Saturday, September 19, 2015

বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যান আৰু কিছু অনুভৱ



বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানখন চাবলৈ যাম যাম বুলি পৰিকল্পনা কৰি থাকোতে ইতিমধ্যোই বাংগালুৰুত মোৰ চাকৰি জীৱনৰ প্রায় পাচটা বছৰ পাৰ হৈছিল। কিন্তু পৰিকল্পনা বাস্তবত ৰূপায়িত হোৱা নাছিল। এদিন হঠাৎ মোৰ বৰদেউতাৰ ল’ৰা এজনে ফ’ন কৰি ক’লে যে সি অফিচৰ কামত বাংগালুৰুলৈ আহিছে আৰু কাম শেষ কৰিয়েই মোক লগ ধৰি বাংগালুৰু ফুৰিব। মই বুজিলো যে এইবাৰ যদি যোৱ নহয় তেনেহ’লে আৰু কাহানিওঁ বাংগালুৰুৰ গাতে লাগি থকা বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানখন চোৱা ন’হব।

ভাইটি অহাৰ পাছৰ দিনা পুৱাই পত্নী লিপি আৰু ১৪ মহীয়া কন্যা য়ান্নীক লগতলৈ বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানলৈ বুলি যাত্রা আৰম্ভ কৰিলো। আমি উপস্থিত হওঁতে পুৱা ৯ মান বাজিছিল আৰু ইতিমধ্যোই দেশী-বিদেশী পৰ্যটকেৰে বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানৰ টিকটঘৰৰ সমুখভাগ ভৰি পৰিছিল। ‘চাফাৰি’ৰ বাবে বহু কেইজন বহিব পৰা মিনি বাছৰ লগতে চাৰিজনীয়া জীপৰ বিশেষ ব্যৱস্থা আছিলে। অৱশ্যো দুয়োবিধ বাহনৰ বাবে দিবলগীয়া বৰঙণিৰ পাৰ্থক্য আকাশ পাতালৰ লেখীয়া আছিল। মিনি বাছত প্রতি ব্যক্তিৰ বাবে ২৫০/- টকাৰ বিপৰীতে জীপখনৰ বাবে  দিবলগীয়া একক মুল্য প্রায় ৩০০০/- টকা। ভাইটিৰ দাবীত এখন জীপ ঠিক কৰি গাইডসহ বানেৰঘট্টা ৰাষ্ট্রিয় অভয়াৰণ্যৰ বুকুলৈ আমাৰ যাত্রা আৰম্ভ কৰিলো গাইডজনে বাটত ক’লে যে আগতে ‘চাফাৰি’ৰ বাবে কোনো বিশেষ ধৰণৰ নিয়ম উদ্যানকৰ্ত্তৃপক্ষই প্রণয়ন কৰা নাছিলে। মানুহে নিজৰ নিজৰ ব্যক্তিগত গাড়ীৰে বিশেষ সজাগতামুলক ব্যবস্থাৰ অবিহনে অভয়াৰণ্য ভ্রমণৰ বাবে প্রবেশ কৰিছিলে কিন্তু এইদৰে ভ্রমণৰত এটি পৰিয়ালৰ এটি কণমানি শিশুক এটা বাঘে গাড়ীৰ সমুখৰ আইনা ভাঙি কামুৰি কাঢ়ি নিয়াৰ পাছত সকলো সলনি হ’ল। এতিয়া কেৱল উদ্যানকৰ্ত্তৃপক্ষই প্রদান কৰা বিশেষভাবে অভয়াৰণ্য ভ্রমণৰ বাবে সুবিধাজনক গাড়ীতহে টিকট সংগ্রহ কৰি গাইডসহ ভ্রমণ কৰিব পাৰিব। যাত্রাৰ আৰম্ভণিতেই ভয় লগা কাহিনীতো শুনি কিয় জনো বৰ সহজ লগা নাছিল।

কিছুদূৰ মুকলি কেঁচা আলি এটায়েদি বাট বুলি লাহে লাহে আমি ডাঠ হাবিত প্রবেশ কৰিছিলো। পৰিবেশ লাহে লাহে গহীন হৈ আহিছিল আৰু এনে অনুভৱ হৈছিল যেন আমাৰ জীপৰ কৰ্কশ হূলস্থুলীয়া মাতটোৱে অৰণ্যৰ নিস্তব্ধতা ভেদি সকলো পশু পক্ষীকে আমি অহাৰ উমাণ দিছে। এনেতে আমাৰ গাড়ী এখন বহু সুৰক্ষিত গেটৰ ওচৰত ৰ’ল। গেটৰক্ষীৰ লগত চমু কথোপকথনৰ পিছত গেট খোল খালে। আমি যিমানেই ভিতৰলৈ সোমাই গৈছিলো এনেধৰণৰ প্রায় চাৰিখনমান সুৰক্ষাগেটৰ সুন্মুখীন হৈছিলো। গাইডজনক সোধাত কৈছিল যে বনাঞ্চলখনৰ বিশেষ বিশেষ অঞ্চল আৰু কিছু বিলুপ্তপ্রায়  জন্তুৰ (যেনেঃ বগা বাঘ) সুৰক্ষাৰ খাতিৰত এই গেটসমুহৰ ব্যবস্থা কৰা হৈছে। আমাৰ প্রথমখন গেটৰ পৰা শেষখন গেট অতিক্রম কৰালৈকে প্রতিটো অঞ্চলত বনৰক্ষী কৰ্মী গিজগিজাই থকা পৰিলক্ষিত হৈছিল। কাজিৰঙাৰ দৰে অনায়সে চোৰাং চিকাৰী সোমাই গড় বিচাৰি, গুলীয়াই হত্যা কৰি, খৰ্গ কাটি নি অনায়সে পলায়ন কৰাৰ কথাতো সেই পৰিবেশত এপলকৰ বাবেও কল্পনা কৰিব পৰা নাছিলো। অভয়াৰণ্যৰ ভিতৰছোৱাৰ চাফ-চিকুণতাৰ ক্ষেত্রতো বনকৰ্মী সকল বিশেষ ভাবে সজাগ আছিল।

পহু, ভালুক, বগা বাঘ, সিংহ, ঢেকীয়াপটিয়া, নাহৰফুটুকী আদি সকলো জন্তুৰ বাবে একো একোটা অঞ্চল বিশেষভাবে সংৰক্ষিত কৰা হৈছিল। ভালুকবোৰৰ বাবে বিশেষভাবে নিৰ্মিত কংক্রিটৰ ঘৰ, মতা আৰু মাইকী বাঘবোৰক প্রজনন ঋতুৰ বাহিৰে পৃথকে পৃথকে ৰখা, জন্তুসমূহৰ আচৰণত নিয়মীয়াকৈ চকু দিয়া আৰু অতি হিংসুক চৰিত্রৰ জন্তুক পৃথকে ৰখা, বগা বাঘৰ সংৰক্ষণৰ ক্ষেত্রত বিশেষ তদাৰক লোৱা, পহুবোৰৰ থকা স্থান পৰিস্কাৰ-পৰিচন্ন কৈ ৰখা আদি বিষয়বোৰ দেখি আপ্লুত হৈছিলো আৰু কিয় নাজানো সেই মূহুৰ্তত অসমৰ ৰাষ্ট্রিয় উদ্যানসমূহকো একে মানদণ্ডত চাবলৈ অধৈৰ্য্য হৈ পৰিছিলো।  ভালুকৰজাকে বাট ভেটা, বাঘে খিৰিকীৰে আমাক জুমি চোৱা, জীপৰ নিচেই কাষত শুই থকা প্রকাণ্ড সিংহতো, জীৱনত প্রথমবাৰৰ বাবে দেখা বগা বাঘৰ শিহৰণ বুকুট সাৱটি প্রায় ৯০ মিনিটমানৰ যাত্রাৰ অন্তত আমি পুণৰ ইখনৰ পিছত সিখন গেট বাগৰি উলটি আহিছিলো আৰু ঘৰলৈ উভতাৰ পূৰ্বে বানেৰঘট্টাৰ ‘বাটাৰফ্লাই পাৰ্ক’, চিৰিয়াখানা আদিয়ো ভ্রমণ কৰিছিলো আমাৰ যাত্রাৰ বহু অংশত জীপ ৰখাই গাইডজনে জীৱ-জন্তু আৰু উদ্যান সম্পৰ্কে বহু ৰোমাঞ্চকৰ কথা কৈ গৈছিল যি আমাৰ যাত্রাক অধিক উপভোগ্য কৰি তুলিছিল।


ৰাজহ সংগ্রহ আৰু প্রকৃতি সংৰক্ষণ এই দুয়োটা দিশৰে এক অতি সুন্দৰমিশ্রণ বানেৰঘট্টা ৰাষ্ট্রিয় উদ্যানখন। এই ৰাষ্ট্রিয় উদ্যানখনৰ আদৰ্শ অসমৰ বাবে বিশেষভাবে অনুকৰণীয়। কিন্তু বাস্তবত দৰাচলতে প্রকৃতিৰ অনবদ্য আৰ্শীবাদ থকা স্বত্তেও অসম বৰ্ত্তমানে প্রকৃতিৰ অবাধ ধ্বংসজজ্ঞৰ গৰাহত আৰু শাসক শ্রেণী ইয়াৰ স্বভাৱজাতভাবে সদায় নীৰৱ দৰ্শক, বৰং বহু ঘটনাৰ প্রামাণ্য সহযোগীহে। সুৰাৰ লাইচেঞ্চ প্রদানেৰে এটা জাতিৰ ৰাজহাড় ধ্বংস কৰি ৰাজহ সংগ্রহ কৰাত ব্যস্ত থকাৰ বাহিৰে প্রকৃতিৰ অতুলনীয় শোভাৰে সশোভিত অসমত প্রকৃতি যে কৰ্মসংস্থাপন সৃষ্টিৰ লগতে ৰাজহ সংগ্রহৰ এক  মূখ্য উৎস হৈ ৰাজকোষৰ অভাৱ দূৰ কৰিব পাৰে সেই কথা ক্ষমতাসম্পন্ন চৰকাৰীপক্ষই কোন শতিকাত উপলব্ধি কৰিব সি লক্ষণীয় হ’ব।

No comments:

Post a Comment