Sunday, March 31, 2013
Friday, March 29, 2013
চহৰীয়া জীৱন , "চিৰ-চেনেহী মোৰ ভাষা জননী " আৰু অলপ ভাষিক সচেতনতা
যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। বাংগালুৰুকে ধৰি ডাঙৰ চহৰত কাম কৰা প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয়। মুলতঃ ইংৰাজী। বৃত্তিৰ তাগিদাত গতিকে গত্যান্তৰ নাই।দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ 'মাতৃভাষিক ভেকুৱাম' কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত।
(বাংগালোৰৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ "বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা" ৰ একাংশ অলপ সালসলনি কৰি নতুন শিৰোনামা সহ তুলি দিলো।)
-ৰক্তিম-
আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত (মধ্যবিত্তীয়ও) গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি দৈনন্দিন জীৱনতো ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰাতো। জাতি আৰু ভাষাৰ উপৰিও নিজৰ আৰু নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব এই অদ্ভুত প্রচেষ্টাই? কথাখিনি এই কাৰণে লিখিলো যে কিছুদিন পিছতে অসমৰ বাহিৰৰ প্রায় প্রতিখন চহৰতে ৰঙালী বিহু উদযাপন কৰা হ'ব। আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ এই অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা আন সৰু বৰ যান্ত্রিক চহৰবোৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব। ইংৰাজী এটা গ্লবেল ভাষা আৰু জীৱনত আগুৱাবলৈ এই ভাষা আয়ত্ব কৰাটো অতিকৈ প্রয়োজনীয় কিন্তু তাৰ বাবে মাতৃভাষাক আহুঁতি দিয়াতো কালিদাসে ডালত বহি গছ কটাৰ লেখীয়া এক মূৰ্খামী। ই এক ঘাটক মানসিকতা।
ভাষাই আধুনিকতা নানে । আধুকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন অসমীয়া পিতৃ-মাতৃয়ে নিজ শিশুক "বা বা ব্লেক শ্বীপ" "জনি জনি" ৰ উপৰিওঁ অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”।
(বাংগালোৰৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ "বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা" ৰ একাংশ অলপ সালসলনি কৰি নতুন শিৰোনামা সহ তুলি দিলো।)
-ৰক্তিম-
বাংগালুৰুৰ বিহু: আত্ম পৰিচয় সজীৱ কৰি ৰখাৰ এক মিঠা তাগিদা
ভাতৃ প্রতিম বিকাশে(Bikash Das) কেতিয়াবাই কৈছিল "ৰক্তিম দা !! আমি বিহু পাতিছো। বিহু বিষয়ক লেখা এটি লাগিব কিন্তু।" মই দিম দিম বুলি কওঁতে বহুত পলম হ'লহি। কিন্তু বিহুৰ বিষয়েনো কি লিখিম? বিহুচোন প্রতিজন অসমীয়াৰ এক আত্মিক অনুভৱ, এক গৰ্ব। বেলেগে কিবা লিখিনো আৰু কি নতুন পৰিচয় কৰাম বিহুৰ। কিন্তু যেতিয়া বিহু অসমত নহৈ বাংগালুৰুত পতাৰ কথা আহে তেতিয়া কথাটো নিশ্চিতই অলপ বেলেগ হয়। অসমৰ পৰা বৃত্তি বা শিক্ষা যি তাগিদাতই নহওঁক কিয় নিলগে থকা অসমীয়াই এটি বিশেষ দিনত একগোট হৈ গঢ়ি তুলিব এন সৰু ৰঙিলী অসম এই বৃহৎ মহানগৰীৰ বুকুৰ এটা কোণত। গোট খাব এজাক শিক্ষিত আৰু কৰ্মঠ অসমীয়া বছৰটোৰ বাবে অসমীয়াত্বক নিজৰ নিভৃত কোণত উজাগৰ কৰিবলৈ। সেই বিশেষ দিনটোৰ কথা ভাবিলেই আনন্দৰে ভৰি পৰে মনটো। বাংগালুৰু বিহুৰ এইখিনিতেই গুৰুত্ব অপৰিসীম।
নতুনকৈ কোৱাৰ প্রয়োজন নাই যে বাংগালুৰুত দিনবোৰ ঘন্টা, ঘন্টাবোৰ মিনিট আৰু মিনিটবোৰ একোটা চেকেণ্ড হৈ কিমান প্রচণ্ড গতিত পাৰ হৈ যায়। প্রথমতে সকলোৰে হয়তো অসুবিধা হয়। কিছুদিনৰ বিৰতিত মহানগৰীৰ দূৰন্ত গতিৰ লগত নিজকে গম নোপোৱাকৈ বিলীন কৰি দিয়া যায়। সময়ক ৰখাব কোনে? এই চহৰত সকলো কেৱল দূৰন্ত গতিত দৌৰে। কোনো প্রথম হ'বলৈ, কোনো বৰ্ত্তি থাকিবলৈ আৰু কোনোৱে হেপাঁহবোৰ জীয়াই ৰাখিবলৈ। দেশ-বিদেশৰ এজাক কৰ্মপটু লোকৰ গতিৰ লগত, কামৰ প্রচণ্ড হেঁচাৰ মাজত লাহে লাহে শান্ত হৈ পৰে জাতীয় পৰিচয়ৰ অহকাৰং। মনটোৱে সুবিধা পালেই চটফটাই উঠে এই অহকাৰংত ডুব যাবলৈ। ঠিক যেন মনৰ মাজত উমিঁ উমিঁ জ্বলি থকা একুৰা স্বত্তিৰ জুই, সুযোগ পলেই জ্বলি উঠিব দপদপাই। এই আত্ম- পৰিচয়ৰ, অসমীয়াত্বৰ অহংকাৰ আৰু গৌৰৱৰ জুইকুৰা জ্বলি উঠে ৰঙালীৰ বতৰতে। বাংগালুৰুৰ বিহুৰ সেই বিশেষ দিনটোতে।
যান্ত্রিকতা যিমানেই নাহক জীৱনলৈ অথবা এই যান্ত্রিকতা যিমানেই শক্তিশালী নহওঁক কিয় আত্মপৰিচয় পাহৰোৱাই পেলাব পৰাকৈ বস্তুবাদ কেতিয়াওঁ শক্তিশালী হ'ব নোৱাৰে। তাৰেই নিদৰ্শন বাংগালুৰুৰ এই ৰঙালী উৎসৱ। প্রায় সকলোবোৰৰ দিনটোৰ সৰহভাগ সময় অনা-অসমীয়া ভাষা ব্যবহাৰ কৰিয়ে পাৰ কৰিব লগা হয় বৃত্তিৰ তাগিদাত। দৈনন্দিক জীৱনত ই সৃষ্টি কৰে এক বৃহৎ মাতৃভাষিক ভেকুৱাম । গত্যান্তৰ নাই। কিন্তু ইয়াক ব্যক্তিগত জীৱনলৈ সুঁচৰিবলৈ দিয়াতো অনুচিত। আজিকালি প্রতিখন ডাঙৰ চহৰতে উচ্চ শিক্ষিত আৰু সাধাৰণতে উচ্চ স্থানত থকা অসমীয়াৰ মাজত গঢ় লৈ উঠা এক ঘাটক প্রৱণতা হৈছে শিশুকালৰ পৰাই নিজৰ শিশুক ইংৰাজী শিকাবলৈ মাক-দেউাকে (মাম্মি-পাপা) অসমীয়াক বিসৰ্জন দি ইংৰাজীক মাতৃভাষাস্বৰূপে গ্রহণ কৰা। জাতি আৰু ভাষাতকৈ নিজৰ লগতে নিজৰ সন্তানৰ প্রতি কৰা ই এক চূড়ান্ত বিশ্বাসঘাটকতা। এটা ভুৱা ভাষিক পৰিচয়ৰে গঢ় দিয়া সন্তানটিৰ জীৱনৰ ভেঁটি কেনেকৈ সচাঁ অৰ্থত সৱল কৰিব ই? কথাখিনি এই কাৰণে লিখিলো কাৰণ ৰঙালীৰ অনুভৱ আৰু আমাৰ নিজা পৰিচয়ৰ লগত ৰঙালীৰ একাত্মতাৰ অনুভৱৰ মাজৰ সাকোঁডালেই হৈছে আমাৰ মৰমৰ অসমীয়া ভাষাটি। এই সাকোঁখন নিজ সন্তানৰ জীৱনত দুৰ্ব্বল কৰাৰ পৰিবৰ্ত্তে (যিহেতু আমি অসমৰ পৰা নিলগে আছো) ইয়াক অত্যাধিক উৎসাহেৰে সৱল কৰাত মনোনিবেশ কৰিব লাগে। অন্যাথা অনাগত দিনত বাংগালুৰু নিচিনা যান্ত্রিক চহৰত এনে বিহু দেখিবলৈ বা উদযাপন কৰিবলৈ হয়তো মানুহ বিচাৰি পাবলৈ অতি কঠিন হ'ব।
ভাষাই আধুনিকতা নানে । আধুকতাই নিশিকাই কাহানি নিজৰ মাতৃভাষাক পাহৰিবলৈ। আধুনিকতা হৈছে পৰিবৰ্তনক সচেতনতাৰে আকোৱালি লৈ নিজৰ স্থিতি আৰু পৰিচয় অটুত ৰাখি সময়ৰ লগত খোজ মিলোৱাটোহে। আহঁক এই বিহুতে আমি সকলো বাংগালুৰুবাসীয়ে পণ লওঁ যে কোনো কাৰণতে আমি আমাৰ ভাষিক গৌৰৱক ম্লান হ'বলৈ নিদিওঁ। এজন অসমীয়াৰ পৰিচয় চিৰকাল হাড়ে-হিমজুৱে অসমীয়াই হৈ থাকক পৃথিৱীৰ যি কোণতে অৱস্থিতি নহওক লাগে। আহক প্রতিজন শিশুক "বা বা ব্লেক শ্বীপ"ৰ ঠাইত অন্ততঃ এবাৰ হ'লেও “চিৰ-চেনেহী মোৰ ভাষা জননী শিকাবলৈ চেষ্টা কৰো”। আহক নিজৰ পৰিচয় আকৌ এবাৰ চিনি অনাগত প্রতিটো দিনৰবাবে নিজা পৰিচয় সজীৱ কৰি তোলাৰ পণ লওঁ বাংগালুৰুৰ এই ৰঙালী উৎসৱতে।।
"চিৰ-চেনেহী মোৰ ভাষা জননী "
(বাংগালুৰুৰ বিহু মুখ্যপত্রৰ বাবে লিখা এটা প্রবন্ধ )
Thursday, March 28, 2013
মোৰ Sound Cloud প্রফাইলটি তৈয়াৰ কৰিলো।
মোৰ Sound Cloud প্রফাইলটো তৈয়াৰ কৰিছিলো আজি। কোনোবাই কোনো গীত বা গদ্য ডাউনল'ড কৰিব পৰাকৈ উপযোগী হৈছে বুলি ভাবিলে ডাউনল'ড কৰিব পৰাৰ সুবিধাটি আছে তাতে।
"এখন দেশত আছিল এজন ৰজা" -এটি পৰীক্ষামুলক গীত
এটি গীত লিখিলো, তাতে সুৰো দিলো আৰু অবশেষত গীতটি গায় ৰেকৰ্ড কৰি পেলালো ঘৰতে। গীতটিৰ শীৰ্ষ "এখন দেশত আছিল এজন ৰজা" Country Style-ত পৰীক্ষামুলকভাবে সুৰ কৰা গীতটি শুনিব পৰা হৈছেনে ৰাইজে এবাৰ শুনি চালে সন্তোষ পাম। একেবাৰে নতুন গীত সেয়েহে ৰেকৰ্ড কৰোতে দুই- এঠাইত খোকোজা নলগা নহয় । ক্রুটি মাৰ্জনা কৰে যেন।
এখন দেশত আছিল এজন ৰজা (গীতৰ কথা)
__________________________ ________
এখন দেশত আছিল এজন যে ৰজা
ৰজাই নুবুজে কতনা দুখত আছে প্রজা
শুনা শুনা এটি সাধু কওঁ
মই আজি শুনা
ৰজাই নাজানে খেতিয়কবোৰ
খৰাংত মৰিবৰ হ'ল
ৰজাই বান্ধিলে বান্ধ
নদী যে শুকান
লুইত নোহোৱা হ'ল
ৰজাই নাজানে
কোন দেশৰ, কোননো বিদেশৰ
নাৰাখিলে মান
আইৰ চকু শুকান
দেশ ৰসাতলে গ'ল
ৰজাই ঘটিলে ধন
নাই আজি খুদকণ
ৰাইজ নিথৰুৱা হ'ল
"ৰাইজ মৰিলে মৰ, মাথো মোৰ পেট ভৰ"
ৰজাই তেনে ভবা হ'ল
প্রজাৰ অগনিত জ্বলিব এদিন এই ৰজা
©
-ৰক্তিম-
Wednesday, March 27, 2013
মোৰ সম্পাদনাত 'ৰেডিঅ' সুখ-দুখ'ৰ প্রথমটি নিবেদন
মোৰ সম্পাদনাত 'ৰেডিঅ' সুখ-দুখ'ৰ প্রথমটি নিবেদন।
আবৃত্তি: অনুপমা বৰগোহাঁই ( Anupama Borgohain)
চিঠি: মাধুৰীমা ঘৰফলীয়া (Madhurima Gharphalia)
অসমীয়াৰ সুখ-দুখৰ নতুন পৰিকল্পনা 'ৰেডিঅ' সুখ-দুখ'
বন্ধু লালে (Ajoy Lal Dutta) একক প্রচেষ্টা চলাই অহা 'অসমীয়াৰ সুখ-দুখ' নামৰ অসমীয়া ইন্টাৰনেট দৈনিক বাতৰি কাকতখনৰ বাবে 'ৰেডিঅ' সুখ-দুখ' নামেৰে এক নতুন পৰিকল্পনা হাতত লয় আৰু মোৰ অপৈণত হাতত 'ৰেডিঅ' সুখ-দুখ' কাৰ্য্যবাহী সম্পাদকৰ দায়িত্ব অৰ্পন কৰে। লালৰ সপোন আৰু পৰিকল্পনাবোৰ সফল হওঁক।
Tuesday, March 26, 2013
'মোৰ অনুভৱৰ পদূলিত জোনাক"- কবিতা পাঠ
'মোৰ অনুভৱৰ পদূলিত জোনাক' শীৰ্ষক ২০০০ চনৰ ১৭ আগষ্টত লিখা কবিতা এটা আজি পাঠ কৰিছিলো যদিও মই পাঠ কৰাত মই অপৈণত।।
Friday, March 22, 2013
অণুগল্পৰ সৰ্ন্দভত মোৰ কিছু ক'ব লগা
অণু গল্প সৰ্ন্দভত বহুতো আলোচনা-বিলোচনা হ'ল বা হৈ আছে। কোনোৱে ক'লে নিৰ্দিষ্ট কিছু বৈশিষ্ট থাকিলেহে এটা গল্প হয় আৰু এই নিয়ম অণু গল্পৰ ক্ষেত্রটো প্রযোজ্য। কথাটো হ'ল বাকী সমসাময়িক সাহিত্যৰ কথা যদি বাদ দিওঁ, অসমীয়াত অণু গল্পৰ চৰ্চা বা সৰল ভাষাত অণু গল্পৰ চৰ্চাৰ ধুমুহা প্রথম বা প্রকটভাবে এই অকব-ৰ মঞ্চতে হৈছে আৰু ইয়াৰ প্রবণতা ক্রমাৎ তীব্রতৰ হৈছে। মোৰ যদি ভুল হোৱা নাই এই প্রচেষ্টাৰ আভাষ মই প্রথম ৰণজিৎ কুমাৰ বৰা অণুগল্প আৰুLuckiiee Ahmed ৰ ২ মিনিটৰ গল্পত দেখিছিলো।হয়তো প্রায় ৬ মাহ বা তাতোধিক সময় হ'ল এই পৰম্পৰাৰ আৰম্ভণি হোৱা। অকব ৰাইজে এই ধাৰাক সন্মতি দি উৎসাহেৰে আকোৱালি লোৱাই নহয়, যি যেনেকৈ পাৰা অণু গল্প বিপ্লবৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি আহিল।এতিয়া অণুগল্পৰ প্রতি ৰাইজৰ আসক্তিৰ তীব্রতা সকলোৱে বুজিছে। অকবৰ এইটো এটা 'অতি-বিশাল' সফলতা।
এতিয়া নিয়মৰ কথালৈ আহো। আন আন বহু যুগান্তকাৰি সাহিত্য ধাৰাৰ দৰেই অসমীয়া অণুগল্পই অকব-ৰ মজিয়াতে হওঁক লাগে কোনো নিদিৰ্ষ্ট নিয়মৰ তাগিদা অবিহনে এক নিজা ৰূপত গঢ় লৈ উঠিছে। বহু সংখ্যক অণুগল্পই অতি কম শব্দত আৰু সাধাৰণ গল্পৰ থাকিব লগা বৈশিষ্ট বৰ্হিভূতভাবে একোটা অতি তত্বগধূৰ বাৰ্তা দিবলৈ সক্ষম হৈছে। এই খিনিতেই অণুগল্পৰ সাৰ্থকতা নহয় জানো? মোৰ ব্যক্তিগত চিন্তা ধাৰাৰে যিখিনি বুজি পাইছো তাৰ পৰা এইখিনিকে কব বিচাৰো যে ছুটি গল্প আৰু অণুগল্প ৰ মাজত 'গল্প' শব্দটো যদিও উমৈহতয়া তথাপিও দুয়োৰে প্রকাশ ধৰ্মীতা আৰু চৰিত্রৰ মাজত বৃহৎ পাৰ্থক্য আছে আৰু সেয়ে ছুটি গল্পৰ বৈশিষ্টসমূহ অণুগল্পত থাকিব লাগিব বুলি বা জাপি দিব বিচৰা কথাষাৰ যুক্তিসংগত বুলি নাভাবো।
অসমীয়া অণুগল্পৰ স্থিতি এইসময়ত তেনেই থুনুকা যদিও ই সৰহ সংখ্যক সাহিত্যৰসিকৰ সদৰ্থক সুৱাদৰ বাবে লাহে লাহে হ'লেও এটি স্বাস্থ্যবান ৰূপত গঢ়লৈ উঠা সকলোৰে দৃষ্টিগোচৰ হৈছে। ই আমাৰ বাবে, অকবৰ বাবে আৰু অসমীয়া সাহিত্যৰ বাবে সুখবৰ। মোৰ বোধেৰে অযথা চাৰিত্রিক বৈশিষ্টৰে অণুগল্পবোৰক উপচাব চেষ্টা কৰিলে অণু গল্পৰ স্বাভাবিক ধাৰা নষ্ট হ'ব লগতে এই ধাৰা স্তব্ধ হোৱাৰ সম্ভাবনাো নুই কৰিব নোৱাৰি। আমি এই কথা সদায় মন ৰখা উচিত যে প্রাকৃতিক সৃষ্টি সময়ৰ তাগিদাতেই নহওক কিয় সদায় উত্তম আৰু চিৰন্তন।
অণু গল্প নিজৰ স্বাভাবিক গতিত ধাৱমান হৈ নিজৰ চৰিত্র স্বাধীনভাবে নিজেই নিৰ্ধাৰণ কৰিলেহে অসমীয়া সাহিত্যত এক নতুন আৰু সবল ধাৰা আশা কৰিব পৰা যাব। স্বভাবিকতেই অণুগল্পকাৰসকলৰ সচেতন আৰু সুসংগঠিত প্রচেষ্টাই অণুগল্পৰ মাৰ্গ নিদৰ্শন কৰিব।
*অকব- "অসমীয়াত কথা-ববতৰা"- ফেচবুক গোট
Thursday, March 21, 2013
সুৰ তোলা- এটি সুৰীয়া আধুনিক গীত
আজিৰ পৰা হয়তো এটা দশক পূৰ্বে এইটো গীতৰ জন্ম। বন্ধু আবিৰে জনাইছিল অঅনাদিয়ে এটা ধুনিয়া গীত লিখিছে আৰু সি সুৰ দিছে। গানটো শুনি আপ্লুত হৈছিলো। সিহতৰ তাগিদা আৰু নিজৰ আগ্রহেৰে গীতটি নিজেও গাব আৰম্ভ কৰিলো। আজি "সুৰ তোলা" মোৰ এটি অন্যতম প্রিয় গীত। হাৰমনিকা ৱ্যবহাৰ কৰি ঘৰতে গীতটি ৰেকৰ্ড কৰি পেলালো।
ধন্যবাদ অনাদি,
ধন্যবাদ আবিৰ......
Wednesday, March 20, 2013
মিত্রদেব মহন্ত দেৱৰ জীৱন, সাহিত্য আৰু কীৰ্তি- এক চমু আলোকপাত
(মিত্রদেব মহন্ত দেৱক তেখেতৰ মৃত্যুৰ দিনটোত সুঁৱৰি)
"চিৰ চেনেহী মোৰ ভাষা জননী" - মিত্রদেব মহন্ত বুলিলে সাধাৰণতে অসম সাহিত্য সভাৰ মুকলি অধিবেশনৰ এই উদ্বোধনী গীতটিৰ কথাই পোনচাতে মনলৈ আহে। মিত্রদেব মহন্ত,অসমীয়া সাহিত্য সংস্কৃতিৰ বিশাল আকালখনত এক চিৰ জ্যোতিষ্মান তৰা। অসমৰ সাহিত্য, সংগীত, শিক্ষা, নাটক আদি দিশসমূহত মিত্রদেব মহন্তদেৱৰ অবদান চিৰ নমস্য। মিত্রদেব মহন্তদেৱ একেৰাহে আছিল এজন সাহিত্যিক, গীতিকাৰ, অভিনেতা, সু-গায়ক, নাট্যকাৰ, ধৰ্ম,কলা আৰু সংস্কৃতিৰ সাধক, হাস্যৰসিক, কীৰ্তি শিক্ষক। এই সকলো মহান গুণৰ উপৰিও তেওঁৰ অনবদ্য দখল আছিল সংস্কৃত, ইংৰাজী, বাংলা আৰু হিন্দী ভাষাত।
মিত্রদেব মহন্ত দেৱৰ জন্ম হৈছিল ১৩ জুন, ১৮৯৪ চনত যোৰহাট সৰ্বাইবন্ধাৰ লেটুগ্রাম সত্রত। তেখেতৰ পিতৃ আছিল স্বৰ্গীয় নিৰঞ্জন দেৱ গোস্বামী আৰু মাতৃ আছিল স্বৰ্গীয় বগীতৰা দেৱী। পিতৃ আছিল স্বৰ্গীয় নিৰঞ্জন দেৱ গোস্বামী আছিল সত্রাধিকাৰ। মিত্রদেব মহন্ত দেৱৰ শিক্ষা জীৱনৰ আৰম্ভণি হয় হেজাৰী প্রাথমিক বিদ্যালয়ত। ১৯০৪ চনত প্রাথমিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত নামভৰ্তি কৰে। মহন্ত দেৱে সু খ্যাতিৰে ১৯১২ চনত প্রৱেশিকা আৰু ১৯১৪ চনত কটন মহাবিদ্যালয়ৰ পৰা আই.এ পাচ কৰে। সংস্কৃতত অনাৰ্চসহ বি.এ শ্রেণীত মহন্ত দেৱে যদিও নামভৰ্তি কৰিছিল আৰ্থিক দূৰাবস্থাৰ বাবে তেখেতৰ এই আশা আধাতে সামৰিবলগীয় হয়।
মিত্রদেব মহন্ত দেৱৰ কৰ্ম জীৱন আৰম্ভ হয় ১৯১৫ চনৰ ৫ জানুৱাৰী তাৰিখে যোৰহাট চৰকাৰী উচ্চ ইংৰাজী বালক বিদ্যালয়ত। ১৯৩৭ চনত তেওঁ যোৰহাট নৰ্মাল স্কুলৰ সহকাৰী অধিক্ষক নিযুক্ত হয়। ১৯৪৭ চনত মহন্ত দেৱে গোলাঘাট চৰকাৰী হাইস্কুলৰ প্রধান শিক্ষকৰ গুৰু দায়িত্বত অধিষ্ঠিত হয়। ১৯৫০ চনত কৰ্ম জীৱনৰ পৰা অৱসৰ লৈ তেওঁ ধৰ্মীয় পৰম্পৰাক শিৰোধাৰ্য্য কৰি লেটুগ্রাম সত্রৰ সত্রাধিকাৰৰ দায়িত্ব লৈ সত্র পৰিচালনাত মনোনিবেশ কৰে।
১৯২০ চনত মিত্রদেব মহন্ত দেৱ শিৱসাগৰ জিলাৰ গোহাঁই গাঁৱৰ চুপহা সত্রৰ সত্রাধিকাৰ স্বৰ্গীয় দেবদত্ত মহন্তৰ একমাত্র কন্যা স্বৰ্গীয়া লক্ষ্মীপ্রিয়া দেৱীৰ লগত বিবাহ পাশত আবদ্ধ হয়। বিবাহোত্তোৰ কালছোৱাত মহন্ত দেৱ এটি পুত্র (স্বৰ্গীয় মোক্ষদেৱ) আৰু তিনি কন্যা(আইধান, অণু আৰু ৰেণু) ৰ পিতৃ হয়।
সংস্কৃতিবান আৰু ধৰ্মীয় আচাৰ ব্যবহাৰেৰে পুঞ্জীঁভূত এখন ঘৰত জন্মলভা হেতুকে মিত্রদেব মহন্ত দেৱে সহজাত ভাবে বহুখিনি পাইছিল। এই বিষয়ে নগেন শইকীয়া দেৱে "মিত্র দেৱ মহন্তৰ ৰচনাৱলী"ৰ 'ভূমিকা' শিতানত এই বুলি উল্লেখ কৰিছে- " সৰুৰে পৰা নিজৰ সত্রত পুৱাতে উঠি গা-পা ধুই গোসাইঘৰৰ বাবে ফুল তোলা, পিতৃ-পিতামহৰ লগত বহি নামঘৰত প্রসংগ কৰিবলৈ শিকা, প্রত্যোক বছৰ শংকৰ দেৱৰ তিথিকে ধৰি বিভিন্ন উপলক্ষ্যত আয়োন কৰা ভাওঁনাত ভাওঁ লোৱা সত্রীয়া জীৱনত চৰ্চা কৰিব লগীয়া গীত-মাত, সুৰ সঞ্চাৰ শিকা, সত্রীয়া নৃত্যৰ বাবে মাটি আখৰাৰ অনুশীলন কৰা, পদ্ধতিগতভাবে খোলবাদন শিক্ষা কৰা, এই আটাইবিলাকে তেওঁৰ ব্যক্তিত্বৰ বৈশিষ্টতা লাহে লাহে গঢ়ি তুলিছিল। আধ্যাত্মিক, নৈতিক আৰু সাংস্কৃতিক শিক্ষাৰ মচিব নোৱাৰা সাঁচ তেওৰ মনত সৰুতেই বহিছিল। তেওঁৰ পৰবৰ্তী কালৰ ৰচনাসমূহৰ মাজত আমি এই প্রভাৱৰ ফল বিৰিঙি থকা দেখিবলৈ পাওঁ।"
মিত্রদেব মহন্ত দেৱৰ সৃষ্টি আৰু প্রতিভাৰাজীৰ পৰিধি আছিল খুব বিশাল । অসমীয়া সাহিত্যৰ জগত খন তেওঁ গীত-কবিতা-পদ্য, গল্প, নাটক, শিশু সাহিত্য আৰু আন আন বিভিন্ন ভিন্নসুৰী লেখনীৰে চহকী কৰি থৈ গৈছে। তেখেতৰ উল্লেখযোগ্য গ্রন্থপঞ্জী সমূহ হ'ল- লেকলৌ লানি (১৯১৫), কুকুৰীকণাৰ আঠমঙলা (১৯১৮), চন্দ্রহাৰ (১৯১৮), বিয়া-বিপৰ্য্যয় (১৯২৪), জ্ঞানলহৰী (১৯২৪), ধ্রুৱ (১১৯২৫), মৌ মহাভাৰত (১৯২৫), মোহননভোগ (১৯২৫), নিবোকা ৰজা (১৯২৮), ব'হাগী বিহুৰ সুৱাগী নাম (১৯২৯), অসমীয়া ধৰ্মাচাৰ্য্যৰ উপাধি (১৯৩০), ব্রিটিচ সাম্রাজ্যবাদৰ বুৰঞ্জী (১৯৩১), প্রহ্লাদৰ ক খ (১৯৩৫), টেঙৰ-ভেঙৰ (১৯৩৫), এটা চুৰট (১৯৩৫), ভা কূট-কূট (১৯৪৮),জুনজুনি (১৯৫৫), স্বৰ্গ নে মৰ্ত্য (১৯৭০), মৰণ দুৱাৰ (১৯৮০)। মিত্রদেব মহন্ত দেৱৰ অন্যান্য বহু ৰচনা অপ্রকাশিত ৰ'ল। এজন সংগীত শিল্পী হিচাপে মিত্রদেব মহন্ত দেৱে হিচ মাষ্টাৰ্চ ভইচ কোম্পানীৰ যোগেদিও অনেক গীত, হুঁচৰি আদি ৰেকৰ্ড কৰিছিল। তেওঁৰ লেখত ল’বলগীয়া গীতি পুঁথি দুখন হ'ল 'গীত শতদল' আৰু 'ৰণ ৰঙ্গিনী'। তেখেতে ৰচনা কৰা জনপ্রিয় গীতসমূহৰ ভিতৰত "চিৰ চেনেহী মোৰ ভাষা জননী" আৰু 'তাইৰ মোৰ প্রিয়া পানেশৈ' গীত দুটি উল্লেখযোগ্য।
আজীৱন ৰংগমঞ্চৰ লগত জড়িত থকা মিত্রদেব মহন্ত দেৱে ১৯৬১ চনত তেখেতৰ অভিনয়ৰ বাবে ৰাষ্ট্রপতি স্বৰ্গীয় ড. ৰাজেন্দ্র প্রসাদৰ হাতেৰে " সংগীত নাটক অকাদেমি" বটা লাভ কৰে। মিত্রদেব মহন্ত দেৱ ১৯৩২ চনৰ পৰা ৪ বছৰৰ বাবে 'অসম সাহিত্য সভা'ৰ সহ:সম্পাদক হোৱাৰ লগতে দুৱাৰকৈ উপ-সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। মিত্রদেব মহন্ত দেৱে ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈ অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰে। ১৯৭০ চনত তেও যোৰহাট প্রাথমিক শিক্ষা পৰিষদৰ অধক্ষ্যৰ পদত নিয়োজিত হয়। মিত্রদেব মহন্ত দেৱৰ জীৱনজোৰা সাধনাক স্বীকৃতি জনাই ১৯৮২ চনত অসম সাহিত্য সভাই এইজন নমস্য ব্যক্তিক প্র্ত্যাশিত ভাবে "সাহিত্যচাৰ্য্য" উপাধিৰে সন্মানিত কৰে।
এইজনা পুৰোধা ব্যক্তিয়ে যোৰহাটৰ লেটুৰাম সত্রত ১৯৮৩ চনৰ ২৬ মাৰ্চ তাৰিখে অসমীয়া সাহিত্য
সংস্কৃতিৰ বৰ পথাৰখনৰ অপূৰণীয় ক্ষতি কৰি জীৱনৰ ৰঙ্গ মঞ্চৰ পৰা মেলানি মাগে।
_____________________________________________________________
*লেখাটি যুগুটাওঁতে "মিত্র দেৱ মহন্তৰ ৰচনাৱলী" প্রমুখ্যে আন আন কেইবাখনো গ্রন্থৰ সহায় লোৱা হৈছে।
Subscribe to:
Posts (Atom)