Wednesday, January 30, 2013

অতি সংক্ষেপে আধুনিক চিত্রশিল্প আৰু কিউবিজিমৰ বিষয়ে অলপ কথা


ছবি- সাধাৰণ দৃষ্টিত
______________


শিল্প বুলিলে বুলিলে সংগীত, চিত্র, নাটক, সাহিত্য আদি সকলো সোমায় পৰে। এই শিল্পসূহৰ ভিতৰত মানব জাতিৰ বিবৰ্তনৰ ইতিহাস সফলভাবে সামৰি ৰখাত চি্ত্র শিল্পই আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। সাধাৰণ ভাষাত 'ছবি' হৈছে কোনো এক মাধ্যমত ৰংৰ ব্যবহাৰ। এই মাধ্যম হ'ব পাৰে কোনো কাঠজাতীয় সামগ্রী, গ্লাচ, কাগজ, কেনভাচ অথবা আন কোনো উপযোগী সামগ্রী। সৰহ সংখ্যক মানুহে উপলব্ধি কৰিব নোৱাৰাকৈয়ে ছবি আমাৰ প্রত্যেকৰ জীৱনত এক সুন্দৰ ভূমিকা লৈ আহিছে। ছবি অবিহনে পৃথিবীখন এবাৰ ভাবি চাওঁকচোন? কিমান নিৰস হৈ যাব পৃথিবীখন ৰং অথবা ছবিৰ অবিহনে। পৃথিবীখন নালাগে নিজৰ ঘৰ খনৰ কথাকে ভাবক। ৰং বিহীন ঘৰখনৰ কথা ভাবিলেই উদং, উদং লাগে মনটো। নহয়নে? এতিয়া অপুনি এবাৰ ভাবি চাওঁক আপুনাৰ বিচনা চাঁদৰত থকা ফুলখিনিৰ কথা, আপোনাৰ চাহৰ কাপত থকা ছবিখনৰ কথা, আপোনাৰ ৱাল বা এলবামত থকা ফট' বোৰৰ কথা অথবা কোনো গীতে আপোনাৰ মনত সৃষ্টি কৰা কাল্পনিক ছবিবোৰৰ কথা। চাক্ষুসভাবে হওঁক বা কাল্পনিক ভাবেই হওঁক ছবিয়ে আমাৰ জীৱনটোৰ প্রতিটো মূহুৰ্ত ধুনীয়া আৰু জীৱন্ত কৰি ৰাখে। 


আধুনিক চিত্রশিল্প
_____________

চিত্রশিল্পৰ ইতিহাস মানব ইতিহাসৰ সমসাময়ীক কিন্তু আধুনিক চিত্রশিল্পৰ আৰম্ভণি ১৯০০ চনত বুলি গণ্য কৰা হয়। সাধাৰণভাবে ক'ব গ'লে আধুনিকতাবাদৰ ভিত্তিত বা আধুনিকতাবাদৰ আদৰ্শৰে অনুপ্রাণিত প্রতিখন চিত্র বা ছবিয়ে 'আধুনিক চিত্রশিল্প' । 

আধুনিক চিত্রশিল্পয়ে তেতিয়াৰ প্রচলিত চিত্রশিল্প ধাৰালৈ, যি সাধাৰণতে বাস্তব বিষয়বস্তুৰ তৈলচিত্র, ষ্টিল লাইথ, নিউড, লেণ্ডস্কেপ, ধৰ্মীয় বা অন্যান্য বিষয় সামৰি লৈছিল, এক পৰিবৰ্তন আনে। আধুনিক চিত্র শিল্পৰ মূল বৈশিষ্ট আৰু উথ্থানৰ কাৰক সমূহৰ ভিতৰত কেইটামান মুল কাৰক হ'ল-

* মধ্যবিত্তৰ সবল আত্মপ্রকাশ: মধ্যবিত্তৰ সবল আত্মপ্রকাশে চিত্রশিল্পক সেই সময়ত প্রবৰ্তিত ধৰ্মীয় প্রভাৱৰ পৰা মুক্ত কৰে। মধ্যবিত্তৰ উথ্থানৰ ফলত এই শ্রেণীৰ মাজত ছবিৰ প্রতি আকৰ্ষণ আৰু ক্রয় কৰাৰ ক্ষমতা আৰু হাৰ দুয়োটা বৃদ্ধি পায়। এই পৰিবৰ্ত্তনে শিল্পীসকলক উন্মুক্তভাবে আৰু বৰ্হি ক্ষমতাৰ প্রভাৱ অবিহে নিজৰ সৃষ্টি কৰ্মত স্বাধীনভাবে মনোনিবেশ কৰিবলৈ সুযোগ পায়। এই পৰিবৰ্ত্তনে চিত্রশিল্শৰ পৃথিবীলৈ নতুনত্বৰ এক সতেজ জোৱাৰ আনে।

*অতীত স্বাধীন: আধুনিক চিত্রশিল্পৰ এক লক্ষ্যণীয় বৈশিষ্ট হৈছে যে ই অতীতৰ প্রভাবৰ পৰা নিজকে মুক্ত কৰি ৰাখিব বিচাৰে। 

*আত্ম-সচেতনতা: আধুনিক চিত্রশিল্পৰ আন এক অতি গুৰুত্বপূৰ্ণ চৰিত্র হৈছে আত্ম সচেতনতা আৰু আত্ম সজাগতা যি চিত্র শিল্পত নতুনত্ব আনে। 'চিত্রশিল্পী কি ?' আৰু ' ব্যক্তিগত আৰু সামাজিক জীৱনত চিত্রশিল্পৰ গুৰুত্ব কি ?' - আধুনিক চিত্রশিল্পীসকলৰ চিন্তাত এই দুটি প্রশ্ন অহৰহ থাকে। বিশেষকৈ ১৭৮৯চনৰ ফৰাচী বীপ্লবৰ পিছৰ পৰাই মানুহে প্রচলিত সামাজিক প্রতিষ্ঠান আৰু সামাজিক কতৃত্বৰ বিষটোলৈ প্রশ্ন কৰিবলৈ আৰম্ভ কৰে যিবোৰ এটাসময়ত অকপটে মানি লোৱা হৈছিল। এই পৰিবৰ্ত্তনকামী প্রশ্নবোৰে সমান্তৰালভাবে চিত্রশিল্পীসকলৰ 
চিন্তাটো এক নতুনত্ব আৰু পৰিবৰ্ত্তনৰ জোঁৱাৰ আনিছিলে।

*অন্যান্য সাংস্কৃতিক প্রভাৱ: আধুনিক চিত্র শিল্পত এচীয় চিত্র শিল্প , মধ্য-পূৰ্বীয় চিত্র শিল্প আৰু জাপানী মুদ্রণ শিল্পৰ বিশেষ প্রভাৱ আছে। পশ্চিমীয় চিত্র শিল্পীসকলে অন্যান্য সংস্কৃতি অধ্যয়ণ কৰিছিল আৰু তাৰে বৃহৎ সংখ্যক শিল্পী ধৰ্মীয়, পৌৰাণিক অথবা আধ্যাত্মিক আদৰ্শৰে অনুপ্রাণিত হৈছিল।

*নতুন মতবাদৰ সৃষ্টি: যিহেতু আধুনিক চিত্রশিল্প মুলতঃ পৰীক্ষণমুলক আছিল সেয়ে ইয়াৰ পৰিণতিস্বৰূপে আধুনিক চিত্রশিল্পকেন্দ্রিক কেইবাটাও মতবাদৰ সৃষ্টি হৈছিল।



কিউবিজিম কি ?
____________

কিউবিজিম হৈছে পাবল' পিকাচ'য়ে আৰু জৰ্জেচ ব্রেকে জন্ম দিয়া আধুনিক চিত্র শিল্পৰ এক বৈপ্লবীক ৰূপ। বিংশ শতাব্দীৰ আৰম্ভণিতে আৰাম্ভ হোৱা এই কিউবিজিম আধুনিক চিত্রশিল্পৰ প্রথম 'এবচট্রেক্ট' ৰূপ। কিউবিষ্ট সকলে চিত্রশিল্পক এক নতুন দৃষ্টিৰে তথাকথিত জ্যামিতিক 
সিমাবদ্ধতাৰ উৰ্দ্ধত চাইছিল আৰু 'আপেক্ষিকতাক' চিত্রশিল্পৰ এক নতুন উপাদান ৰূপে ল'বলৈ যথোচিত পৰীক্ষা নিৰীক্ষা কৰিছিল। সাধাৰণতে কিউবিষ্ট ছবিবোৰৰ মূল বিষয়বস্তু মানুহ, ঠাই বা বস্তু কিন্তু ই কোনো এক স্থিৰ দৃষ্টিকোণৰ পৰা নহয়। আমি এটা বস্তু বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চাব পাৰো।কিউবিষ্ট সকল এই প্রতিটো দৃষ্টিকোণৰ প্রতি সচেতন। কিউবিজিমৰ দুটা ভাগ আছে। প্রথটো ভাগ ১৯১২ চনলৈকে সীমাবদ্ধ আৰু ইয়াক 'এনালাইটিকেল কিউবিজিম' বা 'বিশ্লেষণত্মক কিউবিজিম' বোলা হয়। বিশ্লেষণত্মক কিউবিজিমত দৃষ্টিকোণৰ বিষয়টো গুৰুত্বৰ আৰু চিত্রশিল্পীয়ে বিষয়বস্তুক অন্যান্য ষ্টিকোণৰ পৰা পৰ্য্যাবেক্ষণ কৰে আৰু শ্রেষ্ঠ আৰু অৰ্থবহ কোণটো বাচি লয়। ১৯১২চনৰ পিছৰখিনিক "চিনথেটিক কিউবিজিম' নামেৰে সামৰা হৈছে-যিটো কিউবিজিমৰ দ্বিতীয় পৰ্য্যায় । ক'লাজ চিত্র চিনথেটিক কিউবিজিমৰে উপহাৰ। অৰ্ফিজিম, ফিউচাৰিজিম, ভৰ্টিচিজিম, চুৰ্প্রিমেটিজিম, কনট্রাকটিভিজিম, এক্সপ্রেচনিজিম আদি আন আন চিত্রশিল্পৰ ধাৰাসমূহত কিউবিজিমৰ প্রভাৱ স্পষ্ট।


-আধুনিক চিত্রশিল্প এক কৈ শেষ কৰিব নোৱাৰা আলোচনাৰ বিষয়। অলপ কথা, হয়তো এটা অতি সৰু পাতনি স্বৰূপ লেখা এইটো। আধুনিক চিত্রশিল্পৰ বিষয়ে আৰু কথা বিষদ ভাবে লৈ অহাৰ প্রয়াস কৰিম-


-ৰক্তিম-

No comments:

Post a Comment