Sunday, February 3, 2013

ফাকিবুল হুচেইন ডাঙৰীয়া আহক গড় চিকাৰ কৰিবলৈ যাওঁ






শ্রদ্ধেয় গড় প্রেমী, বন্য প্রেমী, প্রকৃতি প্রেমী ফাকিবুল হুচেইন ডাঙৰীয়া,


মই এজন অসমৰ আৰু আৰ্শ্চয্যজনকভাবে অ-বাংলাদেশী মানুহ। প্রথমেই, আপোনালৈ এটা পোনপটিয়া প্রশ্ন কৰো-

এজন মন্ত্রীৰ আগতে আপুনি এজন পিতৃ। এতিয়া ধৰক আপোনাৰ ল'ৰাক আপুনি এখন ভাল বিদ্যালয়ত ভৰ্ত্তি কৰোৱাৰ লগতে সকলো উপযোগী সা-সুবিধা দিয়াৰ পাছতো আপোনাৰ ল'ৰাই পৰীক্ষাত বেয়া কৰিলে। ধৰি ল'লো আপুনি প্রথমবাৰ ক্ষমা কৰি ল'ৰাটিক ভালকৈ পঢ়িবলৈ উদগণী জগাব। ভালকৈ পৰীক্ষা দিম বুলি আশ্বাসন দিয়াৰ পাছতো আপোনাৰ ল'ৰাই বাৰে বাৰে যদি আপোনাৰ চিন্তা নুবুজি পৰীক্ষাত নিজৰ মইমতালীৰ লগতে কাণ্ডজ্ঞানহীনতা আৰু অমনোযোগিতাৰ বাবে বেয়া কৰে তেতিয়া আপোনাৰ কি মানসিক অবস্থা হ'ব?? মোৰ বোধেৰে পিতৃ হিচাপে সেইখিনি বুজিব পৰাকৈ আপুনি নিশ্চয় সংবেদনশীল। হয়, আমাৰ সকলো নেতা নিজৰখিনি গঢ়াত আৰু নিজৰখিনিলৈ সংবেদনশীল। গতিকে ধৰি ল'লো আপুনিও হয়। এই খিনি কথা কিয় ক'লো মোৰ কবলগীয়াখিনিৰ শেষত পৰ্য্যাৰলোচনাৰ বাবে আপোনাৰ হাতত এৰিলো...অ...যদিহে আপুনি বন্যপ্রাণী প্রীতিৰ পৰা আহঁৰি পায়।

এতিয়া আহো মুল কথালৈ। মানে আপোনাৰ নতুন বছৰৰ সফলতালৈ। মই মানে এই অ-বাংলাদেশীয়ে আপোনাক জনাবলৈ পায় সুখী হৈছো যে আপোনাৰ "ডাইনামিক ৱাইল্ডলাইফ লিডাৰশ্বীপ'ৰ অধীনত নতুন বছৰৰ প্রথম মাহতেই ইতিমধ্যো ৭ তাকৈ গড়ক মাৰি পেলোৱা হৈছে। মই নিশ্চিত যে যোৱাবাৰতকৈ আপোনাৰ এইবাৰৰ পৰিসংখ্যা বহু উন্নত হ'ব। আল্লাই আপোনাৰ মংগল কৰিব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ আপুনি মানবতাবাদী। জন্তু মাৰি আপুনি মানুহৰ বসবাসৰ বাবে বনাঞ্চল উদঙাই দিছে। আটাইতকৈ ডাঙৰ কথা যে আপোনাৰ এই মানবতাবাদৰ মূল্য আছে। এই বনবাসী বোৰে আপোনাক কেতিয়াও যে দিচপুৰৰ "স্বৰ্গ-ৰথ"ৰ পৰা নামিব নিদিব। হয়, হয়। মই বিশ্বাস কৰিবলৈ বাধ্য যে ভালৰ লগত কেৱল ভাল হয়। আপুনি সঠিক কাম কৰিছে। গড়বোৰনো থাকি আমাৰ কি লাভ হৈছে? সিহতৰ ভোটাধিকাৰ থাকিলে বেলেগ কথা আছিল। তেতিয়া হয়তো আপুনি কৃত্রিম প্রজনন কৰাই বা চুবুৰীয়া ৰাজ্যৰ পৰা চোৰাং বা অবৈধকৈ আনি হ'লেও সিহতৰ সংখ্যা বৃদ্ধি কৰিলে হয়। আপুনি প্রেকটিকেল মানুহ। মই এটা কথা কঁও। আপুনি জানে ১৩ সংখ্যাটো মানুহে অমংগলীয়া বুলি ভাবে গতিকে এইটোৱে সুযোগ। মূৰ কামোৰণি কৰি ৰখা বাকী গড় কেইটাকো এনেকৈয়ে এইবছৰতে (২০১৩ চনত) চাফা হৈ যাব দিয়ক, লগতে হাতীৰ দাতঁ কেইটাও চাফা হৈ গ'লে আপোনাৰ আগুন্তুক(?) শাসনকালৰ যাত্রা একেবাৰে মাখন দৰে মিলমিলিয়া হৈ যাব। আন একো নহয়, এনে হ'লে আপুনি মানবতাবাদত একেবাৰে বিলীন হৈ যাব পাৰিব আৰু আমাৰ মৰমৰ 'কাজিৰঙা বাংলাঞ্চল'...চৰি..'কাজিৰঙা বনাঞ্চল'খন ৰাজনীতিৰ সেউজ পথাৰ হৈ পৰিব।

...অ' আৰু এটা কথা আমাৰ কিবা এখন আইন নে নীয়মাৱলী আছে নহয়? ইংৰাজী নামটো কিবা ...অ, মনত পৰিছে THE WILD LIFE (PROTECTION) (ASSAM) RULES, 1980. এইখন কিবা কৰি সংশোধন কৰিব পাৰি নেকি চাব। বিশেষকৈ চিকাৰৰ বাবে কিবা লাইচেঞ্চৰ কথা কৈছে আৰু তাত গড়, হাতী আদিৰ চিকাৰৰ কথা উল্লেখ নাই। আপুনি আজিৰ তাৰিখত অসমৰ সৰ্বশ্রেষ্ঠ গড় প্রেমী, বন্য প্রেমী, প্রকৃতি প্রেমী তথা বনমন্ত্রী ফাকিবুল হুচেইন আৰু সেয়ে আপুনি আগভাগ লৈ গড়, হাতী আদিৰ চিকাৰ বৈধ কৰাৰ লগতে অসমৰ সকলো বনাঞ্চল আন্তৰাষ্ট্রীয় স্তৰত চিকাৰৰ বাবে মুক্ত বুলি ঘোষণা কৰি চোৰাং চিকাৰী আৰু বাণিজ্যৰ প্রতি মুকলিকৈ উদাৰনীতি গ্রহণ কৰিব লাগে। বানে প্রতিবছৰে এনেও বহু জীৱ জন্তু মাৰি নিয়ে। কেনেবাকে বানৰ পৰা বাচিলেও মানুহৰ পৰা নাবাচে। পহু হওক বা বাঘেই হওক বিনামূলীয়া কাৰণেই নেকি মূৰ্হ্হূত্ততে কাটি চিঙি গো-গ্রাসে গিলি পেলাই। মুঠতে এতিয়া অসম প্রকৃতিৰ ৰম্য ভূমি নহয় অসম প্রকৃতিৰ নিধন ভূমি । তাতকৈ বেপাৰ হওঁক। মোৰ বোধেৰে আপুনি উদাৰনীতি গ্রহণ কৰি 'লুক ইষ্ট' ...নহয়.. 'লুক ডাউন পলিচি' এনেকৈয়ে আৰম্ভ কৰি দিয়ক। তাৰ পিছত চাব কি যাদু হ'ব।

অবশ্যো এটা কথা এই সকলোবোৰ হাতে-কামে কৰি উঠি ফল ভোগ কৰে মানে পলম হৈ যাব পাৰে। মানে ২০১৩ত ন'হবও পাৰে। এটা কাম কৰিলে কেনে হয়। আপুনি নিজেই হাত কামে লাগিলে কেনে হয়? মানে চোৰাং চিকাৰী কেইটাৰ ওপৰত কিমান ভৰসা কৰিব। তাতে সিদিনা এটা ধৰাও পৰিছে। এটাই আকৌ ২ লাখ পায় কৰবাত ঘৰ বাৰী লৈছে বুলিও ৰাজহুৱাকৈ টিভিত কৈছে। অবশ্যো সি অসমীয়া ভাষা ক'ব পৰা হোৱাগৈ নাই। চীলেটি ভাষাত কোৱা কথা কেইটা সেয়ে মই ভালকৈ নুবুজিলো। আৰু কিবা কিনিছিল চাগৈ। এনেও সজ কামত দেৰি কৰিব নাপাই......হাতে-কামে লাগি যাব লাগে-

"ফাকিবুল হুচেইন ডাঙৰীয়া, আহক চিকাৰ কৰিবলৈ যাওঁ কাজিৰঙা বাংলাঞ্চলত......"



- ফাকিবুল হুচেইন ডাঙৰীয়া, এটা কথা সুৱঁৰাই দিলো যে আপুনি কাৰোবাৰ পিতৃ অথবা কাৰোবাৰ নেতা হোৱাৰ আগতে আপুনি কাৰোবাৰ পুত্র।আপুনি অসমী আইৰ পুত্র। আপোনাক আইৰ বুকুৰ সেউজখিনিক যতনাই ৰাখিবলৈ ৰাইজে দিয়া দায়িত্বভাগ পালনত বাৰে বাৰে বিফল হৈছে । আপুনি নিজৰ আইক বিশ্বাসঘাটকতা কৰিছে। এজনী মাতৃ গড়ৰ গৰ্ভৰ ৪৫০ দিনীয়া মাতৃত্বৰ আবেগক আপুনি বুঢ়া আঙুলী দেখুৱাইছে।

..নিজৰ ল'ৰাটিকো হয়তো আপুনি ক'লে হয়-

"তোৰ বাবে মই সকলো কৰিছো। যি লাগে তাকে দিছো। তই কেনেকৈ পঢ়, কেনেকৈ লিখ তোৰ কথা। মোক এইবাৰ এটা ভাল ফলাফল লাগে। এইবাৰ তই বেয়া কৰিলে তোক স্কুলৰ পৰা উলিয়াই দিব........"


-ৰক্তিম-

No comments:

Post a Comment