উটিলৈ গৈ থাকোতে মোক কান্নাড়া গাড়ী চালক এজনে এবাৰ কথা প্রসংগত কৈছিল -"ছাৰ, স্কুল ছুটি হ'লে ল'ৰা-ছোৱালীবোৰ যিদৰে স্কুলৰ পৰা দৌৰি ওলাই আহে ঠিক তেনেকৈয়ে বাংগালুৰুলৈ মানুহ যোৱা ১০-১২ বছৰ ধৰি আহিয়েই আছে।"
আমিবোৰো এবুকু আশাক সাবটি সেই জাকৰ মাজৰে এটা হৈ বাংগালুৰুত সোমাইছিলো। বাংগালুৰুলৈ অহাৰ কিছুদিন পাছতে এজন চিনাকী দাদায়ে কৈছিল – “চিন্তা নকৰিবি। তই বাংগালুৰুলৈ আহিছ। বাংগালুৰু সহজতে কাকো উকা হাতেৰে ওভতাই নপঠাই।“ কথাষাৰ শুনাৰ লগে লগে যেন এহাজাৰ এটা ৰণুৱা ঘোৰাঁ একেলগে চেকুৰিলে মোৰ তেজত। উৎসাহৰ সেই জোৱাৰত প্রায় ৭ টা বছৰ আঙুলীৰ ফাকেৰে কেনেদৰে স্মৃতিৰ বালি হৈ সময়ৰ বুকুত জাহ গ'ল ধৰিবই নোৱাৰিলো।
Bangalore- 'A Home
Away from Home'। বাংগালুৰু দ্বীতিয়খন ঘৰ মোৰ দৰে বহু হাজাৰ অসমীয়াৰ। বাছ, বজাৰ, চপিং মল, কৰ্মক্ষেত্র সকলোতে অসমীয়াৰ উপস্থিতিয়ে নিজৰ ঘৰ, নিজৰ মানুহ, নিজৰ জন্মস্থানৰ পৰা আতঁৰি থকাৰ এক সুপ্ত অথচ গাঢ় অতৃপ্তিৰ অনুভৱৰ ছাঁত ওমলা মনটোক বেচি ভাগ সময়তে পতিয়ন নিয়াবলৈ সক্ষম হয়। কৰ্ময়ে এক মাত্র ধৰ্ম হৈ পৰে অজানিতে। প্রায় প্রতিটো অফিচতে উপস্থিত অসমীয়া চিকিউৰিটি গাৰ্ড। কম সময়তে স্থানীয় ভাষা শিকি ১২/১৪ ঘন্টা দৈনিক কাম কৰি স্থানীয় চিকিউৰিটি গাৰ্ডৰ লগত ফেৰ মৰা দৃশ্যবোৰ দেখিলে মনটো গৌৰৱত উঠলি উঠে। চিঞৰি কবলৈ মন যায় " কোনে কয় অসমীয়া এটা এলেহুৱা জাতি বুলি?" ওৰাংৰ তিনিজন ভাই ককায়েকে মোৰ পুৰণি অফিচত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল। এদিন নিজেই আহি ডাঙৰ ককায়েকে কৈছিল "দাদা, আমি ঘৰলৈ যাম গৈ। বহু বছৰ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিলো। বন্ধকত থকা খেতি মাটি মোকলালো, ঘৰ বনালো, এখন চেকণ্ড হেণ্ড টেম্পু কিনিলো। এতিয়া গৈ আমি তিনিও মিলি এখন দোকান খুলিম গৈ। " বাংগালুৰুৰ পৰা সিহত তিনিও হয়তো উভতিছিল মুখত এমুকোৰা হাঁহিলৈ।
বিহু, পূজা বা অন্যান্য প্রায় অনুস্থানৰ পৰা বাংগালুৰুবাসী সাধাৰণতে বিৰত থাকিব লগীয়া নহয়। Assam bangalore
Coordination Forum বাংগালুৰুবাসী অসমীয়া সকলৰ বাবে এটা লেখত লবলগীয়া অনুস্থান। আন এটি গুৰুত্বপূৰ্ণ অনুস্থান হৈছে Assam Society Of Bangalore। এই গোটসমূহে বাংগালুৰুবাসী অসমীয়াক এক কৰি ৰখাত বিশেষ অৰিহনা যোগাই আহিছে। চূড়ান্ত ব্যস্ততাৰে আৱৰা দিনবোৰ নেওচি অগতানুগতিকভাবে একত্রিত হয় অসমীয়াসকল এই অনুস্থান সমূহত একো একোটা বিশেষ সময়ত।
আমি সুখিনে বাংগালুৰুত ? এটা অতি সাধাৰণ প্রশ্ন কিন্তু এই প্রশ্নৰ উত্তৰ দিবৰ সময়ত হয়তো সকলো থমকি ৰয় এক্ষন্তেকৰ বাবে। কোনোৱে ঘৰ কিনা, কোনোৱে গাড়ী কিনা, কাৰোবাৰ নতুন সংসাৰ, কাৰোবাৰ সন্তান হোৱা বা কোনোবা বিদেশ যোৱা লেখীয়া খবৰ বোৰ প্রতিটো দিনৰে অংশ। বাংগালুৰু এখন প্রতিশ্রুতিপূৰ্ণ চহৰ, হয়তো প্রায়বোৰৰ ক্ষেত্রতে নিজৰ প্রতিশ্রুতি ৰাখিছে। অসমীয়া ডেকা-গাভৰুৱে প্রযুক্তিবিদ্যাৰ এখন বহল পথাৰত নিজৰ বিজয় পতাকা উৰুৱাইছে। ঘৰৰ পৰা নিলগে থকাৰ উদাস অনুভৱবোৰ যেন সকলোৱে নিজৰ মাজতে সামৰি ৰাখিছে উন্নতিৰ এই দৌৰত। উন্নতি আৰু সুখৰ এক
সমানুপাতিক বৃত্ত যে সকলোৰে কাম্য। আপোনজনৰ পৰা আতঁৰি থকাৰ দূখত যেন এই বৃত্তত প্রায়ে
আউল লাগে।
গোলকীকৰণৰ ঢৌঁত চিটিকি আহি এখন নতুন ঠাইত নিজৰ সু-পৰিচয় গঢ়াত ব্যস্ত থকা এজাক প্রতিশ্রুতি সম্পন্ন অসমীয়াৰ চহৰ বাংগালুৰু। চৰকাৰৰ গাত দোষ জাপি দি, আহঁতৰ তলত ঘণ্টাৰ পিছত ঘণ্টা কেৰম খেলি অথবা তিনিআলিৰ আড্ডাত সময় নষ্ট কৰাৰ বীপৰিতে কষ্টৰে-কৰ্মৰে, সততাৰে, নিষ্ঠাৰে জীৱন গঢ় দিয়াৰ কঠোৰ প্রয়াস কৰা নিবনুৱা অসমীয়াৰ আদৰ্শস্বৰূপ এজাক 'চিকিউৰিটি গাৰ্ডৰ' চহৰ বাংগালুৰু।
অসমীয়াৰ দেহ যতেই নাথাকক অসমীয়াত্বক জোকাবলৈ বিহুৰ এফাকি বা ঢোলৰ এচাপৰেই যথেষ্ট। অসমীয়াৰ গৌৰৱ, শৌৰ্য্য বিয়পক সীমাৰ পৰিধি ভাঙি। বিশ্বৰ প্রতিটো কোণত ধ্বজাবাহকহৈ ৰওক এজাক অসমীয়া। বিশ্বায়ণ হওঁক বৰদান এনেদৰেই।
No comments:
Post a Comment