পৰিচয় বিহীন যাযাবৰ নগৰী
Wednesday, March 20, 2013
Sunday, March 10, 2013
এবুকু কেঁকটাচত ডুব যোৱা মাজ নিশাৰ ঐক্যতান
ফাগুণে কোবাই যোৱা ক্রুছবিদ্ধ যীশুৰ মূৰ্তিটোৰ পৰা এটা
বিকৎ চিঞৰ
ওলাই আহিলেহে কিহবাই
হেঁচি ধৰা
বুকুখনে যেন
সকাঁহ পাব। অভিমাণত উফন্দি থকা তোমাৰ মুখখন মই
আৰু চাব নোৱাৰো । ছাঁই
বৰণীয়া বতাহ
জাকত এৰি
দিব বিচাৰো মই মোৰ
নিসংগতা তোমাৰ অভিমানত জাহঁ
যাবলৈ। তাকে
কৰিব নোৱাৰো।
মন যায়
লঠঙা পাহাৰটোৰ ওপৰত ক্রুচবিদ্ধ হবলৈ কোনোবা জোনাক নিশা
অনন্ত ঘূৰ্ণীয়মান মায়াৰ এচাটি বিশাল পোহৰত।
আজি এপিয়লা মদ খাম। তাত সানি ল'ম তোমাৰ ঘৰ্মাক্ত
দেহাৰ গোন্ধ আৰু অলপ
কেঁচা কেঁচা গোন্ধোৱা
মাটি। মাজ
নিশাৰ ঐক্যতানত বুকুৰ মাজত
উচুপি উঠিব
লাভাবোৰ । জলফাইৰ জুপিত আহি বহিবহি এটা কণমানি ক'লা
চৰাই। তৰাবোৰ কঢ়িয়াই নিয়া
হাটিপটিয়া জাহাজখনলৈ কেনেবাকৈ উৰা
মাৰিব পৰা
হ'লে তিয়াই পেলালো হয়
মনটো তোমাৰ মৰমেৰে কোনোবা ফৰিংফুটা ৰাতি। অলপো গম নিদিম সেই
অচিন খৰিকটিয়াক অথবা কোনোবা দুখৰ
কমাৰ শালত
বহি থকা
অচিন চৰাইজনীক।
শুনা, মই
এদিন মৰিমেই।
সেয়ে কৈছো,
পথাৰখনৰ আলিবোৰ সুমথিৰা বৰণৰ
ৰ'দেৰে
চিকুনাই ৰাখিবা।
তোমাৰ আঙুলীবোৰত মই যোৱাৰ পৰত পিন্ধাই যাম পোহৰৰ একোটা সোণবৰণীয়া আঙঠি। তোমাৰ সাঁজ, তোমৰ
দুচকু, তোমাৰ মনৰ কোমলতাবোৰ, তোমাৰ মিঠা
স্পৰ্শ, অচিন
সুৰংগত গুঞ্জিত হোৱা আমৰ
হাঁহিবোৰ অঘৰীৰ দৰে ঘূৰি
ফুৰিব কোনো
বেশ্যাৰ দেহৰ
ভাজেঁ ভাজেঁ,অলিয়ে গলিয়ে।
তোমাক নোকোৱাকৈয়ে যে মই
পুঁহি ৰাখিছিলো এবুকু কেঁকটাচ তুমি আতঁৰি যোৱাৰ ভয়ত।
চেন্নাই, মোৰ বৰ্হিঃবিশ্বৰ প্রথমখন দুৱাৰ
কাৰণতো আছিল অনাকাংক্ষিত। দেউতাৰ
কৰ্কট ৰোগৰ
চিকিৎসাৰ বাবে
প্রথমবাৰলৈ এখন চেন্নাই অভিমুখি ৰেলৰ
বুকুত সোমাই
পৰিছিলো।
একো ধাৰণা
নাছিল চহৰখনৰ
বিষয়ে।
অলপ শংকা
আৰু অলপ
সচেতনাক বুকুত
সাবটি লৈ
তিনি দিনৰ
দিনা চেন্নাই
চহৰত উপস্থিত
হৈছিলোগৈ।
চেন্নাইত নতুন চাকৰিত যোগ দিয়াৰ পিছত অসমৰ বন্ধুসকলৰ সৈতে
সচাকৈ ক'ব গ'লৈ ইমান ব্যস্ত,
ইমান আহল-বহল আৰু
ইমান দেশী-বিদেশী গাড়ী
একেলগে জীৱনত
প্রথমবাৰলৈ দেখি অলপ বিচূৰ্তি নোখোৱাকৈ
থকা নাছিলো। পৰিকল্পনা
কৰা ধৰণেই
দেউতাৰ চিকিৎসা
আৰম্ভ হ'ল আডিয়াৰ
কৰ্কট ৰোগ
প্রতিস্থানত আৰু সমান্তৰালভাবে আগবাঢ়িল চহৰখনৰ
লগত মোৰ
চিনাকী পৰ্ব।
জীৱনত প্রথম সাগৰৰ
বিশালতাক অনুভৱ
কৰাৰ সুযোগ
দিছিল এই
চহৰে।
বেচন নগৰ
সাগৰৰ তীৰত
থিয় হৈ
দূৰ দিগন্ত
শান্ত দৃষ্টিৰে
চাই ৰওঁতে
কাণত অহৰহ
ঝংকাৰিত হৈ
আছিল দেবকান্ত
বৰুৱাৰ সেই
চিনাকী কবিতাটো.."সাগৰ দেখিছা?
দেখা নাই
কাহানিওঁ...."। আজিও
সজীৱ এখন সৰু চহৰৰ
ব্যপ্তি ভেদি সাগৰৰ
নীলিম উৰ্মিমালাত
ডুব যোৱা
সেই অনুভৱ।
প্রকৃতাৰ্থত, অতি কম
সময়তে মই
চহৰখনৰ প্রেমত
পৰিছিলো।
যি কোনো
বস্তু বা
বিষয়ৰ লগতে
একোটা বা
তাতোধিক নঞথৰ্ক
দিশ সাধাৰণতে
থাকে কিন্তু
এই চহৰৰ
কৰ্মপটু মানুহখিনিৰ
নিষ্ঠা আৰু
সততাই মোক
বাৰুকৈ আকৃষ্ট
কৰিছিল।
এবাৰ এজন
অট' চালকে
ভাড়া কিমান
লাগিব সুধোতে
কৈছিল -" আপুনি জনা বুজা মানুহ। দূৰত্বৰ
হিচাপত যি
ভাল দেখে
দিব।
ভগবন্তই আমাক
সদায় ওপৰৰ
পৰা চাই
থাকে আমি
কোনেও কাকো
অন্যায় কৰিব
নালাগে।"
কৰ্মবিমূখ বুলি অপবাদ থকা আমাৰ
জাতিটোৰ যেন
চেন্নাইবাসীৰ কৰ্মপটুতাৰ পৰা যথেষ্টখিনি শিকিব
লগা আছে।
চেন্নাই চহৰখন বহল
পৰিধিত তামিলিয়ান
সকল ভাষিক
গোড়ামীৰ বাবে
জনাজাত।
মোৰো যথেষ্ট
অসুবিধা হৈছিল
প্রথম অবস্থাত। দেউতাক
সেয়ে এদিন
কৈছিলো-" ভাষিক যোগাযোগৰ ফালৰ পৰা
চেন্নাইত থকা
আৰু ফ্রান্সত
থকা একেই। চেন্নাইত
যদি টিকিব
পৰা পৃথিবীযায়
তেনেহ'লেৰ
যিকোনো ঠাইতে
টিকিব পৰা
যাব।"
এইখিনিতে এইটো
কথা ক'বই লাগিব
যে তাতে
শিক্ষা গ্রহণ
কৰা ভাতৃপ্রতীম
তেজপুৰৰ ইন্দুকল্পক
যেতিয়া তামিল
ভাষাত সলসলাই
কথা কোৱা
দেখিছিলো তেতিয়া
সচাঁকৈ গৰ্বিত
অনুভৱ কৰিছিলো। এতিয়া
অবশ্যে চেন্নাইত
যথেষ্ট সংখ্যক
উত্তৰ ভাৰতীয়
লোকৰ প্রবজন
ঘটিছে আৰু
যি সমান্তৰালভাবে
ভাষিক সংমিশ্রণৰ
এখন নতুন
দুৱাৰ লাহে
লাহে মুকলি
কৰিছে।
দেউতাৰ চিকিৎসাৰ অন্তত
সিদ্ধান্ত লৈছিলো যে মই চেন্নাই
চহৰতে কৰ্ম
জীৱনৰ এক
নতুন পাতনি
মেলিম।
ভবা ধৰণেই
২০০৬ চনত
আহি এই
চহৰত আহি
খোপনি পিটিছিলো
আন কেইবাজনো
বন্ধুসহ আৰু
তাৰ পাছতে
আৰম্ভ হৈছিল
চহৰখনৰ লগতে
দাতিকাষৰীয়া ঠাইসমূহক পুংখানুপুংখভাবে
জনাৰ এক
উন্মাদ অথচ
সচেতন প্রক্রিয়া। আডেয়াৰ,
ভেলাচেৰী, পেডুংগুৰি, মাউন্ট ৰ'ড, পেৰিচ, আন্নানগৰ,
ত্রিবানময়ূৰ, গিন্ডী, তাম্বৰম, চাইদাপেই, ট্রিপলিকেন,
ই.চি.আৰ, পণ্ডীচেৰী,
মহাবলীপুৰম ইত্যাদিৰ কতনা স্মৃতি বুকুত
আজিও উচাহেৰে
নাচি আছে।
চেন্নাই চহৰে মোক
পৃথিবীখনক নতুনকৈ চাবলৈ শিকালে, এজাক
নতুন বন্ধু
দিলে, আত্ম-বিশ্বাস যোগালে লগতে যোগালে
কৰ্মস্পৃহা, যাক সাৰঁথি
কৰি আজিও
চলি আছি
মোৰ জীৱন
ৰথ।
চেন্নাই, মোৰ বৰ্হিঃবিশ্বৰ
প্রথমখন দুৱাৰ,
মই প্রেমত
পৰা প্রথমখন
চহৰ।
Labels:
career,
Chennai,
friends,
India,
Life,
Mahabalipuram,
nostaligia,
Pondicherry
Tuesday, March 5, 2013
Saturday, February 23, 2013
Thursday, February 21, 2013
বাংগালুৰু - এখন প্রতিশ্রুতিপূৰ্ণ চহৰত আমিবোৰ কুশঁলে আছোনে ?
উটিলৈ গৈ থাকোতে মোক কান্নাড়া গাড়ী চালক এজনে এবাৰ কথা প্রসংগত কৈছিল -"ছাৰ, স্কুল ছুটি হ'লে ল'ৰা-ছোৱালীবোৰ যিদৰে স্কুলৰ পৰা দৌৰি ওলাই আহে ঠিক তেনেকৈয়ে বাংগালুৰুলৈ মানুহ যোৱা ১০-১২ বছৰ ধৰি আহিয়েই আছে।"
আমিবোৰো এবুকু আশাক সাবটি সেই জাকৰ মাজৰে এটা হৈ বাংগালুৰুত সোমাইছিলো। বাংগালুৰুলৈ অহাৰ কিছুদিন পাছতে এজন চিনাকী দাদায়ে কৈছিল – “চিন্তা নকৰিবি। তই বাংগালুৰুলৈ আহিছ। বাংগালুৰু সহজতে কাকো উকা হাতেৰে ওভতাই নপঠাই।“ কথাষাৰ শুনাৰ লগে লগে যেন এহাজাৰ এটা ৰণুৱা ঘোৰাঁ একেলগে চেকুৰিলে মোৰ তেজত। উৎসাহৰ সেই জোৱাৰত প্রায় ৭ টা বছৰ আঙুলীৰ ফাকেৰে কেনেদৰে স্মৃতিৰ বালি হৈ সময়ৰ বুকুত জাহ গ'ল ধৰিবই নোৱাৰিলো।
Bangalore- 'A Home
Away from Home'। বাংগালুৰু দ্বীতিয়খন ঘৰ মোৰ দৰে বহু হাজাৰ অসমীয়াৰ। বাছ, বজাৰ, চপিং মল, কৰ্মক্ষেত্র সকলোতে অসমীয়াৰ উপস্থিতিয়ে নিজৰ ঘৰ, নিজৰ মানুহ, নিজৰ জন্মস্থানৰ পৰা আতঁৰি থকাৰ এক সুপ্ত অথচ গাঢ় অতৃপ্তিৰ অনুভৱৰ ছাঁত ওমলা মনটোক বেচি ভাগ সময়তে পতিয়ন নিয়াবলৈ সক্ষম হয়। কৰ্ময়ে এক মাত্র ধৰ্ম হৈ পৰে অজানিতে। প্রায় প্রতিটো অফিচতে উপস্থিত অসমীয়া চিকিউৰিটি গাৰ্ড। কম সময়তে স্থানীয় ভাষা শিকি ১২/১৪ ঘন্টা দৈনিক কাম কৰি স্থানীয় চিকিউৰিটি গাৰ্ডৰ লগত ফেৰ মৰা দৃশ্যবোৰ দেখিলে মনটো গৌৰৱত উঠলি উঠে। চিঞৰি কবলৈ মন যায় " কোনে কয় অসমীয়া এটা এলেহুৱা জাতি বুলি?" ওৰাংৰ তিনিজন ভাই ককায়েকে মোৰ পুৰণি অফিচত চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল। এদিন নিজেই আহি ডাঙৰ ককায়েকে কৈছিল "দাদা, আমি ঘৰলৈ যাম গৈ। বহু বছৰ চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিলো। বন্ধকত থকা খেতি মাটি মোকলালো, ঘৰ বনালো, এখন চেকণ্ড হেণ্ড টেম্পু কিনিলো। এতিয়া গৈ আমি তিনিও মিলি এখন দোকান খুলিম গৈ। " বাংগালুৰুৰ পৰা সিহত তিনিও হয়তো উভতিছিল মুখত এমুকোৰা হাঁহিলৈ।
বিহু, পূজা বা অন্যান্য প্রায় অনুস্থানৰ পৰা বাংগালুৰুবাসী সাধাৰণতে বিৰত থাকিব লগীয়া নহয়। Assam bangalore
Coordination Forum বাংগালুৰুবাসী অসমীয়া সকলৰ বাবে এটা লেখত লবলগীয়া অনুস্থান। আন এটি গুৰুত্বপূৰ্ণ অনুস্থান হৈছে Assam Society Of Bangalore। এই গোটসমূহে বাংগালুৰুবাসী অসমীয়াক এক কৰি ৰখাত বিশেষ অৰিহনা যোগাই আহিছে। চূড়ান্ত ব্যস্ততাৰে আৱৰা দিনবোৰ নেওচি অগতানুগতিকভাবে একত্রিত হয় অসমীয়াসকল এই অনুস্থান সমূহত একো একোটা বিশেষ সময়ত।
আমি সুখিনে বাংগালুৰুত ? এটা অতি সাধাৰণ প্রশ্ন কিন্তু এই প্রশ্নৰ উত্তৰ দিবৰ সময়ত হয়তো সকলো থমকি ৰয় এক্ষন্তেকৰ বাবে। কোনোৱে ঘৰ কিনা, কোনোৱে গাড়ী কিনা, কাৰোবাৰ নতুন সংসাৰ, কাৰোবাৰ সন্তান হোৱা বা কোনোবা বিদেশ যোৱা লেখীয়া খবৰ বোৰ প্রতিটো দিনৰে অংশ। বাংগালুৰু এখন প্রতিশ্রুতিপূৰ্ণ চহৰ, হয়তো প্রায়বোৰৰ ক্ষেত্রতে নিজৰ প্রতিশ্রুতি ৰাখিছে। অসমীয়া ডেকা-গাভৰুৱে প্রযুক্তিবিদ্যাৰ এখন বহল পথাৰত নিজৰ বিজয় পতাকা উৰুৱাইছে। ঘৰৰ পৰা নিলগে থকাৰ উদাস অনুভৱবোৰ যেন সকলোৱে নিজৰ মাজতে সামৰি ৰাখিছে উন্নতিৰ এই দৌৰত। উন্নতি আৰু সুখৰ এক
সমানুপাতিক বৃত্ত যে সকলোৰে কাম্য। আপোনজনৰ পৰা আতঁৰি থকাৰ দূখত যেন এই বৃত্তত প্রায়ে
আউল লাগে।
গোলকীকৰণৰ ঢৌঁত চিটিকি আহি এখন নতুন ঠাইত নিজৰ সু-পৰিচয় গঢ়াত ব্যস্ত থকা এজাক প্রতিশ্রুতি সম্পন্ন অসমীয়াৰ চহৰ বাংগালুৰু। চৰকাৰৰ গাত দোষ জাপি দি, আহঁতৰ তলত ঘণ্টাৰ পিছত ঘণ্টা কেৰম খেলি অথবা তিনিআলিৰ আড্ডাত সময় নষ্ট কৰাৰ বীপৰিতে কষ্টৰে-কৰ্মৰে, সততাৰে, নিষ্ঠাৰে জীৱন গঢ় দিয়াৰ কঠোৰ প্রয়াস কৰা নিবনুৱা অসমীয়াৰ আদৰ্শস্বৰূপ এজাক 'চিকিউৰিটি গাৰ্ডৰ' চহৰ বাংগালুৰু।
অসমীয়াৰ দেহ যতেই নাথাকক অসমীয়াত্বক জোকাবলৈ বিহুৰ এফাকি বা ঢোলৰ এচাপৰেই যথেষ্ট। অসমীয়াৰ গৌৰৱ, শৌৰ্য্য বিয়পক সীমাৰ পৰিধি ভাঙি। বিশ্বৰ প্রতিটো কোণত ধ্বজাবাহকহৈ ৰওক এজাক অসমীয়া। বিশ্বায়ণ হওঁক বৰদান এনেদৰেই।
Subscribe to:
Posts (Atom)





