নিজৰ ভাব প্রকাশ কৰাৰ বা প্রতিবাদ কৰাৰ সকলোৰে একোটা নিৰ্দিষ্ট আৰু গঠনমূলক ধৰণ থাকে। গান বা এখন নাটক এটা বন্দুকতকৈ বহু শক্তশালী আৰু বহু বন্দুধাৰীয়ে ইয়াৰ আগত সেৱ মানে বা এজন মাটিৰ শিল্পীক অন্তৰৰ পৰা শ্রদ্ধা কৰে আৰু এই শ্রদ্ধাৰ পৰাই উৎপত্তি হয় সততাৰ চিৰ শক্তশালী সত্ত্বাৰ প্রতি ভয়ৰ। গীত-নাট বা আন আন সকলো কলায়ে ঐতিহাসিকভাবে বিশ্বৰ প্রতিখন দেশত গণ সংযোগৰ এক শক্তিশালী মাধ্যমৰূপে নিজৰ স্বাক্ষৰ বহন কৰি আহিছে। কিন্তু আজিৰ তাৰিখত আমাৰ দেশৰ গুৰু সংখ্যক তথাকথিত শিল্পী, বুদ্ধিজীৱীসকল নিজৰ 'টেগ' টোৰ বাবে নিজৰ 'কমফৰ্ট জ'ন' টোৰ পৰা ওলাই আহি নিজৰ প্রকৃত সামাজিক দায়িত্ব পালন কৰিবলৈ কুন্ঠাবোধ কৰে। এনে কৰিলে যেন বিৰ্তকিত হ'ব বা কোনোবাই বেয়া পাব অথবা অৰ্জা সন্মান লুপ্ত হ'ব। সহজ ভাষাত নিজে কষ্ট আৰু প্রতিভাৰে অৰ্জা পৰিচয়টো মধ্যবিত্তীয় আবেশত পলকতে এক 'ভুৱা' পৰিচয়লৈ ৰূপান্তৰিত কৰে আৰু পলকতে পংগু কৰে হাজাৰজনৰ আস্থাক। এই দায়ৰ পৰা সৰহসংখ্যক শিল্পী বা বুদ্ধিজীৱীয়েই মুক্ত নহয়, অতীতৰ পৰা এতিয়ালৈ । শিল্পী ভুৱা হ'ব পাৰে শিল্প নহয় আৰু সমাজ গঠন বা পৰিবৰ্তনত শিল্পৰ ভূমিকা অনন্য। আমাক এতিয়া শিল্পৰ সত্ত্বাত নিজকে প্রকৃতাৰ্থত উৎসৰ্গা কৰিব পৰা শিল্পীৰ প্রয়োজন। আমাক প্রয়োজন জ্ঞানৰ পোহৰেৰে যিকোনো মূল্যৰ বিনিময়ত আমাৰ সমাজখন আলোকিত কৰিবলৈ পণ লোৱা বুদ্ধিজীবীৰ। আই নৰিয়া পাটিত, ভণ্ডৰ সমবেদনা ঘাটক সম......
-ৰক্তিম-
No comments:
Post a Comment