Monday, February 10, 2014

শান্তিৰ আজন্ম ধৰুৱাজন আৰু চক্রেটিচ (যাযাবৰৰ দিনলিপি ১৪)


নাকেৰে ওলাই আহিব ধৰিছে সিহঁতবোৰ। দূৰ্গন্ধ, বিষাক্ত সিহঁতবোৰ। বুকুৰে বাট বুলিব নোৱাৰিলে সিহঁতবোৰে - বুকুতযে প্রেমে কাহানিবাই থিতাপি লৈছিলে। প্রেমৰ পলাতক কয়দীহতৰ আজি মৰণফান্দ। 

সুৰংগৰ দুই মুখ আগছি বাঢ়ি আহিছে হেমলকজোপা। চক্রেটিচ...চক্রেটিচ ধাৰ নোখোৱা তোমাৰ প্রাণবায়ুক পুণৰ মোহাৰিবলৈ গৈ আছে শান্তিৰ এদল আজন্ম ধৰুৱা। শান্তি বিচাৰি ধাৰ কৰিছিল আপং, সাজঁ, হুইস্কী, ৰাম, ভডকা, হিটলাৰ, বিবেকান্দ, মাওঁ, কবি-কবিতা, ছবি, আকাশ, বিশালতা, ৰং, তেজ, এন্ধাৰ সপোন..প্রেম ৱাহ!!! আৰু কত কি। আকাশখন নামি অহাৰ চাপ উপলব্ধি নকৰো বুলিয়েই কৰা নাছিলো। মোক মানুহে বাওঁনা বোলোতে বুজিলো অনুভৱে অজানিতে মোৰ হাড়বোৰ ৰুকি ৰুকি খাই পেলালে। 

জৰাজীৰ্ণতাৰ অলংকাৰেৰে দাপোন সজাব খোজা নাৰ্চিচাচ নেকি মই? না, নহয়। নাৰ্চিচাচ নিজৰ প্রেমত মতলীয়া হৈ আত্মঘাটি হৈছিল আৰু মই আত্মঘাটি হ'ব বিচৰা মতলীয়া প্রেমিক। কিহৰ তন্ময়তাত জাঁহ যায় জাতিংগাত পক্ষীবোৰ? মৃত্যুৰ আনন্দত মতলীয়া সিহতবোৰৰ লগত নিশাৰ আকাশত এবাৰ উৰি চোৱাৰ এক দুৰ্বাৰ হেঁপাহ মোৰ। এন্ধাৰ পোহৰৰ তন্ময়তাত বিলীন হোৱাৰ হেঁপাহেৰে তৃপ্ত মোৰ এক অবৈধ নিঃসংগ বাসনা। 

মহাকাশ তেনেই সৰু। নিজৰ বুকুলৈ জুমি চোৱা গম পাবা কিমান কৌটি কৌটি মহাকাশৰ অমাবশ্যা-পূৰ্ণিমাৰ খেলা। ষ্টিফেন হকিন্সে তলকা মাৰিব চাবা, মই কৈ থ'লো।

নাক মুখ ভেদি ওলাই আহিব খোজা হেমলক জোপা কেতিয়া ইমান ডাঙৰ হ'ল ?  


-ৰক্তিম-
০৯/০২/১৪
তেজপুৰ

এক্রলিকত মোৰ বেশ্যা মৎস্যকন্যাৰ সপোন ( যাযাবৰৰ দিনলিপি ১৩)


বহুদিন হ'ল চিঞৰবোৰৰ গৰ্ভৰ বিননি নুশুনা। প্রসৱবেদনাৰ মধুৰতাৰ অন্তত জন্ম হোৱা অন্তহীন শিলাময় পাহাৰখনৰ উদাসীনতা, ক্লান্তিৰ হাঁহি মৰা তোমাৰ অৰ্ধ-উৰ্ব্বৰ কঁকালৰ দক্ষিণমুৱা পথত হেলনীয়া মৎসকন্যাই লুকুৱাই ৰাখিব বিচৰা মিঠা উচুপনিবোৰ, মদৰ ৰাগীত মোহাৰি পেলোৱা পৃথিবীখনৰ উৰি যোৱা গুড়িবোৰে ফুচফুচাই মোলৈ চাই পাতি যোৱা কথাবোৰক আৰু কিমান সাঁমৰি ৰাখিম?  'হিউ মৰ্গান' মোৰ মৰমৰ 'হিউ' মোৰ মাজতে সোমাই আছা তুমি কৰবাত। 'মিষ্টাৰ গ্রুফিড' মাজে মাজে ভাৱ হয়, আপুনিওঁ মোক বাগি দিলে নেকি বাৰু?  প্রেমৰ বিষয়েনো কি ক'ম মই আপোনাক? 'সুহানী'ৰ বুকুত সুৰ তুলি উঠি আহা তুমি আৰু 'খামাজ'ৰ পৰশৰে সপোন আঁকা। বাকীখিনি সময় মই কাকো নিদিওঁ কাৰণ সেইখিনি সময়ত মই ক্রমাৎ টুকুৰাটুকুৰকৈ জহিখহি গৈ এবুকু লাভাত সাতুৰি নাদুৰী জোৱাৰ তোলো। তাৰ মাজত সময় পালে লিন্দাৰ এক্রলিকৰ নাঙঠ তিৰাতাজনীক নিচুকাবলৈ যাওঁ। তুমি যিমানেই নোকোৱা মই নুবুজো বুলি, মই বুজো- বেশ্যা হলেওঁ তোমাৰ চকুলো লুণীয়া, তেজ ৰঙা, বুকু উমাল, গৰ্ভ পোহৰ। তোমাৰো মন যায় মৰম সনা বিশাল দুবাহুৰ মাজত এটি কণমানি চৰাইৰদৰে কুচিমচিকৈ সোমাই পৰিবলৈ।  ৰ'বা, ভালকৈ শুনাচোন! সেইটো ৰেলগাড়ীৰ শব্দ নহয়নে? মাজনিশাৰ ৰেলগাড়ীখন পথাৰ ফালি ফালি আহি আছে।  তোমাৰ নীলা উজ্বল দুচকু মেলি ৰেলগাড়ীখনক তোমাৰ দুই উৰুৰ মাজেৰে আগুৱাই যোৱাৰ বাট দেখুওৱা। তুমি চাবা! মাৰ্বলৰ টোপোলাটোৰ জনজনজনিবোৰত তেতিয়া সপোন ফুলিব। হাজাৰ বছৰীয়া তৰা এটিৰ মৃত্যুত তুমি শোক নকৰিবা। সেই মৃত্যু তাৰ প্রাপ্য, সেই মৃত্যু তাৰ অধিকাৰ। হীৰু দায়ে যে কৈছিল মনত আছেনে তোমাৰ??- ''মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" কবিতা মোৰ প্রিয়। তাতোকৈ প্রিয় কবি আৰু তাতোকৈ তুমি....মোৰ মৎস্যকন্যা।


-ৰক্তিম-
৩০ডিচেম্বৰ, তেজপুৰ