“The best argument against democracy is a five-minute conversation with the average voter.”
- Winston S. Churchill
মাজে মাজে ভাবি বিমোৰত পৰো যে ই এটা জাতিয় দোষ নে এক মধ্যবিত্তীয় বা নিম্ন মধ্যবিত্তীয় মানসিকতা। ই প্রকৃততে বিচৰাজনে টিভিৰ পৰ্দাত বা অন্য মঞ্চত মুখাবয়ব দেখুওঁৱাৰ এক সুবৰ্ণ সুযোগ নে আমাৰ মাজত সোমাই থকা কোৰ্হালপ্রিয় চৰিত্রৰ বাহ্যিক প্রকাশ নে ই জনগনৰ বহুতৰপীয় ক্ষোভৰ স্বতঃস্ফূৰ্ট আস্ফালন, যি কেৱল এটা সুৰুঙাৰ সন্ধানত থাকে।
‘ইছ্যু’- সময়ে সময়ে এটা ইছ্যু ন’হলে আমিবোৰ যেন বিকলাংগ হৈ যাম। একো নাথাকিলে সাধাৰণতকৈ সাধাৰণ কথা এটাকে ইছ্যু বনাই দশোদিশে এক অৰাজক বৌদ্ধিক আৰু সামাজিক বাতাবৰণৰ সৃষ্টি কৰা হয়। বিদেশী ইছ্যু, নদীবান্ধ ইছ্যু, ৰাজনীতিৰ ইছ্যু, বিহু ইছ্যু, হিন্দী গীত ইছ্যু, যুব প্রজন্ম ইছ্যু, ধৰ্ষণ ইছ্যু, ভাষা ইছ্যু , থলুৱা ইছ্যু ইত্যাদি, ইত্যাদি এখন শেষ নোহোৱা তালিকা। এই ইছ্যুবোৰ লৈ সময়ে, সময়ে হঠাৎ বিৰাত হৈ চৈ। হঠাৎ ইছ্যুভিত্তিক স্বংভূ নেতাৰ আৰ্বিভাৱ, পদপথত হেবাং জনতাৰ সমদল। নেতাৰ পেট ভৰিলত, ইছ্যু শেষ। জনতা ঘৰা ঘৰি। আকৌ নতুন ইছ্যু, আকৌ পুৰণা ৰেকৰ্ড প্লেয়াৰ। কিন্তু সমিধান ক’ত???
জনগন এতিয়া ইছ্যু আসক্ত। ইছ্যু এতিয়া সাধাৰণ জনতাৰ দৈনন্দিন জ্বালা-যন্ত্রণা পাহৰাৰ আফিং। একেলগে এডল লোক ৰাজপথলৈ ওলাই আহিলে অলপ আনন্দওঁ হয়। কোনো কোনোৱে দুপইছা পায়। কোনোৱে তেল, কোনোৱে পায় মান- ইছ্যু লাগে যিয়েই নহওঁক। অসমৰ ৰাজপথত ক্রমাৎ বাঢ়ি অহা বাইক ৰেলী, চাইকেল ৰেলী, কাৰ ৰেলী, ইটো ৰেলী, সিটো ৰেলীৰ অগণন সমাহাৰ। মানুহবোৰ বোলে আজিকালি সজাগ হৈছে। কোনো সোমাই নাথাকে। সকলো ওলাই আহে। সকলোৱে মাত মাতে। আহ! কি এক অদ্ভুত পৰিচক্র।
প্রিন্ট মডিয়া, অডিঅ’ ভিজুৱেল মডিয়া আৰু বিশেষকৈ অসমীয়াক নতুন কৈ গোগ্রাসে গিলা চ’চিয়েল মডিয়া এতিয়া সমাজ জীৱনৰ ‘লাইফ ব্লাড’। ইছ্যু শোষণৰ অত্যুত্তম আহিঁলা। এজন জাতীয়তাবাদী উগ্রপন্থী নেতাই এক বছৰেকীয়া আহ্বান জনাব বিহুত হিন্দী গীত বৰ্জন কৰিবলৈ এজন বিশেষ গায়কক উদ্দেশ্য কৰি, সেই অসমীয়া গায়কজনে সেই প্রস্তাব প্রত্যাখ্যান কৰিব আৰু তাতেই জন্ম হয় অসমীয়াৰ অন্যতম এটি বছৰেকীয়া প্রিয় ইছ্যু। বচ্! পৰবৰ্ত্তি এক-দুই মাহলৈ ৰাইজ দুটা দুৰ্গত বিভক্ত আৰু সকলো মিডিয়া যুক্তিযুদ্ধত তোলপাৰ। কুলি-কেতেকি গ’ল, ইছ্যুওঁ গ’ল, মিডিয়াওঁ শান্ত, ৰাইজ শান্ত পৰবৰ্তি ইছ্যু উদ্ভৱ হোৱালৈকে বা সৃষ্টি কৰি নোলোৱালৈকে। গোৱাই জনতাৰ আহ্বানতে তাৰ মাজতে নানা ভাষাত গীত গাই বছৰতোলৈ ভৰপূৰ ধনাৰ্জন কৰি লয়। বিশেষ বিশেষ সময়ত আবিৰ্ভাব হয় খিলঞ্জীয়াৰ অধিকাৰ, সাংবিধানিক ৰক্ষাকবচ আৰু কাঁইটিয়া বেৰৰ ইছ্যু (যিটো যোৱা আজি প্রায় ৫০ বছৰৰো অধিক কাল ইছ্যুয়েই হৈ থাকিল)। আৰু সময়ে সময়ে আৰ্বিভাৱ হয় হাস্যকৰ ‘ৰুহানী বাবা’ৰ নিচিনা ইছ্যু। মুঠতে আমাক অনৱৰতে ‘ইছ্যু’ নামৰ এটা ‘চিৱইং গাম’ লাগে। চোবাম, জুটি ল’ম, তিঁতা পালে পেলাই আকৌ এটা নতুন চিৱইং গাম মুখত ভৰাই ল’ম। চোবাই থাকিলেই হ’ল। ভাল, বেয়া, উপকাৰিতা, অপকাৰিতা, ফলাফল বা কোনো ইছ্যুৰ সফলতাপূৰ্বক সমাধানৰ সমুচিত পথ সন্ধান কৰি যদি আমি সময় নষ্ট কৰো তেনেহ’লে আমি হয়তো আন কেইবাটাওঁ ‘চিৱইং গাম’ হেৰুৱাবলগীয়া হ’ব পাৰে।
বৰ্তমান সময়ৰ ‘চিৱইং গাম’টো হৈছে এজন স্বনামধন্য বুদ্ধিজীবিৰ (আন বহুজন সহিতে) ৰাইজলৈ নিবাৰ্চন কেন্দ্রিক আহ্বান আৰু তাৰ প্রতিক্রিয়া। এক বিশেষ দুৰ্গৰ ব্যক্তিসকলৰ যুক্তি তেওঁ কিয় ক’ব ‘অমুক দলক ভোট নিদিব’ বুলি। কথাটো এনেকুৱা যে কোনোৱে আপোনাক ক’লে ‘আগত খাঁৱৈ আছে সাবধানে যাব বা সেইফালে নাযাব’ আপুনি উত্তৰ দিছে, ‘আপুনি যদি খাঁৱৈটো পুতিব নোৱাৰে বা আন এটা বাট মোলৈ তৈয়াৰ কৰিব নোৱাৰে তেনেহ’লো মোক কিয় সঁকীয়াই দিছিলে’। কি অদ্ভুত, কি আজৱ যুক্তি। ‘ভোট দিয়ক’ বুলি জলে-স্থলে, পাহাৰে- ভৈয়ামে, দিনে-ৰাতিয়ে, চহৰে- নগৰে সহস্রজনক লগতলৈ মাইকত কৈ টেঁটু ফালিলে গণতন্ত্র কিন্তু দুজনমান সচেতন লোকে ইতিহাসক সাক্ষী কৰি দূৰদৰ্শিতাৰে জনগনৰ হিতচিন্তা কৰিলে ‘একনায়কত্ববাদ/ চৈৰাচাৰী’ ইত্যাদি। প্রকৃততে কাৰ কন্ঠ ৰোধ কৰিব চেষ্টা কৰা হৈছে আৰু কিয় ই বিচাৰ্য। মাথো এটি আহ্বানত ইমান আস্ফালন কিয় ই দুৰ্বোধ্য । তেওঁ পুলিচ-মিলিটৰী বা কোনো গুপ্ত ঘাটক লগাই (আগৰ দিনবোৰৰ দৰে) তেওঁ কথা নুশুনিলে আপুনাক হত্যা কৰিম বুলি ভাবুকি দিয়া নাই। ইছ্যু লাগে বুলিয়েই সকলো কথাকে ইছ্যু বনোৱাটো এটা ঘাটক মনোবৃত্তি। পৰিবৰ্তন প্রয়োজন, আগবঢ়াতো সময়ৰ তাগিদা কিন্তু বিজ্ঞজনে দিয়া সকীয়নিসমুহক উপলুঙা (কোনো কোনো নৰাধমে ‘কু-বুদ্ধিজীৱী’ বা ‘দেশদ্রোহী’ বুলি ক’বলৈওঁ তিলমাত্রওেঁ কুন্ঠাবোধ নকৰাতো চৰম লজ্জাৰ কথা) কৰাৰ বিপৰীতে গুৰুত্বপূৰ্ণভাবে বিবেচনা কৰাটো সঁচা অৰ্থত এজন গণতান্ত্রিক নাগৰিকৰ কতৰ্ব্য। ইছ্যু খকুৱা আমাৰ অসমীয়া সমাজখনে এইদৰে যদি ইছ্যুৰ সন্ধানত সকলো বিসৰ্জন দি আগবাঢ়ে তেনেহ’লে নিশ্চিতই অদূৰ ভবিষ্যতে কোনো সকিয়নীৰ দোঁহাই দি হিঁয়া ঢাকুৰি কন্দিব লাগিব। Isaac Asimov নামৰ এজন বিশিষ্ট লেখকৰ এষাৰ কথা উল্লেখ কৰিব বিচাৰিছো- “Anti-intellectualism has been a constant thread winding its way through our political and cultural life, nurtured by the false notion that democracy means that 'my ignorance is just as good as your knowledge.'” Winston S. Churchill য়েওঁ বোধহয় গনতন্ত্রৰ সন্দৰ্ভত সেয়েহে মন্তব্য কৰিছিল- “The best argument against democracy is a five-minute conversation with the average voter.”
No comments:
Post a Comment