Saturday, September 19, 2015

উত্তৰ-পূৱ ভাৰত আৰু বাংলাদেশৰ সপোন



ক্রমবৰ্ধমান   ধৰ্মীয়, অৰ্থনৈতিক, ভৌগলিক আগ্রাসনৰে অসমীয়া জাতিৰ ৰাজহাড় ডালত বাৰম্বাৰ আঘাট কৰা বাংলাদেশী অনুপ্রবেশৰ সমস্যাটো উত্তৰ-পূব ভাৰতৰ বাবে এক  ভয়ংকৰ সমস্যা বুলি এখন ৰক্তাক্ত আন্দোলনেও প্রমাণ   কৰাৰ পিছত বাংলাদেশ আৰু ভাৰতৰ মাজৰ সীমান্ত সুৰক্ষাৰ বিষয়টোক এতিয়ালৈকে কি বিশেষ কাৰণত কেন্দ্রীয় চৰকাৰৰ (সিংহভাগ কংগ্রেছ শাসিত) দ্বাৰা যথোচিত গুৰুত্ব দিয়া হোৱা নাই সি সঁচাকৈ দূৰ্বোধ্য। ঐতিহাসিকভাবে সংবেদনশীল আৰু গুৰুভাগ উন্মুক্ত হৈ থকা ৪,০৯৮ কিল'মিটাৰ দীঘল ভাৰত-বাংলা সীমান্তৰ পহৰাত নিয়োজিত কৰা  সীমিত সংখ্যক সীমা সুৰক্ষা কৰ্মীৰে দায়িত্ব সামৰিব বিচৰা চৰকাৰৰ হেমাহিৰ মনোভাবৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে তাৰ সঠিক ধাৰণা কৰাৰ সময় সমাগত। অৱশ্যে কেন্দ্রীয় চৰকাৰক কেৱল দোষাৰোপ কৰিলে এইখিনিতে ভুল হ'ব কাৰণ  অসম গণ পৰিষদৰ দৰে এটা অসমীয়াৰ তেজেৰে-ঘামেৰে-চকুলোৰে-আবেগেৰে গঠন কৰা নিজ মাটিৰ দলে অসমীয়া জাতিৰ লগত কৰা চৰম বিশ্বাসঘাটকতাৰ কথা এইখিনিতে আমি পাহৰিব নালাগিব। 




অসম তথা উত্তৰ-পূৱ ভাৰতত থলুৱা আৰু অবৈধ বাংলাদেশী প্রৱজনকাৰীসকলৰ মাজত ক্রমাৎ বৃদ্ধি পোৱা সংঘৰ্ষৰ মুল কাৰণ নিশ্চিতই এই অবৈধ বাংলাদেশীসকলে কৰা ভূমি আৰু অৰ্থনৈতিক আগ্রাসন কিন্তু  এই কথা 'হিন্দু' বুলি ক'লে জাঙুৰ খাই উঠা অপৰিপক্ক তথাকথিত হিন্দু 'চ্যেকুলাৰ লেখক' বা 'নিঅ' বুদ্ধিজীৱী' সকলে ভালকৈ জনা উচিত যে  বাংলাদেশীসকলৰ এই আগ্রাসন সাগৰীয় ধুমুহাৰ পৰিণতি নহয়, বৰং ই ৫০ৰ  দশকৰ পৰাই কৰা ভাৰতৰ দাঁতি কাষৰীয়া কেইবাখনো ভাৰতবিৰোধী ৰাষ্ট্রৰ সু-পৰিকল্পিত ধৰ্মীয় আগ্রাসনৰ পৰিকল্পনাৰ পৰিণতি। ই সৰহসংখ্যক লোকেই বোধহয় জানে যে উত্তৰ-পূৱ ভাৰতক স্বাধীনতাৰ ঠিক পিছৰে পৰাই অশান্ত কৰাৰ পৰিকল্পনাত লিপ্ত আছিল পাকিস্তান, বাংলাদেশ (পূৱ পাকিস্তান) আৰু চীন। কিন্তু এই কথাৰ উমান পোৱাৰ পিছতো  উত্তৰ-পূৱ ভাৰতক ৰক্ষণা-বেক্ষণ দিয়া বা এই অঞ্চলৰ লোকৰ সামগ্রীক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্রত চৰকাৰী পক্ষৰ পৰা কোনো গুৰুত্ব দিয়া হোৱা নাছিল যাৰ পৰিণতি স্বৰূপে উত্তৰ-পূৱক সামৰি এখন বৃহৎ ইছলাম ৰাষ্ট্র গঠনৰ সপোনক বাস্তব ৰূপ দিয়াৰ বাংলাদেশৰ যি সপোন তাৰ বাস্তৱৰ কুচকাৱাজ হিচাপে তেতিয়াৰ পৰা আজিলৈকে বাংলাদেশ চৰকাৰে পৰিকল্পনা কৰাৰ দৰে (ভাৰত চৰকাৰৰ অৰ্কমণ্যতাৰ সুযোগ লৈ) দিনা-নিশাই অসম তথা উত্তৰ-পূৱ ভাৰতলৈ বাংলাদেশীৰ প্রবজন ঘটিয়েই আছে।

জৈৱ-বৈচিত্রৰে পৰিপূৰ্ণ  উত্তৰ-পূৱ ভাৰতৰ সন্ত্রাসবাদী সংগঠন সমূহৰ লগত গুৰিৰে পৰা  বাংলাদেশৰ সম্বন্ধ ওতঃপোতঃ। ১৯৫৬ চনতে তেতিয়াৰ পূৱ-পাকিস্তানে 'নাগা নেশ্যনেল কাউঞ্চিলৰ' নেতা আংগামি জাপু ফিজ'ক মুকলিকৈ স্বাগতম জনাইছিল আৰু তেওঁলোকৰ দেশত স্বাধীনভাবে থকাৰ অনুমতি দিয়াৰ লগতে নাগালেণ্ডক অশান্ত কৰি ৰাখিব পৰাকৈ কৰিবলগীয়া সকলো সহায়ৰে আশ্বাসন দিছিল। ইয়াৰ পিছতে প্রায় ২,৫০০ নগা বিদ্রোহীক আমন্ত্রণ, প্রশিক্ষণ আৰু অস্ত্র-শস্ত্র যোগান ধৰা হৈছিল। পৰবৰ্তি সময়ত এই ধাৰা ভয়ানক হাৰত বৃদ্ধি পাইছিল আৰু পূৱ-পাকিস্তান (বাংলাদেশ) উত্তৰ-পূৱ ভাৰতক বিনাশ কৰাৰ এক অনুশীলন ক্ষেত্রলৈ পৰিণত হৈছিল। বাংলাদেশে চীনৰ প্রত্যক্ষ সহযোগেৰে ১৯৬৬ চনৰ মিজোৰামৰ অশান্তজৰ্জৰ পৰিস্থিতিকো অধিক ভয়াৱহ কৰি  তুলিছিল। ১৯৬৯-৭০কালছোৱাত ভাৰত ৰাষ্ট্রৰ বিৰুদ্ধে যুজিবলৈ উত্তৰ-পূৱ ভাৰতৰ বিপ্লবীসকলক অকল অত্যাধুনিক অস্ত্র-শস্ত্রই নহয় বৰং চীনৰ প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ দিবলৈ পূৱ-পাকিস্তানত গেৰিলা প্রশিক্ষণ শিবিৰ আৰু উৰাজাহাজ থলী তৈয়াৰ কৰা হৈছিল।  কেৱল ক্ষন্তেকীয় জিৰণী লৈ নতুনকৈ জন্ম হোৱা বাংলাদেশে ১৯৭১-ৰ পিছৰ কালছোৱাত একেই পৰম্পৰাই অব্যাহত ৰাখিলে। উত্তৰ-পূৱ ভাৰতৰ সন্ত্রাসবাদী সংগঠনসমূহে বাংলাদেশৰ প্রত্যক্ষ সহযোগত থাইলেণ্ডৰ পৰা অস্ত্র ক্রয় কৰে।  ULFA, NLFT, ATTF,PLA, RPF আদি সংগঠনক অবস্থান লবলৈ দিয়াই নহয় বৰং এই সংগঠনক সমূহক উত্তৰ-পূৱ ভাৰতক অশান্ত কৰি ৰাখিবৰ বাবে সম্পূৰ্ণৰূপে স্থানীয়, সামৰিক আৰু ইন্টেলিজ্যেঞ্চৰ সহযোগ আগবঢ়োৱা হয়। প্রমাণস্বৰূপে কেৱল ২০০৯-২০১৪ কালছোৱাত অতিকমেওঁ ১৭জন সন্ত্রাসবাদী নেতা বাংলাদেশৰ পৰা আটক কৰা হৈছে। আজি বাংলাদেশে যদিওঁ দাবী কৰে যে তেওঁলোক সন্ত্রাসবাদৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ যুঁজত সমানে ভাগিদাৰ কিন্তু বাস্তবত তেওঁলোকৰ আভ্যন্তৰীণ চৰিত্র সম্পূৰ্ণৰূপে ওলোটা।
এইসকলো ভাৰতবিৰোধী কাৰ্যকলাপৰ গুৰিতে হৈছে উত্তৰ-পূৱ ভাৰতক সাঙুৰী এখন বৃহৎ ইছলামিক ৰাষ্ট্রৰ সপোন আৰু এই সপোনৰ বাস্তব ভেটি দ্রুত গতিত গঢ়িছে উন্মুক্ত ভাৰত-বাংলা সীমান্তই। যদি এই ধাৰা এইধৰণেই অব্যাহত থাকিবলৈ দিয়া হয় তেনেহ'লে উত্তৰ-পূৱ ভাৰতকলৈ এখন ইছলামিক ৰাষ্ট্রৰ বাংলাদেশৰ সপোন সঁচাকৈ বাস্তবৰ পৰা বেছি দূৰৈত নহয়। ২০১১ চনৰ লোকপিয়ল এইক্ষেত্রত এক গুৰুত্বপূৰ্ণ দলিল যি আগ্রাসনৰ এক বিশেষ 'পেটাৰ্ণ'ক উদঙাই দিছে। ত্রিপুৰাৰ পৰা আৰম্ভ কৰি অবৈধ বাংলাদেশী প্রৱজনকাৰীসকলৰ গতিৰ দিশ আৰু বৃদ্ধিৰ হাৰ এক সুপৰিকল্পিত পৰিকল্পনাৰ অধীনত  ক্রমাৎ উত্তৰমুৱা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০০২ চনতে অবৈধ বাংলাদেশী মুছলীম প্রৱজনকাৰীসকলৰ বৃদ্ধিৰ হাৰ অৰুণাচল প্রদেশত ১৩৫% আছিল আৰু অসমত ইতিমধ্যোই সংখ্যালঘু গৰিষ্ঠ জিলা খন

আজি উত্তৰ-পূৱ ভাৰতৰ প্রতিখন ৰাজ্যই এক বৃহৎ সংখ্যক  অবৈধ বাংলাদেশী প্রৱজনকাৰীৰ বোজা বহন কৰি আছে। এই ক্রমবৰ্দ্ধমান সংখ্যাই জন্ম দিছে অৰ্থনৈতিক আগ্রাসন, ভূমি-বিবাদ, ৰাজনৈতিক দাবী, অপৰাধ আদি বহু সমস্যাক যিবোৰ আমাৰ প্রাপ্য নাছিল। গতি এনেকৈয়ে থাকিলে অৰ্থনীতিৰ নামত হওঁক বা ধৰ্মনীতিৰ নামত হওঁক সংঘাত আসন্ন। আমাক যেনেকৈ নহওঁক এতিয়া সমাধান লাগে, চিৰস্থায়ী সমাধান লাগে জাতিটোৰ স্থায়িত্বৰ স্বাৰ্থত সি লাগে ৰাজনৈতিক মানবতাবাদৰ মাধ্যমেৰেই নহওঁক কিয়।

No comments:

Post a Comment