Tuesday, February 12, 2013

বিশেষ বাৰ্তা



অসমীয়া গীতৰ ৰি-মেক সম্পৰ্কে এটি পুৰণি পষ্ট দেখি কথা অলপ মনত পৰাত ৰাইজক জনাই থওঁ পাহৰাৰ আগতেই।কপিৰাইটৰ সংক্রান্তত কওঁ- মই গোৱা আৰু ৰেকৰ্ড কৰা জয়ন্ত হাজৰিকাৰ "মনৰ বাতৰিবোৰ' গীতটিৰ সংক্রান্তত জয়ন্ত হাজৰিকাৰ পুত্র ময়ূখ দাৰ লগত কথা হৈছিলো কিছুদিন আগতে। কথাখিনি বিশেষকৈ কপিৰাইটক লৈ আছিল যিহেতু মই মনতে জয়ন্ত হাজৰিকাৰ কেইটিমান গীত মোৰ কন্ঠত বাণিবদ্ধ কৰা এটা অপৈণত সপোন দেখিছিলো।ময়ূখ দায়ে আক্ষেপেৰে কৈছিল জয়ন্ত হাজৰিকাৰ গীতবোৰ 'HMV copyright protected' কিন্তু কপিৰাইট আইনৰ প্রতি আৰু শিল্পীজনৰ প্রতি টিলমাত্রও সন্মান নেদেখুৱাই অসমত বহু গায়কে কোনো অনুমতি নোলোৱাকৈ গীতবোৰৰ লগত ন্যায় নকৰাকৈ বাণিজ্যিক ভাবে বজাৰত এৰি দিয়ে। তেওঁ লগতে ক'লে যে এনেকৈ চলি থাকিলে অনাগত কেইটিমান বছৰৰ ভিতৰত জয়ন্ত হাজৰিকাৰ গীতসমূহলৈ এক চূড়ান্ত বেমেজালিৰ সৃষ্টি হ'ব। নতুন প্রজন্মৰ বাবে মুলগীতবোৰ অবিকৃতৰূপত আৰু 'মাষ্টাৰ'জনৰ নিজৰ কন্ঠতে সংৰক্ষণ আৰু প্ৰচাৰ কৰাত তেওঁ গুৰুত্ব দিয়ে। মোক তেওঁ এইটো খবৰ সাধ্যানুসাৰে ৰাষ্ট্র কৰিব দিছে যে তেওঁ আৰু তেওঁৰ মাতৃ মণিষা হাজৰিকাই গীতসূহৰ সুস্থ সংৰক্ষণৰ বাবে আৰু কপিৰাইট উলংঘাৰ বিৰুদ্ধে প্রয়োজনীয় পদক্ষেপ লবলৈ এক দৃঢ় পদক্ষেপ গ্রহণ কৰিছে।

-ৰক্তিম-

No comments:

Post a Comment