Tuesday, August 2, 2016

ঋতু আহে, ঋতু যায়…





 

প্রয়াত ঋতুপৰ্ণ শইকীয়াৰ (বগা চোলা পৰিহিত)ৰ সৈতে লেখক


“গোস্বামী, ঐ পাৰিচনে নাই? চাই ল ফটাফট – ঋতু (বাবু) য়ে পিছ ফালৰ পৰা ফুচফুচাই কৈ আছে। মই কিবা এটা লিখি আছিলো আৰু সেইটো শেষ কৰি তালৈ ঘূৰি চাওঁ মানেই দশম শ্রেণীৰ ছমহীয়া পৰিক্ষাৰ বিজ্ঞানৰ প্রথম কাকতৰ গাৰ্ড পৰা মহেন্দ্র দাস চাৰে তালৈ চোঁচা লৈ আহিল আৰু তাক থিয় কৰাই লৈ ভালকৈ দুচাত মান দিলে আৰু ক’লে ‘তই লিখিব নোৱাৰ নাই, সেই লৰাটোক কিয় লিখিব দিয়া নাই? তাক আকৌ যদি আমণি দিয় মই কৈছো কিন্তু…”   এই বুলি তাক সকীয়াই দি চাৰ বেট দাল ঘূৰাই ঘূৰাই ৰুমৰ সমুখ ভাগলৈ গল গৈ।মুখ খূলিলেই চাৰৰ পৰা কোব খোৱাৰ ভয়ত মই কেৱল মোৰ তল কৰি থাকিলো।নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্রাক্-প্রাথমিক শ্রেণীৰ প্রথম দিনতোৰ পৰা তাৰ লগত একে বেঞ্চত বহা গতিকে সি ভালকৈ জানে যে  এই গোস্বামী বিজ্ঞানত এটা ‘মহা গাধ সদৃশ ।সেয়েহে সি মোক আচলতে কেনেবাকৈ তাৰ বহী দেখুৱাই-মেলি পাছ কৰাই নিবলৈ চেষ্টা কৰিছিল।কিন্তু ডাঙৰ কথাটো হ’ল চাৰৰ পৰা কোব খোৱাৰ পিছতো সি পুণঃ পুণঃ বাৰ মোক মাতি বহী দেখুৱাই বা  ফুচফুচাই প্রশ্নোত্তৰ বোৰ কবলৈ যত্ন কৰিছিলে যাতে মই কোনোমতে ফেইল নকৰো।সেয়াই আছিল ঋতু, তাৰ মন আৰু কণমানি বয়সতে থকা তাৰ হৃদয়ৰ উদাৰতা।

দুয়োৰে বিদ্যালয় পৰ্যায় শেষ হ’ল।হাইস্কুল শিক্ষান্তা পৰীক্ষাৰ পিছত স্বাভাবিকতেই মই কলা আৰু সি বিজ্ঞান পঢ়িলে।কিছু বছৰৰ পিছত সি সুখ্যাতিৰে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা MCA ডিগ্রী লাভ কৰি বাংগালুৰুলৈ বুলি ঢাপলি মেলিলে।কিছুদিন পিছত এদিন মোলৈ ফোন আহিল “গোস্বামী পাই গ’লো, পাই গ’লো। State bank of India-ত পাই গ’লো চাকৰি। মুম্বাই হেড অফিচত পষ্টিং as a assistant manager…” তাৰ চিঞৰত কাণ সৰি যাওঁ সৰি যাওঁ হৈছিল যদিওঁ আনন্দত ইফালে মোৰ বুকু ফুলি ফাটো ফাটো অবস্থা।কেৱল যাক যেনেকৈ, যিমান পাৰি খবৰ দি আনন্দ প্রকাশ কৰিছিলো।কম সময়তে তাৰ মুম্বাইৰ চৰকাৰী এপাৰ্টমেন্টত তাক দেখা দিবলৈ সি বাধ্য কৰালে।খুব আনন্দ কৰিছিলো এসপ্তাহ ধৰি, তাৰ আৰু তাৰ নতুন বন্ধুবোৰৰ লগত।হাজাৰ হওঁক টক্টা, বস্তাত বহি একেলগ অ, আ, ক, খ পঢ়ি ডাঙৰ হোৱা বন্ধু সি মোৰ। গৌৰব নকৰিমনে? তাৰ সফলতাত প্রাণখূলি আনন্দ নকৰিমনে? নিয়মীত যোগাযোগ থাকে যদিওঁ তাৰ মাজে মাজে কিছুমান বিশেষ ফোন কলো তাৰ পৰা পাই থাকো। এদিন তেনে এটা ফোন আহিল, “ গোস্বামী,…তই এতিয়া ডেপ্যুটি মেনেজাৰৰ লগত কথা পাতি আছ দেই…”। পদোন্নতিৰ খৱৰ আছিল সেইটো। দোপতদোপে আগুৱাইছিল সি।বিশেষ ফোন কল বোৰ আহি থাকিল আৰু এদিন বাইক, এদিন গাড়ী, এদিন বিবাহ, এদিন বিদেশ যাত্রা, এদিন সন্তান এই সকলোবোৰ সু- খবৰ কেৱল পাই গ’লো আৰু মনে প্রানে তাৰ মংগল কামনা কৰি গ’লো। সিদিনা ২১ জুলাই, কৰ্পৰেশ্যণ বেংকৰ ধুবৰীৰ শাখাৰ Assistant Manager, বাবুৰ একমাত্র ভগ্নী মুমু (উপাসনা)-ৰ জন্মদিন। পুৱাই তাইৰ পৰা ফোন কল আহিল। মই মনতে ভাবিলো তাই যি দেখিছো দকাহকা দি আমাৰ (মই আৰু পত্নী লিপি)-ৰ পৰা জন্মদিনৰ শুভেচ্ছা ল’ব। ফোন ততাতৈয়াকৈ উঠালো “ৰক্তিম দা, আমাৰ বাবু আৰু নাই নহয়…” বুলি কৈ তাই কান্দোনত ভাঙি পৰিল।পলকতে মোৰ সৰ্বশৰীৰ বজ্রপাতে যেন ছাঁই কৰি পেলালে।এটা অকল্পনীয়, অনাকংক্ষিত, অবিশ্বাস্য খবৰ মোক কিমান পৰলৈ শিল কৰি পেলালে মই ক’ব নোৱাৰো

এপ্রিল ২৪ তাৰিখে তেজপুৰত মোৰ ২য় কণ্যাৰ জন্মদিনত সি সপৰিবাৰে উপস্থিত আছিল আৰু হাহিঁ, ধেমালী, ফূৰ্টি তামাছাৰ মাজতে কৈছিল, “ঐ গোস্বামী, এতিয়া দেউতাক হৈ গ’লোতো লাইফটোলৈ অলপ চিৰিয়াছ হ’ব লাগিব, ফাইনেনচিয়েল প্লেনিং অলপ ভালকৈ কৰিব লাগিব সি তাৰ ৫মহীয়াজনী লৈ আৰু মই মোৰ এবছৰীয়া জনীক লৈ ফটো উঠিছিলো।দুয়োৰে ইমান দিনীয়া বন্ধুত্বৰ এনাজৰীকলৈ বুকুৰ কোনোবা এটা চুক উথলি উঠিছিল।

 মই চিৰদিন তাক ‘চিৰিয়াছ হ’বলৈ আৰু সি চিৰদিন মই ‘বেছি চিৰিয়াছ  কাৰণে গালি পাৰি থাকিল। “গোস্বামী সব কথাত বেছি চিৰিয়াচ।লাইফত সকলো কথাৰ চলিউশ্যন আছে, মাথো ঠাণ্ডা মগজুৰে তাক  বিচাৰিব জানিব লাগে। মানুহ ‘বিন্দাচ হৈ থাকিব লাগে।গ’লেতো গ’লোৱেইহয়নে নহয়?” । সি গুচি গ ‘বিন্দাচ। কোনো কাৰণ নোহোৱাকৈ মাতৃ-পিতৃ, ভগ্নী-পত্নী, ৮মহীয়া কণ্যা, আমাক সকলোকে এৰি মাথো ৩৬ বছৰ বয়সতে সি গুচি গল কোনো টেনশ্যন নোলোৱাকৈ। সকলোকে জীৱনৰ সমাধানহীন এক অনন্য পৰিচক্রত পেলাই কোনো আগলীবতৰা নিদিয়াকৈ সি মাথো গুচি গ’ল।কেৱল তাৰ গা-বেয়া লাগিছিল পুৱতি নিশা, সেয়াই।পষ্টমৰ্টেমতো মৃত্যুৰ কোনো কাৰণ পৰ্যন্ত বিচাৰি পোৱা ন’গল।ঋতু, এজন ভাল খেলুৱৈ, এজন ভাল আলোকচিত্র শিল্পী, SBI-ৰ এজন নিষ্ঠাবান কৰ্মচাৰী আছিলো।সবাতোকৈ ডাঙৰ কথা পলকতে আনক আপোন কৰি ল’ব পৰা এটা বহল অথচ শিশুসুলভ মন আছিল তাৰ। তাৰ বন্ধুত্বপূৰ্ণ আচৰণ আৰু কৰ্ম দক্ষতৰ বাবে অসমৰ SBI-কৰ্মচাৰী বিশেষকৈ গুৱাহাটি মূখ্য শাখাৰ কৰ্মচাৰীৰো বৰ আপোন আছিল সি।

জীৱনৰ কঠোৰ সত্যতাৰ স্বৰূপ উদঙাই সদাই এচাঁটি স্ফুটিৰ হাঁহিৰে দেখা দিয়া  ঋতু, এটি ঋতুৰ দৰেই মেলানী মাগিলে।তাৰ জঁঠৰ, চেঁচা মুখখনত হাত বুলাই, বুলাই মই মাথো তাক সাহসৰে বিদাই দিবলৈ যত্ন কৰিলো।মই সি ছাইঁ হৈ যোৱা লৈকে তাৰ লগতে, তাৰ কাষতে থাকিলো অকলে।



No comments:

Post a Comment