১) তেজপুৰৰ UCO BANK
ATM-ত গ'লো। ATM-ৰ ভাষা চয়ণৰ তলিকাত আছে - English, HINDI & Bengali।
মোৰ প্রশ্ন এইটো নহয় যে বাংলা কিয় আছে? মোৰ প্রশ্ন হ'ল অসমীয়া ভাষাটো কিয়
নাই? অসমৰ সংস্কৃতিৰ প্রাণকেন্দ্র বুলি কোৱা তেজপুৰত কিয় কোনেওঁ মোৰ পূৰ্বে
পতিবাদ নকৰিলে মই হিন্দীভাষি মেনেজাৰক ততাতৈয়াকৈ এখন পত্র লিখি কঠোৰ
ভাষাৰে কথাতো বুজালো। সুধিলো 'মোৰ মা, দেউতা অসমৰ অসমীয়া আৰু তেওলোকে
ইংৰাজী, হিন্দী বুজি নাপায় গতিকে আপোনাৰ ATM-ৰ পৰা কি ভাষাৰ আশ্রয় লৈ টকা
উলিয়াব? তাৰ পিছত প্রায় দুমাহ ATM বন্ধ আছিল। ( কি কাৰণত মই নাজানো)
২) IDEA-মবাইলৰ গ্রাহক সেৱাৰ IVR-ত কেৱল English, HINDI & Bengali
ভাষা। পুণৰ মোৰ প্রশ্ন এইটো নহয় যে বাংলা কিয় আছে? মোৰ প্রশ্ন হ'ল অসমীয়া
ভাষাটো কিয় নাই??? এতিয়ালৈকে বহুবাৰ গোচৰ দিলো।
৩) easterncrescent- নামৰ এখন আলোচনীৰ সম্পাদক MB Qasmi-য়ে তেখেতৰ এখন research paper-ত অসমীয়া ভষাটোৰ বিষয়ে এইদৰে লিখিছে -
"Assamese language is a newly evolved offshoot of the rich Bengali language itself with minor changes in the script and pronunciation and keeping intact the original Bengali vocabulary."-
তেখেতে academia.edu-ৰ দৰে এখন বিশ্বসমাদৃত ই-মঞ্চত অসমীয়া ভাষাৰ এইটো পৰিচয় দিছিলে। মই তেওঁক যোগাযোগ কৰি ড. বাণিকান্ত কাকতিৰ "Assamese: Its Formation and Development".-ৰ এটা pdf কপি পঠাই পঢ়িবলৈ দিলো। মোৰ কথা হ'ল এইবো আগতে কিয় ধৰা পৰা নাছিল??? (তাৰ পিছত অৱশ্যো তেওঁৰ পেপাৰ খন academia-ত নাই)

... আৰু বহু আছে এনেকুৱা পৰিস্থিতি য'ত আমি অসমীয়া
হিচাপে ব্যক্তগত পৰ্যায়ত বহু কৰিবলগীয়া আছে। আস্ফালন বহু কৰিলো। এতিয়া মুখ
বন্ধ কৰি কেৱল সচেতন ভাবে আৰু একাগ্রতাৰে কৰ্ম কৰাৰ সময়। যদি চয়ন দাসৰ
নিচিনা লোকে কিবা বলকিবলৈ সাহ পাইছে তেন্তে সেই সাঁহ আমি দিছো। নিজৰ
জাতীয়তাবাদী আবেগক সু-সংগঠিতকৰক আৰু ফলপ্রসু দিশত জাতিতোৰ হিতৰ বাবে মনতোক
গতি দিয়ক।এনে কৰিবলৈ সক্ষম হ'লে অনতিপলমে দেখিব উক্ত যুবকজনৰ দৰে মন্তব্য
দিয়া লোকক তেওঁৰ বাংলা ভাই বন্ধুসকলেই উত্তম-মাধ্যম দিবলৈ আৰম্ভ কৰিব...।
আমি উত্তেজিত হোৱাৰ হয়তো প্রোজন ন'হব। আচলতে মই উল্লেখ কৰা ওপৰৰ সৰু সৰু
ঘটনাবোৰেই উক্ত যুবকজনৰ নিচিনা খুজি কিল খোৱা অবিবেচক লোকবোৰক সাঁহ দিয়ে।
গতিকে সমাধানসূত্র নিশ্চিতই আমৰ হাততেই আছে।
https://www.facebook.com/ractim.goswami.3/posts/811803188950730?notif_t=like¬if_id=1470202865690513
No comments:
Post a Comment