Monday, February 10, 2014

এক্রলিকত মোৰ বেশ্যা মৎস্যকন্যাৰ সপোন ( যাযাবৰৰ দিনলিপি ১৩)


বহুদিন হ'ল চিঞৰবোৰৰ গৰ্ভৰ বিননি নুশুনা। প্রসৱবেদনাৰ মধুৰতাৰ অন্তত জন্ম হোৱা অন্তহীন শিলাময় পাহাৰখনৰ উদাসীনতা, ক্লান্তিৰ হাঁহি মৰা তোমাৰ অৰ্ধ-উৰ্ব্বৰ কঁকালৰ দক্ষিণমুৱা পথত হেলনীয়া মৎসকন্যাই লুকুৱাই ৰাখিব বিচৰা মিঠা উচুপনিবোৰ, মদৰ ৰাগীত মোহাৰি পেলোৱা পৃথিবীখনৰ উৰি যোৱা গুড়িবোৰে ফুচফুচাই মোলৈ চাই পাতি যোৱা কথাবোৰক আৰু কিমান সাঁমৰি ৰাখিম?  'হিউ মৰ্গান' মোৰ মৰমৰ 'হিউ' মোৰ মাজতে সোমাই আছা তুমি কৰবাত। 'মিষ্টাৰ গ্রুফিড' মাজে মাজে ভাৱ হয়, আপুনিওঁ মোক বাগি দিলে নেকি বাৰু?  প্রেমৰ বিষয়েনো কি ক'ম মই আপোনাক? 'সুহানী'ৰ বুকুত সুৰ তুলি উঠি আহা তুমি আৰু 'খামাজ'ৰ পৰশৰে সপোন আঁকা। বাকীখিনি সময় মই কাকো নিদিওঁ কাৰণ সেইখিনি সময়ত মই ক্রমাৎ টুকুৰাটুকুৰকৈ জহিখহি গৈ এবুকু লাভাত সাতুৰি নাদুৰী জোৱাৰ তোলো। তাৰ মাজত সময় পালে লিন্দাৰ এক্রলিকৰ নাঙঠ তিৰাতাজনীক নিচুকাবলৈ যাওঁ। তুমি যিমানেই নোকোৱা মই নুবুজো বুলি, মই বুজো- বেশ্যা হলেওঁ তোমাৰ চকুলো লুণীয়া, তেজ ৰঙা, বুকু উমাল, গৰ্ভ পোহৰ। তোমাৰো মন যায় মৰম সনা বিশাল দুবাহুৰ মাজত এটি কণমানি চৰাইৰদৰে কুচিমচিকৈ সোমাই পৰিবলৈ।  ৰ'বা, ভালকৈ শুনাচোন! সেইটো ৰেলগাড়ীৰ শব্দ নহয়নে? মাজনিশাৰ ৰেলগাড়ীখন পথাৰ ফালি ফালি আহি আছে।  তোমাৰ নীলা উজ্বল দুচকু মেলি ৰেলগাড়ীখনক তোমাৰ দুই উৰুৰ মাজেৰে আগুৱাই যোৱাৰ বাট দেখুওৱা। তুমি চাবা! মাৰ্বলৰ টোপোলাটোৰ জনজনজনিবোৰত তেতিয়া সপোন ফুলিব। হাজাৰ বছৰীয়া তৰা এটিৰ মৃত্যুত তুমি শোক নকৰিবা। সেই মৃত্যু তাৰ প্রাপ্য, সেই মৃত্যু তাৰ অধিকাৰ। হীৰু দায়ে যে কৈছিল মনত আছেনে তোমাৰ??- ''মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য" কবিতা মোৰ প্রিয়। তাতোকৈ প্রিয় কবি আৰু তাতোকৈ তুমি....মোৰ মৎস্যকন্যা।


-ৰক্তিম-
৩০ডিচেম্বৰ, তেজপুৰ

No comments:

Post a Comment