Saturday, September 3, 2016

Left-Right only plight



ৰাজনীতিত আদৰ্শ থাকিলে পয়মাল লাগিবই কাৰণ ৰাজনীতি নিজেই এটা নষ্ট আদৰ্শ। সোঁ আদৰ্শ বা বাওঁ আদৰ্শৰ নামত চিন্তাশীল মানুহবোৰৰ মাজত যুঁজ চলি থাকিব, দুটা বিয়াগোম দুৰ্গ হ'ব তাৰ পিছত বোকাময় দশোদিশ। পৰিণাম শকত-আৱত এটা নিপোতল শূণ্য। কি সোঁ, কি বাওঁ সকলোবোৰকে জানো 'আদৰ্শ' নোবোলে? দুয়োপক্ষৰ দুয়োপক্ষৰ আদৰ্শৰ প্রতি আদৰ্শৰ তাগিদাত সেয়েহে ন্যনুতম শ্রদ্ধাবোধ থকা উচিত। এজাক মৌ-মাখিৰ দৰে মানুহৰ দল লাগে যি ফুলবোৰৰ আকাৰ, প্রকাৰ, ধৰণ কৰণত সময় অপচয় কৰতকৈ তাৰ মিঠাবোৰ গোটাই এখন ধুনিয়া মৌচাক বনোৱাতহে গুৰুত্ব দিয়ে। হয়তো বহুতে কৰিওঁ আছে এই কাম অলক্ষিতে, গোপনে যাৰ বাবে সমাজখন আজিওঁ ইমান বিশৃংখলতাৰ মাজতো সুন্দৰকৈ বৰ্তি আছে।

পশুত্ব মনুষ্যত্বৰ এৰাব নোৱাৰা চৰিত্র নেকি?


Image result for cannibalism

পৰিস্থিতি সাপেক্ষে সাজু হ’বলৈ এটি পশু চৰিত্র মানুহৰ মগজুত সদা সচেতন হৈ থাকে আৰু এই চৰিত্র জাগ্রত হ’লে মানুহে ইয়াক সহজে গ্রহণ কৰিব পাৰে আৰু গ্রহণ কৰাৰ পিছত ইয়াৰ বশবৰ্তীহৈ কৰা কোনো কামকে অনৈতিক বুলি নেভাবে। পশুত্ব হৈছে মনুষ্যত্বৰ পৰা এৰাব নোৱাৰা এক ভয়ানক সত্য যি সত্যক সময়ে সময়ে মানুহে নিজেই প্রমাণ কি আহিছে।দ্বীতিয় বিশ্বযুদ্ধৰ সময়ত ইটালী, জাৰ্মানী, স্পেইন, ৰোমানিয়া আৰু ফিনলেণ্ডৰ সৈন্যই বাৰবাৰোছা অভিযানৰ সময়ত প্রতি আবেলি ৰাছিয়াৰ সৈন্যৰ (Red Army) জুইত পোৰা মঙহ ভক্ষণ কৰি বিজয়ৰ আনন্দ লোৱা কথাই বিশ্ব মানচিত্রত আধুনিক সময়ত মানুহৰ চৰিত্রৰ কোনটো দিশ উদঙাই? প্রাচীন ৰোমান-গ্রীক, প্রাচীন আৰু মধ্য ইউৰোপ আদি কৃষি ভিত্তিক সভ্যতাত মানুহে মানুহ ভক্ষণ কৰাৰ দৰে ৰীতি থকাৰ লগতে ৩০ বছৰ অতিক্রম কৰা সকলো মহিলাক হত্যা কৰাৰ দৰে প্রথাওঁ প্রচলিত আছিল। বৰ্তমান সময়ত আমি দেখি অহা ধৰ্ম বা ক্ষমতাৰ ৰাগীত মানুহে মানুহৰ অংগক্ষত কৰা, মুণ্ডচেদ কৰা বা যুদ্ধৰ নামত অবাধে গণহত্যা কৰি জয়ৰ আনন্দ লভা আদি কথাবোৰে মানুহৰ মাজত থকা সেই পশুটোৰে উমান দিয়ে।

দা গ্রীণ জেন'চাইদ/ The Green Genocide



শোৱা-কোঠাৰ কাষতে এজোপা মধুৰি আম গছ। খিৰিকীৰে অহা পোহৰৰ বাটতো সম্পূৰ্ণকৈ আবৰি থকা বাবে শোৱা-কোঠাতো সদায় ঠাণ্ডা হৈ থাকে, সদায় এক শীতৰ অনুভৱ থাকে কিন্তু সেই একেই কাৰণতে কোঠাতো ক্রমাৎ জেকা হ'বলৈ ধৰিলে আৰু লগতে বিছাৰ উপদ্রবো বাৰুকৈ বাহিল। সেয়েহে গছজোপাৰ ডাল পাতবোৰ কাটি লঠঙা কৰি দিয়া হ'ল।প্রথম দুদিনমান ভালেই লাগিল কিন্তু এতিয়া লাহে লাহে গৰমে গ্রাস কৰিছে শোৱা-কোঠা। শোৱ নোৱাৰা অৱস্থা ৰাতিওঁ।দুখনকৈ ফেন ব্যবহাৰৰ পিছতো ঘাম বৈ থাকে দিনে নিশাই সেই একেই কোাত। গৰম যেন এডাল বিছা হৈ এতিয়া ছালত অভিশাপ হৈ পিটপিটাই। তথাপি চিন্তা নাই অনাগত দিনত লঠঙা মধুৰি জোপাত আকৌ ফল ফুল ফুলিব, ছাঁ-শীতৰ অনুভবে পুণৰ বাসোপযোগী কৰিব মোৰ শোৱা-কোঠা, আকৌ খিৰিকী আৱৰি ভৰি থাকিব সেইজ নমাই আনিব শীত কাৰণ গছজোপা কাটি পেলোৱা হোৱা নাই।হাইৱে নিৰ্ণমাৰ বাবে অসমত (তেজপুৰক সাঙুৰি) কচু কটাদি লক্ষ লক্ষ গছ কটা হৈ আছে।মোৰ এই photo-খনত থকা গছবোৰৰ বৰ্তমান এডাল গছো জীয়াই থকা নাই, উদং সেই ঠাই। সেই বাটেদি কেতিয়াবা আগ বাঢ়িলে বুকু খন কপি উঠে।পৃথিবীখন যেন অকাল বাৰ্দ্ধক্যত।পৃথিবীৰ মৃত্যু যেন সমাগত। এডাল মাথো সাধাৰণ মধুৰি গছে মোৰ জীৱনত যদি ইমান প্রভাৱ পেলাব পাৰে তেনেহ'লে যি লাখ লাখ গছ কটা হ'ল তাৰ পৰিণতি প্রকৃতি আৰু মানুহৰ ওপৰত কিমান ভয়াবহ হ'ব পাৰে? উন্নয়নক আমি পিঠি দিব নোৱাৰো সঁচা কিন্ত উন্নয়ৰ 'ecological cost' নিৰ্ধাৰণৰো কিবা এটা প্রক্রিয়া থকা উচিত। ২০০ বা ৩০০ বছৰীয়া বা তাতোধিক আয়ুসৰ, বীৰদৰ্পে থিয় হৈ থকা, মানবজাতিৰ লগতে সমস্ত জীৱকুলৰ উপকাৰ কৰি অহা এই গছবোৰক লাখৰ ঘৰত অনায়সে হত্যা কৰাতো সচাকৈ জানো 'উন্নয়ন'ৰ সংজ্ঞাৰ গদ্দীত পৰে? মানুহৰ উন্নয়ন জানো মানুহৰ বিনাশত সন্নিহিত হৈ থাকিব পাৰে? এই সিদ্ধান্ত লোৱাৰ দায়িত্ব মাথো মানবজাতিৰ, চৰকাৰো মানুহসমষ্টিৰ আহিঁলাহে। এদিন হয়তো উন্নয়নৰ স্বাক্ষৰবহন কৰিবলগীয়া এই তথাকথিত 'Four Lane Highway 'দি ময়ো যাম কৰোবালৈ কিন্ত মনত সদায় এটা প্রশ্ন থাকিব 'এই যাত্রা কোন দিশে ?'