Wednesday, April 27, 2016
Tuesday, April 26, 2016
Saturday, April 9, 2016
আমি ‘ইছ্যুভোজী’ জাতি নেকি?
“The best argument against democracy is a five-minute conversation with the average voter.”
- Winston S. Churchill
মাজে মাজে ভাবি বিমোৰত পৰো যে ই এটা জাতিয় দোষ নে এক মধ্যবিত্তীয় বা নিম্ন মধ্যবিত্তীয় মানসিকতা। ই প্রকৃততে বিচৰাজনে টিভিৰ পৰ্দাত বা অন্য মঞ্চত মুখাবয়ব দেখুওঁৱাৰ এক সুবৰ্ণ সুযোগ নে আমাৰ মাজত সোমাই থকা কোৰ্হালপ্রিয় চৰিত্রৰ বাহ্যিক প্রকাশ নে ই জনগনৰ বহুতৰপীয় ক্ষোভৰ স্বতঃস্ফূৰ্ট আস্ফালন, যি কেৱল এটা সুৰুঙাৰ সন্ধানত থাকে।
‘ইছ্যু’- সময়ে সময়ে এটা ইছ্যু ন’হলে আমিবোৰ যেন বিকলাংগ হৈ যাম। একো নাথাকিলে সাধাৰণতকৈ সাধাৰণ কথা এটাকে ইছ্যু বনাই দশোদিশে এক অৰাজক বৌদ্ধিক আৰু সামাজিক বাতাবৰণৰ সৃষ্টি কৰা হয়। বিদেশী ইছ্যু, নদীবান্ধ ইছ্যু, ৰাজনীতিৰ ইছ্যু, বিহু ইছ্যু, হিন্দী গীত ইছ্যু, যুব প্রজন্ম ইছ্যু, ধৰ্ষণ ইছ্যু, ভাষা ইছ্যু , থলুৱা ইছ্যু ইত্যাদি, ইত্যাদি এখন শেষ নোহোৱা তালিকা। এই ইছ্যুবোৰ লৈ সময়ে, সময়ে হঠাৎ বিৰাত হৈ চৈ। হঠাৎ ইছ্যুভিত্তিক স্বংভূ নেতাৰ আৰ্বিভাৱ, পদপথত হেবাং জনতাৰ সমদল। নেতাৰ পেট ভৰিলত, ইছ্যু শেষ। জনতা ঘৰা ঘৰি। আকৌ নতুন ইছ্যু, আকৌ পুৰণা ৰেকৰ্ড প্লেয়াৰ। কিন্তু সমিধান ক’ত???
জনগন এতিয়া ইছ্যু আসক্ত। ইছ্যু এতিয়া সাধাৰণ জনতাৰ দৈনন্দিন জ্বালা-যন্ত্রণা পাহৰাৰ আফিং। একেলগে এডল লোক ৰাজপথলৈ ওলাই আহিলে অলপ আনন্দওঁ হয়। কোনো কোনোৱে দুপইছা পায়। কোনোৱে তেল, কোনোৱে পায় মান- ইছ্যু লাগে যিয়েই নহওঁক। অসমৰ ৰাজপথত ক্রমাৎ বাঢ়ি অহা বাইক ৰেলী, চাইকেল ৰেলী, কাৰ ৰেলী, ইটো ৰেলী, সিটো ৰেলীৰ অগণন সমাহাৰ। মানুহবোৰ বোলে আজিকালি সজাগ হৈছে। কোনো সোমাই নাথাকে। সকলো ওলাই আহে। সকলোৱে মাত মাতে। আহ! কি এক অদ্ভুত পৰিচক্র।
প্রিন্ট মডিয়া, অডিঅ’ ভিজুৱেল মডিয়া আৰু বিশেষকৈ অসমীয়াক নতুন কৈ গোগ্রাসে গিলা চ’চিয়েল মডিয়া এতিয়া সমাজ জীৱনৰ ‘লাইফ ব্লাড’। ইছ্যু শোষণৰ অত্যুত্তম আহিঁলা। এজন জাতীয়তাবাদী উগ্রপন্থী নেতাই এক বছৰেকীয়া আহ্বান জনাব বিহুত হিন্দী গীত বৰ্জন কৰিবলৈ এজন বিশেষ গায়কক উদ্দেশ্য কৰি, সেই অসমীয়া গায়কজনে সেই প্রস্তাব প্রত্যাখ্যান কৰিব আৰু তাতেই জন্ম হয় অসমীয়াৰ অন্যতম এটি বছৰেকীয়া প্রিয় ইছ্যু। বচ্! পৰবৰ্ত্তি এক-দুই মাহলৈ ৰাইজ দুটা দুৰ্গত বিভক্ত আৰু সকলো মিডিয়া যুক্তিযুদ্ধত তোলপাৰ। কুলি-কেতেকি গ’ল, ইছ্যুওঁ গ’ল, মিডিয়াওঁ শান্ত, ৰাইজ শান্ত পৰবৰ্তি ইছ্যু উদ্ভৱ হোৱালৈকে বা সৃষ্টি কৰি নোলোৱালৈকে। গোৱাই জনতাৰ আহ্বানতে তাৰ মাজতে নানা ভাষাত গীত গাই বছৰতোলৈ ভৰপূৰ ধনাৰ্জন কৰি লয়। বিশেষ বিশেষ সময়ত আবিৰ্ভাব হয় খিলঞ্জীয়াৰ অধিকাৰ, সাংবিধানিক ৰক্ষাকবচ আৰু কাঁইটিয়া বেৰৰ ইছ্যু (যিটো যোৱা আজি প্রায় ৫০ বছৰৰো অধিক কাল ইছ্যুয়েই হৈ থাকিল)। আৰু সময়ে সময়ে আৰ্বিভাৱ হয় হাস্যকৰ ‘ৰুহানী বাবা’ৰ নিচিনা ইছ্যু। মুঠতে আমাক অনৱৰতে ‘ইছ্যু’ নামৰ এটা ‘চিৱইং গাম’ লাগে। চোবাম, জুটি ল’ম, তিঁতা পালে পেলাই আকৌ এটা নতুন চিৱইং গাম মুখত ভৰাই ল’ম। চোবাই থাকিলেই হ’ল। ভাল, বেয়া, উপকাৰিতা, অপকাৰিতা, ফলাফল বা কোনো ইছ্যুৰ সফলতাপূৰ্বক সমাধানৰ সমুচিত পথ সন্ধান কৰি যদি আমি সময় নষ্ট কৰো তেনেহ’লে আমি হয়তো আন কেইবাটাওঁ ‘চিৱইং গাম’ হেৰুৱাবলগীয়া হ’ব পাৰে।
বৰ্তমান সময়ৰ ‘চিৱইং গাম’টো হৈছে এজন স্বনামধন্য বুদ্ধিজীবিৰ (আন বহুজন সহিতে) ৰাইজলৈ নিবাৰ্চন কেন্দ্রিক আহ্বান আৰু তাৰ প্রতিক্রিয়া। এক বিশেষ দুৰ্গৰ ব্যক্তিসকলৰ যুক্তি তেওঁ কিয় ক’ব ‘অমুক দলক ভোট নিদিব’ বুলি। কথাটো এনেকুৱা যে কোনোৱে আপোনাক ক’লে ‘আগত খাঁৱৈ আছে সাবধানে যাব বা সেইফালে নাযাব’ আপুনি উত্তৰ দিছে, ‘আপুনি যদি খাঁৱৈটো পুতিব নোৱাৰে বা আন এটা বাট মোলৈ তৈয়াৰ কৰিব নোৱাৰে তেনেহ’লো মোক কিয় সঁকীয়াই দিছিলে’। কি অদ্ভুত, কি আজৱ যুক্তি। ‘ভোট দিয়ক’ বুলি জলে-স্থলে, পাহাৰে- ভৈয়ামে, দিনে-ৰাতিয়ে, চহৰে- নগৰে সহস্রজনক লগতলৈ মাইকত কৈ টেঁটু ফালিলে গণতন্ত্র কিন্তু দুজনমান সচেতন লোকে ইতিহাসক সাক্ষী কৰি দূৰদৰ্শিতাৰে জনগনৰ হিতচিন্তা কৰিলে ‘একনায়কত্ববাদ/ চৈৰাচাৰী’ ইত্যাদি। প্রকৃততে কাৰ কন্ঠ ৰোধ কৰিব চেষ্টা কৰা হৈছে আৰু কিয় ই বিচাৰ্য। মাথো এটি আহ্বানত ইমান আস্ফালন কিয় ই দুৰ্বোধ্য । তেওঁ পুলিচ-মিলিটৰী বা কোনো গুপ্ত ঘাটক লগাই (আগৰ দিনবোৰৰ দৰে) তেওঁ কথা নুশুনিলে আপুনাক হত্যা কৰিম বুলি ভাবুকি দিয়া নাই। ইছ্যু লাগে বুলিয়েই সকলো কথাকে ইছ্যু বনোৱাটো এটা ঘাটক মনোবৃত্তি। পৰিবৰ্তন প্রয়োজন, আগবঢ়াতো সময়ৰ তাগিদা কিন্তু বিজ্ঞজনে দিয়া সকীয়নিসমুহক উপলুঙা (কোনো কোনো নৰাধমে ‘কু-বুদ্ধিজীৱী’ বা ‘দেশদ্রোহী’ বুলি ক’বলৈওঁ তিলমাত্রওেঁ কুন্ঠাবোধ নকৰাতো চৰম লজ্জাৰ কথা) কৰাৰ বিপৰীতে গুৰুত্বপূৰ্ণভাবে বিবেচনা কৰাটো সঁচা অৰ্থত এজন গণতান্ত্রিক নাগৰিকৰ কতৰ্ব্য। ইছ্যু খকুৱা আমাৰ অসমীয়া সমাজখনে এইদৰে যদি ইছ্যুৰ সন্ধানত সকলো বিসৰ্জন দি আগবাঢ়ে তেনেহ’লে নিশ্চিতই অদূৰ ভবিষ্যতে কোনো সকিয়নীৰ দোঁহাই দি হিঁয়া ঢাকুৰি কন্দিব লাগিব। Isaac Asimov নামৰ এজন বিশিষ্ট লেখকৰ এষাৰ কথা উল্লেখ কৰিব বিচাৰিছো- “Anti-intellectualism has been a constant thread winding its way through our political and cultural life, nurtured by the false notion that democracy means that 'my ignorance is just as good as your knowledge.'” Winston S. Churchill য়েওঁ বোধহয় গনতন্ত্রৰ সন্দৰ্ভত সেয়েহে মন্তব্য কৰিছিল- “The best argument against democracy is a five-minute conversation with the average voter.”
পূৰ্ববংগীয় মুছলমান অনুপ্রবেশৰ ধাৰা – অতীত আৰু বতৰ্মান – এক অৱলোকন
বৃহত্তৰ বেংগল প্রভিঞ্চৰ
ভিতৰুৱা আৰু দূৰণিবটিয়া অঞ্চললৈকে বেপাৰ বণিজ কৰাৰ বাট যদিওঁ গৌৰিনাথ সিংহ আৰু
কেপ্তেইন ৱেলছৰ মাজত মাজত সম্পাদিত চুক্তিখনে ১৭৯৩ চনতে মুকলি কৰিছিল তথাপিওঁ
প্রকৃতাৰ্থত বৃটিছ সামাজ্যৰ আৰম্ভণিয়েহে অসমত চৰকাৰী, বাণিজ্য আৰু কৃষিৰ দিশত কৰ্মৰ সুযোগ সন্ধানী লোকৰ আগমণৰ বাট
প্রশস্ত কৰে। এই সোঁত মূলতঃ বৈছিল বেংগলৰ চিলেট, ঢাকা, মৈমাণসিংহ আৰু
ৰংপুৰ জিলাৰ পৰা। ১৮৫৩ চন মানৰ পৰাই পূৰ্ববংগীয় মুলৰ মুছলমান কৃষকে অসমৰ চৰ-চাপৰি
অঞ্চলত কৃষি কৰ্ম আৰম্ভ কৰে।
বৃটিছ চৰকাৰে যি সময়ত
অসমত পদাৰ্পণ কৰিছিল সেইসময়ত বাৰংবাৰ মানৰ আক্রমণে বিধ্ধস্ত কৰা অসমৰ জনসংখ্যা
তেনেই কম আছিল। অথনৈতিক দিশতো অসমৰ অবস্থাৰ দ্রুত উথ্থান সময়ৰ তাগিদা আছিল। এই
দুয়ো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বৃটিছৰ চকুত আমদানিকৃত
বনুৱাৰ দ্বাৰা অসমৰ উন্মুক্ত উৰ্ব্বৰ ভূমিত কৃষি কাৰ্য সম্পাদন কৰি অৰ্থনৈতিক
উন্নয়নৰ বাট প্রশস্ত কৰাটোৱেই শ্রেষ্ঠ পন্থা হিচাপে পৰিগণিত হ’ল। বিশেষকৈ চাহৰ আবিষ্কাৰ, ‘The Assam Tea Compnay’ ৰ প্রতিষ্ঠা, কলা জ্বৰৰ আৰ্বিভাব, ১৮৯৭ৰ বৰভূইকপ,
মৰাপাট উদ্যোগৰ বিশ্বব্যাপি উথ্থান আদি বিভিন্ন
কাৰকে পৰ্যাপ্ত পৰিমাণৰ শ্রমিক, কৃষক, বনুৱাৰ চাহিদা আৰু এই চাহিদাৰ তৎক্ষানিক পূৰণৰ প্রয়োজণীয়তাৰ
শক্তিশালী কাৰক হিচাপে বৃটিছ প্রশাসনৰ আগত ধৰা দিয়ে।
মৈমানসিংহ জিলাৰ এজন
উচ্চপদস্থ চৰকাৰী বিষয়া A.J. Moffatt Mills ৰ পৰামৰ্শ আৰু অনুমোদন ক্রমে ঘনজনবসতিপূৰ্ণ মৈমানসিংহ জিলাৰ পৰা বুজনসংখ্যক মুছলমান কৃষকক আনি কম
জনবসতিপূৰ্ণ ব্রহ্মপুত্র উপত্যকাৰ কিছুমান অঞ্চলত কৃষিকাৰ্য্যত নিয়োজিত কৰা আৰু
পুণৰ্সংস্থাপন কৰাটো চৰকাৰীভাবে সমৰ্থন আৰু কাৰ্যকৰী কৰা হ’ল। ‘Colonisation Scheme’ বোলা এই প্রক্রিয়াটোৰ আলমতে পূৰ্ববংগৰ ভূমিহীন কৃষকৰ বাবে
অসমৰ ভূমি হস্তগত কৰাৰ এক সুবৰ্ণ সুযোগত পৰিণত হয়। পৰবৰ্তি সময়ত এক বৃহৎ অংকৰ
পূৰ্ববংগীয় লোকে অসমত খোপনি পুতে। প্রবজিত এই লোকসকলৰ ৯০% ই মুছলমান লোক আছিল।
১৯১১ চনৰ পৰা পূৰ্ববংগৰ
পৰা প্রবজিত লোকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পায় আৰু প্রবজনৰ ধাৰা ক্রমাৎ তীব্রতৰ হ’ব ধৰে। ১৯৩১ চনৰ লোকপিয়লৰ অধীক্ষক C.S. Mullan য়ে এই সন্দৰ্ভত লিখিছে “Where there is waste land,
thither flock the Mymensinghias.” তেওঁ প্রবজনৰ এই
ধাৰাক “Silent Invasion” বুলি অভিহিত কৰি
কৈছিলে যে অতি কম সময়ৰ ভিতৰতে কাষৰীয়া পূৰ্ববংগৰ পৰা অহা প্রায় ৫ লক্ষাধিক লোকে
অসমত প্রবেশ কৰি নিজকে কৃষিকাৰ্যত নিয়োজিত কৰিছিলে। অৱশ্যো এইটোওঁ এইখিনিতে উল্লেখ
কৰিব লাগিব যে এই প্রবজনকাৰী কৃষকলকলে যিবোৰ মাটিত খোপনি পুতি কৃষিকাৰ্য সম্পাদিত
কৰিছিল তাৰ সিংহভাগতেই থলুৱা কৃষকে কাহানিওঁ কৃষিকাৰ্যৰ বাবে ব্যবহাৰ কৰা নাছিল।
এফালৰ পৰা এইবোৰ পৰিত্যক্ত মাটি আছিল।
পূৰ্ববংগৰ পৰা প্রবজিত
লোকৰ প্রতি থলুৱা মাটিৰ মালিক আৰু ৰাজনীতিবিদসকলৰ প্রতিক্রিয়া প্রথম দুই তিনি দশকত
উৎসাহজনক আছিল আৰু তেওঁলোকক অসমৰ ভূমিত আদৰণি জনোৱা হৈছিল কিন্তু পৰবৰ্তি সমময়ত
প্রবজনৰ তীব্রতা আৰু তাৰ ফলত হোৱা ভূমি বিবাদ, ধৰ্মীয় ৰাজনীতি আদিয়ে এই মনোবৃত্তিৰ সলনি কৰে। ১৯১১-১৯২১
সময়ছোৱাত গোৱালপাৰা, নগাওঁ, দৰং আৰু কামৰূপ জিলাৰ মুঠ জনসংখ্যাৰ এক শকত অংশ প্রবজিত
পূৰ্ববংগৰ কৃষকলে গঠিত কৰে। ১৯৩১চনৰ লোকপিয়লত ১৯১১-১৯৩১ সময়ছোৱাত গোৱালপাৰা,
কামৰূপ, নগাওঁ জিলাত জনসংখ্যা বৃদ্ধিৰ হাৰ তলত দিয়া ধৰণে চিত্রিত
কৰা হৈছে-
প্রবজিত মুছলমান খেতিয়কৰ
সংখ্যাৰ এনে বৃদ্ধিত আৰু ক্রমবৰ্দ্ধমান ভূমিবিবাদৰ এক সমিধানৰ অৰ্থে ১৯২০ চনত
নগাওঁ জিলাৰ ডেপ্যুটি কমিশ্যনাৰৰ পৰামৰ্শ মতে তেতিয়াৰ কংগ্রেছ চৰকাৰে ‘লাইন প্রথা’ৰ প্রবৰ্তন কৰে।
এই ব্যবস্থাৰ অনুযায়ী ভূমিক তিনি শ্রণীত ভাগ কৰা হৈছিল-
ক) য’ত প্রবজিত মুছলমানে মুকলিকৈ স্থিতি ল’ব পাৰিব,
খ) য’ত প্রবজিত মুছলমানে
মুকলিকৈ স্থিতি ল’ব নোৱাৰিব,
গ) য’ত নিৰ্দিষ্ট ভূ-খণ্ড বা মেপত এডাল লাইন টনা হ’ব য’ৰ সিপাৰে প্রবজিত
মুছলমানে স্থিতি ল’ব নোৱাৰিব।
বৃটিছ প্রশাসনে অবশ্যোই
মুছলমান খেতিয়কৰ প্রবজনক সমৰ্থন কৰিছিল কিয়নো বছৰ বছৰ ধৰি উন্মুক্ত হৈ পৰি থকা
উৰ্ব্বৰ কৃষি ভূমিত যদি প্রবজিত মুছলমান খেতিয়কৰ দ্বাৰা কৃষি কাযৰ্ সম্পাদিত হয়
তেনেহ’লে অসমৰ অৰ্থনীতিৰ লগতে
প্রকাৰান্তৰে বৃটিছ ৰাজভৰাঁলেই চহকী কৰিব। পূৰ্ববংগীয় মুছলমানৰ প্রবজনে আটাইতকৈ
বেছি ক্ষতিগ্রস্থ কৰিছিল গোৱালপাৰা, বৰপেটা আৰু নগাওঁ জিলাক। বিশেষকৈ বৰপেতালৈ প্রবজনৰ সোঁত ইমান তীব্র আছিল যে
১৯১১-১৯৪১ চনৰ সময়ছোৱাত বৰপেটাত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ 0.১% ৰ পৰা ৪৯% হৈছিল। একেধৰণে
১৯২১-১৯৩১ চনৰ সময়ছোৱাত নগাওঁ জিলাৰ কিছুমান মৌজাত মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ১০০% ৰ পৰা ২৯৪% হৈছিল। C.S
Mullan-য়ে সেয়েহে ১৯৩১ চনৰ লোকপিয়লৰ ৰিপৰ্টত
তাৎপযৰ্পূৰ্ণ ভাবে মন্তব্য দিছিল যে অনাগত ৩০ বছৰত হয়তো শিৱসাগৰেই একমাত্র হয়তো
এনে এখন ঠাই হ’ব য’ত এজন অসমীয়াই অসমত থকা যেন অনুভৱ কৰিব। তেওঁ আৰু উল্লেখ
কৰিছিল যে অসমলৈ ক্রমাৎ বৈ থকা পূৰ্ববংগীয় মুছলমানৰ প্রবজনে অসমৰ সভ্যতা আৰু
সংস্কৃতিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে অসমৰ ভবিষ্যত চিৰদিনৰ বাবে সলনি কৰিলে আৰু
প্রবজনকাৰীয়ে কৰা এই ক্ষতি ১৮২০ চনৰ মানৰ আক্রমণৰ ফলত হোৱা ক্ষতিতকৈ বহুগুণে ভয়াবহ।
চৰকাৰৰ দুৰ্নীতি আৰু
অকমৰ্ণ্যতাৰ বাবে ‘লাইন প্রথা’য়ে ভবাধৰণে সফলতা লাভ কৰিব নোৱাৰিলে। এই বিফলতাৰ কাৰণ আৰু
পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে ইংৰাজ বিষয়া F.W Hockenhull-ৰ অধীনত এখন শক্তশালী কমিটি গঠন কৰা হয়। ১৯৩৮ চনৰ, ফেব্রুৱাৰী মাহত প্রকাশ কৰা প্রতিবেদনত এই কমিটিয়ে উল্লেখ
কৰে যে প্রবজনকাৰী কৃষকৰ কৰ্মসংযোজন অবিহনে
অসমৰ কৃষিখণ্ডৰ উন্নয়ন অসম্ভব সেয়েহে পূৰ্ববংগীয় মুছলমানৰ প্রবজন আৰু অসমমৰ
ভূমিত তেওঁলোকৰ সংস্থাপনৰ প্রক্রিয়া চলি থাকিব লাগিব। লগতে এই কমিটিয়ে এইটোও
উল্লেখ কৰা থলুৱালোকসকলৰ ভূমিস্বাৰ্থ ৰক্ষাৰ হকে ‘লাইন প্রথা’ক অধিক কঠোৰভাবে
পালন কৰিব লাগিব। W Hockenhull-ৰ এই প্রতিবেদন
আৰু ইয়াৰ পৰামৰ্শৱলীয়েওঁ লাইন প্রথাক সফল কৰিব নোৱাৰিলে। ১৯৪৩ চনত মুছলীম লীগৰ নেতা ছাৰ ছাদুল্লাই নিজেই ৰাজহুৱাভাবে
মানি ল’লে যে পূৰ্ববংগীয়
প্রবজনকাৰী মুছলমানে কেৱল জনজাতীয় কৃষকৰে নহয় বৰং অসমীয়া মুছলমান কৃষকৰ ভূমিওঁ দখল
কৰিছে। ছাৰ ছাদুল্লাই ১৯৩৯ চনত ক্ষমতালৈ আহিয়েই লাইন
প্রথাক সম্পূৰ্ণৰূপে বিধ্বসস্ত কৰিবলৈ আৰু অসমক মুছলীম লীগৰ স্থায়ী ঘাটিলৈ
পৰিবৰ্তন কৰিবলৈ এটা ‘Land Development Scheme’ প্রস্তুত কৰে যাক “Grow More Food Scheme” বুলিওঁ কোৱা হয়। এই আঁচনিৰ মুল উদ্দেশ্য আছিল প্রবজনকাৰী
পূৰ্ববংগীয় মুছলমানৰ বাবে আৰু অধিক মাটি লাভৰ বাট প্রশস্ত কৰা। এই আচঁনিখন
স্বাভাবিকতেই বিভিন্ন স্তৰত তীব্র সমালোচনাৰ সন্মুখীন হয় আৰু অৱশেষত ভাইচৰয় ৱেভলে
এই আচঁনিখনক ‘Grow More Muslim’ আচঁনি বুলি আখ্যা
দি প্রত্যাখান কৰে। ছাৰ ছাদুল্লাই ১৯৪৩ চনত পুণৰ ক্ষমতালৈ আহিয়েই তেওঁৰ পূৰ্বৰ
প্রত্যাখিত হোৱা ‘Land Development Scheme’ ৰ পুণৰাম্ভ কৰে আৰু ইয়াৰ ফলত পূৰ্ববংগীয় মুছলমান
প্রবজনকাৰীৰ যি সোঁত বয় সেই সোঁতে অসমৰ বহু হাবি-বননি, চৰণীয়া পথাৰ আদিত প্রবজনকাৰীৰ দখল সুনিশ্চিত কৰে। এই
প্রক্রিয়াত থলুৱা কৃষক আৰু প্রবজনকাৰী মুছলমান কৃষকৰ মাজত বহুতো সংঘাতৰ সূঁচনা হয়।
বিশেষকৈ মিচিং আৰু বড়ো খেতিয়ক সকল প্রবজনকাৰী মুছলমান কৃষকৰ এনে আগ্রাসনত বাৰুকৈ
ক্ষতিগ্রস্ত হয়।
১০ ফেব্রুৱাৰী, ১৯৪৬ চনত গোপীনাথ বৰদলৈ (কংগ্রেছ) ক্ষমতালৈ আহে আৰু
অনতিপলমে থলুৱাৰ স্বাৰ্থ ৰক্ষাৰ হকে ‘ট্রাইবেল বেল্ট আৰু ব্লক’ গঠনৰ দিঁহা কৰে।
এই আচঁনি অনুযায়ী ৫০% বা তাতোকৈ অধিক জনজাতীয় বা অন্যান্য পিছপৰালোকে বসতি কৰা
অঞ্চলত ট্রাইবেল বেল্ট আৰু ব্লক গঠনৰ পৰিকল্পনা কৰা হয়। অৱশ্যোই আগৰে পৰা বসবাস
কৰা অ-জনজাতীয় লোকক ট্রাইবেল বেল্ট বা ব্লকত থকাৰ অনুমতি দিয়া হয় কিন্তু এনে বেল্ট
বা ব্লকত জনজাতীয় লোকৰ পৰা অ-জনজাতীয়লোকৰ হাতলৈ ভূমি হস্তান্তৰত বাধা আৰোপ কৰা হয়।
১৯৪৭ চনত “Assam Land Revenue Regulation”ৰ এক প্রাৰম্ভিক সংশোধণিৰ দ্বাৰা ১০ টা
ট্রাইবেল বেল্ট আৰু ২৩টা ট্রাইবেল ব্লকৰ পুণৰ্বাখ্যাৰ জড়িয়তে পূৰ্ববংগীয়
প্রবজনকাৰী মুছলমান কৃষকৰ আগ্রাসনৰ পৰা অসমীয় থলুৱালোকৰ ভূমি অধিকাৰক সুৰক্ষা
দিয়াৰ প্রচেষ্টা কৰা হৈছিল যদিওঁ একেবৰ্ষতে অথাৎ ১৯৪৭ চনত বৃটিছ আমোলৰ পৰা লাভ কৰা
স্বাধীনতায়ে সকলো প্রচেষ্টাক আউঁল লগাই অধিক পূৰ্ববংগীয় প্রবজনকাৰীৰ অসম প্রবেশৰ
বাট মুকলি কৰে। এইখিনিতে এইটোওঁ উল্লেখ কৰিব লাগিব যে যাতায়তৰ উন্নয়ন বিশেষকৈ ৰেল
আৰু সুৰমা বা বৰাক নদী আৰু ব্রহ্মপুত্রৰ মাজেৰে বেংগল আৰু অসমৰ মাজত যি ভাঁপ চালিত
নাৱৰ যাতায়তৰ প্রচলন হ’ল ই পোনপটিয়াকৈ
প্রবজনকাৰীসকলক লাভাম্বিত কৰিলে। ৰে’লৰ যাতায়তৰ
ক্ষেত্রটো অসম বেংগলৰ পথ চিতাগংৰ পৰা ত্রিপুৰা, চিলেট, কাছাৰ আৰু উত্তৰ
কাছাৰ পাৰ্বত্য অঞ্চলহৈ লামডিংলৈ প্রচলিত হৈছিল। দেশ বিভাজনৰ সময়ত যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ
পৰিপেক্ষিতত মানবীয়তাৰ খাতিৰত অসম চৰকাৰে ৫ লক্ষাধিক বেংগলী লোকক আশ্রয় দিবলৈ
সন্মত হয় যদিওঁ প্রকৃতাৰ্থত আশ্রয় লোৱা বাবে অসমত প্রবেশ কৰা লোকৰ সংখ্যা তাতকৈ
বহু অধিক আছিল। প্রবজনৰ ভয়াবহতালৈ লক্ষ্য ৰাখি “Undesirable Immigrants
(Expulsion from Assam) Bill খন উথ্থাপন কৰা হয়। পিছত
ইয়াৰ নাম সলনি কৰি “The Immigrants (Expulsion from Assam) Act, 1950” কৰা হয়। বিদেশী চিনাক্তকৰণ আৰু বিতাড়নৰ ক্ষেত্রত এই আইন
কিমান সফল হ’ল ঋই সন্দৰ্ভত কোনো বিশেষ
তথ্য উপলব্ধ নহয়।
১৯৫১-৬১ চনৰ সময়ছোৱাত
অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ অত্যাধিক আছিল। অৱশ্যো ইয়াৰ কাৰণ দৰ্শাই ১৯৬৩ চনত The
Census of India Paper no. 1 ত কোৱা হৈছে যে ১৯৫১ চনৰ
লোকপিয়লৰ সময়ত যিবোৰ মুছলমান অদৃশ্য হৈছিল (১৯৫০ চনৰ সাম্প্রদায়িক সংঘাটৰ
পৰিপ্রেক্ষিতত ইষ্ট পাকিস্থান বা অন্য স্থানলৈ পলায়ন কৰিছিল) তেওঁলোক পুণৰ ১৯৬১
চনৰ লোকপিয়লৰ সময়ত আৰ্বিভাব হোৱাৰ বাবেই ১৯৬১ চনৰ লোকপিয়লত পূৰ্বে নথকা ২,৭৫,০০০ জন মুছলীম লোকৰ নাম সন্নিবিষ্ট হয়। ১৯৬১-১৯৭১ চনৰ
সময়ছোৱাত গৃহ বিভাগে সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধিদলক দিয়া তথ্য অনুযায়ী ৯,৬৭,০০০ জন
অনুপ্রবেশকাৰীয়ে অসমত প্রবেশ কৰিছে। বিশেষকৈ ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা
আন্দোলনৰ কালছোৱাত বৃহৎসংখ্যকলোক ইষ্ট পাকিস্তানৰ পৰা আহি অসমত খোপঁনি পোতে। অনিল
শইকীয়া, হোমেশ্বৰ গোস্বামী আৰু
অতুল শইকীয়া ডাঙৰীয়াৰ জনগণনাৰ এক বিজ্ঞানসন্মত অধ্যয়ন অনুযায়ী ১৯৭১-১৯৯১ চনৰ ভিতৰত
অসমলৈ অহা মুঠ অনুপ্রবেশকাৰীৰ সংখ্যা আছিল ৬,৮৬,৩৪৪। এক দীৰ্ঘ বিৰতিৰ (২০০৪ ৰ পৰা) অন্তত বৰ্তমানৰ
বিজেপি চৰকাৰৰ দ্বাৰা ধৰ্মীয় লোকপিয়লৰ তথ্য ৰাজহুৱা কৰা হয়। অসম সন্দৰ্ভত The
Financial Express-ত ২২ জানুৱাৰী, ২০১৫ ত এইদৰে উল্লেখ কৰে
“… The last time religion-based data was released in the
country was in 2004, which was a record of figures till 2001. Among all states
in the country, Jammu and Kashmir has the highest Muslim population (68.3 per
cent), followed by Assam (34.2 per cent)… The most rapid rise in the share of
Muslims in the total population was witnessed in Assam… Muslims constituted
30.9 per cent of the state’s population in 2001 and it has risen to 34.2 per
cent a decade later.”
২০১১ চনৰ লোকপিয়লত অসমৰ
জনসংখ্যা ১৯৯১-২০০১ৰ তুলনাত ২০০১-২০১১ত ১৭.০৭% বৃদ্ধি হৈছে বুলি উল্লেখ কৰিছে।
২০১১ৰ লোকপিয়লৰ কিছু তথ্য তলত উল্লেখ কৰা হ’ল।
জিলা
|
জনসংখ্যা
|
বৃদ্ধিৰ হাৰ
|
|
1
|
2,823,768
|
22.00%
|
|
2
|
1,949,258
|
24.44%
|
|
3
|
1,924,110
|
15.55%
|
|
4
|
1,736,617
|
20.19%
|
|
5
|
1,693,622
|
21.43%
|
|
6
|
1,517,542
|
15.69%
|
|
7
|
1,327,929
|
15.47%
|
|
8
|
1,326,335
|
11.92%
|
|
9
|
1,253,938
|
18.34%
|
|
10
|
1,228,686
|
21.90%
|
|
11
|
1,151,050
|
9.44%
|
|
12
|
1,092,256
|
9.31%
|
|
13
|
1,066,888
|
12.75%
|
|
14
|
1,042,137
|
17.22%
|
|
15
|
1,008,183
|
22.64%
|
|
16
|
957,423
|
23.34%
|
|
17
|
956,313
|
17.58%
|
|
18
|
950,075
|
10.74%
|
|
19
|
928,500
|
22.19%
|
|
20
|
887,142
|
5.21%
|
|
21
|
831,668
|
9.61%
|
|
22
|
771,639
|
11.99%
|
|
23
|
738,804
|
20.59%
|
|
24
|
686,133
|
19.97%
|
|
25
|
659,296
|
21.45%
|
|
26
|
482,162
|
11.34%
|
|
27
|
214,102
|
13.84%
|
অসমৰ জানগাঁথনিৰ এনে
মৌলিক পৰবৰ্তন সন্দৰ্ভত অসমৰ অনুপ্রবেশ সমস্যা অধ্যয়ণৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা গঠিত এজনীয়া উপমুণ্যো
হাজৰিকা কমিশ্যনে ০৫ অক্টোবৰ, ২০১৫ত দাখিল কৰা ৰিপৰ্টে
বিশেষ তৎপৰ্য বহন কৰে য’ত স্পষ্ট ভাষাত
কোৱা হৈছে যে বাংলাদেশী অনুপ্রবেশৰ ধাৰা যদি বৰ্তমনৰ দৰেই চলি থাকে তেনেহ’লে অসমৰ থলুৱা লোকসকল ২০৪৭ চনৰ ভিতৰত সংখ্যালঘুত পৰিণত হ’ব। অনাগত অসমৰ
নিৰ্বাচন আৰু বিজয়ী দলৰ অবৈধ বাংলাদেশী অনুপ্রবেশ সন্দৰ্ভত লোৱা স্থিতিয়ে অসমৰ
জনগণৰ আৰু অসমৰ ভবিষ্যত সন্দৰ্ভত নিশ্চিতই এক গুৰু ভূমিকা পালন কৰিব।
Subscribe to:
Posts (Atom)