Showing posts with label Life. Show all posts
Showing posts with label Life. Show all posts

Sunday, March 10, 2013

চেন্নাই, মোৰ বৰ্হিঃবিশ্বৰ প্রথমখন দুৱাৰ



কাৰণতো আছিল অনাকাংক্ষিত দেউতাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে প্রথমবাৰলৈ এখন চেন্নাই অভিমুখি ৰেলৰ বুকুত সোমাই পৰিছিলো একো ধাৰণা নাছিল চহৰখনৰ বিষয়ে অলপ শংকা আৰু অলপ সচেতনাক বুকুত সাবটি লৈ তিনি দিনৰ দিনা চেন্নাই চহৰত উপস্থিত হৈছিলোগৈ

চেন্নাইত নতুন চাকৰিত যোগ দিয়াৰ পিছত অসমৰ বন্ধুসকলৰ সৈতে

সচাকৈ ' 'লৈ ইমান ব্যস্ত, ইমান আহল-বহল আৰু ইমান দেশী-বিদেশী গাড়ী একেলগে জীৱনত প্রথমবাৰলৈ দেখি অলপ বিচূৰ্তি নোখোৱাকৈ থকা নাছিলো পৰিকল্পনা কৰা ধৰণেই দেউতাৰ চিকিৎসা আৰম্ভ ' আডিয়াৰ কৰ্কট ৰোগ প্রতিস্থানত আৰু সমান্তৰালভাবে আগবাঢ়িল চহৰখনৰ লগত মোৰ চিনাকী পৰ্ব

জীৱনত প্রথম সাগৰৰ বিশালতাক অনুভৱ কৰাৰ সুযোগ দিছিল এই চহৰে বেচন নগৰ সাগৰৰ তীৰত থিয় হৈ দূৰ দিগন্ত শান্ত দৃষ্টিৰে চাই ৰওঁতে কাণত অহৰহ ঝংকাৰিত হৈ আছিল দেবকান্ত বৰুৱাৰ সেই চিনাকী কবিতাটো.."সাগৰ দেখিছা? দেখা নাই কাহানিওঁ...." আজিও সজীৱ এখন সৰু চহৰৰ ব্যপ্তি ভেদি  সাগৰৰ নীলিম উৰ্মিমালাত ডুব যোৱা সেই অনুভৱ

প্রকৃতাৰ্থত, অতি কম সময়তে মই চহৰখনৰ প্রেমত পৰিছিলো যি কোনো বস্তু বা বিষয়ৰ লগতে একোটা বা তাতোধিক নঞথৰ্ক দিশ সাধাৰণতে থাকে কিন্তু এই চহৰৰ কৰ্মপটু মানুহখিনিৰ নিষ্ঠা আৰু সততাই মোক বাৰুকৈ আকৃষ্ট কৰিছিল এবাৰ এজন অট' চালকে ভাড়া কিমান লাগিব সুধোতে কৈছিল -" আপুনি জনা বুজা মানুহ দূৰত্বৰ হিচাপত যি ভাল দেখে দিব ভগবন্তই আমাক সদায় ওপৰৰ পৰা চাই থাকে আমি কোনেও কাকো অন্যায় কৰিব নালাগে" কৰ্মবিমূখ বুলি অপবাদ থকা আমাৰ জাতিটোৰ যেন চেন্নাইবাসীৰ কৰ্মপটুতাৰ পৰা যথেষ্টখিনি শিকিব লগা আছে

চেন্নাই চহৰখন বহল পৰিধিত তামিলিয়ান সকল ভাষিক গোড়ামীৰ বাবে জনাজাত মোৰো যথেষ্ট অসুবিধা হৈছিল প্রথম অবস্থাত দেউতাক সেয়ে এদিন কৈছিলো-" ভাষিক যোগাযোগৰ ফালৰ পৰা চেন্নাইত থকা আৰু ফ্রান্সত থকা একেই চেন্নাইত যদি টিকিব পৰা পৃথিবীযায় তেনেহ'লেৰ যিকোনো ঠাইতে টিকিব পৰা যাব" এইখিনিতে এইটো কথা 'বই লাগিব যে তাতে শিক্ষা গ্রহণ কৰা ভাতৃপ্রতীম তেজপুৰৰ ইন্দুকল্পক যেতিয়া তামিল ভাষাত সলসলাই কথা কোৱা দেখিছিলো তেতিয়া সচাঁকৈ গৰ্বিত অনুভৱ কৰিছিলো এতিয়া অবশ্যে চেন্নাইত যথেষ্ট সংখ্যক উত্তৰ ভাৰতীয় লোকৰ প্রবজন ঘটিছে আৰু যি সমান্তৰালভাবে ভাষিক সংমিশ্রণৰ এখন নতুন দুৱাৰ লাহে লাহে মুকলি কৰিছে

দেউতাৰ চিকিৎসাৰ অন্তত সিদ্ধান্ত লৈছিলো যে মই চেন্নাই চহৰতে কৰ্ম জীৱনৰ এক নতুন পাতনি মেলিম ভবা ধৰণেই ২০০৬ চনত আহি এই চহৰত আহি খোপনি পিটিছিলো আন কেইবাজনো বন্ধুসহ আৰু তাৰ পাছতে আৰম্ভ হৈছিল চহৰখনৰ লগতে দাতিকাষৰীয়া ঠাইসমূহক পুংখানুপুংখভাবে জনাৰ এক উন্মাদ অথচ সচেতন প্রক্রিয়া আডেয়াৰ, ভেলাচেৰী, পেডুংগুৰি, মাউন্ট ', পেৰিচ, আন্নানগৰ, ত্রিবানময়ূৰ, গিন্ডী, তাম্বৰম, চাইদাপেই, ট্রিপলিকেন, .চি.আৰ, পণ্ডীচেৰী, মহাবলীপুৰম ইত্যাদিৰ কতনা স্মৃতি বুকুত আজিও উচাহেৰে নাচি আছে

চেন্নাই চহৰে মোক পৃথিবীখনক নতুনকৈ চাবলৈ শিকালে, এজাক নতুন বন্ধু দিলে, আত্ম-বিশ্বাস যোগালে  লগতে যোগালে  কৰ্মস্পৃহা, যাক সাৰঁথি কৰি আজিও চলি আছি মোৰ জীৱন ৰথ

চেন্নাই, মোৰ বৰ্হিঃবিশ্বৰ প্রথমখন দুৱাৰ, মই প্রেমত পৰা প্রথমখন চহৰ



Thursday, January 3, 2013

মূখা


অট' অট'...

ইল্লি ছাৰ? 

লে আউট

ছাৰ, 50 ৰুপিজ এক্সট্রা কুৰি । 

ধেই..., 

অট' অট'...

ইল্লি ছাৰ? 

লে আউট


ছাৰ, ৱান এণ্ড হাফ কুৰি ছাৰ....

অট' ছালকৰ লগত কথা পতাই ভুল। কথা পতা মানেই মগজুটো গৰম কৰা। মিটাৰত কোনো যাব নিবিচাৰে। অন্ততঃ ১০ টকা হ'লেও বেছি লাগিবই আৰু নিদিও বুলিলে মুখনখৰ এনে এটা ভাঁজ দিব যেন মই পৃথিৱীৰ আটাইতকৈ চিকতা মানুহটো। খোজ কাঢ়ি অলপ আগুৱাই গ'লো। এনেতে প্রায় ২২ বছৰ মানৰ এজন যুবক আগবাঢ়ি আগুৱাই আহি সুধিলে -

Sir, You need auto?
মই ক'লো- Yes
সি সুধিলে- where do you want to go?
মই ক'লো- Layout


সি ক'লে- Sure Sir,no problem. Please get in.
মনটো ভাল লাগিল। ল'ৰাটো শিক্ষিত আৰু ভদ্র বুলি সহজে বুজি উঠিলো। মিটাৰতকৈ অধিক পইছা দাবি নকৰাকৈ ভদ্রভাবে আৰু ইংৰাজী ভাষাৰে এজন পথাচাৰিক অট'লৈ এনেকৈ আগুৱাই লৈ যোৱাটো সাধাৰণতে বাংগালুৰুত এক বিৰল ঘটনা। যাত্রা আৰাম্ভ কৰিলো। কিছুদূৰ গৈ প্রথম চিগনেলটোত অটোখন ৰখিল। অট'চালকে কাৰোবালৈ ফ'ন কৰি ইংৰাজীতে কথা হ'ল। কথা শেষ কৰি মোৰ ফালে ঘূৰি চাই ইংৰাজীতে শুধিলে-


-ছাৰ কথা এটা শুধোনে?
*কোৱা


- ইংৰাজী ভাষাত মোৰ দখল কেনেকুৱা বাৰু? মই ইংৰাজীত কোৱাকথাবোৰ আপুনি স্পষ্টকৈ বুজি উঠিছেনে?
এটা অনাকাংক্ষিত অথচ অমায়িক প্রশ্ন। মোৰ ওঠ দুটাত কৰবাৰ পৰা এটি মিচিকিয়া হাহিঁ আহি জিৰণি ল'লেহি। তাক ক'লো

* ভাল, তোমাৰ দখল ভাল। উচ্চাৰণ স্পষ্ট। কিন্তু আৰু ভাল হোৱাৰ যথেষ্ট থল আছে।
সেউজীয়া লাইটো জ্বলি উঠাত সি অট'খন চলাই আগবাঢ়িল আৰু লগতে সুধিলে


- কেনেকৈ ভাল কৰিব পাৰি ছাৰ? কিবা উপায় দিয়কচোন?
সাধাৰণতে অট' ছালক বা বাহিৰৈ ওলাই আহিলে অচিনাকী মানুহৰ লগত বেছি কথা পাতি ভাল নাপাঁও তথাপিও এই অট'ছালকটোৰ কথাটো যেন অলপ বেলেগ। মই ক'লো


*যিমান শুনিবা, যিমান ক'বা সিমানেই শিকিবা। এইটো এটা দৈনন্দিন প্রক্রিয়া। ইয়াৰ কোনো বিশেষ ফৰ্মূলা নাই।

মোৰ কথাখিনি তাৰ মুখখন যেন উজলি উঠিছিল। তাৰ কথা পতাৰ আগ্রহ, সমল আৰু ইচছা সকলো আছে বুলি মই ভালকৈ বুজি উঠিলো। মইয়ে সেয়ে তাক সুধি পেলালো
* তোমাৰ শিক্ষা?

-ছাৰ, মই বি.কম চূড়ান্ত বৰ্ষৰ ছাত্র। সদায় কলেজ যাব নোৱাৰো। বন্ধৰ দিন আৰু মাজে-মাজে কলেজ নকৰি অট' চলাও আৰু ৰাতি এটা সময়লৈকে চাইকেলত চাহ,বিস্কুত আৰু চিগাৰেট বিক্রী কৰো। 

কথাখিনি শুনি প্রথমে মনটো কুঁমলিছিল তথাপিও সঁচা কথাটো হ'ল যে প্রত্যেকৰ জীৱনত সমস্যা আছে আৰু আজীৱন আহি থাকিব। ইয়াৰ লগত যুঁজ দিয়াৰ শকতি মানুহে নিজেই আৰ্জিব লাগিব, স্বাধীনভাবে। সহানুভূতিয়ে মানুহ দুৰ্বল কৰে। মই ল'ৰাটোৰ কথাখিনিত নিন্যূতম আবেগ দেখুৱাই কেৱল ক'লো

*তোমাৰ কথা জানি ভাল লাগিল। তুমি সততাৰে আৰু কষ্টৰে জীৱনত আগুৱাইছা। ইয়াৰ উচিত ফল তুমি পাবাই।

আন এটা চিগনেলত ৰঙা লাইটোৱে তাৰ ডাঙৰ চকুটিৰে আমাক ৰখিবলৈ পুণৰবাৰ কাঢ়া নিৰ্দেশ দিলে। অট'খন ৰ'ল। সি অলপ সেমেকা মাত এটাৰে ভাবুক হৈ ক'লে-

-ছাৰ, কথাবোৰ ইমান সহজ হোৱা হ'লে ভাল আছিল। কথাবোৰ মোৰ মাজতে শেষ নহয়। মই গোটেই ঘৰখনৰ দায়িত্ব ল'ব লাগে...অলপ পৰ ৰৈ সি পুণৰ কৈ গ'ল.

-মই মাহে ৮ হাজাৰ টকা সুত দিব লাগে। সুত ১তাৰিখে নিদিলে পিছদিনা পুৱা ৬ টা বজাতে মানুহ আহি ঘৰত অশান্তি কৰে। দেউতাই বহুত টকা সুতত লৈছিল আৰু তৰ কিছুদিন পিছতে ষ্ট্র'ক হৈ দেউতা ঢুকাই থাকিল। সকলো দায়িত্ব পলকতে মোৰ গালৈ আহিল। মোৰ জীৱনটো সলনি হৈ গ'ল। মা-ভনীৰ লগতে দেউতাৰ ধাৰৰ বোজাই মোক জুলুঙা কৰি পেলাইছে।

...অট'খন লাহে লাহে আগবাঢ়িল পুণৰ..মই কথাবোৰ শুনি অলপ স্তম্ভিত হ'লো। নিজকে তাৰ স্থিতিত থৈ কথাবোৰ ভাবিব ধৰিলো। এটা উঠি অহা ল'ৰাৰ বাবে এয়া এক মাৰাত্মক দুঃসময়। তাৰ অট'ৰ কাষেদিয়েই যে প্রতিদিনে পাৰ হয় নামি-দামি বাইকত সপোন কুঁৱৰীয়ে সজোৰে সাবটি ধৰা তাৰ সমনীয়াৰ পিঠিৰ উমৰ সুৱাস। সি বা কি ভাবে তেতিয়া? 

-ছাৰ...

তাৰ মাতত সম্বিৎ ঘূৰাই পালো

*কোৱা...

- মই কিয় আপোনাক ইংৰাজীৰ কথা সুধিছিলো জানে?

*কোৱাচোন তুমিয়েই

- মই কল চেন্টাৰত কাম কৰিব বিচাৰো। এটা ইন্টৰভিউ দিছিলো কিন্তু চাকৰি নাপালো। আকৌ দিম। কল চেন্টাৰত চাকৰি পালে মোৰ সকলো সমস্যা দূৰ হৈ যাব। আপুনি কোৱা কথা বোৰ মনত ৰাখিম...

কথাৰ মাজতে ল'ৰাটোলৈ ফ'ন আহিল।

এইবাৰ ল'ৰাটোলৈ মোৰ মৰম লাগিল। ইতিমধ্যো ঘৰ পাবৰ হ'ল। সি কথা পাতি আছে। তাৰ কথাবোৰ শুনিবলৈ মন গ'ল। আধা উৰ্দু আৰু মাজে মাজে কানাড়াত খুউব লাহে লাহে পতা কথাবোৰ বুজিবলৈ মোৰ বৰ বেছি অসুবিধা হোৱা নাছিল। 

..অ'..কিন্তু এইয়া কি ???? সি দেখোন মোৰ কথাই পাতি আছে??

"....নাই ৰ-আজি এটা কাষ্টমাৰ পাইছো, বাহিৰৰ। দেখিয়েই গম পাইছো টুপি পিন্ধাব পাৰিম বুলি। ফুল ট্রেজেদিৰ কাহিনী এটা শুনাই আছো। আগতে এটাই কাহিনী শুনি ৫০ টকা এটা বেছি দিছিল..এইটোৱেও দিব যে খাটাং। কিমান খুজি খুজি ল'বি আৰু....ঠিক আছে এতিয়া ৰাখো, কাষ্টমাৰৰ ডাউট হ'লে বেয়া হ'ব। ৰাতি আড্ডাত লগ পাম।..."

কিয় নাজানো বেছি হতাশ ন'হলো। হয়তো 'মানুহ'বোলা জীৱটোক লাহে লাহে সঠিককৈ বুজিব আৰাম্ভ কৰিছো। পলকতে যাত্রাৰ আৰম্ভণিৰ পৰা শেষলৈকে কথাবোৰ মনত এখন ছবিৰ দৰে আহি গুচি গ'ল। মোৰ মূখত আহি পুণৰ এটি মিচিকিয়া হাহিঁ আহি জিৰণি ল'লেহি। 

* অকে, ইয়াতে ৰখোৱা। 

-১১০ টকা ছাৰ।

১২০ টকা এটা তাৰ হাতৰ মুঠিত গুজি দি গুচি আহিলো। ১০ টকা বেচিকৈ কিয় দিলো মই এতিয়াও নাজানো। 

হয়তো এক বিনা আমণিদায়ক যাত্রা উপহাৰ দিয়াৰ বাবে..

হয়তো এক নতুন কাহিনীৰ বাবে..

হয়তো মানুহৰ এক নতুন স্বৰূপ উদাই দিয়াৰ বাবে..

সেই ল'ৰাটোৰ ৰূপত এখন অদৃশ্য মুখা চিৰকাল মোৰ দুচকুত সজীৱ হৈ থাকিব।