Saturday, September 19, 2015

ইভেণ্ডাৰ ফুকণ আৰু ননী টাইচনৰ বক্সিং খেলখন…




  ইভেণ্ডাৰ লিফিল্ডৰ কাণ এখনৰ এটুকুৰা মাইক টাইচনে সেই বিশ্ব বিজয়ী খিতাপৰ বাবে হোৱা শিহৰণকাৰী বক্সিং খেলখনত কামুৰি চিঙি পেলাইছিলে বোধহয় প্রায় দুই দশকৰো অধিক পুৰণি আছিল সেই বক্সিং খেলখন সঠিককৈ মনত নাই মোৰ চনটো মোৰ আজি হঠাৎ কিয় মনত পৰিল সেই খেলখনৰ কথা ? বা সেই খেলখনৰ কথা আজি মই কিয় উলিয়াইছো? প্রকৃত কথাটো যোৱা কিছু দিনৰ পৰা আমাৰ অসম পাতত চলি থকা প্রাঞ্জল ফুকন ডাঙৰীয়া আৰু ডঃ ননী গোপাল মহন্ত ডাঙৰীয়াৰ মাজত আত্মপক্ষ সমৰ্থনৰ তাগিদাত শব্দৰ যি খনবক্সিং খেলাচলি আছে সেইখন মই ইভেণ্ডাৰ লিফিল্ড আৰু টাইচনৰ মাজৰ সেই দূৰ্দান্ত খেলখনৰ দৰেই উপভোগ কৰি আছো


 
প্রাঞ্জল ফুকন ডাঙৰীয়া আৰু ডঃ ননী গোপাল মহন্ত ডাঙৰীয়াৰ মাজৰ এইখন যুঁজক মই দুটা কাৰণত গুৰুত্ব দিছো প্রথমটো  কাৰণ এয়ে যে এইখন যুঁজৰ ইভেণ্ডাৰ লিফিল্ড আৰু  মাইক টাইচনে এনে দুটা শক্তিক প্রতিনিধিত্ব কৰিছে যি দুটা শক্তিৰ হাতত অসমীয়া সমাজ জীৱনক সদৰ্থক গতি দিয়াৰ ক্ষমতা থকা স্বত্বেও দুয়োটা শক্তিৰে সময়ে সময়ে স্বাৰ্থপৰ চৰিত্র উজাগৰ হোৱা বাবে আজিলৈকে ৰাইজৰ মনত সন্দেহৰ উৰ্দ্ধত স্থিতি পৰা নাই দ্বিতীয়তে, এই দুয়ো সন্দেহাবৰ্ত্তত থকা শক্তিৰ মুখামুখি সংঘৰ্ষত ৰাইজৰ স্বাৰ্থই কিমান ঠাই পাই? নে ই ক্রমাৎ ব্যক্তিকেন্দ্রিক হৈ অৱশেষত চলি থকা ধৰণেই প্রচণ্ড আক্রমণ প্রত্যাক্রমণেৰেই নিজৰ নিজৰ শ্রেণীসাপেক্ষ স্বাৰ্থপৰ আৰু কোৰ্হাল প্রিয় চৰিত্র উদঙাই দুয়োপক্ষই এই যুঁজৰ যৱনিকা পেলাব?
 

অসমীয়া বৃহৎ নিম্নমধ্যবিত্ত শ্রেণীটোৰ পৰমাণুস্বৰূপ এক অংশ হিচাপে নিজ উপলব্ধিৰ পৰা মই এই কথা বিনাদ্বিধাই বিচাৰো যে অসমীয়া বুদ্ধিজীৱী আৰু অসমীয়া সংবাদ মাধ্যম (অডিঅভিজুৱেল) দুয়োটা শক্তিয়েই আজি যদি  আজি পৰস্পৰে সমালোচিত হৈছে তেনেহলে তাৰ বাবে জগৰীয়া তেওঁলোক নিজেই এইখন যুঁজৰ ইভেণ্ডাৰ লিফিল্ড আৰু  মাইক টাইচনক মই এইখিনিতে এই কাৰণেই ধন্যবাদ দিম যে দুয়োপক্ষই দুয়োপক্ষৰ মুখামুখি আক্রমণ-প্রত্যাক্রমণৰ জৰিয়তে আমাৰ দৰে ভাৰাক্রান্ত সাধাৰণ নাগৰিকক দুয়োপক্ষৰ চৰিত্র আৰু ভুমিকা বুজাত যথেষ্ট সহায় কৰিছে যদি এফালে বুদ্ধিজীৱীসকলে নিজৰকমফৰ্ট জৰ এক পৰিধি সাঁজি নিজৰ দায়িত্ব পালন কৰিব পাৰিম বুলি একধৰণৰচিনথেটিক মানসিক চৰিত্ৰতৈয়াৰ কৰি লোৱা পৰিবেশ পৰিলক্ষিত হৈছে বা বহুক্ষেত্রৰ বঁটা বা সন্মান লাভৰ লোভেৰে পৰিচালিত হৈ কোনো মন্ত্রীৰ প্রশংসাত পঞ্চমুখ হৈছে তেনেহলে আনহাতেদি সংবাদমাধ্যমে সকলো ধৰণৰ পৰিধি ভাঙি সকলো সামাজিক ব্যৱস্থাক পাকঘুৰণি খুৱাই এক নৈৰাজ্যৰ বাতাবৰণৰ সৃষ্টি কৰি পেলাইছে আন নালাগে অলপতে ডিচেম্বৰত মেট্রিক পৰীক্ষা হব বুলি দিয়া বিগ ব্রেকিং নিউজটোৰ কথাই প্রসংগক্রমে উনুকিয়ালো যিটো সম্পূৰ্ণ মিছা আছিল আৰু SEBAৰ পৰা সত্যাসত্যতা নিণৰ্য় নকৰাকৈবিগ ব্রেকিং নিউজবুলি পৰিবেশন কৰা হৈছিল এইটো কথা ইয়াত কব লাগিব যে সংবাদ মাধ্যমৰ লগত যিহেতু ৰাইজ পোনপটিয়াকৈ জড়িত গতিকে  সংবাদ মাধ্যমৰ ওপৰত আক্রমণো বা সমালোচনাও পোনপটিয়া আৰু সৰহ বুদ্ধিজীৱীসকলক সাধাৰণ ৰাইজে সাধাৰণতে সন্মানৰ দৃষ্টিৰে চাই আৰু সৰহসংখ্যকেই তেখেতসকলক সমালোচনা কৰাৰ যোগ্যতা বা বৌদ্ধিক পৰিপক্কতা নাই বুলিয়েই মনতে এক ধাৰণা বান্ধি লয় তেখেতসকলৰ কথা আৰু প্রকৃতাৰ্থত কৰ্মৰ বীপৰিতমুখিতা বা টিভিৰ পৰ্দাত উদাত্ত কন্ঠৰে দাবী (প্রদৰ্শন)  কৰা আদৰ্শ আৰু বাস্তব জীৱনত স্বল্প-স্বাৰ্থৰ বাবে সেই একেই আদৰ্শ গোপনে অনায়সে যে ত্যাগ কৰিব পাৰে সেই কথা সংবাদ মাধ্যমে নজনালে ৰাইজৰো জনাৰ সহজে উপাই নাই
 

মুঠতে লিফিল্ড আৰু  টাইচন নামৰ দুই মহাৰথীৰ নীতি-নিয়মৰ মাজেৰে চলিবলগীয়া বক্সিং  যুঁজখনত যিদৰে নীতিবৰ্হিভূত আক্রমণত লিফিল্ডৰ এখন কাণ এনেই মৰণফাণ্ডত পৰিছিল ঠিক সেইদৰেই অসমীয়াই আশাৰে চোৱা দুই ফৈদৰ সামাজিক স্বাৰ্থৰ লগত ওতঃপোতভাবে জড়িত এই দুই মহাৰথীৰ তথাকথিত ৰাইজহৈতেষী এই  যুঁজত ৰাইজৰ স্বাৰ্থ যে প্রকৃতাৰ্থত থিক হলিফিল্ডৰ সেই কাণখনৰ লেখীয়াই হৈছে তাত সন্দেহ নাই গতিকে, দুয়ো বিজ্ঞ মহাশয়ক এটা কথাই শেষত উনুকীয়াই দিব বিচাৰিছো যে আপোনালোকে যি কয় বা কৰে সি পোনে পোনে অসমীয়া জন-জীৱনত প্রভাৱ পেলায় বাংলাদেশীৰ অৰ্থনৈতিক আৰু সামাজিক দ্রুত আগ্রাসন, চীন-পাকিস্তানৰ ষড়যন্ত্র, অসম বন্ধ, অনশন, ধৰ্মঘট আদিত জুৰুলা অসমীয়াৰ জাতীয় সংকটৰ এই সময়ত আমাক আপোনালোক দুয়োয়ে প্রতিনিধিত্ব কৰা শক্তিৰ সজ্ আৰু জাতিহৈতেষী কৰ্মৰ বাৰুকৈ প্রয়োজন আপোলোকেই যদি সংকটৰ এইক্ষণত এনেধৰণে পৰস্পৰে যুঁজ কৰে তেনেহলে আপোনালোক দুয়ো ৰাইজৰ মানত যে তললৈ যাব আৰু লগতে অবৰ্ত্তমাণ লৰ্ড মেকলে আৰু এলবাৰ্ট পিন্টুয়ে যে খুউব হাঁহিব সি খাটাং TRP বা STOCKHOLM SYNDROME বিষয়ে জানি আমি কি কৰিম যদি আস্থাই হেৰায়

No comments:

Post a Comment