Saturday, September 19, 2015

উত্তৰ-পূৱ ভাৰত আৰু বাংলাদেশৰ সপোন



ক্রমবৰ্ধমান   ধৰ্মীয়, অৰ্থনৈতিক, ভৌগলিক আগ্রাসনৰে অসমীয়া জাতিৰ ৰাজহাড় ডালত বাৰম্বাৰ আঘাট কৰা বাংলাদেশী অনুপ্রবেশৰ সমস্যাটো উত্তৰ-পূব ভাৰতৰ বাবে এক  ভয়ংকৰ সমস্যা বুলি এখন ৰক্তাক্ত আন্দোলনেও প্রমাণ   কৰাৰ পিছত বাংলাদেশ আৰু ভাৰতৰ মাজৰ সীমান্ত সুৰক্ষাৰ বিষয়টোক এতিয়ালৈকে কি বিশেষ কাৰণত কেন্দ্রীয় চৰকাৰৰ (সিংহভাগ কংগ্রেছ শাসিত) দ্বাৰা যথোচিত গুৰুত্ব দিয়া হোৱা নাই সি সঁচাকৈ দূৰ্বোধ্য। ঐতিহাসিকভাবে সংবেদনশীল আৰু গুৰুভাগ উন্মুক্ত হৈ থকা ৪,০৯৮ কিল'মিটাৰ দীঘল ভাৰত-বাংলা সীমান্তৰ পহৰাত নিয়োজিত কৰা  সীমিত সংখ্যক সীমা সুৰক্ষা কৰ্মীৰে দায়িত্ব সামৰিব বিচৰা চৰকাৰৰ হেমাহিৰ মনোভাবৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে তাৰ সঠিক ধাৰণা কৰাৰ সময় সমাগত। অৱশ্যে কেন্দ্রীয় চৰকাৰক কেৱল দোষাৰোপ কৰিলে এইখিনিতে ভুল হ'ব কাৰণ  অসম গণ পৰিষদৰ দৰে এটা অসমীয়াৰ তেজেৰে-ঘামেৰে-চকুলোৰে-আবেগেৰে গঠন কৰা নিজ মাটিৰ দলে অসমীয়া জাতিৰ লগত কৰা চৰম বিশ্বাসঘাটকতাৰ কথা এইখিনিতে আমি পাহৰিব নালাগিব। 




অসম তথা উত্তৰ-পূৱ ভাৰতত থলুৱা আৰু অবৈধ বাংলাদেশী প্রৱজনকাৰীসকলৰ মাজত ক্রমাৎ বৃদ্ধি পোৱা সংঘৰ্ষৰ মুল কাৰণ নিশ্চিতই এই অবৈধ বাংলাদেশীসকলে কৰা ভূমি আৰু অৰ্থনৈতিক আগ্রাসন কিন্তু  এই কথা 'হিন্দু' বুলি ক'লে জাঙুৰ খাই উঠা অপৰিপক্ক তথাকথিত হিন্দু 'চ্যেকুলাৰ লেখক' বা 'নিঅ' বুদ্ধিজীৱী' সকলে ভালকৈ জনা উচিত যে  বাংলাদেশীসকলৰ এই আগ্রাসন সাগৰীয় ধুমুহাৰ পৰিণতি নহয়, বৰং ই ৫০ৰ  দশকৰ পৰাই কৰা ভাৰতৰ দাঁতি কাষৰীয়া কেইবাখনো ভাৰতবিৰোধী ৰাষ্ট্রৰ সু-পৰিকল্পিত ধৰ্মীয় আগ্রাসনৰ পৰিকল্পনাৰ পৰিণতি। ই সৰহসংখ্যক লোকেই বোধহয় জানে যে উত্তৰ-পূৱ ভাৰতক স্বাধীনতাৰ ঠিক পিছৰে পৰাই অশান্ত কৰাৰ পৰিকল্পনাত লিপ্ত আছিল পাকিস্তান, বাংলাদেশ (পূৱ পাকিস্তান) আৰু চীন। কিন্তু এই কথাৰ উমান পোৱাৰ পিছতো  উত্তৰ-পূৱ ভাৰতক ৰক্ষণা-বেক্ষণ দিয়া বা এই অঞ্চলৰ লোকৰ সামগ্রীক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্রত চৰকাৰী পক্ষৰ পৰা কোনো গুৰুত্ব দিয়া হোৱা নাছিল যাৰ পৰিণতি স্বৰূপে উত্তৰ-পূৱক সামৰি এখন বৃহৎ ইছলাম ৰাষ্ট্র গঠনৰ সপোনক বাস্তব ৰূপ দিয়াৰ বাংলাদেশৰ যি সপোন তাৰ বাস্তৱৰ কুচকাৱাজ হিচাপে তেতিয়াৰ পৰা আজিলৈকে বাংলাদেশ চৰকাৰে পৰিকল্পনা কৰাৰ দৰে (ভাৰত চৰকাৰৰ অৰ্কমণ্যতাৰ সুযোগ লৈ) দিনা-নিশাই অসম তথা উত্তৰ-পূৱ ভাৰতলৈ বাংলাদেশীৰ প্রবজন ঘটিয়েই আছে।

জৈৱ-বৈচিত্রৰে পৰিপূৰ্ণ  উত্তৰ-পূৱ ভাৰতৰ সন্ত্রাসবাদী সংগঠন সমূহৰ লগত গুৰিৰে পৰা  বাংলাদেশৰ সম্বন্ধ ওতঃপোতঃ। ১৯৫৬ চনতে তেতিয়াৰ পূৱ-পাকিস্তানে 'নাগা নেশ্যনেল কাউঞ্চিলৰ' নেতা আংগামি জাপু ফিজ'ক মুকলিকৈ স্বাগতম জনাইছিল আৰু তেওঁলোকৰ দেশত স্বাধীনভাবে থকাৰ অনুমতি দিয়াৰ লগতে নাগালেণ্ডক অশান্ত কৰি ৰাখিব পৰাকৈ কৰিবলগীয়া সকলো সহায়ৰে আশ্বাসন দিছিল। ইয়াৰ পিছতে প্রায় ২,৫০০ নগা বিদ্রোহীক আমন্ত্রণ, প্রশিক্ষণ আৰু অস্ত্র-শস্ত্র যোগান ধৰা হৈছিল। পৰবৰ্তি সময়ত এই ধাৰা ভয়ানক হাৰত বৃদ্ধি পাইছিল আৰু পূৱ-পাকিস্তান (বাংলাদেশ) উত্তৰ-পূৱ ভাৰতক বিনাশ কৰাৰ এক অনুশীলন ক্ষেত্রলৈ পৰিণত হৈছিল। বাংলাদেশে চীনৰ প্রত্যক্ষ সহযোগেৰে ১৯৬৬ চনৰ মিজোৰামৰ অশান্তজৰ্জৰ পৰিস্থিতিকো অধিক ভয়াৱহ কৰি  তুলিছিল। ১৯৬৯-৭০কালছোৱাত ভাৰত ৰাষ্ট্রৰ বিৰুদ্ধে যুজিবলৈ উত্তৰ-পূৱ ভাৰতৰ বিপ্লবীসকলক অকল অত্যাধুনিক অস্ত্র-শস্ত্রই নহয় বৰং চীনৰ প্রশিক্ষকৰ দ্বাৰা প্রশিক্ষণ দিবলৈ পূৱ-পাকিস্তানত গেৰিলা প্রশিক্ষণ শিবিৰ আৰু উৰাজাহাজ থলী তৈয়াৰ কৰা হৈছিল।  কেৱল ক্ষন্তেকীয় জিৰণী লৈ নতুনকৈ জন্ম হোৱা বাংলাদেশে ১৯৭১-ৰ পিছৰ কালছোৱাত একেই পৰম্পৰাই অব্যাহত ৰাখিলে। উত্তৰ-পূৱ ভাৰতৰ সন্ত্রাসবাদী সংগঠনসমূহে বাংলাদেশৰ প্রত্যক্ষ সহযোগত থাইলেণ্ডৰ পৰা অস্ত্র ক্রয় কৰে।  ULFA, NLFT, ATTF,PLA, RPF আদি সংগঠনক অবস্থান লবলৈ দিয়াই নহয় বৰং এই সংগঠনক সমূহক উত্তৰ-পূৱ ভাৰতক অশান্ত কৰি ৰাখিবৰ বাবে সম্পূৰ্ণৰূপে স্থানীয়, সামৰিক আৰু ইন্টেলিজ্যেঞ্চৰ সহযোগ আগবঢ়োৱা হয়। প্রমাণস্বৰূপে কেৱল ২০০৯-২০১৪ কালছোৱাত অতিকমেওঁ ১৭জন সন্ত্রাসবাদী নেতা বাংলাদেশৰ পৰা আটক কৰা হৈছে। আজি বাংলাদেশে যদিওঁ দাবী কৰে যে তেওঁলোক সন্ত্রাসবাদৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ যুঁজত সমানে ভাগিদাৰ কিন্তু বাস্তবত তেওঁলোকৰ আভ্যন্তৰীণ চৰিত্র সম্পূৰ্ণৰূপে ওলোটা।
এইসকলো ভাৰতবিৰোধী কাৰ্যকলাপৰ গুৰিতে হৈছে উত্তৰ-পূৱ ভাৰতক সাঙুৰী এখন বৃহৎ ইছলামিক ৰাষ্ট্রৰ সপোন আৰু এই সপোনৰ বাস্তব ভেটি দ্রুত গতিত গঢ়িছে উন্মুক্ত ভাৰত-বাংলা সীমান্তই। যদি এই ধাৰা এইধৰণেই অব্যাহত থাকিবলৈ দিয়া হয় তেনেহ'লে উত্তৰ-পূৱ ভাৰতকলৈ এখন ইছলামিক ৰাষ্ট্রৰ বাংলাদেশৰ সপোন সঁচাকৈ বাস্তবৰ পৰা বেছি দূৰৈত নহয়। ২০১১ চনৰ লোকপিয়ল এইক্ষেত্রত এক গুৰুত্বপূৰ্ণ দলিল যি আগ্রাসনৰ এক বিশেষ 'পেটাৰ্ণ'ক উদঙাই দিছে। ত্রিপুৰাৰ পৰা আৰম্ভ কৰি অবৈধ বাংলাদেশী প্রৱজনকাৰীসকলৰ গতিৰ দিশ আৰু বৃদ্ধিৰ হাৰ এক সুপৰিকল্পিত পৰিকল্পনাৰ অধীনত  ক্রমাৎ উত্তৰমুৱা হৈছে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ২০০২ চনতে অবৈধ বাংলাদেশী মুছলীম প্রৱজনকাৰীসকলৰ বৃদ্ধিৰ হাৰ অৰুণাচল প্রদেশত ১৩৫% আছিল আৰু অসমত ইতিমধ্যোই সংখ্যালঘু গৰিষ্ঠ জিলা খন

আজি উত্তৰ-পূৱ ভাৰতৰ প্রতিখন ৰাজ্যই এক বৃহৎ সংখ্যক  অবৈধ বাংলাদেশী প্রৱজনকাৰীৰ বোজা বহন কৰি আছে। এই ক্রমবৰ্দ্ধমান সংখ্যাই জন্ম দিছে অৰ্থনৈতিক আগ্রাসন, ভূমি-বিবাদ, ৰাজনৈতিক দাবী, অপৰাধ আদি বহু সমস্যাক যিবোৰ আমাৰ প্রাপ্য নাছিল। গতি এনেকৈয়ে থাকিলে অৰ্থনীতিৰ নামত হওঁক বা ধৰ্মনীতিৰ নামত হওঁক সংঘাত আসন্ন। আমাক যেনেকৈ নহওঁক এতিয়া সমাধান লাগে, চিৰস্থায়ী সমাধান লাগে জাতিটোৰ স্থায়িত্বৰ স্বাৰ্থত সি লাগে ৰাজনৈতিক মানবতাবাদৰ মাধ্যমেৰেই নহওঁক কিয়।

ইভেণ্ডাৰ ফুকণ আৰু ননী টাইচনৰ বক্সিং খেলখন…




  ইভেণ্ডাৰ লিফিল্ডৰ কাণ এখনৰ এটুকুৰা মাইক টাইচনে সেই বিশ্ব বিজয়ী খিতাপৰ বাবে হোৱা শিহৰণকাৰী বক্সিং খেলখনত কামুৰি চিঙি পেলাইছিলে বোধহয় প্রায় দুই দশকৰো অধিক পুৰণি আছিল সেই বক্সিং খেলখন সঠিককৈ মনত নাই মোৰ চনটো মোৰ আজি হঠাৎ কিয় মনত পৰিল সেই খেলখনৰ কথা ? বা সেই খেলখনৰ কথা আজি মই কিয় উলিয়াইছো? প্রকৃত কথাটো যোৱা কিছু দিনৰ পৰা আমাৰ অসম পাতত চলি থকা প্রাঞ্জল ফুকন ডাঙৰীয়া আৰু ডঃ ননী গোপাল মহন্ত ডাঙৰীয়াৰ মাজত আত্মপক্ষ সমৰ্থনৰ তাগিদাত শব্দৰ যি খনবক্সিং খেলাচলি আছে সেইখন মই ইভেণ্ডাৰ লিফিল্ড আৰু টাইচনৰ মাজৰ সেই দূৰ্দান্ত খেলখনৰ দৰেই উপভোগ কৰি আছো


 
প্রাঞ্জল ফুকন ডাঙৰীয়া আৰু ডঃ ননী গোপাল মহন্ত ডাঙৰীয়াৰ মাজৰ এইখন যুঁজক মই দুটা কাৰণত গুৰুত্ব দিছো প্রথমটো  কাৰণ এয়ে যে এইখন যুঁজৰ ইভেণ্ডাৰ লিফিল্ড আৰু  মাইক টাইচনে এনে দুটা শক্তিক প্রতিনিধিত্ব কৰিছে যি দুটা শক্তিৰ হাতত অসমীয়া সমাজ জীৱনক সদৰ্থক গতি দিয়াৰ ক্ষমতা থকা স্বত্বেও দুয়োটা শক্তিৰে সময়ে সময়ে স্বাৰ্থপৰ চৰিত্র উজাগৰ হোৱা বাবে আজিলৈকে ৰাইজৰ মনত সন্দেহৰ উৰ্দ্ধত স্থিতি পৰা নাই দ্বিতীয়তে, এই দুয়ো সন্দেহাবৰ্ত্তত থকা শক্তিৰ মুখামুখি সংঘৰ্ষত ৰাইজৰ স্বাৰ্থই কিমান ঠাই পাই? নে ই ক্রমাৎ ব্যক্তিকেন্দ্রিক হৈ অৱশেষত চলি থকা ধৰণেই প্রচণ্ড আক্রমণ প্রত্যাক্রমণেৰেই নিজৰ নিজৰ শ্রেণীসাপেক্ষ স্বাৰ্থপৰ আৰু কোৰ্হাল প্রিয় চৰিত্র উদঙাই দুয়োপক্ষই এই যুঁজৰ যৱনিকা পেলাব?
 

অসমীয়া বৃহৎ নিম্নমধ্যবিত্ত শ্রেণীটোৰ পৰমাণুস্বৰূপ এক অংশ হিচাপে নিজ উপলব্ধিৰ পৰা মই এই কথা বিনাদ্বিধাই বিচাৰো যে অসমীয়া বুদ্ধিজীৱী আৰু অসমীয়া সংবাদ মাধ্যম (অডিঅভিজুৱেল) দুয়োটা শক্তিয়েই আজি যদি  আজি পৰস্পৰে সমালোচিত হৈছে তেনেহলে তাৰ বাবে জগৰীয়া তেওঁলোক নিজেই এইখন যুঁজৰ ইভেণ্ডাৰ লিফিল্ড আৰু  মাইক টাইচনক মই এইখিনিতে এই কাৰণেই ধন্যবাদ দিম যে দুয়োপক্ষই দুয়োপক্ষৰ মুখামুখি আক্রমণ-প্রত্যাক্রমণৰ জৰিয়তে আমাৰ দৰে ভাৰাক্রান্ত সাধাৰণ নাগৰিকক দুয়োপক্ষৰ চৰিত্র আৰু ভুমিকা বুজাত যথেষ্ট সহায় কৰিছে যদি এফালে বুদ্ধিজীৱীসকলে নিজৰকমফৰ্ট জৰ এক পৰিধি সাঁজি নিজৰ দায়িত্ব পালন কৰিব পাৰিম বুলি একধৰণৰচিনথেটিক মানসিক চৰিত্ৰতৈয়াৰ কৰি লোৱা পৰিবেশ পৰিলক্ষিত হৈছে বা বহুক্ষেত্রৰ বঁটা বা সন্মান লাভৰ লোভেৰে পৰিচালিত হৈ কোনো মন্ত্রীৰ প্রশংসাত পঞ্চমুখ হৈছে তেনেহলে আনহাতেদি সংবাদমাধ্যমে সকলো ধৰণৰ পৰিধি ভাঙি সকলো সামাজিক ব্যৱস্থাক পাকঘুৰণি খুৱাই এক নৈৰাজ্যৰ বাতাবৰণৰ সৃষ্টি কৰি পেলাইছে আন নালাগে অলপতে ডিচেম্বৰত মেট্রিক পৰীক্ষা হব বুলি দিয়া বিগ ব্রেকিং নিউজটোৰ কথাই প্রসংগক্রমে উনুকিয়ালো যিটো সম্পূৰ্ণ মিছা আছিল আৰু SEBAৰ পৰা সত্যাসত্যতা নিণৰ্য় নকৰাকৈবিগ ব্রেকিং নিউজবুলি পৰিবেশন কৰা হৈছিল এইটো কথা ইয়াত কব লাগিব যে সংবাদ মাধ্যমৰ লগত যিহেতু ৰাইজ পোনপটিয়াকৈ জড়িত গতিকে  সংবাদ মাধ্যমৰ ওপৰত আক্রমণো বা সমালোচনাও পোনপটিয়া আৰু সৰহ বুদ্ধিজীৱীসকলক সাধাৰণ ৰাইজে সাধাৰণতে সন্মানৰ দৃষ্টিৰে চাই আৰু সৰহসংখ্যকেই তেখেতসকলক সমালোচনা কৰাৰ যোগ্যতা বা বৌদ্ধিক পৰিপক্কতা নাই বুলিয়েই মনতে এক ধাৰণা বান্ধি লয় তেখেতসকলৰ কথা আৰু প্রকৃতাৰ্থত কৰ্মৰ বীপৰিতমুখিতা বা টিভিৰ পৰ্দাত উদাত্ত কন্ঠৰে দাবী (প্রদৰ্শন)  কৰা আদৰ্শ আৰু বাস্তব জীৱনত স্বল্প-স্বাৰ্থৰ বাবে সেই একেই আদৰ্শ গোপনে অনায়সে যে ত্যাগ কৰিব পাৰে সেই কথা সংবাদ মাধ্যমে নজনালে ৰাইজৰো জনাৰ সহজে উপাই নাই
 

মুঠতে লিফিল্ড আৰু  টাইচন নামৰ দুই মহাৰথীৰ নীতি-নিয়মৰ মাজেৰে চলিবলগীয়া বক্সিং  যুঁজখনত যিদৰে নীতিবৰ্হিভূত আক্রমণত লিফিল্ডৰ এখন কাণ এনেই মৰণফাণ্ডত পৰিছিল ঠিক সেইদৰেই অসমীয়াই আশাৰে চোৱা দুই ফৈদৰ সামাজিক স্বাৰ্থৰ লগত ওতঃপোতভাবে জড়িত এই দুই মহাৰথীৰ তথাকথিত ৰাইজহৈতেষী এই  যুঁজত ৰাইজৰ স্বাৰ্থ যে প্রকৃতাৰ্থত থিক হলিফিল্ডৰ সেই কাণখনৰ লেখীয়াই হৈছে তাত সন্দেহ নাই গতিকে, দুয়ো বিজ্ঞ মহাশয়ক এটা কথাই শেষত উনুকীয়াই দিব বিচাৰিছো যে আপোনালোকে যি কয় বা কৰে সি পোনে পোনে অসমীয়া জন-জীৱনত প্রভাৱ পেলায় বাংলাদেশীৰ অৰ্থনৈতিক আৰু সামাজিক দ্রুত আগ্রাসন, চীন-পাকিস্তানৰ ষড়যন্ত্র, অসম বন্ধ, অনশন, ধৰ্মঘট আদিত জুৰুলা অসমীয়াৰ জাতীয় সংকটৰ এই সময়ত আমাক আপোনালোক দুয়োয়ে প্রতিনিধিত্ব কৰা শক্তিৰ সজ্ আৰু জাতিহৈতেষী কৰ্মৰ বাৰুকৈ প্রয়োজন আপোলোকেই যদি সংকটৰ এইক্ষণত এনেধৰণে পৰস্পৰে যুঁজ কৰে তেনেহলে আপোনালোক দুয়ো ৰাইজৰ মানত যে তললৈ যাব আৰু লগতে অবৰ্ত্তমাণ লৰ্ড মেকলে আৰু এলবাৰ্ট পিন্টুয়ে যে খুউব হাঁহিব সি খাটাং TRP বা STOCKHOLM SYNDROME বিষয়ে জানি আমি কি কৰিম যদি আস্থাই হেৰায়