰ অনুৰোধত মানুহৰ ঘৰে পূজা-অৰ্চ্ছনা কৰা ‘দেউ’ক নিজৰ ‘বামুণ’ সমাজখনে ত্যাগ কৰিলে। তেওঁক এঘৰীয়া কৰিলে। ‘দেউ’ ভাৰাক্রান্ত মন পলকতে ৰুগ্ন হ’ল আৰু তেওঁ এদিন ‘অসামাজিক’ ভাবে মৃত্যুক আকোৱালী ল’লে। অসামাজিক এই কাৰণেই কাৰণ তেওঁৰ সমাজখনৰ এজন ব্যক্তিও তেওঁ মৃত্যুত নাহিল। তেওঁ কান্ধত তুলিবলৈ মানুহৰ অভাৱ হ’ল। শেষত, সমাজত আজিওঁ জাত-পাতৰ উৰ্দ্ধত মানবীয় অনুভূতিৰে পৰিপূৰ্ণ কেইজন ‘মানুহ’ৰ সহযোগত তেওঁ দাহসংস্কাৰ সম্পাদন কৰা হ’ল। ধৰ্মাকৃষ্ট ‘দেউ’জনৰ অনাকাংক্ষিত মহাপ্রস্থানে জোকাৰি গ’ল।

(৩)

|| সৰ্ব জীৱ-জন্তু সুখীন ভবন্তো ||


দক্ষিণ ভাৰতত থকা সুদীৰ্ঘ সময়ছোৱাত বহুতো ব্রাহ্মণ বন্ধু আৰু বন্ধু পৰিয়ালৰ সংস্পৰ্ষলৈ আহিছিলো। মোক মোৰ উপাধিৰ বাবে যথেষ্ট মান-আদৰ কৰাওঁ হৈছিল কিন্তু যেতিয়া তেওঁলোকৰ সংযমপূৰ্ণ ব্রাহ্মণ জীৱণশৈলী লক্ষ্য কৰিলো তেতিয়া নিজৰ ‘উপাধি’টো কেৱল মাথো অলংকাৰ যেন অনুভৱ হৈছিল। মোৰ প্রতিজন দক্ষিণ ভাৰতীয় ব্রাহ্মণ বন্ধু নিৰামিছহাৰী আছিল আৰু কাহানিওঁ নহৰু, মাছ, মঙহ আদি গ্রহণ কৰা নাছিল। ভগবান, কঠোৰ নিয়ম-নীতি, দৈনন্দিন পূজা-অৰ্চ্ছনাৰ লগতে চকুত লগাকৈ আকৰ্ষণীয় ব্যক্তিগত আৰু ঘৰুৱা পৰিষ্কাৰ পৰিচ্ছনতা দক্ষিণ ভাৰতীয় ব্রাহ্মণসকলৰ প্রশংসনীয় বৈশিষ্ট আছিল। মই দেখা বহু কেইখন ব্রাহ্মণ পৰিয়ালৰ ঘৰ মন্দিৰতুল্য আছিল। ব্রাহ্মণত্বক সংযমী জীৱনচৰ্চালৈ ৰূপান্তৰিত কৰি এক অনন্য সুখৰ গৰাকীহোৱা যেন অনুভৱ হৈছিল প্রতিজন ব্রাহ্মণ বন্ধুক। কিবা এটা খুব খালি খালি অনুভৱ কৰিছিলো। মোৰ জীৱন কালত ইয়াৰ আগলৈকে সামগ্রিকভাবে আগেয়ে ব্রাহ্মণ বৰ্ণৰ লোকক ইমাণ সংযমী জীৱন যাপন (আহাৰ প্রণালী সহিতে) কৰা দেখা নাছিলো।

অস্পষ্ট কথাবোৰ- অস্পষ্ট প্রশ্নবোৰ

‘ব্রাহ্মণত্ব’ নমস্য, এক সাধনা, এক কঠিন অথচ সুখদায়ক জীৱনশৈলী। ‘ব্রাহ্মণত্ব’ জ্ঞানৰ চৰ্চা, জ্ঞানৰ বিস্তাৰৰ পথ। ‘ব্রাহ্মণত্ব’ আত্মোকৰ্ষ সাধনৰ এক অন্যতম শ্রেষ্ঠ আহিলা। সৃষ্ট সৃষ্টিৰ প্রয়োজন, সৃষ্টি সময়ৰ। পৰিবৰ্তন আৱশ্যমম্ভাবী কিন্তু উত্তৰণ দিক্ দৰ্শক হোৱা কাম্য। জ্ঞান ব্রহ্ম, জ্ঞান শান্ত, জ্ঞান সাধনা। অৰ্ধপক্ক জ্ঞান সৃষ্ট বিভেদ বিনাশকামী। নতুন সৃষ্ট সমাজিক চিদ্রবোৰ, মিলনৰ মুকুটা হোৱা কাম্য। শ্রেষ্ঠত্বৰ মাপকাঠি কৰ্ম, উকা দেহত ৰজাৰ মুকুট অধৰ্ম।
                                                                                                  

No comments:

Post a Comment